৮ নৱেম্বৰ ২০১৬ সময় মাজনিশা৷ঘড়ীৰ কাটাই বাৰৰ ঘৰত প্ৰৱেশ কৰিছিল মাত্ৰ৷হঠাৎ শুনা পালো এক কোমল কন্ঠস্বৰ-মেৰে প্যাৰে ভায় ঔৰ বেহেনো………..পিছৰখিনি স্বাধীন ভাৰত(ক্ষমতা হস্তান্তৰিত শব্দতো হয়তো অধিক গ্ৰহণযোগ্য হ’ব)ৰ অৰ্থনীতিৰ এক অন্ধকাৰময় ইতিহাস মাত্ৰ৷হয় মই বিমুদ্ৰাকৰণৰ সেই ৰোমাঞ্চকৰ ইতিহাসৰ কথাই কৈছো৷তেতিয়াৰ পৰাই মেৰে প্যাৰে ভায় ঔৰ বেহেনো এই শব্দকেইটালৈ মোৰ ক’ৰণাতকৈও ভয় লাগে৷আজি পুৱা অলপ পলমকৈয়েই সাৰ পালো আৰু অভ্যাসবসত আন দিনাৰ দৰেই মোবাইলতো হাতত লৈ ছছিয়েল মিডিয়াত চকু ফুৰালো৷হঠাৎ এটা ভিডিঅ’ বাজি উঠিল৷তেৰাৰ সুদৰ্শন মুখখন আৰু সেই ভয়ংকৰ শব্দকেইটা শুনাৰ পিছত মই ভয়তে থৰকাচুটি হেৰুৱাই হাতৰ পৰা মোবাইল ফোনতো দলিয়াই ভিৰাই লৰ মাৰিবলৈ উদ্যত হওঁতেই ভাষণৰ পৰৱৰ্তী অংশ কাণত পৰিল৷হে প্ৰভু, মই ক’তে মৰো!এতিয়া মই হাঁহিমেই নে কান্দিমেই!হাঁহি বোলে জীৱনা মহৌষধ বেজবৰুৱাদেবে কৈছিল৷সেয়ে প্ৰথমে হাঁহিলো,প্ৰাণ খুলি হাঁহিলো আৰু তাৰ পিছত অনিশ্চিত ভবিষ্যতৰ এখন অন্ধকাৰময় ছবি প্ৰত্যক্ষ কৰি চকুৰে বৈ আহিল দুধাৰি তপ্ত লোটক৷
আশাৰ প্ৰদীপ জ্বলাবলৈ দেশবাসীক আহ্বান কৰা ভিডিঅ’তো প্ৰত্যক্ষ কৰাৰ পিছতেই মোৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আছিল- When you choose a clown 🤡 to be your king be prepared to watch The Great Indian Circus. সেইদিনাও তেৰাই বাতি-কাঁহীবোৰো ঘৰতেই বজাবলৈ কৈছিল৷কিন্তু আমি কিয় ঘৰত বহি থাকিম হে!আমি ৰাজপথত যাত্ৰাপাৰ্টী কৰিম৷আন্দোলন কৰিম৷C(A)A আন্দোলন বিফল হ’ল কি হ’ল?Go Corona go back ধ্বনিৰে আকাশ-বতাহ কপাই তুলি আমি বাতি-কাঁহী মৰিয়াই-মৰিয়াই ভাঙি নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন- Phase II ৰ সূচনা কৰিম৷কাৰণ মূৰ্খামি আমাৰ অষ্টমতো মৌলিক অধিকাৰ৷মূৰ্খামি আমাৰ Dominant Trait৷মূৰ্খামিৰ বাবে আমাৰ শৰীৰত এডাল বিশেষ জিন আছে৷অদুৰ ভবিষ্যত হয়তো জৈৱপ্ৰযুক্তিবিদসকলে আমাৰ শৰীৰৰ পৰা সেই জিনডাল আহৰণ কৰি এখন Transgenic মূৰ্খৰ স্বৰ্গৰ নিৰ্মাণ নিশ্চয় এইখন ধৰাতেই কৰিব৷এইবাৰো যে আমাৰ একাংশই ৰাজপথত Corona প্ৰতিৰোধী ৰণৰ অংশস্বৰূপে ৰাজপথত জোৰসমদল হয়তো বাহিৰ নকৰিব তাৰ কোনো নিশ্চয়তা নাই৷কোনোবাই মূৰ্খামিৰ বাবে,কোনোবাই অন্ধভক্তিৰ বাবে আৰু কোনোবা জধামূৰ্খই ইচ্ছাকৃত ভাবে Message Distortion ৰ দ্বাৰা চৰকাৰক বদনাম কৰাৰ স্বাৰ্থত৷৫ এপ্ৰিলত সমগ্ৰ ভাৰতজুৰি এনেদৰেই হ’ব জনতাৰ চাৰ্কাচ আৰু ৬ তাৰিখৰ পৰা এখন নতুন চাৰ্কাচ-মৃত্যুৰ বিভীষিকাৰ৷আশাৰ প্ৰদীপগছি জ্বলাবৰ বাবে প্ৰকৃততে কোনো বাহ্যিকতাৰ প্ৰয়োজন নাই৷অন্তত মই তেনেকৈয়ে ভাবো আৰু অনুভৱ কৰো সেয়ে মোৰ বোধেৰে দেশবাসীৰ মূৰ্খামিৰ বিষয়ে জ্ঞাত হোৱাৰ পিছত আৰু পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ এজন প্ৰধানমন্ত্ৰীয়ৰ এই আহ্বান কোনো কাৰণতেই সঠিক হ’ব নোৱাৰে৷তাকো Joker-দ্যা খলনায়কে চলচিত্ৰখনৰ প্ৰাৰম্ভিক অংশতেই আবেগিক মূৰ্খসকলক উদ্দেশ্যি নিক্ষেপ কৰিলে এই ব্ৰহ্মাস্ত্ৰ-“মোৰ মৰমৰ দেশবাসী মোৰ সামান্য আহ্বানৰ প্ৰতি সঁহাৰি জনাই আপোনালোকে সেইদিনা কাঁহী-বাতি বজাই যিদৰে চিকিৎসাকৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰিলে সেয়া আজি বিশ্বৰ বাবেই এক নিদৰ্শন৷”এয়া তৈলমৰ্দন নে Epidemic Disaster Act অমান্য কৰিবলৈ আওপকীয়াকৈ দিয়া উচতনিমূলক মন্তব্য৷আপুনি Joker নে একবিংশ শতিকাৰ ধৃতৰাষ্ট্ৰ?আশাৰ প্ৰদীপৰ ধাৰণাৰে আপুনি প্ৰমাণ কৰিলে যুক্তিতকৈ আৱেগ শ্ৰেষ্ঠ৷মুঠতে ফিলিংচতোহে মেইন বস্তু৷দেশৰ প্ৰধান সেৱকে এনেদৰে ভাবিছে যদি তুমি মই কোন কুটা৷দেচ’দিমনা তোমাৰ প্ৰতি সমৰ্পিত হৃদয়ৰঙী গোলাপপাহি গ্ৰহণ কৰা৷ইয়াত ক’ৰণা নাই আছে মোৰ অন্তৰৰ নিভৃত মৰম,বিশ্বাস আৰু ভালপোৱা৷ Because I repeat feelings তোহে main কথা৷
কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিয় এনেকৈ ক’লে৷তেওঁ মূৰ্খ নে বহুৱা নে ধৃতৰাষ্ট্ৰ!তেওঁক উপদেশ দিবলৈতো,পথ প্ৰদৰ্শন কৰিবলৈ তীক্ষ্ণ মেধাসম্পন্ন প্ৰশাসনিক বিষয়াৰোতো অভাৱ হোৱা নাই৷তেন্তে কিয়?কিয় কৰা হ’ল এনে ঘোষণা যদিওবা তেওঁ জানিছিল ইয়াৰ পিছত তেওঁ ছছিয়েল মিডিয়াত প্ৰচণ্ড ট্ৰ’লৰ সন্মুখীন হ’ব,তেওঁৰ সামাজিক ভাৱমূৰ্তি ম্লান পাব?তেওঁ বাৰু অসহায় হৈ পৰিছে নেকি?আপোনাৰ দৰেই মোৰ টিউৱলাইট সদৃশ মস্তিস্কতো পলমকৈ হ’লেওঁ এনে কিছুমান চিন্তাই ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে৷হঠাৎ চকুৰ সন্মুখত ভাহি উঠিল ভাৰতীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এখন Statistical Report৷সেই ৰিপোৰ্ট অনুসৰি তৃতীয় পৰ্য্যায়ত আমাৰ দেশৰ প্ৰায় ৬ লাখ নাগৰিক আক্ৰান্ত হ’ব আৰু লক্ষণীয় ভাবে সেই ৰিপোৰ্টখন যোৱাকালি প্ৰকাশ পাইছিল৷এতিয়া মই যিখিনি কথা ক’ম সেইখিনি কেৱল আৰু কেৱল মাত্ৰ মোৰ অনুমানৰ ভিত্তিতহে ক’ম৷মোৰ অনুমান সত্য হোৱাতো ময়ো নিবিছাৰো আৰু আপুনি অযথা আতংকিত হোৱাতোওঁ মোৰ কাম্য নহয়৷সেয়ে স্ববিবেকক প্ৰাধন্য দিহে আপুনি মোক বিশ্বাস কৰিব বুলি আশা কৰিলো৷মই Blog লিখি থকা পৰলৈকে ভাৰতত সৰ্বমুঠ ২৩০১ জন লোক ক’ৰণাত আক্ৰান্ত হৈছে৷ভাইৰাছৰ গতিবেগ লক্ষ্য কৰি মোৰ এই ধাৰণা এই সংখ্যাই ৬ লাখৰ ঘৰ স্পৰ্শ কৰিবলৈ আমাক নুন্যতম ২০ দিন আৰু সৰ্বাধিক ৯০ দিনৰ প্ৰয়োজন হ’ব৷সেয়ে হয়তো আৰু অধিক দিনৰ বাবে ল’কডাউনৰ সময়সীমা বৃদ্ধি কৰিব লাগিব৷ অন্ততঃ আৰু এমাহৰ বাবে৷আজি আমি তৃতীয় পৰ্যায়ত উপনীত হ’লো কিন্তু প্ৰথম পৰ্য্যায় পোৱাৰ পূৰ্বেই আন্তৰাষ্ট্ৰীয় সংযোগ বিচ্ছিন্ন কৰি আমি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ’লোহেঁতেন৷কিন্তু নকৰিলো, আমি আজি প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়ক অতিক্ৰম কৰি তৃতীয় পৰ্য্যায়ত৷লাগিলে সেয়া নৰেন্দ্ৰ মোডীয়েই হওঁক অথবা অৰবিন্দ কেজৰিৱালেই হওঁক তেওঁলোকক বিশ্বাস কৰাত মোক মোৰ বিবেকে বাধা প্ৰদান কৰে৷কাৰণ হাজাৰ হ’লেওঁ তেওঁলোক ৰাজনৈতিক নেতা৷ৰাজনীতি তেওঁলোকৰ first choice তাৰ পিছতহে মানুহ আৰু মানৱতা৷ই এক অপ্ৰিয় সত্য৷কিন্তু প্ৰশাসনিক বিষয়া আৰু Intelligence Service ৰ Officer সকলতো আছিল৷তেওঁলোকে কিয় নিজামুদ্দিন মাৰ্কাজৰ দৰে অনুষ্ঠান সম্পন্ন হ’বলৈ দিলে য’ত একেখন কাঁহীতেই ছজন ব্যক্তিয়ে তথাকথিত ভাতৃত্ববোধৰ নামত খাদ্য গ্ৰহণ কৰিছিল৷RAW বা IB য়ে হয়তো পাহৰি গৈছিল Biological Terrorist ৰ সংজ্ঞা৷যদি ইচ্ছাকৃত ভাবেই কোনো বিদেশী সন্ত্ৰাসবাদী Carrier হৈ মাৰ্কাজলৈ আহিছিল!হয়তো এয়া কোনোবা শত্ৰুৰাষ্ট্ৰৰ Intelligence Agency ৰ এক Masterstroke আছিল৷মাৰ্কাজ এটা মাত্ৰ উদাহৰণ৷বিছাৰিলে এনে বহু উদাহৰণ পোৱা যাব৷আজি আমি তৃতীয় পৰ্য্যায়ত and This is Purely an Outcome of Administrative and Intelligence Failure. তাৰেই পৰিণতিত হয়তো বৃদ্ধি পাব Lockdown ৰ সময়সীমা৷হয়তো সৰ্বাধিক তিনিমাহ৷অৰ্থনীতিৰ নূন্যতম জ্ঞান থকা যিকোনো এজন ব্যক্তিয়েই তিনিমাহৰ লকডাউনৰ ভয়াবহতা অনুমান কৰিবলৈ নিশ্চয়কৈ সক্ষম৷এই ২১ দিনতেই আমাৰ প্ৰচুৰ ক্ষতি হৈছে৷কল কাৰখান,দোকান-বজাৰ,যাতায়ত সকলোবোৰ বন্ধ৷চৰকাৰৰ আয় প্ৰায় শূণ্য কিন্তু ব্যয় প্ৰচুৰ৷যদি আৰু ৯০ টা দিনৰ বাবে ল’কডাউন বৃদ্ধি কৰা হয় ভোকাতুৰৰ সূচাংকত ১৬৯ স্থানপ্ৰাপ্ত আমাৰ দেশৰ অৱস্থা কি হ’ব এবাৰ মাত্ৰ কল্পনা কৰি চাওঁক৷আপুনি যদি এজন হৃদয়বান ব্যক্তি তেন্তে আপোনাৰ চকুৰে বৈ আহিব বেদনাসিক্ত অশ্ৰু৷এতিয়াও সময় আছে৷মাৰ্কাজৰ পৰা অহা শতাধিক লোকে আত্মগোপন কৰি আছে এনেদৰেই হয়তো আত্মগোপন কৰি আছে অন্য উৎসৰ পৰা আক্ৰান্ত সহস্ৰাধিক লোক যি আজিৰ তাৰিখত এক মানৱ বোমাতকৈও ভয়ংকৰ৷কিন্তু তাৰ বাবে তেওঁলোকৰ সমান্তৰালভাৱেই দায়ী Social Stigma ও৷সেয়ে সাধ্য অনুসৰি প্ৰত্যেকেই এই Social Stigma ৰ বিৰূদ্ধে যুঁজক৷এয়া আপোনাৰ,মোৰ আৰু প্ৰতিতো দল-সংগঠনৰে নৈতিক কৰ্তব্য কাৰণ কেৱল ৰাজপথৰ আন্দোলনেই জাতিক ৰক্ষা কৰিব নোৱাৰে৷
শেষত হৃদয়ত শিল ৰাখি দুটা ভবিষ্যত বাণী কৰিবলৈ আগবাঢ়িছো৷কিন্তু তাৰ পূৰ্বে আকৌ কৈছো মোৰ এই ভবিষ্যতবাণীক অন্ধৰ দৰে অনুকৰণ নকৰি তাৰ পূৰ্বে স্ববিবেকেৰে ইয়াৰ সত্যসত্যতা এবাৰ বিচাৰ কৰি চাব৷
১/লক ডাউন অনিৰ্দিষ্ট কালৰ বাবে বৃদ্ধি পাব৷(The duration of lockdown is going to be increased for an indefinite period of time.)
২/ভাৰতীয় অৰ্থনীতিত মন্দাবস্থাৰ সৃষ্টি হ’বলৈ গৈ আছে আৰু অৰ্থনীতি পুনৰ স্বাভাবিক অৱস্থালৈ ঘুৰি আহিবলৈ আমাক অন্তত আৰু তিনিটা বছৰৰ প্ৰয়োজন হ’ব৷( Indian Economy will collapse soon and it’ll take at least 3 years for complete recovery.)
মোৰ এই ভবিষ্যৎবাণী সত্যত পৰিণত হ’লে ভৱিষৎদ্ৰষ্টা হিছাপে নিশ্চয় সুখী হ’ম কিন্তু এজন মানুহ হিছাপে মই হৈ পৰিম এই পৃথিৱীৰ সকলোতকৈ অসুখী ব্যক্তি৷আশা কৰো জোনাকৰ দেশৰ অজান ইশ্বৰে মোৰ এই ভবিষ্যতবাণীক মিথ্যাত পৰিণত কৰিব৷
