ইউৰেকা,ইউৰেকা!
উমম কওঁক ভ্ৰাম্যমাণ দূৰভাষ যন্ত্ৰৰ আনটো মুৰৰ পৰা ইউৰেকাই ক’লে৷আৰে তোমাক কোৱা নাই হে৷তোমাক ইউৰেকা বুলি মই এনেও নামাতো৷কি যে অদ্ভুত নাম!কেতিয়াবা কনফিউজড হৈ যাওঁ এইতো কোনোবা ষোড়শী গাভৰুৰ নাম নে মংগল গ্ৰহৰ পৰা অহা এলিয়েনৰ নাম৷মই সচাৰচৰ তোমাক নাম কাঢ়ি নামাতো৷তুমি তুমি বুলিয়েই সম্বোধন কৰো৷কেতিয়াবা প্ৰয়োজন হ’লে ৰদ ৰাগিণী বুলি ক’ম৷অন্তত সেই নামতো মোৰ কিছু প্ৰিয়৷Btw মই তোমাক সম্বোধন কৰা নাছিলো৷মই আৰ্কিমিডিছৰ ইউৰেকাৰ কথাহে কৈছিলো৷মানে পায় গ’লো,পায় গ’লো৷মই মোৰ গল্পৰ প্লট আৱিস্কাৰ কৰিলো৷প্ৰায় একে উশাহতেই কথাখিনি ক’লো৷কোনোমতে উশাহতো সলাই পুনৰ প্ৰশ্ন কৰিলো মানুহে কাউৰীক কিয় ইমান বেয়া পায়?কিয়?কিয় কাউৰীক সদায় বগলী অথবা কুলিৰ সৈতে তুলনা কৰা হ’য়৷কাউৰীৰোতো এক নিজ স্বকীয় সৌন্দৰ্য্য আছে৷হয় শুভ্ৰতাৰ প্ৰতি আমাৰ এক সহজাত দুৰ্বলতা আছে মৃতদেহক আবৰি ৰখা কাপোৰখনক বাদ দি৷But after all Black is also a standard colour.ক’লা ছাৰ্ট,ক’লা গোলাপ অথবা ক’লা স্মাৰ্ট ফোন যদি ষ্টেটাছ চিম্বল হ’য় তেন্তে ক’লা কাউৰীতো কিয় সদায় উপহাসৰ পাত্ৰ৷মোৰ দেশৰ অধিকাংশ অধিবাসীয়েই ক’লা,অন্তত পূৰ্ণ ক’লা নহলেও তাম বৰণৰ কিন্তু তাৰপিছতো ক’লা অভিনেতা-অভিনেত্ৰীৰ স্থান মাত্ৰ Comedy Character তেই সীমাবদ্ধ আৰু সেয়াও মাত্ৰ টাইপ কাষ্টিংৰ আৰ্শীবাদতদউত্তৰ ভাৰততো ক’লা হৈ জন্ম লোৱাতো এজনী ছোৱালীৰ বাবে অভিশাপস্বৰূপ৷যৌতুকৰ পাল্লাখন স্বাভাৱিক ভাবেই ভাৰি হৈ পৰে৷একবিংশ শতিকাৰ ভাৰতবৰ্ষত প্ৰতিজন ক’লা ব্যক্তিয়েই যেন Social Stigma ৰ অদৃশ্য শিকলিৰ মেৰপাকত বন্দী একোএকোজন মানসিক ক্ৰীতিদাস৷লিংকন তুমি কেতিয়া আহিবা মোৰ দেশলৈ বতাহত মুক্তিৰ নিচান উৰুৱাই?কাউৰীৰ দৰে ক’লা৷অসমীয়া ভাষাৰ এক পৰিচিত উপমা আমাৰ ভাৰতীয়সকলৰ শৰীৰত হয়তো racism ৰ বাবে আজিও এডাল পৃথক জিন আছে৷অসমীয়া ভাষাৰ এনে উপমা ইয়াৰেই এক জ্বলন্ত উদাহৰণ৷প্ৰকৃততে ভাষা-সাহিত্যৰ ছাত্ৰছাত্ৰীসকলে ইয়াক লৈ গৱেষণা কৰা উচিত৷মোৰ কিন্তু কাউৰীতোলৈ মৰম লাগে৷ক’লা ৰঙেৰে এটা শকত-আৱত মৰমলগা চৰাই৷গলুমলু মুখখনত চিকুতি দিবলৈ মন যায়৷”কাউৰীৰ কন্ঠস্বৰৰ কথা কি ক’ব?“ তাই শুধিলে৷কিছুসময় মৌন হৈ থাকি পুনৰ ক’লো হয় কাউৰীৰ কন্ঠস্বৰ কুলিৰ দৰে শুৱলা নহয়৷হয়তো নানে বসন্তৰ আগলি বতৰা৷কিন্তু প্ৰতিদিনেই সেই তথাকথিত কৰ্কশ কন্ঠই আমাক বাতৰি দিয়ে পুৱাৰ প্ৰভাতি কিৰণৰ৷গাওঁৰ প্ৰতিজন মানুহতো কাউৰীৰ মাততেই সাৰ পায়৷”কি ক’লে কাউৰীৰ মাতত!গাওঁৰ মানুহ!আৰে আপোনাৰ সেই প্ৰিয় চৰাইতো মহানগৰৰ নিবাসী৷“এইবাৰ ক্ষন্তেক পৰৰ বাবে জব্দ হ’লো৷হৈ যায় Overconfidence is always injurious to health.কিন্তু এইবাৰ মোৰ সুপ্ত হৈ থকা ৰাজনৈতিক সত্বাতো জাগ্ৰত হৈ উঠিল৷তুমি মানে কি ক’ব বিছাৰিছা মানুহে নগৰ-চহৰবোৰ বনোৱাৰ বহুবছৰৰ আগতেই কাউৰীয়ে সেইবোৰ বনাই বসবাস কৰিছিল আৰু তাৰপিছত ব্ৰিটিছে ৰেড ইণ্ডিয়ান সকলৰ পৰা আমেৰিকা হস্তগত কৰাৰ দৰে আমিওঁ কাউৰীৰ পৰা………”নহয় মানে মই সেইটো কোৱা নাই”এইবাৰ তাই জব্দ হ’ল৷এইবাৰ ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিলো৷হুহ কাউৰী গাৱত থাকে বা চহৰত থাকে সেয়া কাউৰীৰ ব্যক্তিস্বাধীনতা,সংবিধানপ্ৰদত্ত মৌলিক অধিকাৰ৷সেইবিষয়ে কোৱাৰ তোমাৰ কোনো নৈতিক অধিকাৰ নাই৷Now forget about polity.ইউটিউবত পাইছিলো আমি প্ৰতিদিনেই এলাৰ্মৰ ধাতৱ আৰু যান্ত্ৰিকস্বৰত সাৰ পোৱাতো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ব্ৰেইন টিউমাৰো হৈ যাব পাৰে৷তাতকৈ আমি ঘৰতে যদি এটা কাউৰী পুহি লওঁ পুৱাই কাউৰীৰ সেই পুলকিত কন্ঠত আমাৰ টোপনি ভাগিব৷এলাৰ্মতো বন্ধ কৰি শুই থকা সম্ভৱ কিন্তু চিঞৰি থকা কাউৰীক চুপ কৰোৱা প্ৰায় অসম্ভৱ৷ That’s the advantage of rearing a crow over the traditional alarm.মুঠতে প্ৰকৃতিৰ প্ৰতিতো উপকৰণ আৰু প্ৰতিতো প্ৰাণীয়েই সুন্দৰ আৰু স্বকীয়৷মাত্ৰ আমি সেই সৌৰ্ন্দয্যক বিছাৰিবলৈ শিকিব লাগিব৷(The every elements of mother nature is beautiful in it’s own way the only think you’ve to do is to find the beauty) কাৰণ আপুনিতো শুনিছাই চাগৈ ইংৰাজী সাহিত্যৰ সেই বিখ্যাত বাণী “Beauty lies in the eyes of the beholder.”

No caption just feel the Beauty.

Leave a comment