আপুনি বাৰু ভৌতিক উপন্যাস পঢ়ি ভাল পায় নেকি?যদি আপুনি ভৌতিক উপন্যাসৰ এজন আগ্ৰহী পাঠক তেনেহ’লে নিশ্চয় ব্ৰাম ষ্টকাৰৰ ড্ৰেকুলা উপন্যাসখন এবাৰ হ’লেওঁ পঢ়িছে অথবা টেলিভিছনৰ ৰূপালী পৰ্দাত এক বৰ্ষাসিক্ত সন্ধ্যাত বিস্ফোৰিত আৰু ভয়াৰ্ত নেত্ৰৰে উপভোগ কৰিছে ৰক্তপিপাসু ড্ৰেকুলাৰ বিভীষিকা৷যদি চোৱা নাই অন্তত এবাৰ চাব৷সেইবুলি কিন্তু ৰাতি টোপনি নাহিলে অথবা টোপনিতে কোনোবাই কম্বলখন টানি দিয়া যেন লাগিলে এই অভাজনক শাওপাত নিদিব৷Read or watch at your own risk.কল্পকাহিনী অনুসৰি ড্ৰেকুলা জীৱান্মৃত(জীৱন্তও নহয় কিন্তু মৃতও নহয়৷)আজি মই আপোনালোকক কল্পকথাৰ নহয় বৰঞ্চ বাস্তৱ জগতৰ অন্য এক ড্ৰেকুলাৰ সৈতে পৰিচয় কৰাই দিম৷ভয় নাখাব এই ড্ৰেকুলা আপোনাৰ আৰু মোৰ উভয়ৰে পৰিচিত৷আমি উভয়ে এই ড্ৰেকুলাৰ হাতত কেইবাবাৰো সংক্ৰমিত হৈছো আৰু পৰাভূতও কৰিছো৷আহক আপোনক পৰিচয় কৰি দিওঁ আণুবীক্ষণিক জগতৰ ড্ৰেকুলাৰ সৈতে৷হয় আপুনি ঠিকেই ধৰিছে সেয়া আন কোনো নহয় ভাইৰাছেই হ’ল বাস্তৱ পৃথিৱী আৰু আণুবীক্ষণিক জগতৰ ড্ৰেকুলা৷
1892 চনত DJ Ivanowsky য়ে পোনপ্ৰথমবাৰৰ বাবে ভাইৰাছৰ অৱস্থিতি সম্পৰ্কে মন্তব্য কৰে৷তেওঁ গৱেষণাৰ পৰা নিশ্চিত হয় যে ধপাত গছত হোৱা মজেইক ৰোগৰ বাবে বেক্টেৰিয়াতকৈও ক্ষুদ্ৰ আন এক বীজাণুহে জগৰীয়া৷ই বেক্টেৰিয়াতকৈ বহুগুণে সৰু কিয়নো ই সহজেই বেক্টেৰিয়াৰোধক ফিল্টাৰৰ মাজেৰে পাৰ হৈ যাব পাৰে৷1898 চনত MW Beijerinek নামৰ আন এজন বিজ্ঞানীয়ে এই বীজাণুবিধক Contagium vivum fluidum( infectious living fluid) হিছাপে চিহ্নিত কৰে আৰু 1935 চনত WM Stanely য়ে পোনপ্ৰথমবাৰৰ বাবে Tobacco Mosaic Virus ৰ স্ফটিকীকৰণ(ইংৰাজীত crystalization প্ৰকৃত অসমীয়া প্ৰতিশব্দতো বিচাৰি পোৱা নাই) কৰে৷চমুকৈ এয়াই ভাইৰাছৰ ইতিহাস৷
প্ৰথমেই কৈছো ভাইৰাছ ড্ৰেকুলাৰ দৰেই জীৱান্মৃত৷জীৱওঁ নহয় কিন্তু জড়ও নহয়৷এইবাবেই জীৱ নহয় কাৰণ জীৱ হোৱাৰ প্ৰাথমিক চৰ্তই হ’ল জীৱৰ শৰীৰ কোষেৰে(cell) গঠিত৷কিন্তু ভাইৰাছ কোষবিহীন(acellular)৷অথচ ভাইৰাছক একেষাৰেই মৃত অথবা জড় বুলিও ক’ব নোৱাৰি কিয়নো এবাৰ কোনো জীৱৰ(Host) শৰীৰৰ ভিতৰত প্ৰবেশ কৰাৰ অন্তত ভাইৰাছে সংখ্যাবৃদ্ধি বা প্ৰজনন (replication) কৰে৷যি শিল অথবা অন্য জড় পদাৰ্থ বা এক মৃতদেহৰ ক্ষেত্ৰত সম্ভৱ নহয়৷সেয়ে পুনৰ কৈছো ভাইৰাছ জীৱান্মৃত৷বহুতেই কোৱাৰ দৰেই Isolation বা Lockdown ৰ ফলত Corona Virus ৰ মৃত্যু নহয়৷মাত্ৰ neutralised বা inactive হে হ’ব৷মনত ৰাখিব virus মৃত্যুহীন ই মাত্ৰ active অথবা inactive হয়৷
আগেয়ে কোৱাৰ দৰেই ভাইৰাছ কোষবিহীন৷মূখ্যত ভাইৰাছৰ শৰীৰ দুটা ভাগত বিভক্ত-
১/কেপচিড-কেপচিড হ’ল ভাইৰাছৰ জেনেটিক মেটেৰিয়েল(DNA বা RNA)ক আবৰি ৰখা Capsomere নামৰ অসংখ্য ক্ষুদ্ৰাতিক্ষুদ্ৰ subunit(সঠিক অসমীয়া প্ৰতিশব্দতো বিচাৰি পোৱা নাই)ৰে গঠিত এটা প্ৰটিন কোট৷
২/নিউক্লিয়ইড-এয়া ভাইৰাছৰ জেনেটিক মেটেৰিয়ল অৰ্থাৎ বংশগতিৰ বাহক যি ভাইৰাছৰ প্ৰজনন আৰু স্বকীয়তা ৰক্ষাত মূখ্য ভূমিকা পালন কৰে৷সহজ ভাষাত ক’বলৈ গ’লে এয়া হ’ল ভাইৰাছৰ DNA বা RNA৷যিবিলাক ভাইৰাছৰ জেনেটিক মেটেৰিয়ল DNA সেইবোৰক DNA ভাইৰাছ আৰু যিবিলাক ভাইৰাছৰ জেনেটিক মেটেৰিয়ল RNA সেইবিলাকক RNA ভাইৰাছ আখ্যা দিয়া হ’য়৷এবিধ বিশেষ ভাইৰাছত হয় DNA অথবা RNA থাকে৷কিন্তু DNA আৰু RNA য়ে কেতিয়াও সহৱস্থান নকৰে৷
ভাইৰাছ প্ৰাকৃতিকভাবেই ৰোগৰ বাহক৷উদ্ভিদৰ শৰীৰত সংক্ৰামন কৰা ভাইৰাছক Phytophagineae,প্ৰাণীৰ শৰীৰত সংক্ৰমণ কৰা ভাইৰাছক Zoophagineae আৰু বেক্টেৰিয়াৰ শৰীৰত সংক্ৰামন কৰা ভাইৰাছক Bacteriophage আখ্যা দিয়া হয়৷পানীলগা জ্বৰ,বৰআই,পিঠাখোৱা,এইডচ,পলিঅ’ আদি হৈছে ভাইৰাছৰ দ্বাৰা মানৱ শৰীৰত সৃষ্টি হোৱা কিছুমান বহুলচৰ্চিত ৰোগ৷দুখৰ বিষয় ভাইৰাছ সৃষ্ট ৰোগক নিৰ্মূল কৰিবলৈ আজিলৈকে কোনো পূৰ্ণকাৰ্য্যক্ষম ঔষধৰ উদ্ভাৱন হোৱা নাই৷সেয়ে ভাইৰাছ বিৰোধী সমুখসমৰত আমাৰ হাতত মাত্ৰ দুটা বিকল্পই আছে প্ৰতিষেধক অথবা কঠোৰ কোৱাৰেন্টাইন ব্যৱস্থা(যেনে isolation,lockdown ইত্যাদি)৷অৱশ্যে প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে-লগে কোনো-কোনো ক্ষেত্ৰত ভাইৰাছৰ সৎপ্ৰয়োগো হৈছে৷কেঞ্চাৰ সৃষ্টিকাৰী কোষক ধ্বংস কৰিবলৈ বিশেষ শ্ৰেণীৰ ভাইৰাছৰ সীমিত প্ৰয়োগ কৰা হৈছে৷বেক্টেৰিয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে Bacteriophage ভাইৰাছৰ৷ আমি আশাবাদী প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগেলগে মানৱকল্যাণত ভাইৰাছে এক উল্লখনীয় ভূমিকা ল’ব৷
আজিৰ আণুবীক্ষণিক ড্ৰেকুলাৰ কাহিনীটো ইমানতে সামৰিলো৷এতিয়া COVID-19 ৰ বতৰ৷প্ৰথমেই কৈছো ভাইৰাছৰ বিৰূদ্ধে কোনো পূৰ্ণকাৰ্য্যক্ষম ঔষধ নাই৷তাকো SARS-CoV-20 ৰ প্ৰতিষেধকো নাই৷সেয়ে Lockdown ৰ বাহিৰে আমাৰ হাতত আন বিকল্পও নাই৷কিয়নো জনসমাগমলৈ ওলাই গ’লে আপুনি বা আপোনাৰ প্ৰিয়জনো সংক্ৰমিত হ’ব পাৰে মানৱৰক্ত পিপাসু এই ড্ৰেকুলাৰ হাতত৷সেয়ে ঘৰতে থাকক৷সুৰক্ষিত থাকক৷
#StandwithLockdown
#StaysafeatHome
ইমানপৰে মোৰ এই সত্য আৰু অৰ্দ্ধভৌতিক কাহিনী পঢ়াৰ বাবে আপোনাক ধন্যবাদ৷Goodmornig and Have a nice day.
(Fell free to share)


