১ এপ্ৰিলৰ বিয়লি ২ বজাত হোৱা সংবাদমেলক সম্বোধন কৰি অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে বৰ্তমানলৈকে অসমত পাঁচটা পজিটিভ কেছ পোৱা গৈছে৷পৰীক্ষা-নিৰীক্ষা চলি আছে হয়তো সন্ধিয়ালৈকে এই পৰিসংখ্যা বৃদ্ধি পাব পাৰে৷ বৰ্তমানলৈকে আক্ৰান্ত কেউজন ৰোগীয়েই দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ অনুষ্ঠানত অংশ লৈছিল৷ অৱশেষত পলমকৈ হ’লেওঁ এইদৰেই ধৰ্মীয় আফিংৰ বাহনত উঠি অসম প্ৰবেশ কৰিলেহি বিশ্বত্ৰাস SARS-CoV-20 ভাইৰাছে(ক’ৰণা ভাইৰাছ)৷
        মন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰা এই তথ্য মূহূৰ্ততে বনজুইৰ দৰে বিয়পি পৰিল আৰু সামাজিক মাধ্যমত সৃষ্টি হ’ল ব্যাপক প্ৰতিক্ৰিয়াৰ৷ লাহে-লাহে একাংশ জ্ঞানীমূৰ্খ ব্যক্তিৰ কৃপাত এটা অভাৱনীয় কাণ্ড ঘটিল ক’ৰণাৰ সৈতে সংপৃক্ত হৈ পৰিল এক বিশেষ ধৰ্ম(সকলো ধৰ্ম,ধৰ্মীয় কানিৰ ৰাগি অথবা ধৰ্মান্ধতা নহয়৷)-ইছলাম৷ইছলামক সমাজৰ শত্ৰু আৰু মুছলমান মাত্ৰেই দেশদ্ৰোহী বুলি ক’বলৈওঁ একাংশই কুন্ঠাবোধ নকৰিলে৷ COVID-19 ৰ এই সংকটকালত মাৰ্কাজলৈ যোৱা,তিৰুপতিলৈ যোৱা,গীৰ্জাঘৰলৈ যোৱা,মাৰ্কাজৰ দৰে অনুষ্ঠান পাতিবলৈ অনুমতি দিয়া,আজি মাৰ্কাজৰ পৰা উভতি অহা প্ৰতিজনকেই গুলী কৰিবলৈ আহ্বান জনোৱাসকল আৰু এই মূহূৰ্তত মোৰ Blog পঢ়ি থকা এই প্ৰতিজনেই মোৰ মৰমৰ দেশবাসী৷সেয়ে এই Blog ত মই আপোনালোকক মোৰ মৰমৰ দেশবাসী বুলি সম্বোধন কৰিম৷হয়তো আজি মই যিখিনি কথা ক’ম তাৰে বহুখিনি কথাই আপোনাৰ তিতাঁ লাগিব কিন্তু মই উপায়বিহীন কাৰণ কোনোবাখিনিত আপুনি বা ময়ো হয়তো কেতিয়াবা সেই কৰ্মৰেই অংশীদাৰ আছিলো৷
             মোৰ মৰমৰ দেশবাসী মই প্ৰথমেই আপোনালোকক শুভেচ্ছা জনাইছো কাৰণ সমগ্ৰ বিশ্বৰ প্ৰখ্যাত বিজ্ঞানীসকলে যি কাম যোৱা দুটা মাহত কৰিবলৈ সক্ষম হোৱা নাছিল সেই দুৰূহ কাম আমি মাত্ৰ দুটামান মূহূৰ্তৰ ভিতৰতে কৰি পেলালো তাকো কোনো উচ্চপৰ্য্যায়ৰ গৱেষণাগাৰত নহয় বৰঞ্চ জুকাৰবাৰ্গৰ গোলাপৰ বাগিছাত৷হয়,আমি সক্ষম হ’লো SARS-CoV-20 ৰ জন্মস্থান আৰু ধৰ্মক চিনাক্ত কৰিবলৈ৷জীৱবিজ্ঞানী সকলে RNA ৰ Base Pairs ৰ sequence ৰ মাজত আবদ্ধ হৈ থাকোতেই আমি আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’লো যে বিশ্বত্ৰাস ক’ৰণা ভাইৰাছৰ জন্মস্থান হ’ল নিজামুদ্দিন মাৰ্কাজ আৰু ইয়াৰ ধৰ্ম ইছলাম৷যি কি নহওঁক ফেচবুকৰ পাতত যেতিয়া ক’ৰণাৰ ধৰ্ম আৰু জন্মস্থান আৱিস্কৃত হ’লেই হোৱাটছএপৰ মাধ্যমেৰে কোনো সদাশয় ব্যক্তিৰ কৃপাত ঘৰে-ঘৰে ক’ৰণাৰ প্ৰতিষেধক উপলব্ধ হ’বলৈ হয়তো আৰু বেছি সময়ৰ প্ৰয়োজন নাথাকিব৷হয়তো আৰু মাত্ৰ ২৪ টা ঘন্টা৷তাৰ পিছতেই আমি চিৰদিনৰ বাবে ক’ৰণা আতংকৰ পৰা মুক্ত হ’ম৷লক ডাউনৰ কোনো প্ৰয়োজনীয়তা নাথাকিব৷দেশলৈ স্বাভাৱিক পৰিস্থিতি উভতি আহিব৷শুই থকা চহৰখনে পুনৰ সাৰ পাব আৰু মই মোৰ প্ৰিয় ৰাজমাওপুখুৰীৰ পাৰত বহি দেচ’দিমনাক সুঁৱৰি কবিতা লিখিম৷অন্য  দেশবোৰৰ কথা অৱশ্যে সুকীয়া তাত এতিয়ালৈকে ক’ৰণাৰ ধৰ্ম চিহ্নিত হোৱা নাই৷সেয়ে বিদেশী বন্ধুসকলৰ প্ৰতি মোৰ অন্তৰত সমবেদনাৰ বাহিৰে যে একোৱেই নাই৷কিন্তু এই মূহূৰ্তত মোক আন চিন্তাইহে ভাৰাক্ৰান্ত কৰি তুলিছে৷আজি ন’হলেওঁ কাইলৈ হয়তো ক’ৰণাৰ প্ৰতিষেধক আৰু চিকিৎসা সুলভ হৈ পৰিব কিন্তু ধৰ্মীয় আফিংৰ ভাইৰাছৰ দৰে আমি কিদৰে যুঁজ দিম৷মানৱ মস্তিস্কক ধাৰাশায়ী কৰি দানৱত পৰিণত কৰা এই ভাইৰাছৰ বিৰূদ্ধে কেতিয়াবা আমি প্ৰতিষেধকৰ আৱিস্কাৰ কৰিবলৈ সক্ষম হ’মনে নে নিৰলে চকুলো টুকি চাই ৰ’ম সভ্যতাৰ অৱক্ষয়?
                আজি মই তিনিজন ৰোগীক চিনাক্ত কৰিলো৷প্ৰথমজনে এই সংক্ৰামক মহামাৰীৰ মাজতো মাৰ্কাজলৈ গৈছিল৷দ্বিতীয়জনে আজি প্ৰথমজন ৰোগীক শিখণ্ডী সজাই সমগ্ৰ ইছলামকে গুৱাল গালি পাৰিছে৷তৃতীয়জন এজন দ্বায়িত্বশীল প্ৰশাসনিক বিষয়া আৰু ধৰ্মীয় স্বতন্ত্ৰতাক দোহাই দি তেওঁ মাৰ্কাজ পতাৰ অনুমতি দিছিল৷এওঁলোক তিনিওঁজনেই প্ৰায় একেটা ৰোগৰেই চিকাৰ৷ All of them are addicted to the opium of Religion. প্ৰথমজন ৰোগীৰ ৰোগৰ কাৰণ আল্লাহৰ প্ৰতি অন্ধভক্তি৷আল্লাহৰ দৰগাহত ক’ৰণাই একো কৰিব নোৱাৰে৷সামান্তৰালভাৱে ধৰ্মীয় গোড়ামিতো আছেই৷দ্বিতীয়জনৰ ৰোগৰ কাৰণ স্বধৰ্মৰ প্ৰতি অত্যাধিক প্ৰেম আৰু স্বধৰ্মকেন্দ্ৰিক অহংকাৰ(Religious ethnocentrism)৷সেয়ে তেওঁৰ বাবে আনৰ ধৰ্ম,সংস্কৃতি আৰু উপাসনা ঘৃণনীয়৷এক কথাত ক’বলৈ গ’লে তেওঁ এজন racist৷তৃতীয়জন জ্ঞানীমূৰ্খ৷সকলো জানে সকলো বুজে৷কিন্তু তৎস্বত্বেও মাৰ্কাজ অনুষ্ঠিত কৰাৰ অনুমতি খাৰিজ কৰিবলৈ শংকিত৷জানোচা আল্লাহে দোষ ধৰে৷অৱশ্যে তেওঁ ৰাজনৈতিক খেলাৰ চিকাৰ হোৱাৰো প্ৰচুৰ সম্ভাৱনা আছে৷তিনিওঁজন ৰোগীৰ প্ৰাথমিক ৰোগৰ কাৰণ আৰু লক্ষণ সমূহ সুকীয়া হ’লেওঁ মূখ্য কাৰণ কিন্তু এটাই-ধৰ্মৰ আফিং
                 ধৰ্ম আৰু আধ্যাত্মিকতা দুটা পৃথক সত্বা৷আধ্যাত্মিকতা এক আভ্যন্তৰীণ বিষয়বস্তু কিন্তু ধৰ্ম বাহ্যিকতা মাত্ৰ৷ধৰ্ম দুৰ্বলজনৰ বাবে আফিং আৰু দুষ্ট বুদ্ধিৰ গৰাকীৰ বাবে শোষণৰ এক প্ৰাচীন আৰু শক্তিশালী মাধ্যম৷সন্ত্ৰাসবাদৰ বাবে ইছলামক মূখ্যত জগৰীয়া কৰা হ’য় কিন্তু আমি পাহৰি যাওঁ মধ্যপ্ৰাচ্যৰ তৈলখাদকেন্দ্ৰিক অমানবীয় আন্তৰাষ্ট্ৰীয় ৰাজনীতিৰ কথা৷
                 আমি বহুকথাই জানো,চিন্তা কৰো আৰু বিতৰ্ক কৰো কিন্তু আমি প্ৰায়বোৰ কথাই অনুভৱ নকৰো(We think too much but feel too little.)৷মাৰ্কাজলৈ যোৱা জনেওঁ মহামাৰীৰ খৱৰ নিশ্চয় জানিছিল,Racist জনেওঁ জানে যে তেওঁৰ এনে ব্যৱহাৰ মানৱতাৰ পৰিপন্থী আৰু প্ৰশাসনিক বিষয়াজনো নিশ্চয় সভ্যতাৰ এনে সংকটকালত নিজৰ দ্বায়িত্ব সম্পৰ্কে অৱগত আছিল৷কিন্তু কি কৰিম আমি যে জোনাকৰ দেশৰ অজান ঈশ্বৰৰ হাতৰ পুতলা,আমাৰ কোনো অনুভৱ শক্তি নাই৷নিজামুদ্দিন মাৰ্কাজত অংশ ল’বলৈ যোৱা সকলক কৈছো৷ You people are not the God loving people,you are just God fairing people. ভগৱানৰ প্ৰতি বিশুদ্ধ প্ৰেম থকা হ’লে আপুনি অন্তত এইদৰেই সমাজখনক আসন্ন মৃত্যুৰ মুখলৈ ঠেলি নিদিলেহেঁতেন৷হয় তেতিয়া দেশত আজিৰ পৰিস্থিতিৰ সূচনা হোৱা নাছিল৷কিন্তু পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰি সাৱধান হোৱাতো আপোনাৰ কৰ্তব্য আছিল৷ Racist জনতো প্ৰকৃততে মানুহৰ শাৰীতেই নপৰে৷মোৰ কথাই তেওঁক তিলমাত্ৰও স্পৰ্শ কৰিব নোৱাৰে হ’লেওঁ কৈছো আমাৰ ৰাজ্যৰে এজন মুছলমান চিকিৎসক অথবা আৰক্ষী বিষয়া তেওঁ আজি অৰ্হনিশে আপোনাৰ বা মোৰ সুৰক্ষাৰ বাবে জীৱনৰ চৰম ত্যাগ কৰিবলৈ আগবাঢ়িছে৷তেওঁক দেশদ্ৰোহী সজাৰ অধিকাৰ আপোনাক কোনে দিলে?আপুনিতো এটা বহুৱা,কাঠৰ পুতলা৷কোনো ধৰ্মৰ বেপাৰী তথা চতুৰ ৰাজনৈতিক নেতাৰ অদৃশ্য জৰীৰ প্ৰভাৱত আপুনি আজি মাত্ৰ চাৰ্কাচ দেখুৱাই আছে আৰু ইমানখিনি কোৱাৰ পিছতো যদি আপোনাৰ বোধশক্তি জাগি নুঠে আপোনাকো পগলা ফাটেকত ৰাখি isolation কৰিব লাগে৷ You racist people are more dangerous to the society than any life threatening virus.প্ৰশাসনিক বিষয়াজনক মাত্ৰ ইয়াকে ক’ম নিজকে ঈশ্বৰ আৰু ৰাজনৈতিক নেতাৰ কৱলৰ পৰা মুক্ত কৰক আৰু জনতাৰ সেৱা কৰক৷আপুনি দেশৰ সম্পদ আৰু নায়ক৷পথভ্ৰষ্ট নায়ক হোৱাৰ ভুল আৰু দুনাই নকৰিব৷ Because you’re a public servant only not the servant of any Ram or Rahim or any stupid politician.
                      হে মোৰ মৰমৰ দেশবাসী৷ময়ো একালত কৃষি বিজ্ঞানৰ অন্যান্য পাঠ্যক্ৰমৰ লগত Microbiology আৰু Virology ৰ কিছু প্ৰাৰম্ভিক জ্ঞান লাভ কৰাৰ সুবিধা পাইছিলো৷মই স্কুলীয়া দিনৰ পৰাই মেধাবী ছাত্ৰ নাছিলো৷বহুতৰ ভাষাত mediocre আৰু last bencher কিন্তু virology ৰ সীমিত জ্ঞানেৰে মই এই কথা জানিবলৈ সক্ষম হৈছিলো যে ভাইৰাছৰ কোনো ধৰ্ম নাথাকে,ভাইৰাছৰ কোনো ঈশ্বৰ নাথাকে৷প্ৰকৃততে ধৰ্ম বা ঈশ্বৰৰ সৃষ্টিৰ বহুযুগৰ আগেয়ে পৃথিৱীত ভাইৰাছৰ সৃষ্টি হৈছিল৷SARS-CoV-20 ৰ প্ৰকৃত জন্মস্থান সম্পৰ্কে এতিয়াও বিজ্ঞানীসকল নিশ্চিত নহয়৷হয়তো সমগোত্ৰীয় আন ক’ৰণা ভাইৰাছৰ পৰা ইয়াৰ উৎপৰিবৰ্তন(mutation) হৈছে৷
                        ঈশ্বৰক সাক্ষাৎ কৰিবলৈ বহিৰাজ্যৰ ঈশ্বৰৰ ঘৰলৈ যোৱা আনসকলকো কৈছো চৰকাৰ আৰু প্ৰশাসনক ফাঁকি দি ঘৰতে আত্মগোপন কৰি থাকিলে আপোনাক ঈশ্বৰেওঁ ক্ষমা নকৰে৷আপুনি যদি তাৰে মাজৰে এজন অনতিপলমে ১০৪ নম্বৰত সংযোগ স্থাপন কৰক অথবা আপোনাৰ কোনো পৰিচিত লোকে যদি এনে আত্মঘাতী পদক্ষেপ লৈছে তেন্তে আৰক্ষীক অৱগত কৰক৷আপোনাৰ ঈশ্বৰে আপোনাৰ মংগল কৰিব৷পৃথিৱীৰ এই দূৰ্যোগক্ষণত অন্তত ঘৃণাৰ বাতৰি নিবিলাব,পাৰিলে আশাৰ বাতৰি বিলাওঁক৷উৰাবাতৰিৰে মানুহক আতংকিত কৰাৰ পৰা ব্যাহত থাকক পাৰিলে সকাৰাত্মক বাতৰিৰ প্ৰচাৰ কৰক আৰু মানুহৰ চকুলোৰ বাবে ন’হয় মানুহৰ হাঁহিৰ বাবে সংগ্ৰাম কৰক৷ডুবিবলৈ ধৰা টাইটানিকৰ বাদ্যবাদকসকলে চোন অন্তিমক্ষণলৈ যাত্ৰীসকলৰ মুখত হাঁহি বিৰিঙাবলৈ বাদ্যযন্ত্ৰ বজাইছিল৷মই জানো আপুনিও পাৰিব,আপুনি এজন বিবেকবান তথা হৃদয়বান মানুহ৷আহক আপুনি আৰু মই একেলগ হৈ পুনৰ হৃদয়ৰ ভায়লিনত ফুটাই তোলো আশাৰ ধ্বনি৷

Probable structure of SARS-CoV-20,source-Google
No caption depends on your believe only

Leave a comment