সূৰ্য্যোধনৰ আত্মকথা

দ্বৈপ্যায়ন হ্ৰদৰ পাৰৰ পৰা মই মৃত্যুমুখী সূৰ্য্যোধনে কৈছো৷ হস্তিনাপুৰৰ সম্ৰাট ধৃতৰাষ্ট্ৰ আৰু মহাৰাণী গান্ধাৰীৰ জ্যেষ্ঠ পুত্ৰ আৰু নিৰানব্বৈজন হতভগীয়া প্ৰেতাত্মাৰ অসহায় জ্যেষ্ঠ ভ্ৰাতা মই-সূৰ্য্যোধন৷এদিন মই হস্তিনাপুৰৰ যুৱৰাজ আছিলো৷সৈন্য-সামান্ত,পৰিচাৰকবৰ্গ,মিত্ৰ আৰু আত্মীয়-স্বজনেৰ ভৰি আছিল মোৰ ৰাজপ্ৰসাদ৷কিন্তু আজি মই একেবাৰেই নিস্ব আৰু অকলশৰীয়া৷সঁছায়েই সময় বৰ নিষ্ঠুৰ আৰু আমি এই মহাকালৰূপী সময়ৰ সন্মুখত একেবাৰেই দুৰ্বল আৰু অসহায়৷ইতিহাস সদায় বিজয়ীয়ে লিখে আৰু বিজিতজন হৈ পৰে খলনায়ক৷হয়তো ইতিহাসে কাইলৈ মোকো খলনায়ক সজাব৷কিন্তু এই সূৰ্য্যোধনক ইতিহাসে দুৰ্য্যোধন সজোৱাৰ পূৰ্বেই ইমানদিনে মোৰ অন্তৰত সাচি ৰখা কিছু কথা আপোনালোকক ক’বই লাগিব,ইয়াৰ অন্যথা অসম্পূৰ্ণ হৈ ৰ’ব মহাভাৰতৰ এই মহাগাথা৷
কুৰুক্ষেত্ৰ ৰণত আজি মোৰ পৰাজয় হ’ল৷ধূলিসাৎ হৈ গ’ল যুৱৰাজ সূৰ্য্যোধনৰ ৰাজমুকুট৷ মই হস্তিনাপুৰ হেৰুৱালো চিৰকাললৈ৷আজি হস্তিনাপুৰ পাণ্ডৱসেনাৰ দখলত সেই পঞ্চপাণ্ডৱৰ যাৰ হস্তিনাপুৰৰ ওপৰত কোনো কালেই কোনো অধিকাৰেই নাছিল৷যদি কোনোবা এজন আছিল বায়ু পুত্ৰ কোনোবা এজন আছিল ইন্দ্ৰৰপুত্ৰ৷কুন্তীৰ তনয় হোৱাৰ পিছতো তেওঁলোকৰতো কুৰুবংশৰ সৈতে কোনো সম্পৰ্কই নাছিল৷কালৰাত্ৰিৰ এজাক ধুমুহাৰ দৰে এই পাঁচজন ভাতৃ মোৰ জীৱনলৈ আহিছিল আৰু সেইদিনাই মোৰ জীৱন নদীয়ে গতিপথ সলাইছিল৷প্ৰথমেই তেওঁলোকে মোৰ আৰু সুশাসনৰ শৈশৱৰ খেলৰ সামগ্ৰীবোৰৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিলে আৰু আজি সৰ্বশেষত আমাৰ ৰাজ্যৰ ওপৰত৷মইতো কেৱল মোৰ প্ৰাপ্য অধিকাৰৰ বাবেহে সংগ্ৰাম কৰিছিলো আৰু তেওঁলোকেত,তেওঁলোকেতো শৈশৱৰে পৰাই প্ৰতিদিনে অতি কৌশলেৰে মোৰ পৰা কাঢ়ি নিছিল মোৰ প্ৰতিতো অধিকাৰ৷কিন্তু তাৰ পিছতো আজি তেওঁলোক নায়ক আৰু মই খলনায়ক কাৰণ আজি পাণ্ডৱ বিজয়ী আৰু মই পৰাজিত৷
দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ বাবে হয়তো ইতিহাসে মোক কেতিয়াও ক্ষমা নকৰে!হয় দ্ৰৌপদীৰ সৈতে অন্যায় হৈছিল কিন্তু সেয়া আছিল আন এক অন্যায়ৰ প্ৰত্যুত্তৰ মাত্ৰ৷ইন্দ্ৰপ্ৰস্থৰ সভাত এনে এক অঘটন ঘটিছিল যাৰ বাবে মই বাধ্য হৈ বাসুদেৱৰ বিৰূদ্ধে হাতত অস্ত্ৰ তুলি ল’বলগীয়া হৈছিল৷শিশুপাল আছিল মোৰ পৰম সুহৃদ আৰু সংকটকালত আমি পৰস্পৰক সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিলো৷মই জানো শিশুপালে মৰ্যাদাৰ সীমা কেতিয়াবাই অতিক্ৰম কৰিছিল আৰু বাসুদেৱৰ হাতত তেওঁৰ মৃত্যু প্ৰকৃততে তেওঁৰ মুক্তিয়েই আছিল৷কিন্তু হলেও মই ক্ষত্ৰিয়,যিকোনো মূল্যৰ বিনিময়ত প্ৰতিশ্ৰুতি পূৰণ কৰাতো মোৰ ধৰ্ম আছিল আৰু মই তাকেই কৰিলো,মই বাসুদেৱৰ বিৰূদ্ধে হাতত অস্ত্ৰ তুলি ললো৷কিন্তু মহামন্ত্ৰী সঞ্জয়ৰ তৰ্কই মোক নিৰস্ত্ৰ কৰি তুলিলে৷বিনাৰক্তপাতেই মই অস্ত্ৰ সম্বৰণ কৰিলো৷কিন্তু চক্ৰৱৰ্তী সম্ৰাট যুধিষ্ঠিৰৰ সভাত অস্ত্ৰ তুলি লোৱাৰ অপৰাধত মোক দণ্ড দিয়া হল আৰু মোক সেই দণ্ড দিলে দ্ৰুপদকন্যা পাঞ্চালীয়ে৷,মোৰ হাতৰ পৰা মোৰ অস্ত্ৰ কাঢ়ি লোৱা হ’ল৷এজন যোদ্ধাৰ বাবে তেওঁৰ অস্ত্ৰ বস্ত্ৰসম৷দ্ৰোপদীৰ বস্ত্ৰহৰণৰ বহুপূৰ্বেই ইন্দ্ৰপ্ৰস্থৰ সভাত এজন মহাৰথী বস্ত্ৰহৰণ হৈছিল,যাজ্ঞসেনীৰ হাতত কিন্তু তাৰ পিছতো ময়েই খলনায়ক কাৰণ আজি মই পৰাজিত৷
মই হস্তিনাপুৰৰ প্ৰকৃত উত্তৰাধিকাৰী যুৱৰাজ সূৰ্য্যোধন আৰু মোৰ প্ৰতিজন ভাতৃয়েই আছিল হস্তিনাপুৰৰ ৰাজপুত্ৰ৷কিন্তু তাৰ পিছতো আমি শৈশৱৰে পৰাই বাৰে-বাৰে পাণ্ডৱৰ হাতত লাঞ্ছিত হৈছিলো৷বায়ুপুত্ৰ ভীম আমাৰ বাবে আছিল সাক্ষাৎ কালস্বৰূপ৷ভীমৰ বাহুত অযুত হাতীৰ বল আছিল আৰু ভীমৰ বাবে আমি শতভাতৃ যেন মনোৰঞ্জনৰ আহিলাহে আছিলো৷বল প্ৰয়োগৰ পৰীক্ষাৰ নামত ভীমে প্ৰতিদিনে আমাক অত্যাচাৰ কৰিছিল আৰু আমি মাথো অসহায়ৰ দৰে চকুলো টুকিছিলো৷জ্যেষ্ঠ সকলৰ সকলো স্নেহতো কেৱল পাণ্ডৱৰ বাবেই পুঞ্জীভূত হৈ আছিল,আমাৰ যেন হস্তিনাপুৰৰ ৰাজপ্ৰসাদত কোনো অস্তিত্বই নাছিল!কিন্তু আৰু কিমান দিন?কিমান দিন আমি এইদৰে মৌন হৈ সহি যাম মধ্যমপাণ্ডৱৰ প্ৰতিতো অত্যাচাৰ আৰু কিমানদিনলৈকে আমি পিন্ধি থাকিম দাসত্বৰ অদৃশ্য শিকলি৷মোৰ মনতো লাহে-লাহে বিদ্ৰোহী হৈ উঠিছিল৷মই স্বাধীনতা বিছাৰিছিলো আৰু সেয়ে এদিন মই ভীমৰ খাদ্যত কালকূট বিহ মিলাই দিলো৷কিন্তু দৈব্যৰ কৃপাত সেইবাৰলৈ ভীম বাছি গ’ল আৰু একেদৰেই কুন্তীসহিতে পঞ্চপাণ্ডৱ পুনৰ এবাৰ বাছি গ’ল জটুগৃহত,এইবাৰ দৈব্যৰ কৃপাত নহয় মোৰ পিতাৰ তোলনীয়া ভাতৃ বিদুৰৰ দুৰদৰ্শীতাৰ বাবে৷
ধৰ্মৰাজ যুধিষ্ঠিৰ৷জ্যেষ্ঠ কৌন্তেয় আৰু ইন্দ্ৰপ্ৰস্থৰ সম্ৰাট৷কিন্তু ধৰ্মৰাজ!আস কি যে এক বিড়ম্বনা! প্ৰতিখন ধৰ্মশাস্ত্ৰতেই নিপুন ধৰ্মৰাজৰ কিন্তু ধৰ্মৰ সামান্যতমো প্ৰায়োগিক জ্ঞানকণো নাছিল অন্যথা সেইদিনা দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দৰে লজ্জাজনক ঘটনাৰ সূচনাই নহ’লহেঁতেন৷এই মহাগাথাৰ ধৰ্মৰাজ এজন জুৱাৰী আছিল৷জুৱাৰ সৰ্বনশীয়া নিচাই তেওঁৰ অন্তৰাত্মাক এনেদৰে গ্ৰাস কৰি পেলাইছিল যে জুৱাত নিজকে হেৰুৱাৰ পিছতো তেওঁ তেওঁৰ কনিষ্ঠ ভাতৃ আৰু পাঞ্চালীক পণ ৰাখিবলৈ এবাৰলৈও কুন্ঠাবোধ কৰা নাছিল৷যুধিষ্ঠিৰৰ এনে সৰ্বনশীয়া সিদ্ধান্তৰ বিৰূদ্ধে যেতিয়া ৰাজসভাত প্ৰতিবাদৰ ঢৌ উঠিছিল তেতিয়া ধৰ্মৰাজে কৈছিল যে তেওঁ তেওঁৰ পত্নী আৰু কনিষ্ঠ ভাতৃসকলক প্ৰেম কৰে আৰু প্ৰেমাস্পদৰ ওপৰত প্ৰেম কৰাজনৰ অধিকাৰ থাকে৷কিন্তু শতিকাৰ ধৰ্মৰাজজনে কেতিয়াও বুজিবলৈ চেষ্টাই নকৰিলে যে প্ৰেম এক স্বাৰ্থবিবৰ্জিত সম্পৰ্ক আৰু ইয়াত অধিকাৰৰ কোনো প্ৰশ্নই নাহে অন্যথা ৰাধা আৰু কৃষ্ণৰ প্ৰেম যুগৰ বাবে নিদৰ্শন নহ’লহেঁতেন৷ময়ো মোৰ কনিষ্ঠ ভাতৃ যুযুৎসুক প্ৰেম কৰিছিলো কিন্তু কেতিয়াও তেওঁৰ ওপৰত মোৰ অধিকাৰ সাব্যস্ত কৰাৰ চেষ্টা কৰা নাছিলো অন্যথা কুৰুক্ষেত্ৰৰ ৰণত যুযুৎসুৱে পাণ্ডৱৰ হৈ অস্ত্ৰ চলোৱাৰ সুবিধাই নাপালেহেতেন৷
সেইদিনা পাশাখেলৰ অন্তত যি এক সৰ্বনশীয়া পৰিস্থিতিৰ সূচনা হ’ল সি কেৱল কুৰুকুলকেই নহয় আৰ্য্যব্ৰতৰ এক চৰম বিকাশিতো সভ্যতাকো ধ্বংস কৰিলে আৰু ইয়াৰ বাবে দায়ী কেৱল আৰু কেৱলমাত্ৰ শতিকাৰ নিকৃষ্টতম জুৱাৰী ধৰ্মৰাজ(?) যুধিষ্ঠিৰ৷হয় পাশাখেলত বিজয়ী হোৱাৰ অন্তত মই পঞ্চপাণ্ডৱক প্ৰকাশ্যে দাস বুলি সম্বোধন কৰিছিলো আৰু তেওঁলোকক উপহাসো কৰিছিলো কিন্তু শৈশৱৰ পৰাই তেওঁলোকে আমাৰ সৈতে যি আচৰণ কৰিছিল,বিশেষকৈ বায়ুপুত্ৰই যিদৰে আমাৰ লঘু-লাঞ্ছনা কৰিছিল সেয়া এজন নিষ্ঠুৰ স্বামীয়ে তেওঁৰ দাসক বিহা নিৰ্মম শাস্তিতকৈ কোনো গুণেই কম নাছিল৷ইয়াৰ পিছতো ইতিহাসে কেৱল মোকেই ক্ৰুৰ আৰু নিষ্ঠুৰ বুলি ক’ব কাৰণ আজি তেওঁলোক বিজয়ী আৰু মই পৰাজিত৷
বহুতেই কয় বাসুদেৱ দৈব্য শক্তিৰ অধিকাৰী৷সেয়া কিমানদুৰ সঁচা মই নাজানো কিন্তু এয়াতো স্বীকাৰ কৰিবই লাগিব যে বাসুদেৱেই আছিল এই যুগৰ সৰ্বশ্ৰেষ্ঠ কুটনীতিক৷কিন্তু তাৰ পিছতো মই কুৰুবংশৰ প্ৰতিজন মহীৰূহৰ পৰামৰ্শৰ বিপৰীতে গৈ বাসুদেৱৰ সন্ধি প্ৰস্তাৱক অমান্য কৰিলো৷কাৰণ সেই সন্ধিপ্ৰস্তাৱৰ প্ৰতিতো বাক্যতেই লুকাই আছিল এক অনুগ্ৰহৰ সুৰ৷মোৰ এনে লাগিছিল যেন পাঁছখন গাওঁ বিছাৰি পঞ্চপাণ্ডৱে মোক আৰু কুৰুকুলক অনুগ্ৰহহে কৰিছে৷সন্ধি প্ৰস্তাৱৰ প্ৰতিতো মিঠা বাক্যই মোৰ আত্মসন্মানক বাৰে-বাৰে আঘাত কৰিছিল আৰু এসময়ত মোৰ ধৈৰ্য্যৰ বান্ধ খোল খাই গ’ল৷মই খংত হিতাহিতি জ্ঞান হেৰুৱাই শান্তিৰ দূতস্বৰূপ বাসুদেৱক বন্দী কৰিবলৈ আদেশ দিলো৷হয় সেয়া মোৰ ভুল আছিল৷এজন শান্তিদুতক বন্দী কৰা ক্ষত্ৰিয় ধৰ্ম বিৰোধী আচৰণ৷একেদৰেই এজন যোদ্ধাই গদাযুদ্ধত তেওঁৰ প্ৰতিপক্ষৰ শৰীৰৰ নিম্নাংশত আঘাত কৰাতোও এক ক্ষত্ৰিয় ধৰ্মবিৰূদ্ধ আচৰণ৷প্ৰতিপক্ষৰ ৰক্তপাণ কৰাতোতো কেৱল ধৰ্মবিৰুদ্ধই নহয় অমানবীয়ও৷কিন্তু তাৰ পিছতো আজি কেৱল মাত্ৰ ময়েই ধৰ্মৰ শত্ৰু কাৰণ আজি সূৰ্য্যোধন পৰাজিত৷
মই বাসুদেৱৰ সন্ধি প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পিছত কুৰুৰাষ্ট্ৰৰ সন্মুখত মাত্ৰ এটাই বিকল্প আছিল-যুদ্ধ৷ওঠৰ দিন ধৰি যুদ্ধ চলিল-প্ৰচণ্ড আৰু ৰক্তক্ষয়ী যুদ্ধ৷এই যুদ্ধই মোৰ পৰা মোৰ সকলোবোৰ কাঢ়ি নিলে৷মোৰ সম্ৰাজ্য,মোৰ ৰাজমুকুট,মোৰ নিৰানব্বৈ জন ভাতৃ আৰু মোৰ প্ৰাণতকৈও প্ৰিয় মোৰ পৰম মিত্ৰ কৰ্ণক৷এই যুদ্ধৰ বাবে মই দায়ী,ময়েই বাসুদেৱৰ সন্ধিৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰিছিলো কিন্তু যি পৰস্থিতিৰ বলি হৈ মই ৰাজসভাত বাসুদেৱৰ সন্ধিৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰিছিলো তাৰ বাবে কিন্তু কেৱলমাত্ৰ ময়েই দায়ী নহয় তাৰ বাবে দায়ী এই মহাগাথাৰ প্ৰতিজন পাত্ৰ আৰু প্ৰতিগৰাকী পাত্ৰী৷মোৰ পৰাজয়তো প্ৰথম দিনাৰ পৰাই নিশ্চিত আছিল৷মোৰ প্ৰতিজন সেনানায়কেই মোৰ সৈতে কেৱল মাত্ৰ বিশ্বাসঘাতকতা কৰিছিল৷ইচ্ছা কৰা হ’লে যুদ্ধৰ প্ৰথম দিনাই পিতামহে সমগ্ৰ পাণ্ডৱ সেনাক ধ্বংস কৰিব পাৰিলেহেঁতেন৷কিন্তু তেওঁতো কেতিয়াও মোৰ বিজয়ৰ বাবে যুদ্ধ কৰাই নাছিল৷মাত্ৰ তেওঁৰ প্ৰতিজ্ঞাই এই ধৰ্মযুদ্ধত তেওঁক মোৰ সহযোদ্ধা হ’বলৈ বাধ্য কৰাইছিল৷পিতামহে তেওঁৰ পিতৃ মহাৰাজ শান্তনুৰ পৰা ইচ্ছামৃত্যুৰ বৰদান পাইছিল সেয়ে তেওঁ আছিল অজেয়৷কিন্তু সেই বৰদান মোৰ বাবে মাত্ৰ এক অভিশাপ হৈ ৰ’ল৷শিখণ্ডীৰ আৰ লৈ অৰ্জুনে গাণ্ডীৱ চলালে৷পিতামহেও যেন অধীৰ আগ্ৰহেৰে সেই ক্ষণলৈকে অপেক্ষা কৰি আছিল৷পিতামহে সকলো জানিও এই ষড়যন্ত্ৰৰ কোনো প্ৰতিবাদ নকৰিলে মাথো অস্ত্ৰ সম্বৰণ কৰি আলিংগন কৰি গ’ল ইন্দ্ৰপুত্ৰৰ গাণ্ডীৱ পৰা নিক্ষেপিত প্ৰতিপাত শৰক৷পিতামহ ৰণত পৰিল আৰু শৰশৰ্য্যাত আশ্ৰয় লৈ অপেক্ষা কৰি ৰ’ল সূৰ্য্যৰ উত্তাৰয়ণৰ বাবে৷পিতামহৰ পিছত গুৰুদেৱে সেনাপতিৰ পদ অলংকিত কৰিলে৷কিন্তু মোৰ বিজয় তেওঁৰো কাম্য নাছিল,তেওঁ ধৰ্মযুদ্ধত মোৰ পক্ষ লৈছিল কেৱলমাত্ৰ ঋণমুক্ত হোৱাৰ তাড়ণাত৷গাণ্ডীৱধাৰী ইন্দ্ৰপুত্ৰতো তেওঁৰ প্ৰাণতকৈও প্ৰিয় আছিল আৰু নিজৰ মৃত্যুৰ বিনিময়ত তেওঁ পাণ্ডৱক বিজয় উপহাৰ দিবলৈ যুদ্ধৰ পূৰ্বই মনস্থ কৰিছিল আৰু সেয়ে অজেয় দ্ৰোণচাৰ্য্যই নিজমুখে তেওঁৰ প্ৰিয় পাণ্ডৱৰ আগত বেকত কৰিছিল তেওঁৰ মৃত্যুৰ ৰহস্য৷কৰ্ণ সেনাপতি হোৱাৰ মূহূৰ্তত মোৰ মনত পুনৰ আশাৰ সঞ্চাৰ হৈছিল৷কিন্তু শেষত কৰ্ণয়ো মোক বিশ্বাসঘাতকতাই কৰিলে৷অবশ্যে কৰ্ণও কাৰোবাৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ আছিল,কৰ্ণ নিৰূপায় আছিল৷যুদ্ধৰ পূৰ্বেই কৰ্ণই মাতৃ কুন্তীদেৱীক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ এই ধৰ্মযুদ্ধত অৰ্জুনৰ বাহিৰে আন কোনো এজন পাণ্ডৱৰেই প্ৰাণ লোৱাৰ চেষ্টা নকৰে৷সেই প্ৰতিশ্ৰুতিয়েই আজি মোৰ বাবে কাল হ’ল৷সন্মুখত সমৰত পৰাভুত কৰাৰ পিছতো কৰ্ণই বায়ুপুত্ৰক প্ৰাণদান দিলে আৰু সেই বায়ুপুত্ৰৰ হাততেই পৰবৰ্তী কালত প্ৰাণ হেৰুৱালে এজন-এজনকৈ মোৰ নিৰানব্বৈজন কনিষ্ঠ ভাতৃয়ে আৰু আজি গদাযুদ্ধৰ সকলো নীতি ভংগ কৰি অন্যায় যুদ্ধত ঘটুৱাই সেই বায়ুপুত্ৰই মোক মৃত্যুৰ মুখলৈ ঠেলি দিলে৷অৱশ্যে কৰ্ণই অৰ্জুনক বধ কৰা হ’লেও মোৰ বিজয়ৰ পথ প্ৰশস্ত হ’লহেঁতেন৷কিন্তু প্ৰতিবাৰৰ দৰেই এইবাৰো ভাগ্যই ৰাধেক প্ৰতাৰণা কৰিলে৷দেৱৰাজ ইন্দ্ৰৰ চালনাৰ বলি হৈ দানবীৰ কৰ্ণই তেওঁৰ অংগস্বৰূপ কৱচ আৰু কুণ্ডল দান দিলে৷ঘটোৎকচৰ সংহাৰৰ পৰা কুৰুসেনাক জীৱনদান দিবলৈ বাধ্য হৈ দানবীৰ কৰ্ণই বিজয় ধনুত জুৰিলে একঘাটিনী ইন্দ্ৰাস্ত্ৰ আৰু ইয়াৰ লগেলগেই চিৰকালৰ বাবে নিৰ্বাপিত হ’ল তেওঁৰ শ্ৰেষ্ঠতম ধনুৰ্ধৰ হোৱাৰ সপোন৷এনেদৰেই নিয়তিয়ে প্ৰথমে কৰ্ণৰ সপোনক আৰু তাৰ পিছত নিৰস্ত্ৰ অৱস্থাত এক অন্যায় ৰণত স্বয়ং কৰ্ণক হত্যা কৰিলে৷প্ৰকৃততে সেইদিনা কেৱল কৰ্ণৰেই মৃত্যু হোৱা নাছিল কৰ্ণৰ মৃত্যুৰ লগেলগেই মোৰ আত্মাৰো মৃত্যু হৈছিল৷কিন্তু কি কৰিম মই যে যোদ্ধা শেষ মূহূৰ্তলৈক আপোচবিহীন ভাবে যুঁজি যোৱাতো মোৰ কৰ্তব্য৷এইবাৰ মই মদ্ৰৰাজ শৈল্যক সেনাপতি পাতিলো৷মদ্ৰৰাজ আছিল নকুল আৰু সহদেৱৰ আপোন মোমায়েক৷আপোন ভাগিনীয়েকহঁতৰ প্ৰতি মদ্ৰৰাজৰ অন্তৰত উথলি উঠা স্নেহৰে জোৱাৰে মোক পুনৰ এবাৰ বিশ্বাসঘাটকতা কৰিলে৷কিন্তু মোৰ প্ৰতিজন সেনাপতিৰ বিশ্বাসঘাতকতাই মোৰ অন্তৰত সিমান আঘাত দিয়া নাছিল,যি আঘাত আজি মোক অশ্বথমাই দিলে৷অশ্বথমায়ো মোৰ বিজয়ৰ বাবে যুদ্ধ কৰা নাছিল,মাথো তেওঁ যুদ্ধ কৰিছিল আপোন পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লবলৈ৷প্ৰতিশোধৰ অগ্নিত দগ্ধ অশ্বথমাই নিশা চোৰৰ দৰে পাণ্ডৱৰ চাউনীৰ ভিতৰলৈ সোমাই গৈ হত্যা কৰিলে টোপনিত লালকাল দি থকা দ্ৰোপদীৰ পাঁচোজন পুত্ৰক আৰু এইদৰেই মোৰ অন্তিমজন সেনাপতিয়ে মোৰ কপালত আঁকি থৈ গ’ল আন এক কলিমাৰ দাগ৷
আজি মই অকলশৰীয়া,নিস্ব আৰু পৰাজিত৷কিন্তু তাৰ পিছতো মই সুখী৷কাৰণ এজন প্ৰকৃত যোদ্ধাৰ দৰেই মই মাথো আজীৱন সংগ্ৰাম কৰি গ’লো৷আজি মোৰ জীৱনৰ অন্তিমখন ৰণত মই ইচ্ছা কৰা হ’লেই নকুল বা সহদেৱৰ দৰে দুৰ্বল যোদ্ধাকো মোৰ প্ৰতিপক্ষৰূপে বাচি ল’ব পাৰিলোহেতেন৷ধৰ্মৰাজেতো মোক প্ৰতিশ্ৰুতিও দিছিল যে তেওঁলোকৰ মাজৰ যিকোনো এজনক গদাযুদ্ধত ঘটুৱালেই মই কুৰুক্ষেত্ৰৰণৰ বিজয়ী ৰূপে পৰিগণিত হ’ম৷কিন্তু তাৰ পিছতো মই এজন প্ৰকৃত যোদ্ধাৰ দৰে ভীমকেই বাচি ল’লো৷কাইলৈ হয়তো ইতিহাসে মোক খলনায়ক সজাব,কাৰণ মই পৰাজিত আৰু তেওঁলোক বিজয়ী৷কিন্তু এই ধৰ্মযুদ্ধত সকলো হেৰুৱাইও মই জীৱন যুদ্ধত বিজয়ী হ’লো৷মোৰ প্ৰজাসকলৰ বাবে মই সদায়েই এজন উত্তম শাসক আছিলো৷মোৰ পত্নীৰ বাবে এজন আদৰ্শ স্বামী৷মোৰ ভাতৃ সুশাসনেতো মোক ঈশ্বৰসদৃশ জ্ঞান কৰিছিল৷মোৰ আদেশ শিৰোধাৰ্য্য কৰিয়েই তেওঁ বিনাপ্ৰতিবাদে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দৰে মহাপাপৰ ভাগী হৈ স্বহস্তেই মুকলি কৰি দিছিল নৰকৰ দুৱাৰ৷সূতপুত্ৰইতো প্ৰতিক্ষণে উন্মাদৰ দৰে নিজৰ জন্ম পৰিচয় বিছাৰিছিল কিন্তু যুদ্ধৰ পূৰ্বে তেওঁ যে কৌন্তেয় সেয়া জ্ঞাত হোৱাৰ পিছতো তেওঁ সেই পৰম আকাংক্ষিত জন্ম পৰিচয়ক উপেক্ষা কৰি আমৃত্যু মাথো মোৰ পক্ষত যুঁজি গৈছিল৷সঁছায় কৰ্ণই আছিল মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি৷
মই জীৱনত বহুতো ভুল কৰিছিলো৷কিন্তু এনে নহয় যে কেৱলমাত্ৰ ময়েই ভুল কৰিছিলো৷প্ৰকৃততে এই মহাগাথাৰ কোনো নায়কো নাই আৰু কোনো খলনায়কো নাই৷প্ৰতিজন পাত্ৰয়েই আপোনাৰ দৰেই দোষ-গুণৰ সমষ্টি একোজন তেজ-মঙহৰ সাধাৰণ ব্যক্তি মাত্ৰ৷পাৰ্থক্য মাথো ইমানেই তেওঁলোক বিজয়ী আৰু আমি বিজিত৷সেয়ে তেওঁলোক এই মহাগাথাৰ নায়ক আৰু আমি খলনায়ক৷সেয়ে তেওঁলোক ধৰ্মৰ ৰক্ষক আৰু আমি ধৰ্মৰ শত্ৰু আৰু সেয়ে তেওঁ ধৰ্মৰাজ আৰু মই দুৰ্য্যোধন৷

প্ৰেমকথা

ইতিহাসে নিজকে দোহাৰে৷পুনৰ Scam হ’ব,এনেকুৱা এটা Scam যাৰ কোনেও কল্পনাই কৰা নাছিল,ইতিহাসৰ বৃহৎতম Scam৷বিশাল-চুমিৰ দৰেই হ’ব কথাবোৰ- ,I mean in an antiparallel manner. কিন্তু এইবাৰ জীৱনৰ ধাৰা উভতি বৈ ৰাধা হ’ব আৰু কানাইয়ে বাঁহী বজাব,বাঁহীৰ সুৰে সকলোকে জোকাৰি যাব৷আপোনাৰ আগোচৰেই আপুনি সন্মোহিত হ’ব, আপোনাৰ হৃদয়ে ঠিকনা হেৰাব আৰু তেওঁলোকে আপোনাৰমামৰে ধৰা হৃদয়ৰ ভয়,শংকা,সংশয়,লজ্জা আৰু অপৰাধবোধক চুৰি কৰি টালিটোপোলা বান্ধি দলিয়াই দিয়া হ’ব ইতিহাসৰ ডাষ্টবিনত৷প্ৰতাৰণাৰ বিনিময়ত প্ৰেম৷প্ৰেমত মত্ত বিশ্ব৷ইয়াৰ পিছত আৰু প্ৰেম কৰিবলৈ আপোনাৰ ভয় নালাগিব৷ইয়াৰ পিছত আপোনালোকো আমাৰ দৰে নিলাজ হ’ব,মৰ্য্যদাৰ বস্ত্ৰক দলিয়াই দি আপুনিও আমাৰ দৰে উলংগ হ’ব,অপৰাধবোধৰ কলীয়া ডাৱৰক ভেদি জোনাকৰ বৰষুণ হ’ব৷ইয়াৰ পিছত আৰু ৰাধা কলংকিনী বুলি কোনো গীতিকাৰে গীত নৰচিব৷কৃষ্ণৰ চৰিত্ৰৰ পোষ্টমোৰ্টেম নহ’ব৷শীতৰ শেষত তুষাৰ গলিব,মলয়াৰ পৰশত চেৰী ফুলে নাচিব,বসন্তৰ সুহুৰিৰ যাদুকৰী স্বৰতৰ সৰগৰ পৰা বসন্ত আকাশীগংগা হৈ ধৰালৈ নামিব৷নৰক সৰগ হ’ব আৰু আদাম-ইভৰ উত্তৰপুৰুষে প্ৰভাতী পখীৰ কাকলিত যেতিয়া চকু মেলিব,তেতিয়া নিজকে আবিস্কাৰ কৰিব স্বৰ্গৰ নন্দন কাননক৷এইদৰেই অভিশাপৰ অন্ত পৰিব- The Paradise Regain.p



মই যদি নিৰাশাৰ অগ্নিৰ লেলিহান শিখা তুমি অগ্নিক নিৰ্বাপিত কৰাৰ ক্ষমতাধাৰী আশাৰ বৰষুণ,মই যদি জ্ঞানৰ অহংকাৰত মত্ত কঠোৰ শিলাখণ্ড তুমি সেই শিলাখণ্ডক ভাঙি চূৰ্ণ-বিচ্ছিন্ন কৰিবলৈ সক্ষম বিনম্ৰতাৰ প্ৰবাহমান ধাৰা,মই যদি তমসৰূপী তিমিৰ তুমি হ’লা সেই তিমিৰনাশিনী সাত্ত্বিকতাৰ আলোকশিখা৷



তুমি মোক সলনি কৰা নাই,প্ৰেমৰ শৰেৰে হানি হত্যা হে কৰিলা৷ হত্যাকাৰিনী ৰিচু, আজি তোমাৰ বাবেই মই মই হৈ থকা নাই৷ যিদিনা তুমি মোৰ চিতাৰ জুইৰ উত্তাপ লৈ চকুলো টুকিলা, সেই পবিত্ৰ চকুলোৰ সঞ্জীৱনী পৰশত সাবিত্ৰীৰ সত্যবান হৈ মই পুনৰ উভতি আহিলো৷ একেই শৰীৰ অথচ পৃথক জীৱন দৰ্শন৷মই ফিনিক্স পক্ষী হ’লো আৰু তুমি মোক চিতাভস্মৰ পৰা প্ৰেমৰ যাদুৰে পুনঃজীৱিত কৰিলা৷



শূণ্যৰে যি সংখ্যাকেই পূৰণ নকৰা কিয় ফলাফল সদায় শূণ্যই হ’ব আৰু মইয়ো শূণ্য হোৱাৰ যাত্ৰাত তোমাৰ সহযাত্ৰীত পৰিণত হ’লো৷ কাঞ্চনমতীৰ সোতত এৰি দিলো আমাৰ নাওঁ৷ লক্ষ্য আমাৰ মহাশূণ্য৷ মৰ্য্যদা-নিয়মৰ উৰ্দ্ধত অসীমত যাৰ হেৰাল সীমা৷

তোমাৰ মৰমে মোৰ

মোৰ সত্যক আপুনি কি দৃষ্টিকোণৰ পৰা নীৰিক্ষণ কৰে সেয়া মোৰ বিচাৰ্য্য বিষয় নহয়৷হয়তো আপোনাৰ দৃষ্টিত মই পগলাও হ’ব পাৰো অথবা জনপ্ৰিয়তাৰ মৰীচিকা খেদি ফুৰা এজন চূড়ান্ত মিছলীয়া৷হয়,আপুনি ভাবিব পাৰে,সেয়া আপোনাৰ ব্যক্তিগত অধিকাৰ আৰু আপোনাৰ ব্যক্তিগত অধিকাৰক হস্তক্ষেপ কৰাৰ মোৰ কোনোধৰণৰ নৈতিক অধিকাৰ নাই৷আনৰ মতাদৰ্শৰ অধিকাৰৰ হস্তক্ষেপক নৈতিক অধিকাৰ নহয় বুলি মানি লোৱা এজন ব্যক্তিক আপুনি যদি পগলা আখ্যা দিয়ে,সেয়া আপোনাৰ কথা আৰু জনপ্ৰিয়তা,মৃত্যুৰ দুৱাৰদলিত ঠিয় দিয়া এজন ব্যক্তিয়ে মিছা কথা কৈ পোৱা জনপ্ৰিয়তাৰে বা কি কৰিব?
ঘটনাক্ৰমৰ আৰম্ভণী হৈছিল আজিৰ পৰা এটা দশকৰ আগেয়ে তেতিয়া মই কুৰি বছৰীয়া কলেজীয়া ডেকা৷প্ৰথম দৃষ্টিতেই তাইৰ প্ৰেমত পৰিছিলো৷তাইৰ মুখামুখি হ’লে এনে লাগিছিল যেন মূহূৰ্তৰ বাবে সময়ৰ চক্ৰ স্তব্ধ হৈ পৰিছে,মলয়াৰ গতিবেগ হ্ৰাস পাই প্ৰায় শূণ্যৰ সমতুল্য হৈ পৰিছে,আমাৰ মফচলীয়া কলেজৰ বাগিচাখনৰ কাষতে লাগি থকা ছিৰাল ফটা পথাৰখন গোলাপৰ বাগিছাত পৰিণত হৈছে,নাকত বকুল ফুলৰ সৌৰভ আৰু হৃদয়ত ভায়লিনৰ সুৰ৷দিয়কচোন এটা দশকৰ আগৰে কথা,তেতিয়া মই কৈশোৰৰ আলিদোমোজা পাৰ কৰি যৌৱনৰ বসন্তত খোজ দিছো তাকো আকৌ প্ৰথম প্ৰেম একেবাৰে লাভ এট ফাৰ্ষ্ট ছাইট৷কেতিয়াবা এনেকৈ হিন্দী চিনেমাৰ গীতৰ দৰে হৈ পৰে কুৰিবছৰীয়া ডেকাৰ ৰোমাণ্টিক হৃদয়ৰ কল্পনা!তাই খুৱ সুন্দৰ ভায়’লিন বজাইছিল৷জোনাকৰ বৰষুণে হৃদয় জিপোৱা ফ্ৰেছাৰছ সমাৰোহৰ এটা গধূলি৷তাইৰ ভায়লিনৰ সুৰৰ ৰাগে মোৰ অন্তৰৰ সমুদ্ৰত প্ৰেমৰ জোৱাৰ তুলিছিল৷সংগীত পৰিবেশনৰ অন্তত মঞ্চৰ পৰা নামি আহোতে হঠাৎ উজুতি খাই তাই……….সৰি পৰাৰ পূৰ্বেই মই তাইক আকোঁৱালি ল’লো৷নিজৰেই অজ্ঞাতে স্বগতোক্তি কৰিলো,” মই তোমাক সৰি পৰিবলৈ দিব নোৱাৰো৷“তাই এটা সলাজ হাঁহি মাৰিলে আৰু এনেকৈ আৰম্ভ হ’ল আমাৰ প্ৰেমৰ যাত্ৰাৰ৷

জীৱনৰ তিতাঁ মিঠাৰ মাজেৰে আমি দুয়ো চাৰিটা বসন্ত গৰকিলো৷কলেজীয়া জীৱনৰ অন্ততঃ মই এটা সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰিলো৷ইতিমধ্যেই আমাৰ প্ৰেমৰ পবিত্ৰ বন্ধনক দুয়োখন ঘৰেই স্বীকৃতি দিছিল৷এইবাৰ ব’হাগত তামোল পাণ পেলোৱাৰ কথা৷সেইদিনা সন্ধিয়া বৰপুখুৰীৰ পাৰত বহি থাকোতে অকস্মাৎ তাই সুধি পেলালে,“যদি মই মৰি যাওঁ তুমি কি কৰিবা?“ মই মূহূৰ্তৰ বাবে মূক হৈ পৰিলো৷আকাশত তেতিয়া কলীয়া মেঘে গাজিছিল৷প্ৰসংগ সলাই লৰালৰিকৈ ঠিয় হৈ ক’লো,”হেই!ব’লা সোনকালে যাওঁ৷ এতিয়া বৰষুণ দিব৷“
তাইৰ ঘৰৰ কেঁকুৰিটো ঘুৰোতেই হঠাৎ সিফালৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকৰ সৈতে মোৰ দুচকীয়া বাহনখনৰ মুখামুখি সংঘৰ্ষ হ’ল৷মই দুৰৈত উফৰি পৰিলো৷কপালেৰে ৰক্তধাৰা বৈছিল৷কিবাকৈ ঠিয় হৈ তাইৰ কাষলৈ দৌৰ মাৰিলো৷তাই মোলৈ অপেক্ষা কৰি আছিল ট্ৰাকৰ চকাৰ দ্বাৰা পীস্ত এক মাংসপিণ্ডৰ ৰূপত আৰু সেই তেজলগা মঙহবোৰৰ মাজত মোৰ হৃদয়ে তাইক বিচাৰি পোৱাত ব্যৰ্থ হ’ল৷
ব’হাগৰ পূৰ্বেই তাইৰ দেউতাকে কন্যাদান কৰিল কিন্তু মোক নহয় চিতাৰ অগ্নিক৷অমাবস্যাৰ অন্ধকাৰ ফালি তাইৰ চিতাখন দপদপকৈ জ্বলিছিল৷বিজুলীৰ চিকমিকনিত মোৰ চকুৰ লোটক মুকুতা হৈ জিলিকিছিল৷পছোৱা বতাহজাকে তাইৰ কন্ঠ হৈ হঠাৎ কাণে-কাণে কৈ গ’ল,“হেই!কিয় কান্দিছা৷মইচোন এতিয়াও তোমাৰ লগতেই আছো৷“মই আকৌ এবাৰ স্তব্ধ হৈ পৰিলো৷
ঘৰলৈ উভতি আহিলো৷সেইদিনা মোৰ শোকাৰ্ত চকুহাললৈ চোৱাৰ খোদ মাৰো সাহস হোৱা নাছিল৷ৰূমৰ দৰ্জাখন জপাই এটা ছিগাৰেট উলিয়াই ল’লো৷ছিগাৰেট খালে তাই বেয়া পায়৷এদিন ধেমালিতে কৈছিলো প্ৰেমিকাই এৰি গ’লেও ছিগাৰেটে তেওঁৰ প্ৰেমিকক এৰি নাযায়৷লাইটাৰটো জ্বলাইছো মাত্ৰ৷হঠাৎ যেন কোনোবাই ফু মাৰি লাইটাৰটোৰ নুমাই দিলে৷কোঠালৈ এজাক সেমেকা শীতল বতাহৰ আগমণ ঘটিল আৰু বতাহজাকে তাইৰ কন্ঠ হৈ মোক আকৌ কাণে-কাণে ক’লে,“ হেই!কি কৰিছা৷তুমিচোন জানাই মই ছিগাৰেটৰ গোন্ধো সহ্য কৰিব নোৱাৰো আৰু তুমি কি কৈছিলা!চোৱা মই প্ৰতাৰক নহয়৷মৃত্যুৰ সিপাৰৰ পৃথিৱীখনৰ পৰাও আকৌ তোমাৰ কাষলৈ উভতি আহিছো৷“ হয়তো মোৰ ভ্ৰম হৈছে৷পুনৰ লাইটাৰটো জ্বলালো৷দহটা বিফল প্ৰয়াসৰ অন্তত পুনৰ কাণত পৰিল তাইৰ কন্ঠ“ হেই!তুমি মোকো বিশ্বাস নকৰা৷“ সমগ্ৰ শৰীৰত কপনি উঠিল৷হয়তো বিৰহৰ অগ্নিত দগ্ধ হৈ মই পগলা হোৱাৰ পথত৷কপা-কপা হাতেৰে আলমাৰিটো খুলি প্ৰায় দহটা বছৰৰ অন্ততঃ মোৰ একালৰ অত্যন্ত প্ৰিয় হুইস্কীৰ বটলটো উলিয়াই ল’লো৷তাই মদ খোৱা মানুহক ঘৃণা কৰে৷সেয়ে মই ভালপোৱাৰ প্ৰথমটো পষেকৰ পৰাই মদ খোৱা বাদ দিছিলো৷ক্ষন্তেক আগেয়ে মই তাইৰ জ্বলন্ত চিতাৰ কাষৰ পৰা উভতিছো৷আপুনি ভাবিব পাৰে মই স্বাৰ্থপৰ৷সেয়া আপোনাৰ ব্যক্তিগত আদৰ্শ৷কিন্তু সেই মূহূৰ্তত মই মানসিকভাৱে ইমানেই ভাগি পৰিছিলো যে হ’য়তো মোৰ হাতত আন কোনো বিকল্প নাছিল৷গিলাচটোত হুইস্কী বাকিবলৈ আৰম্ভ কৰিছো মাত্ৰ৷এক প্ৰচণ্ড ঠেলাত ভাৰাসাম্য হেৰুৱাই প্ৰায় সৰি পৰাৰ উপক্ৰম হ’ল৷বটল আৰু গিলাচ দুয়োটাই ভাঙি চুৰমাৰ হ’ল৷কিন্তু মই সৰি পৰাৰ আগেয়ে এখন অদৃশ্য হাতে মোক আকোঁৱালি ল’লে যিদৰে এদিন মই তাইক আকোঁৱালি লৈছিলো,“মই তোমাক পৰি যাবলৈ দিৱ নোৱাৰো৷মদৰ গিলাচত পুনৰ হাত দিয়া আৰু জীৱনৰ বাটত সৰি পৰা একে কথা আৰু কিমান প্ৰমাণ লাগে তোমাক মই বিশ্বাসঘাটকিনী নোহোৱাৰ৷মই আৰু কিমান কান্দিলে সুখী হ’বা তুমি৷“ তাইৰ অশৰীৰ কন্ঠই উচুপি উঠিল৷প্ৰায় এক মিনিট মানৰ অন্ততঃ মৌনতাৰ অৱসান ঘটাই মই ক’লো,“তুমি ইমান ভাল পোৱা মোক?“

দহোটা বসন্ত পাৰ হৈ গ’ল৷জীৱনৰ তিতাঁ-মিঠাৰ মাজেৰে আমি উপন্যাসৰ পৃথিৱীৰ প্লেটোনিক প্ৰেমৰ এটা নতুন অধ্যয়ৰ জন্ম দিলো৷এদিন ঘৰত বৰকৈ বিয়াৰ বাবে জোৰ দিয়াত সেইৰাতিয়েই উচাৎ মাৰি ঘৰ এৰি গুচি আহিলো আৰু এটা কোঠাৰ এক আওপুৰণি ভাড়াঘৰত নিশাৰ জোনাকক সাক্ষী কৰি আৰম্ভ কৰিলো আমাৰ নতুন প্লেটোনিক সংসাৰ৷মই সন্ধিয়া বজাৰ-সমাৰ কৰি ঘৰলৈ উভতি আহো তাই ভাত ৰান্ধে কিন্তু কেৱল এজনৰ বাবে কাৰণ অশৰীৰ আত্মা ভোকৰ পীড়াৰ পৰা মুক্ত৷
এসপ্তাহ মানৰ আগেয়ে তাইৰ দেউতাক আহিছিল৷মোক কৈছিল,”তুমি আৰু কিমান অভিমান কৰিবা৷যোৱা ঘৰলৈ উভতি যোৱা৷তাই এৰি যোৱাৰ এটা দশক হ’ল৷তোমাৰোতো এটা ভবিষ্যৎ আছে৷ঘৰৰ মানুহবোৰৰ তোমাক লৈ এটা সপোন আছে৷অহা কালিলৈ গয়ালৈ যাম৷১৪ মাৰ্চৰ দিনা তাতেই তাইৰ অস্থি বিসৰ্জন দিম৷তুমি ঘৰলৈ যোৱা৷এনেকৈ থাকিলে তাইৰ আত্মায়ো কষ্ট পাৱ৷“ নিজৰ গাভৰু জীৰ অন্তিম স্মৃতিকো গংগাৰ প্ৰৱাহত বিসৰ্জন দিবলৈ ওলোৱা বৃদ্ধ পিতৃক মোৰ সত্যৰ দৰ্শন কৰোৱাৰ সাহস ন’হল৷
আজি দুপৰীয়াৰ পৰাই কিয় জানো মোৰ একোতেই মন বহা নাই৷মনত যেন কিবা অজান শংকা৷সন্ধিয়াৰ আকাশখন সেইদিনাৰ দৰে গোমা হৈ আহিছিল৷সোনকালে দোকান সামৰি ৰূমলৈ বুলি ওলালো৷আনদিনাৰ দৰে বজাৰ কৰাৰো মন নাছিল৷হয়তো বৰষুণ দিব৷খোজৰ গতিবোৰ খৰ হ’ল৷কিন্তু সেই সন্ধিয়াটো বৰ ব্যতিক্ৰমী আছিল৷এটা দশকৰ অন্ততঃ প্ৰথমবাৰৰ বাবে তাই ৰূমত নাছিল৷প্ৰায় পাগলৰ দৰে তাইক বিচাৰি চলাথ কৰিলো,কিন্তু নাই এইবাৰ মাংসপিণ্ডৰ অৱশেষো নাছিল৷আকাশত বিজুলীয়ে চিকমিকালে৷কেলেণ্ডাৰখনলৈ চকু গ’ল৷আজি ১৪ মাৰ্চ৷চকুৰে আকৌ এবাৰ মুকুতা হৈ লোটক সৰিল৷কিন্তু পূৰ্বৰ দৰে মোক সান্ত্বনা দিবলৈ আজিৰ ৰূক্ষ বতাহজাক আছিল কন্ঠহীন৷কাৰণ তাইৰ অস্থি ইতিমধ্যেই গংগাৰ প্ৰৱাহত উটি গ’ল আৰু তাই মোক অৱশেষত প্ৰতাৰণা কৰিলে৷

গিলাচত সুৰা বাকিলো৷এইবাৰ অৱশ্যে বাধা দিবলৈ কাষত কোনো নাছিল৷সুৰাৰ ৰাগীত মই স্বগোতক্তি কৰিলো,” কি কৈছিলা তুমি?তুমি মোক সৰি পৰিবলৈ নিদিয়া৷চোৱা মই আকৌ মদ খাইছো৷এয়া থৰক-বৰককৈ খোজ কাঢ়ি সৰি পৰিছো৷তুমিবিহীনতাৰ প্ৰথম সন্ধিয়াত৷সৰি পৰিছো মজিয়াত নহয় জীৱনৰ বাটত এয়া চোৱা মই ঠিয় হৈছো৷আকৌ ছিগাৰেট জ্বলাইছো৷দিয়া নুমুৱাই দিয়া আকৌ ফু মাৰি মোৰ লাইটাৰটো৷প্ৰমাণ দিয়া তুমি বিশ্বাসঘাটিকিনী নোহোৱাৰ৷মই শুদ্ধ আছিলো৷শুদ্ধ আৰু তুমি ভুল৷ছিগাৰেট থাকি গ’ল৷কিন্তু তুমি গুচি গ’লা৷মনে-মনে৷মোক এবাৰো নোকোৱাকৈ৷মই আৰু কিমান কান্দিলে তুমি সুখী হ’বা?“

লাহে-লাহে চকু কেইটা টোপনিয়ে টানি আনিছে৷না সুৰাৰ ৰাগী নহয়৷শ্লিপিং টেবলেট৷হুইস্কীৰ বটলটোৰ সৈতে কিনি আনিছিলো৷কেউটাই খায় পেলালো৷টেবলেটৰ সংখ্যাক গণণা কৰিবলৈ এই মদাহীৰ হুচেই বা ক’ত?এশ টকাত কিমান দিছিল বাৰু?কমেও পঞ্চাশ-ষাঠী৷মই জানো এয়া হ’ব মোৰ প্ৰথম আৰু অন্তিম টোপনি তুমিবিহীনতাৰ হিয়া ভঙা একাকীত্বৰ আৰু কাইলৈ পুৱা যেতিয়া মই সূৰ্য্যোদয়ৰ সৈতে সিপাৰৰ পৃথিৱীখনত সাৰ পাম হয়তো আকৌ এটা মূহূৰ্তৰ বাবে সময় থমকি ৰ’ব৷মলয়াৰ গতি স্তব্ধ হ’ব৷গোলাকে কলি মেলিব৷বকুলে সুবাস বিলাব আৰু হৃদয়ত আকৌ এবাৰ বাজিব দহোটা বছৰৰ আগেয়ে কলেজীয়া ডেকাটিৰ ৰোমান্টিক হৃদয়ত তুমি বজোৱা সুমধুৰ ভাইলিনৰ লহৰ৷এটা দশকৰ অন্তত তোমাক বুকুৰ মাজত আকোৱালি লৈ হয়তো দ্বৈত কন্ঠত আমি পুনৰ একেলগে গাম আমাৰ প্ৰিয় ৰাণা দাৰ সেই গীতৰ কলি
“ ফুলে কয় বতাহক লাহেকৈ এই কি কৰিলা?
বতাহেও সুধিছে ফুলকৈ এই কি কৰিলা……
গোপন ফাগুনে যেন লুকাই হাঁহিছে ……………

পৰিপূৰ্ণ হৃদয়ৰ ৰূপকথা

(১)

অগ্নিগড়ৰ এটা শিলাখণ্ডত দুয়ো বহুপৰ মুখামুখিকৈ বহি আছিলো৷প্ৰতিশ্ৰুতিৰ বৰষুণ এজাকে জীপাল কৰি যোৱা আমাৰ সেউজীয়া হৃদয় দুখনে যেন মৌন ওঠৰ ভাষাৰে পৰস্পৰক অনৰ্গল কৈ গৈছিল অন্তৰৰ অধ্যাদেশৰ বতৰা৷কিমান সময় বাৰু এনেকৈয়ে পাৰ কৰিছিলো!মোৰ সঠিককৈ মনত নাই৷হয়তো দুঘন্টা,তিনিঘন্টা,নতুবা বৰ্ষা কালৰ এটা সম্পূৰ্ণ আবেলি৷তাইৰ সাঁথৰ-সাঁথৰ যেন লগা চকুযুৰিত ক্ৰমশ ডুবিবলৈ আৰম্ভ কৰোতে মই গমকে নাপালো কেতিয়া জানো উত্তৰৰ মলয়াজাকে পশ্চিমৰ পছোৱাজাকৰ ৰূপ ল’লে৷আকাশত বিজুলীয়ে চিকমিকাইছিল,চিপচিপকৈ উষাৰ নগৰীলৈ নামি আহিছিল এজাক কুমলীয়া বৰষুণ৷মোৰ স্মৃতিৰ মণিকোঠত এতিয়াও সজীৱ হৈ আছে সেই আবেগসিক্ত স্মৃতি৷একেটা ছাতিৰ তলতে কুচিমুচি দুয়ো বাছ আস্থানলৈ উভতিলো৷আকাশত ঘনে-ঘনে বিজুলীয়ে চিকমিকাইছিল৷পশ্চিম আকাশত একুৰা জুই আৰু এটা কাণতালমৰা গাজনি৷তাই মোক জোৰেৰে সাবতি ধৰিছিল৷প্ৰস্থৰ মূৰ্তিৰ দৰে মোৰ হাতৰ পৰা ৰূমমেটে দিয়া ছাতিটো খহি পৰিছিল৷কিছুসময়ৰ পিছত তাইক বুকুৰ মাজত সাবতি লৈছিলো৷এজাক বৰষুণে সিক্ত কৰি পেলাইছিল দুয়োৰে পোছাকৰ ভিতৰৰ প্ৰতিটো অংগ৷এজাক ভালপোৱাৰ বৰষুণে জীপাল কৰিছিল দুখন এধানি হিয়া৷হিয়াই আব্দাৰ কৰিছিল অ’ সময় ৰৈ যা৷সময়ো হয়তো থমকি ৰৈছিল৷ছাতিটো এৰি অহাৰ বাবে ৰূমমেটে প্ৰচণ্ড গালি পাৰিছিল৷আজি কিয় জানো ৰূমমেটৰ গালিবোৰো মিঠা-মিঠা লাগিছিল৷শেষৰাতি হয়তো টোপনিতে আওৰাইছিলো,”First time are always special.”


(২)
ইতিহাসৰ স্ৰোতত গতানুগতিকতাৰ কোনো মূল্য নাই৷হয়তো এয়া ইতিহাসৰে সীমাবদ্ধতা৷প্ৰতিটো বিষয়ৰেই নিজস্ব সীমাবদ্ধতা থাকে৷সীমাবদ্ধতাই কোনোটো বিষয়কে মূল্যহীন কৰি নোতোলে মাথো গঢ়ি তোলে এক একক আৰু অনন্য হয়তো প্ৰদান কৰে এক অৰ্ন্তনিহিত সৌৰ্ন্দয্যৰ৷যিদৰে বিচ্ছেদৰ চকুলোৱে যুগান্তকাৰী ৰূপ দিয়ে প্ৰেমক৷সেইবাবেই প্ৰেম মানেই ৰাধিকাৰ কৃষ্ণ,জুলিয়েটৰ ৰোমিঅ’ আৰু শ্বাহজাহানৰ তাজমহল৷বিচ্ছেদৰো থাকে সীমাহীন সৌৰ্ন্দয্য আৰু মাধুৰ্য্য একাকীত্বৰ৷ উচুপণিৰে পূৰ্ণ নিশাতোৰ দৰে,মাজৰাতিৰ কেতেকীজনীৰ হিয়া ভঙা কান্দোনৰ দৰে আৰু ৰাধাৰ বিৰহত গুঞ্জৰিত কানাইৰ বাঁহীৰ কাতৰ সুৰৰ দৰেই৷সূৰুযমুখীৰ ৰৌদ্ৰজ্বল দিনবোৰে শেৱালীৰ সুবাসভৰা নিশাৰ বুকুত পূৰ্ণতা পায় যিদৰে প্ৰাপ্তিৰ ঠিকনাই স্বপ্নভংগৰ চোতালত৷ইতিহাসৰ স্ৰোতত গতানুগতিকতাৰ স্থান নাই আৰু এয়াটো পাষাণ হৈ পৰা মোৰ সেউজীয়া হৃদয়ৰে ইতিহাস৷অৱশ্যে প্ৰেমত গতানুগতিকতা বুলিতো একোৱেই নাথাকে৷প্ৰতিটো ক্ষণেই চোন বিশেষ৷কিন্তু জীৱনৰ হেঙুল আবেলিবেলাত যেতিয়া উদাসহীন দৃষ্টিৰে দেওলগা সময়বোৰলৈ উভতি চাওঁ সকলোবোৰ চোন গতানুগতিকেই আছিল৷কি বিশেষ আছিল বাৰু- অগ্নিগড়ৰ সেই বৰ্ষামুখৰ আবেলিটো নে তাইৰ কপালত এটা দগমগীয়া সূৰুয আঁকি দিয়াৰ সেই বিশেষ দিনটো নে শ্বিলংৰ হোটেলৰ কোঠাৰ সেই আদিম নিশাটি?কিন্তু তেতিয়া জানো সঁচাকৈয়েই পূৰ্ণ আছিল মোৰ প্ৰেম?একাকীত্বৰ গহীন নিশাবোৰৰ অবিহনে সূৰুযমুখীয়ে খিলখিলাই হাঁহি মৰা ৰৌদ্ৰজ্বল দিনবোৰৰ পূৰ্ণতাই বা ক’ত৷আদিম নিশাটোৰ অন্তত মোৰ উদং বুকুখনত ওঠগুজি তাই অন্তৰৰ সমস্ত আকুলতাৰে কৈছিল “মই তোমাক ভাল পাওঁ সমীৰণ৷”হৃদয়ৰ সমস্ত আবেগেৰে তাইৰ গুলপীয়া ওঠযুৰিত এটা চুমা আঁকি মই মোৰ চকুযুৰি মুদি দিছিলো৷

99
(৩)
প্ৰভাতী পক্ষীৰ কাকলিত যেতিয়া মই সাৰ পাওঁ তাই মোৰ কাষতেই শুই আছিল৷যদিও তেতিয়া উশাহ-নিশাহবোৰ স্তব্ধ হৈ পৰিছিল তাইৰ মুখখন আন দিনাৰ দৰেই সতেজ হৈ আছিল৷মাত্ৰ চিৰনিদ্ৰাৰ শেতেলিটো হাঁহি থকা গুলপীয়া ওঠখনৰ কোণেৰে বৈ আহিছিল এসোতা কেঁচা তেজ৷চিকিৎসকে পৰীক্ষা কৰি কৈছিল,”cardiac arrest.”এনেকৈয়ে তাই মোৰ প্ৰেমৰ প্ৰাপ্তিৰ ঠিকনাক স্বপ্নভংগৰ অশ্ৰুৰ মুকুতাৰে সজাই পূৰ্ণ কৰিছিল৷ৰিক্ততাৰ অবিহনে পূৰ্ণতাৰ মূল্যই বা কি?চকুলোৰ অবিহনে হাঁহিৰ অৰ্থই বা কি?একাকীত্বৰ গহীন নিশাবোৰৰ অবিহনে প্ৰাপ্তিৰ ৰৌদ্ৰজ্বল সূৰুযমুখীৰ দিনবোৰৰ অস্তিত্বই বা কি?ইতিহাসৰ স্ৰোতত গতানুগতিকতাৰ কোনো স্থান নাই৷ইতিহাস মানেই যে বিশেষ৷শ্বিলংৰ সেই আদিম নিশাটোৰ অন্তিম ক্ষণকণিৰ দৰেই৷অ’ সময় ৰৈ যা৷মোক আকৌ এবাৰ শুনিবলৈ দে মোৰ প্ৰিয়তমাৰ সেই আবেগভৰা কন্ঠৰ অন্তিম বাণী,”মই তোমাক ভাল পাওঁ সমীৰণ৷”অ’ সময় ৰৈ যা৷ মোক অনুমতি দে আকৌ তাইৰ গুলপীয়া ওঠযুৰিত এটা চুমা আঁকি দিবলৈ হৃদয়ৰ সমস্ত আকুলতাৰে৷আজিকালি মোক বহুতেই উন্মাদ বুলি কয়৷মোৰ হাঁহি উঠে আৰে প্ৰেম মানেইটো উন্মাদনা,প্ৰেমত স্বাভাৱিকতাৰ স্থানেই বা ক’ত৷তাকো মোৰ প্ৰেম বিৰহেেৰ বেদনাসিক্ত আৰু পৰিপূৰ্ণ৷একাকীত্বৰ উজাগৰী নিশাবোৰত মই প্ৰায়েই তাইক মনত পেলাও৷মনত পেলাও মোৰ প্ৰেমৰ বৰ্ণিল ইতিহাসক৷মই মনত পেলাও অগ্নিগড়ৰ সেই বৰ্ষামুখৰ আবেলিটোক,মই মনত পেলাও তাইৰ উকা কপালত এটা দগমগীয়া সেন্দুৰীয়া বেলি আকি দিয়াৰ সেই বিশেষ দিনটোলৈ আৰু…..আৰু শ্বিলংৰ আদিম নিশাটোৰ অন্তিম ক্ষণকণিত তাইৰ আবেগভৰা কন্ঠৰ সেই অন্তিম বাণীলৈ,”মই তোমাক ভাল পাওঁ সমীৰণ৷” অ’ সময় ৰৈ যা৷ এয়া আকৌ মই তাইৰ গোলাপী ওঠযুৰিত হৃদয়ৰ সমস্ত আকুলতাৰে আঁকি দিছো এটা চুমা৷মই চকুযুৰি মুদি দিছো৷টোপনিত ঢলি পৰাৰ আগেয়ে অশ্ৰুসিক্ত গাৰুটোত মই মুৰ থৈ প্ৰায়েই গুণগুণাও,”First time are always special. Unique. But the last time are beyond comparison. They are Priceless.”মই টোপনি যাওঁ৷মোৰ খিৰিকীৰ সিপাৰে ওৰেৰাতি এজনী কেতেকীয়ে বিনাই৷শুই পৰা মোৰ পাষাণ হিয়াখনৰ দৰে সূৰুযমুখীৰ ৰৌদ্ৰজ্বল দিনবোৰৰ জন সমুদ্ৰৰ পৰা সংগোপনে৷

ন্যায়ৰ সাধুকথা          

             

                                     (১)
মেপল ৰিজৰ্টৰ ৰূম নম্বৰ 206 ত ২৪/১০/২০১৮ ৰ মাজনিশা প্ৰায় ১১ বাজি ৪৫ মিনিটত তোমাৰ সৈতে কি হৈছিল প্ৰিয়া ? আদালতৰ কাঠগড়াত প্ৰিয়া মাত্ৰ এক প্ৰস্থৰ মূৰ্তিৰ দৰে ঠিয় হৈ ৰ’ল৷ “প্ৰিয়া, এইয়াই সময়,আজি যদি তুমি সত্যক উজাগৰ কৰাৰ সাহস গোটাব নোৱাৰা তেনেহ’লে সত্যৰ অপমৃত্যু হ’ব,ন্যায়ৰ অৱক্ষয় হ’ব আৰু কিশোৰৰ দৰে এক শ্বাপদ নায়কৰ ৰূপত পুনৰ উভতি আহিব মুক্ত আকাশৰ তললৈ নতুন চিকাৰৰ সন্ধানত আৰু হয়টো এইবাৰ কিশোৰ সফলো হ’ব৷হয়টো কিশোৰৰ নতুন চিকাৰৰ ভাগ্য তোমাৰ দৰে সুপ্ৰসন্ন নহ’ব!হয়টো..” “Enough! মই সকলো খুলি ক’ম৷” চৰকাৰী অধিবক্তা উৎপল ভট্টাচাৰ্য্যক স্তব্ধ কৰি প্ৰিয়াই নীৰৱতা ভংগ কৰিলে৷

এক দীঘলীয়া শ্বাস টানি প্ৰিয়াই আৰম্ভ কৰিলে,” ২৪ অক্টোবৰ সেইদিনা,কিশোৰ আৰু মোৰ,আমাৰ প্ৰথম লাভ এনিভাৰছেৰী আছিল৷ আমাৰ সম্পৰ্কক দুয়োখন ঘৰেই স্বীকৃতি দিছিল৷জানুৱাৰীত আমাৰ এংগেইজমেন্ট আছিল….” উজাই অহা ক্ৰন্দন চেপা মাৰি পুনৰ প্ৰিয়াই যন্ত্ৰৱৎ ভাবে কৈ গ’ল,” কথা আছিল সেইদিনা মেপল ৰিজৰ্টত নৈশযাপন কৰি পিছদিনা পুৱা এলিফেণ্ট চাফাৰি কৰাৰ৷ প্ৰকৃতিৰ সেউজীয়াবোৰৰ মাজত চহৰৰ কোলহালৰ পৰা দুৰৈত কিশোৰৰ সংগত এইদৰে মই বহু সুখী আছিলো৷ বাহিৰত ডিনাৰ কৰি ৰিজৰ্ট আহি পাওঁতে পায় এঘাৰ মানেই বাজিছিল৷ ভাগৰো লাগিছিল বহুত৷সেয়ে চিধাই ৰূমলৈ গৈছিলো৷ ৰূম নম্বৰ 206 লৈ৷ ৰূমত দুখন বেড আছিল৷ এখন কিশোৰৰ বাবে আৰু আনখন মোৰ বাবে৷ কিশোৰক মই কেবল প্ৰাণভৰি ভাল পোৱাই নহয় নিজতকৈ অধিক বিশ্বাসো কৰিছিলো৷ মোৰ সংস্কাৰে বিবাহৰ পূৰ্বে মোক কিশোৰৰ সৈতে একেখন বিছনাতে নৈশ যাপন কৰাৰ অনুমতি নিদিয়ে৷ এই কথা মই কিশোৰক পূৰ্বেই কৈছিলো আৰু কিশোৰে মোক স্পৰ্শ নকৰাৰ প্ৰতিশ্ৰুতি দিয়াত মই কিশোৰৰ সৈতে এনিশাৰ বাবে মেপল ৰিজৰ্টলৈ যাবলৈ মান্তি হৈছিলো আৰু বহু কষ্ট কৰি মোৰ ৰক্ষণশীল মা-দেউতাক মান্তি কৰাইছিলো৷ কিন্তু ….”

প্ৰিয়া উচুপি উঠিল৷ অশ্ৰুধাৰাক সামৰি প্ৰিয়াই এটা হুমুনিয়াহ কাঢ়ি প্ৰিয়াই পুনৰ আৰম্ভ কৰিলে,” মোৰ চিলমিলকৈ টোপনি আহিছিল মাত্ৰ! এখন তপত ওঠে মোৰ ওঠযুৰিক হেঁচা মাৰি ধৰিছিল৷ প্ৰিয় পুৰুষজনৰ চুম্বনৰ মাজত মই যেন হেৰাই যাম৷ এখন চিনাকি হাত মই পিন্ধি থকা নাইটিটোৰ তলেৰে অতি সৰ্ন্তপণে মোৰ নাভী প্ৰদেশৰ পৰা মোৰ পিন্নোনত বক্ষযুগললৈ বগাই গৈছিল৷ মই মৰমেৰে সেই হাতখনক বাধা দিয়াৰ প্ৰয়াস কৰিছিলো আৰু মোৰ বাধাক নেওচি হাতখন ধাবমান হৈছিল ক্ৰমে মোৰ শৰীৰ নিম্নাংশলৈ,অৰ্ন্তবাসৰ তলেৰে মোৰ যৌনাংগৰ যৌনতাৰ সোৱাদ বিচাৰি৷মই কিশোৰক ঠেলা মাৰি দি আতৰি অহাৰ প্ৰয়াস কৰিছিলো৷কিন্তু কিশোৰৰ কঠোৰ বাহু বন্ধনত মই পুনৰ আবদ্ধ হৈ পৰিছিলো৷মোৰ বক্ষযুগলত কিশোৰৰ তীক্ষ্ণ দাতৰ স্পৰ্শ অনুভৱ হোৱাত মই কেঁকাই উঠিছিলো আৰু বাৰে-বাৰে কিশোৰক অনুৰোধ কৰিছিলো মোক এৰি দিবলৈ৷কিন্তু সেইয়া কিশোৰ নাছিল৷মোৰ গাভৰু শৰীৰৰ কেঁচা মঙহৰ জুতি লবলৈ উদগ্ৰীৱ হৈ পৰা এক শ্বাপদ আছিল৷বহু সংগ্ৰাম কৰিও মই নিজকে নিৰ্বস্ত্ৰ হোৱাৰ পৰা ৰক্ষা কৰাত বিফল হৈছিলো৷মোৰ দেহৰ শেষ কাপোৰটুকুৰা আজুৰি ফালি পেলায় সেই শ্বাপদটো মোৰ ওপৰত জপিয়াই পৰিছিল৷মোৰ শৰীৰৰ প্ৰতিটো কোমল অংগকে নিদাৰুণ ভাবে মুচৰি পেলাইছিল৷ মোৰ প্ৰতিটো যন্ত্ৰণাকাটৰ চিঞৰে কিশোৰক যেন অধিক নৃশংস কৰি তুলিছিল৷মোৰ যৌনাংগৰে কেঁচাতেজৰ ধাৰা বৈছিল,মই যন্ত্ৰণাত চিৎকাৰ কৰি উঠিছিলো,উচুপিছিলো,চিঞৰিছিলো আৰু ….”

                                      (২)

“ নাৰীৰ সন্মতি (consent) আৰু ইচ্ছা (desire)ৰ বিৰূদ্ধে স্থাপিত প্ৰতিটো যৌন সম্পৰ্কই ধৰ্ষণ৷ “ ইন্দ্ৰাণী মেম! কিন্তু সেই ব্যক্তিজন যদি ধৰ্ষিতাৰ পতি হ’য়?তেনেহ’লে কিয় সেই ব্যক্তিজনক অপৰাধী আখ্যা দিয়া নহয়“ ইন্দ্ৰাণী শৰ্মা ভট্টাচাৰ্য্য৷ আইন মহাবিদ্যালয়ৰ অধিবক্তা,প্ৰতিষ্ঠিত চৰকাৰী অধিবক্তা উৎপল ভট্টাচাৰ্য্যৰ অৰ্ধাংগিনী৷ দিগন্তৰ প্ৰশ্নটোৰ বাবে ইন্দ্ৰাণী হয়টো সাজু নাছিল৷ হয়টো ইন্দ্ৰাণীৰ ওচৰত এই প্ৰশ্নটোৰ কোনো সমাধানেই নাছিল৷ থকা হ’লে হয়টো ইন্দ্ৰাণী  য়ে এনেদৰে প্ৰতিদিনে সুখী হোৱাৰ অভিনয় কৰিব লগীয়া নহ’লহেঁতেন৷ পাঁচ বছৰৰ পূৰ্বৰ সেই বৰ্ষামুখৰ অভিশপ্ত নিশা যাৰ পিছত নব বিবাহিতা ইন্দ্ৰাণীৰ সদায়ৰ জীৱনে গতিপথ সলাইছিল৷সেইদিনা ইন্দ্ৰাণীৰ সামান্য জ্বৰ উঠিছিল৷সেইদিনটো উৎপলৰ বাবে বিশেষ আছিল৷সেইদিনা মেপল ৰিজৰ্টত নিজ প্ৰেমিকৰ হাতত ধৰ্ষিতা প্ৰিয়াক ন্যায়ৰ উপহাৰ দি ধৰ্ষণকাৰী কিশোৰক কাৰাগাৰলৈ নিক্ষেপ কৰাত সফল হৈছিল চৰকাৰী অধিবক্তা উৎপল ভট্টাচাৰ্য্য৷সাফল্যতাক সুৰাৰ পিয়লাৰে সৈতে উদযাপন কৰি ওভটোতে সেই দিনা উৎপলৰ পলম হৈছিল৷উৎপলৰ বাবে অপেক্ষা কৰি ইন্দ্ৰাণী কোনোবা এটা মূহূৰ্তত বিছনাত শুই পৰিছিল৷ ককালত এখন উমাল হাতৰ স্পৰ্শই ইন্দ্ৰাণীৰ তন্দ্ৰা ভাগিছিল আৰু সেইখন ইন্দ্ৰাণীৰ স্বামী উৎপলৰ হাত আছিল৷ তন্দ্ৰামগ্ন ইন্দ্ৰাণীয়ে আব্দাৰ কৰিছিল,”উৎপল৷প্লীজ আজি নালাগে৷মোৰ অবশ লাগিছে৷মোক শুবলৈ দিয়া৷“ “মোৰ অধিকাৰ সাব্যস্ত কৰাৰ পৰা মোক কোনেও বাধা দিব নোৱাৰে৷“ “এইয়া অধিকাৰৰ কথা নহয় উৎপল৷প্লীজ!…” ইন্দ্ৰাণীৰ কথা শেষ হোৱাৰ পূৰ্বেই উৎপলৰ হাতৰ এটা শক্তিশালী চৰে ইন্দ্ৰাণীক মুক কৰি পেলাইছিল৷ইন্দ্ৰাণীৰ দুচকুৰে বৈ আহিছিল তপ্ত অশ্ৰুধাৰা৷কিন্তু উৎপলৰ অধিকাৰৰ দম্ভৰ সন্মুখত হয়টো সেই চকুলোৰ কোনো মূল্যই নাছিল৷ইন্দ্ৰাণীয়ে পুনৰ কিবা কোৱাৰ আগেয়ে উৎপলে ইন্দ্ৰাণীৰ ভৰি দুখন জোৰকৈ মেলি ধৰি,মেখেলাখন উজাই,তাইৰ অৰ্ন্তবাস খুলি,সেই কোমল শৰীৰটোৰ ওপৰত জপিয়াই পৰি তাইৰ শৰীৰৰ কেঁচা মঙহবোৰ আজুৰি-আজুৰি খায় নিজৰ যৌনক্ষুধা পুৰাইছিল৷ হেঁপাহ পলুৱাই ইন্দ্ৰাণীৰ কুমাৰী শৰীৰটোৰ সোৱাদ লোৱাৰ পিছত উৎপল তাইৰ কাষৰ পৰা আতৰি গৈছিল৷তেজলগা মেখেলাখনৰ সৈতে বিচনাত পৰি ৰৈছিল ইন্দ্ৰাণীৰ উলংগ শৰীৰটো ঠিক এটা মৃতদেহৰ দৰে আৰু তেতিয়াৰ পৰা ইন্দ্ৰাণীয়ে আৰু উৎপলক বাধা দিয়া প্ৰয়াস কৰা নাই৷উৎপলে ইংগিত দিলেই মাত্ৰ এটা অলৰ-অচৰ মৰাশৰ দৰে বিচনাত শুই মেখেলাখন কোঁচাই ভৰি কেইটা মেলি দিয়ে৷

হয়টো ইন্দ্ৰাণীৰ ভাগ্য প্ৰিয়াৰ দৰে সুপ্ৰসন্ন নাছিল৷হয়টো আইন সকলোৰে বাবে সমান নহয় আৰু হয়টো ইন্দ্ৰাণী সদায়ৰ দৰে আজিও মুক হৈ ৰ’ব দিগন্তৰ প্ৰশ্নৰ প্ৰত্যুত্তৰত বিশ্বৰ বৃহত্তৰ গণতন্ত্ৰৰ ন্যায়পালিকাৰ দৰে৷

মন্দিৰ অৰ্থনীতি – The Temple Economy

আমাক মন্দিৰ নালাগে হস্পাতাল হে লাগে৷মন্দিৰ নিৰ্মাণৰ নামত ৰাজহুৱা ধনৰ শৰাধ কৰা লাভ নাই৷ মন্দিৰে কি দিয়ে? দেশৰ উন্নয়নত মন্দিৰৰ অৱদানেই বা কি?

NSSO (National Sample Survey Office) ৰ প্ৰতিবেদন অনুসৰি বিত্তীয় বৰ্ষ ২২-২৩ ত সৰ্বমুঠ ঘৰুৱা উৎপাদন (Gross Domestic Production চমুকৈ GDP) ৰ ২.৩২% অৰ্থা ৪০ বিলিয়ন কোটি টকাৰ আয় কেৱল মন্দিৰৰ পৰাই হ’য়৷ ৪০ বিলিয়ন কোটি অৰ্থাৎ ২২-২৩ বৰ্ষৰ ভাৰতৰ কেন্দ্ৰীয় বাজেটখনৰ সমান৷ চাকি,তেল,ধূপ,সেন্দুৰ,পূজাৰ সাজ,পূজাৰ সামগ্ৰী,পূজাৰ প্ৰসাদ ইত্যাদিৰ এখন প্ৰত্যক্ষ বৃহৎ বজাৰ৷পৰ্য্যটনকে আদি কৰি পৰোক্ষ বজাৰখনৰ কথা বাদেই দিলো৷

২২-২৩ বৰ্ষত মন্দিৰৰ পৰা সংগৃহীত চৰকাৰী ৰাজহ (revenue) ৰ পৰিমাণ আছিল প্ৰায় উনৈশ লাখ কোটি (১৯,৩৪,৭০৬ কোটি) টকা অৰ্থা স্বাস্থ্য খণ্ডৰ বিনিয়োগ বাজেট (৬ লাখ কোটি)ৰ প্ৰায় নগুণ আৰু শিক্ষা খণ্ডৰ বিনিয়োগ বাজেটৰ ১৯ গুণ (এক লাখ কোটি)৷ অৰ্থা কেৱল মন্দিৰৰ পৰা সংগৃহীত ৰাজহেৰে ভাৰতে ৬ বছৰৰ বাবে স্বাস্থ্যখণ্ড আৰু ১৯ বছৰৰ বাবে শিক্ষাখণ্ড চলাব পাৰিব আৰু প্ৰায় তিনিবছৰৰ বাবে স্বাস্থ্য আৰু শিক্ষাখণ্ড দুয়োটাই চলাব পাৰিব৷

হিন্দুৰৰ মন্দিৰৰ বাদে ভাৰতৰ অন্যান্য কোনো ধৰ্মীয় প্ৰতিষ্ঠান (মছজিদ,গীৰ্জাঘৰ আদিয়ে) চৰকাৰক ৰাজহ দিব নালাগে৷ গড় হিছাপত প্ৰতিবছৰে ভাৰতৰ প্ৰতিজন ব্যক্তিৰ নামত চৰকাৰে মন্দিৰৰ পৰা সংগৃহীত ৰাজহৰ পৰা ১৫০০০ টকা ব্যয় কৰে৷ সেই হাৰত চৰকাৰে প্ৰতিবছৰে ভাৰতৰ প্ৰতিজন মুছলমান নাগৰিকৰ বাবে মছজিৰৰ পৰা সংগৃহীত ৰাজহৰ ৭৫০০০ (মাহে প্ৰায় ৬৩০০ টকা) ব্যয় কৰে৷

মন্দিৰ বিৰোধীয়ে কেৱল হস্পাতাল-বিশ্ববিদ্যালয়ৰ কথা কয় কিন্তু প্ৰকৃতাৰ্থৎ চৰকাৰী নিৰ্মাণ (হস্পাতাল,শিক্ষানুষ্ঠান,কাৰ্য্যলয়),যাতায়ত আৰু পৰিবহণ (ৰাস্তা,ৰেল লাইন,দলং,এয়াৰপোৰ্ট),প্ৰতিৰক্ষা,খাদ্য আৰু অসামৰিক যোগান (দুটকীয়া চাউল) চৰকাৰী কৰ্মচাৰীৰ দৰমহা আৰু হিতধিকাৰী আচনি (অৰুণোদয়),ৰাজসাহাৰ্য্য (সুলভ মূল্যৰ হজযাত্ৰা) সকলোতে মন্দিৰৰ সংগৃহীত ৰাজহৰ এখন এখন নোট ব্যৱহাৰ হ’য়৷

তৎসত্বেও কিন্তু আমি আজিলৈকে কোৱা নাই সনাতনী ভক্তই দান কৰা মন্দিৰ পুজি সংগৃহীত ৰাজহৰ ভাগ আমি অহিন্দু আৰু নাস্তিকক নিদিও৷এয়াই সনাতনীৰ উদাৰতা কাৰণ আমি বিশ্বাস কৰো যে বসুদেৱ কুটুম্বকম ( সমগ্ৰ বিশ্বখনেই আমাৰ পৰিয়াল),নৰই নাৰায়ণ আৰু যত জীৱ তত শিৱ৷

বাবৰ ভক্তৰ নতুন ষ্ট্ৰেটেজী-দ্য আহোম কাৰ্ড

ইতিহাসৰ বিকৃতকৰণ গ্ৰহণযোগ্য নহ’য়৷ সামাজিক মাধ্যমত বাবৰ ভক্তৰ নতুন ষ্টেট্ৰেজী -দ্য আহোম কাৰ্ড৷ আমি সোতৰবাৰকৈ মোগলক হৰুৱাইছো৷ আমি নোহোৱা হ’লে ৰামসিংহই অসমৰ সকলো হিন্দুকে লু্ঙী-টুপী পিন্ধালেহেঁতেন৷সেয়ে আমি থলগিৰি৷আমি খিলঞ্জীয়া৷আমি লাচিতৰ নাতি-পুতি৷উত্তৰ ভাৰতৰ দেচুৱালীৰ ৰাম আমাৰ ভগৱান নহ’য়৷আমি কাকো খাটিৰ নকৰো৷

এতিয়া অকথ্য ইতিহাস সেইসকলক লক্ষ্য কৰি ক’ম মানে উপৰোক্ত ননচেঞ্চ যুক্তিবোৰে ক’বলৈ বাধ্য কৰালে সেয়ে আশা কৰো সকলোৱে গাত পাতি নল’ব৷আমি কেৱল লিখিত ইতিহাসৰ ভিত্তিত ঐতিহাস্যিক তথ্য দাঙি ধৰিম৷আপত্তি থাকিলে সংশ্লিষ্ট ইতিহাসবিদৰ সতে তৰ্ক কৰিব কাৰণ চকু মুদা কুলীৰ সৈতে কমেন্ট বক্সত পোহাৰি চুপতি মৰা মোৰ দ্বায়িত্ব আৰু কৰ্তব্য কোনোটোৱেই নহয়৷

আমাৰ অমুক আমাৰ তমুক!কি আছে হে আপোনালোকৰ?১২২৮ (৭৯৬ বছৰ পূৰ্বে) খ্ৰীষ্টাব্দত পাটকাইৰ সিপাৰৰ পৰা চুকাফা আহিছিল আমাৰ প্ৰাগজ্যোতিষপুৰ/কামৰূপৰ পূৱ অংশলৈ৷লগত কোনো মহিলা নাছিল৷সেয়ে দ্বিতীয় প্ৰজন্মৰ পৰাই প্ৰতিজনেই বৰ্ণশংকৰ৷বুজিবৰ সুবিধাৰ বাবে ৰিজনি এটা দিলো এই যে বৰ্ণশংকৰ খচ্ছৰ সি ঘোৰাও নহ’য় গাধও নহয় নিজস্বতাহীন,স্বকীয়তাহীন মানে পুনৰ সহজ ভাষাৰে ক’বলৈ গ’ল না ঘৰ কা না ঘাট কা – ধুবী কা কুত্তা৷ সেয়ে স্বকীয়তাহীন৷অমুক,তমুক একোৰে অধিকাৰ নাথাকে বৰ্ণশংকৰৰ৷খচ্ছৰৰ দৰে৷এতিয়া আকৌ মই আপোনালোকক খচ্চৰ বা ধুবীৰ কুত্তা বুলিলো বুলি নক’ব ৰিজনি হে দিছিলো৷

আপোনালোকৰ মাতৃভাষাটো কামৰূপী লিপি আমাৰ পূৰ্বজৰ৷লাগিলে হিউৱেন চাংৰ টোকা পঢ়ি চাব৷আপোনালোকৰ অধিকাংশই ধৰ্মান্তৰিত হিন্দু বা বৌদ্ধ৷সেয়ে পূৰ্বজৰ ধৰ্ম ধৰি ৰখা সকলৰ বিনে বাকীসকলৰ ধৰ্মীয় পৰিচয়ো স্বকীয় নহ’য়৷

সংস্কৃতি বাৰেৰহণীয়া৷সেয়ে না আপোনাৰ না মোৰ৷সকলোৰে৷সেয়ে প্ৰথম কথা আমাৰ অমুক-আমাৰ তমুক বোলা বাদ দিয়ক নহ’লে আপোনালোক উলংগ হ’ব লাগিব৷কাৰণ ধূতিখন হিন্দুৰ,পায়জামটো মুছলমানৰ আৰু পটলুংটো ব্ৰিটিছৰ৷

৮০০ বছৰো হোৱা নাই৷ইমান সহজ নে খিলঞ্জীয়া হোৱা৷পৃথুৰ দিনৰ অসমীয়া মুছলমানৰ ইতিহাসো আপোনালোকত কৈ পুৰণি৷খুজি কিল খায় কিয় হে?

আপোনালোকে অসমৰ সৰ্বহিন্দুক বচালে লুঙী-টুপী পিন্ধাৰ পৰাৰ৷অলপ বেছি হ’ল নেকি৷আপোনালোকৰ ৰাজ্যটো সমগ্ৰ অসমতে নাছিল৷গুৱাহাটীটো পাৰ হ’বই নোৱাৰিলে৷জয়-পৰাজয়ৰ মাজে-মাজে শদিয়াৰ পৰা শৰাইঘাট যদিও স্থায়ীকৈ আপোনালোকৰ ৰাজ্যৰ সীমা আছিল চৰাইদেউৰ পৰা গোলাঘাটৰ নেঘেৰীটিং মানে কেবল অবিভক্ত শিৱসাগৰ জিলা৷গুৱাহাটীৰ সিপাৰৰ হিন্দুৱে লুঙী-টুপী পিন্ধিলে নেকি?কোঁচবিহাৰত একা?মহাৰাষ্ট্ৰ,ৰাজস্থান,দক্ষিণাত্যৰ পৰাও মোগলক দৌৰাই-দৌৰাই খেদোৱা হৈছিল৷নাদৰ ভেকুলী নহ’ব৷অধ্যয়ন কৰক৷সাগৰৰ পৰিধি বৰ বিশাল৷

এতিয়া আহো ৰাজবংশৰ প্ৰসংগলৈ৷বাইলুং-চাউদাং কিয় বৰগোঁহাই হ’ব নোৱাৰে?গগৈ কিয় ৰজা হ’ব নোৱাৰে? ৰজাৰ গাচোৱা লিগিৰৰ গৰ্ভত জন্মা সন্তানবোৰ গগৈ আছিল সেই বাবে নহ’য় জানো?জাঙুৰ খাই নাহিব৷খালেও খাওক৷”আহোমৰ দিন” গ্ৰন্থত হিতেশ্বৰ বৰবৰুৱাই হে লিখিছে৷মোৰ কি আহে-যায়৷বৰবৰুৱাৰ কথাক মিছা বুলিবলৈ মইনো কোন?যদি সকলো ৰজাই হ’লহেঁতেন কিদৰে আজি পালেহেঁতেন শোষিতৰ মোহৰ মৰা OBC ৰ প্ৰমাণপত্ৰ৷

সোতৰ বাৰ হৰুৱালো৷অকলে ক্ৰেডিট নল’ব বেয়া কথা৷শৰাইঘাটৰ সেনাপতি লাচিত আহোম নে চুতীয়া?দাবী কিন্তু চুতীয়ায়ো কৰে৷মই ব্যক্তিগত মতামত নিদিও নহ’লে যুঁজাই ৰং চাইছো বুলিহে ক’ব৷লাচিতৰ নৌ সেনাৰ অধিকাংশ কৈৱৰ্ত৷কৈৱৰ্ত্য- শৰাইঘাটৰ ৰণৰ চালিকা শক্তি৷অকলে ক্ৰেডিট এইবাবেই নাখাব কাৰণ তেতিয়া অকলে ব্লেমো খাব লাগিব৷এটা-দুটা নহ’য় দেধাৰ ব্লেম৷মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱক কোনে খেদালে?পৰ্বতীয়া গোঁসাইৰ ভক্তিত অন্ধ হৈ মোৱামৰীয়াক কোনে বলিৰ তেজেৰে ফোট দিলে?হেৰেমলৈ কোনে জীয়েকক পঠাই চুক্তি কৰিলে?মানক কোনে আনিলে?ৱেলচক একা?সেয়ে কৈছো৷আপোনপেটীয়া নহ’ব৷নহ’লে মই নতুনকৈ চকৰীফেঁটী লিখিলে ভৰি দিবলৈ ঠাই নোহোৱা হ’ব৷মুখ উলিয়াব নোৱাৰিব৷বুজিলে আৰু ৰামসিংহৰ নামত সাধাৰণীকৰণ নকৰিব কাৰণ আমি মংগোলীয় বাবৰ,চেংগীজ খান আৰু চুকাফাক সাধাৰণীকৰণ কৰা নাই৷লাচিত আৰু লালুকসোলা আৰু বদনকো নকৰো৷

সোতৰ বাৰ আপোনালোক জিকা নাই আমি সমস্ত অসমীয়া জিকিলো৷এবাৰ হাৰিলোও৷হাৰি গোলাম হ’লো৷ৰাজকুমাৰীক হেৰেমত পঠিয়াই কৰতলীয়া হ’লো৷পুনৰ জিকিলো৷স্বতন্ত্ৰ হ’লো৷পুনৰ মান আহিল৷মানে আকৌ ব্ৰিটিছক বিক্ৰী কৰিলে৷৪৭ ত স্বাধীন হ’লো৷আশা কৰো এই স্বাধীনতা চিৰস্থায়ী হওঁক৷জয়-পৰাজয় আপেক্ষিক৷ক্ষণিক জয়-পৰাজয়ৰ মাজেৰেইটো মানৱ ইতিহাস৷পৰিবৰ্তনৰ বাহিৰে একোৱেই স্থায়ী নহ’য়৷দুখ দিলে ক্ষমিব৷সত্য সদায় কটু৷এইয়া সত্য ইতিহাস যাক বিকৃত কৰাৰ মোৰ কোনো ধৃষ্টতা নাই৷

নুৰাজাহাজ খনৰ কথাৰে



নুৰাজাহাজ খনক এপলক কাষৰ পৰা চাবলৈ তেওঁলোকে ভিৰ কৰিব পাৰে ৷ তেওঁলোকক ট্ৰ’ল কৰিবলৈ আপুনি কোন হে ? উত্তৰ আধুনিকতা আজিও তেওঁলোকৰ বাবে এক পৰীৰ দেশৰ সাধুকথা ৷ বানে বিধ্বস্ত কৰা অসমৰ দুই সহস্ৰাধিক গাঁৱ আজিও বঞ্চিত বিজুলীবাতিৰ পোহৰৰ পৰা৷ তেওঁলোকে নাজানে ইন্টাৰনেট মানেনো কি, মাৰ্ক জুকাৰবাৰ্গ কোন তেওঁলোকে চিনি নাপায় , তেওঁলোকে শুনা নাই বিথোভেনৰ ভায়লিনৰ ঝংকাৰ, তেওঁলোকে চোৱা নাই ৰণবীৰৰ এনিমেল আৰু তেওঁলোকে আপোনালোকৰ দৰে উন্মত্ত হৈ নচা নাই ডিজেৰ বিকট স্বৰত ৷



সেয়ে তেওঁলোকে ভিৰ কৰিব পাৰে ৰাস্তাত এপলক নুৰা জাহাজখনক কাষৰ পৰা চাবলৈ, তেওঁলোক আহিব পাৰে আপোনাৰ চহৰলৈ আপোনালোকৰ ওখ-ওখ অট্ৰালিকাবোৰক হেঁপাহ পলুৱাই চাবলৈ য’ত নিহিত হৈ আছে তেওঁলোকৰ তেজ,শ্ৰম আৰু ঘাম৷দৌৰিব পাৰে তেওঁলোকৰ সন্তানসকল আপোনাৰ বিলাসী বাহন খনৰ পিছে-পিছে, গাঁৱৰ ধূলিয়ৰি বাটেৰে ধূলি উৰুৱাই , কিৰিলী পাৰি৷



আপোনালোকোটো যায় কংক্ৰীটৰ নগৰী এৰি সেউজীয়াৰ ক্ষণিক সান্নিধ্য বিছাৰি তেওঁলোকৰ গাঁৱবোৰলৈ ৷ আপোনালোকেও চোন তেতিয়া ৰ লাগি চাই সেই মনোমহা প্ৰকৃতিক, আপোনালোকেও চোন তেতিয়া প্ৰাণ ভৰি লয় গাঁৱৰ কেঁচা মাটিৰ গোন্ধ, আপোনালোকৰ সন্তানসকলেও চোন তেতিয়া জিদ কৰে চৈ দিয়া গৰুগাড়ীখনৰ পিছে-পিছে দৌৰিবলৈ৷ কিয় তেওঁলোকেটো ট্ৰল নকৰে যেতিয়া কোনো অভিজাত চহৰীয়া পৰিয়ালৰ কণমাণি সন্তানে জীৱনত প্ৰথমবাৰ কপিকুলৰ দৰ্শন কৰি উৎসাহত চিঞৰি উঠে,” পাপা,মাম্মা৷ লুক, লুক, চোৱা , চোৱা সেইটো মংকী৷”



আপোনালোকে তেওঁলোকক ট্ৰ’ল কৰে কাৰণ তেওঁলোক দুখীয়া আৰু আপোনালোক ধনী আৰু তেওঁলোকে আপোনালোকক এইবাবেই ট্ৰ’ল নকৰে কাৰণ তেওঁলোক নগৰসজা শিল্পী আৰু আপোনালোক, আপোনালোক বনভোজৰ নামত গাঁবৰ প্ৰাকৃতিক পৰিবেশক দুষিত কৰা বিবেকহীন মানৱ৷



এইয়া কেবল অসমৰে সাধুকথা নহ’য়৷ এইয়া সমগ্ৰ ভাৰতৰ সাধুকথা৷ ভাৰত এখন কিন্তু এখন হৈয়ো বাস্তৱত দুখন – India for Somebody and India for Nobody.

ভালপোৱাৰ গল্প

অন্তৰৰ অনুৰাগত কোনো অংক নাথাকে৷ মনৰ বাসনাই কোনো গ্ৰামাৰ নামানে ৷ সম্ভাৱনীয়তাৰ প্ৰতিটো সাম্ভাব্য সম্ভাৱনাকো মিথ্যা প্ৰমাণ কৰি হৃদয়ৰ তাগিদাই মন সমুদ্ৰত ইচ্ছাৰূপী ঢৌৰ জোৱাৰ আনে, বাস্তৱ আৰু বিবেক নিয়ন্ত্ৰিত মধ্যাকৰ্ষণিক বলৰ আকৰ্ষণৰ বিপৰীতে আকাশৰ দিশত ৰামধেনুৰ দেশলৈ ৷

সেয়ে ষ্ট্ৰেইট চুলিৰ অধিকাৰিণী শ্ৰদ্ধা,দিপীকা আৰু পূজাৰ বন্দনাৰে মুখৰিত এই কংক্ৰীটৰ মহানগৰীৰ নিয়ন লাইটৰ পোহৰেৰে উদ্ভাষিত দীঘলী পুখুৰীৰ কোনো এটা কোণত ছটকীয়া ফ্লেকৰ কপাহী ফিল্টাৰত অন্তিমটো টান মাৰোতে আপোনাৰ অজানিতেই আপুনি হয়টো ভাল পায় পেলাব পাৰে নাতিদুৰৈৰ এম এম স্পাইৰেল পটেট ষ্টোৰত বান্ধবীৰ সৈতে ফুটপাথৰ কোৰিয়ান কুজিনচৰ সোৱাদ লৈ থকা কেঁকোৰা চুলিৰে,হাঁহিলে গালত ডিম্পল পৰা,বেৰীয়া গজা দাঁতৰ মৰমলগা গাভৰুজনীক৷

থাকিব পাৰে, আপোনাৰ আজি পচিশ টকীয়া ৰজনী খোৱাৰ ঔকাদ ! কিন্তু আপোনাৰ বেকাৰ বন্ধুহঁতৰ আড্ডাত জীপাল শৰ্মাদাৰ দোকানৰ প্ৰতিটো সন্ধিয়াত আপুনি আজিও পিছে আগৰ দৰে সিহঁতৰ সৈতে দহটকীয়া কমলা পছন্দহে চোবাই৷

মহানগৰীৰ সম্ভ্ৰান্ত গলিৰ এক অভিজাত নাইট ক্লাব ৷ চকুত চাৎ মাৰি ধৰা মনোমহা আলোকসজ্জা, কাণৰ পৰ্দাত উচ্চ প্ৰাবল্যৰ ডিজে আৰু সন্মুখৰ দামী মেহগনি কাঠৰ টেবুলত ৰঙীণ পিয়লাত পৰিবেশিত বিলাসী ছিংগল মোল্ট ৷ আজি ভিৰৰ মাজতো সম্ভৱত মই অকলশৰীয়া৷ সকলো থাকিও কিয় হৃদয়ত এই উৰুঙা-উৰুঙা ভাবৰ আবেশ৷ কি হেৰুবালো বাৰু মই ! হোষ্টেলৰ টেৰেছত মুকলি আকাশৰ তৰা গণি-গণি অশ্লীলতাৰ ৰসেৰে জীপাল আড্ডাত বিভোৰ হৈ সস্তীয়া কিংফিচাৰ বটলত চুমুক মৰা সেই সেইদিনবোৰলৈ মাজে-মাজে বৰকৈ মনত পৰে ৷ আজি চীয়েৰ্চ বুলি ক’বলৈকো কাষৰতে কোনো যে নাই!

মিৰ্জাপুৰ চাই ভাল নালাগে,ভাল নালাগে ৰণবীৰ কাপুৰৰ এনিমেল, বিশ্বাস কৰক ক’লা-বগা পৰ্দাৰ বাইচাইকেল থীভচ মোৰ আজিও প্ৰিয়৷ যেতিয়াই কাণত বাজি উঠে এন্টনিঅ’ ৰিচ্চিৰ সেই বিশেষ সংলাপ, এপিনেফ্ৰিন মিহলি ৰক্তধাৰাই প্ৰতিবাৰেই মোৰ মন-মস্তিস্কক আকৌ এবাৰ জোকাৰি যায়, ঠিক প্ৰথমবাৰৰ দৰেই৷ “There’s a cure for everything except death.”

জগতগুৰু আদি শংকৰাচাৰ্য্য বনাম শ্ৰীমন্ত শংকৰদেৱঃ প্ৰকৃত জগতগুৰু আদি শংকৰাচাৰ্য্য

আদি শংকৰাচাৰ্য্যই সমস্ত বেদৰ সাৰ মন্থন কৰি অদ্বৈত দৰ্শনৰ প্ৰতিষ্ঠা কৰিছিল৷ ব্ৰহ্মসূত্ৰভাষ্যৰ স্ৰজন কৰিছিল৷ দশ মুখ্য উপনিষদ (বৃহদাৰাণ্যক উপনিষদ,চন্দ্ৰোজ্ঞ উপনিষদ,ঐতেৰীয় উপনিষদ,তৈত্ৰীয়া উপনিষদ,কানা উপনিষদ,ঈষা উপনিষদ,কথা উপনিষদ,প্ৰসন্ন উপনিষদ,মণ্ডুক্য উপনিষদ,গৰুড়াপাদ উপনিষদ)আৰু শ্ৰীমদ্ভাগৱতগীতাৰ সাৰ মন্থন কৰি ধৰ্ম প্ৰতিপাদ্য মৌলিক ভাষ্য প্ৰস্তুত কৰিছিল৷ যোগসূত্ৰ আৰু অপস্তম্ভ ধৰ্মসূত্ৰৰ কেন্দ্ৰ কৰি বিশ্লেষণাত্মক টোকা প্ৰস্তুত কৰিছিল৷ শিৱ আনন্দ লহৰী,ব্ৰহ্ম সংগীত,কৃষ্ণ অষ্টক, বিষ্ণু শতপদি, দশ শ্লোকী, কৰ্পাটা পঞ্জাৰিকা, দক্ষিণামূৰ্ত্তি স্ত্ৰোতম আৰু ভজগোবিন্দ স্ত্ৰোতম ৰচনা কৰিছিল৷ উপদেশসহস্ৰিৰ সৃজন কৰিছিল৷ ত্ৰিশতাধিক গ্ৰন্থৰ সৃষ্টি কৰিছিল৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ প্ৰায় ২৫০০ বছৰৰ পূৰ্বেই আদি শংকৰাচাৰ্য্যই কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সৰ্বমুঠ চাৰিবাৰ পদব্ৰেজ যাত্ৰা কৰি সমগ্ৰ ভাৰতবৰ্ষৰ সৰ্বমঠৰ মঠাধীশসকলক শাস্ত্ৰাৰ্থত পৰাস্ত কৰি অদ্বৈত বেদান্ত দৰ্শনৰ প্ৰতিষ্ঠা কৰিছিল৷ মীমাংসা দৰ্শনৰ কুমাৰিল ভট্ৰ,ভক্ত মঠৰ মন্দন মিশ্ৰ,বৈষ্ণৱ,সৌৰ,শাক্ত,গাণপত্য,অঘৌৰ,পশুপতি,জৈন আদি সমস্ত পৰম্পৰাৰ মূখ্য গুৰু তথা মঠাধীশসকলে সনাতনৰ আধ্যাত্মিক সিংহ শংকৰাচাৰ্য্যৰ শৰণ লৈ তেওঁক সনাতনৰ সাৰ্বভৌম জগতগুৰুৰ স্বীকৃতি দিছিল৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নাম ধৰ্মৰ আধাৰেই হ’ল আদি শংকৰাচাৰ্য্যৰ অদ্বৈত বেদান্ত৷ শংকৰাচাৰ্য্যৰ দাৰ্শনিক বিশ্লেষণৰ ছাঁ লৈ শংকৰদেৱে তেওঁৰ আধ্যাত্মিক দৰ্শনক প্ৰতিষ্ঠা কৰিছিল আৰু “শংকৰ আচাৰ্য্য ভুজংগ প্ৰয়াত” (According to Guru Adi Shankara) বুলি স্বয়ং শংকৰদেৱ গুৰুজনাই এই সত্যক স্বীকৃতি প্ৰদান কৰিছে৷ মহাপুৰুষ শংকৰদেৱ অসমীয়া জাতিৰ প্ৰাণ,আবেগিক দৃষ্টিকোণেৰে তেৰা জগতগুৰু কিন্তু যৌক্তিক দৃষ্টিৰে শংকৰদেৱ জগতগুৰু হ’বই নোৱাৰে৷ কাৰণ শংকৰদেৱৰ দৰ্শন মৌলিক নহয় বৰঞ্চ আদি শংকৰাচাৰ্য্যৰ পৰা ধাৰ কৰা। সৰ্বামঠাধীশে শংকৰদেৱৰ শ্ৰীচৰণত শৰণ লোৱা নাই আদি শংকৰাচাৰ্য্যৰ শ্ৰীচৰণতহে শৰণ লৈছিল৷ খোদ শংকৰদেৱেই আদি শংকৰাচাৰ্য্যক তেওঁৰ গুৰু বুলি স্বীকৃতি দিছে৷ সেয়ে আদি শংকৰাচাৰ্য্য শংকৰদেৱৰো গুৰু৷ সাৰ্বভৌম জগতগুৰু৷ সেয়ে শ্ৰীমন্ত শংকৰদেৱক জগতগুৰু আখ্যা দি আদি শংকৰাচাৰ্য্য,শংকৰদেৱ আৰু সনাতনী আস্থাক অপমান নকৰিব৷

হৰ হৰ শংকৰ৷
জয় জয় শংকৰ৷
ভাগৱদ পদ শংকৰ৷

শ্ৰী শংকৰাচাৰ্য্য চৰণম প্ৰপাদ্যে৷