আপুনি বাৰু কেতিয়াবা জোকৰ প্ৰেমত পৰিছে নেকি? জোক বুলি ক’বলৈহে পালো আপুনি চোন উচপ খায় উঠিল৷শৈশৱৰ ডুখৰীয়া স্মৃতি৷গ্ৰীস্মকালৰ কালৰ এটা বৰ্ষাসিক্ত আবেলি৷পথাৰৰ মাজে-মাজে আপুনি দৌৰি ফুৰিছে৷হঠাৎ আপোনাৰ কন্ঠত এক আস্ফুত আৰ্তনাদ আৰু তেজবিৰিঙা কলাফুলত এডাল লিকলিকাই থকা ক’লা জোক৷মুঠতে এটা আতংকৰ সৃষ্টিকাৰী আৰু ঘিণলগা জীৱ৷তাৰ লগত প্ৰেম!আপুনি চাগৈ ভাবিছে লক ডাউনে মোক পগলা কৰিলে৷কিন্তু বিশ্বাস কৰক মোৰ এই কাহিনী শুনাৰ পিছত আপুনিও জোকৰ প্ৰেমত পৰিব৷আপোনাৰ crush ৰ তালিকাৰ প্ৰতিজনকে overtake কৰি শীৰ্ষস্থান দখল কৰিবলৈ আহি আছে এডাল ক’লা ঘিণলগা আৰু লিকলিকাই থকা জোক৷তেন্তে পলম নকৰি আৰম্ভ কৰো আজিৰ কাহিনী জোক-মোৰ প্ৰেমিকাৰ নাম৷
আপোনাৰ অৱচেতন মনত বাৰু কেতিয়াবা এই চিন্তাই ক্ৰিয়া কৰিছে নেকি জোকে খোৱা অংশৰ পৰা কিয় বহুপৰলৈকে তেজ বিৰিঙি থাকে?কিয় সেই অংশত সহজে কৰাল(coagulation) নামাৰে৷ গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি জোকৰ লালতিত হিৰুদিন(Hirudin) নামৰ এবিধ প্ৰটিন থাকে৷যি ক্ষতস্থানৰ তেজ গোট মৰাত বাধা দিয়ে ফলত জোকৰ ৰক্ততৃষ্ণা নিবাৰণ হয়৷ বিজ্ঞানৰ ভাষাত Hirudin is an anticoagulant,অৰ্থাৎ তেজ গোট মৰাত বাধা দিয়া পদাৰ্থ৷
প্ৰতিবিধ বিশেষ প্ৰটিনৰ উৎপাদনৰ বাবে এডাল বিশেষ জিন থাকে৷পৰবৰ্ত্তী সময়ত জৈৱ প্ৰযুক্তিবিদ সকলে জোকৰ শৰীৰৰ পৰা হিৰুদিন উৎপাদনকাৰী সেই বিশেষ জিনডাল সংগ্ৰহ কৰি পৰীক্ষাগাৰত জৈৱ ৰাসায়নিক পদ্ধতিৰে তাৰ অসংখ্য identical copy প্ৰস্তত কৰি উলিয়াই আৰু দ্বিতীয়তো পৰ্য্যায়ত Agrobacterium বেক্টেৰিয়াক ভেক্টৰ(ভেক্টৰ কি সেইবিষয়ে পিছত কেতিয়াবা বিস্তৃত ৰূপত আলোচনা কৰিম৷সহজকৈ ক’বলৈ গ’ল ভেক্টৰ হ’ল পৰীক্ষাগাৰত প্ৰস্তুত জিন এডাল কোনো জীৱৰ শৰীৰলৈ প্ৰেৰণ কৰিবলৈ প্ৰস্তুত কৰা এবিধ বিশেষ বাহন৷) হিছাপে ব্যৱহাৰ কৰি Brassica napus(সৰিয়হৰ সমগোত্ৰীয় এক উদ্ভিদ) ৰ শৰীৰলৈ স্থানান্তৰিত কৰে৷ জৈৱপ্ৰযুক্তিৰ ভাষাত এতিয়া সেই বিশেষ গছজোপা হ’ল transgenic plant(transgenic organism হ’ল সেইবোৰ জীৱ যাৰ শৰীৰত কৃত্ৰিম পদ্ধতিৰ দ্বাৰা আন প্ৰাণীৰ শৰীৰৰ পৰা আহৰণ কৰা জিনে থিতাপি লয়)৷তৃতীয় পৰ্য্যায়ত জৈৱপ্ৰযুক্তিবিদ সকলে Transgenic Brassica napus ৰ বীজ সংগ্ৰহ কৰি তাক পৰিশোধন কৰে আৰু সৰ্বশেষত লাভ কৰিবলৈ সক্ষম হ’য় জোকৰ লালতিত পোৱা বিশুদ্ধ হিৰুদিন৷
কিন্তু কিয় মিলিয়ন-বিলিয়ন ডলাৰ খৰছ কৰি হিৰুদিন আহৰণৰ বাবে জৈৱপ্ৰযুক্তিবিদ সকলে কৰিলে এই সংগ্ৰাম৷কিয়ণো আকস্মিক দূৰ্ঘটনা বা আন কিছু কাৰণত কেতিয়াবা আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংশৰ সিৰা উপসিৰাৰ তেজ গোট মাৰে৷ফলত শৰীৰৰ বিভিন্ন অংশত ব্যাহত হৈ পৰে ৰক্তৰ চলাচল৷চিকিৎসাবিজ্ঞানৰ ভাষাত তেনে অৱস্থাক Deep vein thrombosis বুলি কোৱা হ’য়৷ইয়াৰ ফলশ্ৰুতিত ব্যক্তিজনৰ মৃত্যুও হ’ব পাৰে৷তেতিয়া চিকিৎসক সকলৰ হাতত মাত্ৰ এটাই তাৎক্ষণিক উপায় থাকে অস্ত্ৰোপচাৰৰ পূৰ্বে সেই অংশত হিৰুডিনৰ ইনজেকচন দি তেজ গোট মৰাক বাধা দিয়া৷ অৰ্থাৎ সেই মূহূৰ্তত হিৰুদিন আমাৰ বাবে হৈ পৰে এক জীৱনদায়িনী ঔষধ৷
Housefull চলচিত্ৰৰ নায়িকাৰ সেই বিশেষ ৰোমান্টিক সংলাপতো মনত আছেনে?কোনোবাই যদি আপোনাৰ জীৱন ৰক্ষা কৰিছে তেন্তে এতিয়াৰ পৰা আপোনাৰ জীৱনতো তেওঁৰ প্ৰতি সমৰ্পিত৷আওপকীয়াকৈ ক’বলৈ গ’লে Housefull শাস্ত্ৰই কয় যে এই মূহূৰ্তৰ পৰা নায়ক নায়িকাৰ প্ৰেমত পৰা উচিত৷আপোনাৰ শৈশৱৰ সেই ক’লা ঘিণলগা লিকলিকিয়া জোকতোৱেই আজি সমগ্ৰ মানৱ জাতিৰেই ত্ৰাণকৰ্তা৷ত্ৰাণকৰ্তাৰ প্ৰেমততো নায়ক অক্ষয় কুমাৰেই পৰিছিল,জোকৰ প্ৰেমত নপৰিবলৈ আপুনি আৰু মই কোন কুটা হে!আপুনি আপোনাৰ শৈশৱৰ জোকডালৰ প্ৰেমত পৰক আৰু মই মোৰডালৰ৷কিন্তু খবৰদাৰ নিজৰডালক বিছাৰি নাপাই মোৰডালক বিছাৰি নাহিব৷কাৰণ জোক-মোৰ প্ৰেমিকাৰ নাম৷


Bohiya.
LikeLike
Thank you
LikeLike