কাষৰে মানুহ এঘৰত সন্ধিয়া চাহৰ জুতি ল’বলৈ গৈছিলো৷গৃহস্থৰ সৰু ল’ৰাতোৱে ভাটৌৰ দৰে ইতিহাসৰ পাঠ আওঁৰাই আছিল৷ The reality of a Clark Producing Education System commonly known as Indian Education System.পোনাকণে আওঁৰালে গান্ধী,নেহেৰু,সুভাষ জী,ভগৎ সিং আদিৰ দৰে মহান আত্মা(যদিওঁ ভগৎ সিংৰ দৰে এজন নাস্তিকে আত্মা আৰু প্ৰেতাত্মাক বিশ্বাস কৰা নাছিল৷)ৰ ত্যাগ আৰু সংগ্ৰামৰ বলতেই ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল৷এইবাৰ ময়ো লগেলগে আওঁৰালো হিটলাৰৰ বলিদানৰ বাবেই ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে Indian Independence Act 1947 ৰ মাধ্যমেৰ বিদেশী(ব্ৰিটিছ) বণিকগোষ্ঠীৰ হাতৰ পৰা দেশীয় পুজিপতিৰ হাতলৈ ক্ষমতাৰ হস্তান্তৰ হৈছিল(Displacement of Power)৷গৃহস্থৰ কাণত হয়তো মোৰ ভোৰভোৰনিখিনিয়ে প্ৰৱেশ কৰিলে আৰু প্ৰত্যাশিত ভাবেই Antinationalist বুলি তেওঁৰ কন্ঠৰ পৰা এটা প্ৰচণ্ড চিঞৰ ভাহি অহাৰ পূৰ্বেই মই একে উশাহতে চাহ কাপ শেষ কৰি ঘৰলৈ ভিৰাই লৰ মাৰিলো৷হিটলাৰে আনিলে স্বাধীনতাৰ সংবাদ৷এনে নাভুত-নাশ্ৰুত কথা শুনি আপুনিওঁ নিশ্চয় মোৰ Blog ত Antinationalist বুলি কমেন্ট কৰাৰ কথাই ভাবিছে৷কিন্তু মোৰ Public Image বুলিওতো কথা এটা আছে যদিওঁ তাক লৈ মই মুঠেই সচেতন নহয়৷So first let me complete my argument via today’s story”ৰাষ্ট্ৰদ্ৰোহীৰ চাহমেল- Inspired by True Historical Events.” ঔৰ জাহা তক চৱাল মেৰা দেশভক্তি কা হ্যে, মই দেশপ্ৰেমী নে দেশদ্ৰোহী সেই বিছাৰ ইতিহাসে কৰিব,যদিওঁ বহুতৰ দৃষ্টিত মই এজন দেশদ্ৰোহী৷তেনেহলে পলম নকৰি আৰম্ভ কৰো আজিৰ কাহিনী৷সম্পূৰ্ণ কাহিনীতো পঢ়িবৰ বাবে তলত দিয়া লিংকত ক্লিক কৰক৷
মোগল সম্ৰাট জাহাংগীৰৰ দিনত ভাৰতীয় উপমহাদেশত বেপাৰ কৰিবলৈ অহা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দেশীয় ৰাজ্যসমূহৰ মাজত হোৱা আভ্যন্তৰীণ বিবাদৰ আচিলা লৈ এদিন সমগ্ৰ দেশৰ ক্ষমতাই হস্তগত কৰে আৰু পৰৱৰ্তীকালত কিছু ৰাজনৈতিক কাৰণবশত ক্ষমতা ব্ৰিটিছ ৰাজমুকুট(British Crown)ৰ হাতলৈ হস্তান্তৰিত হ’য় আৰু এনেদৰেই ভাৰতীয় ইতিহাসত আৰম্ভ হয় ঔপনিৱেশিকতাবাদৰ অন্ধকাৰ অধ্যায়ৰ৷আহক এইবাৰ উপভোগ কৰো আন এক Climax ১৯৩৯ চনৰ ১পৰ্য্যন্ত সমগ্ৰ বিশ্ব বলি হৈছিল এক বীভৎস আৰু ৰক্তক্ষয়ী যুদ্ধ বিভীষিকাৰ-দ্বিতীয় মহাসমৰ(World War II)৷জাপানৰ হিৰোছিমা আৰু নাগাচাকি চহৰত ক্ৰমে লিটল বয় আৰু ফেট মেন শীৰ্ষক পাৰমাণৱিক বোমাৰ বিস্ফোৰণৰ দ্বাৰা জাপানক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাই মাৰ্কিন যুক্তৰাষ্ট্ৰই প্ৰায় ছবছৰ যুৰি হোৱা দ্বিতীয় মহাসমৰৰ সামৰণি পেলায়৷পিছৰখিনি ইতিহাস মাত্ৰ৷দ্বিতীয় মহাসমৰৰ অন্তত পৃথিৱীৰ সৰ্ববৃহৎ অৰ্থনৈতিক আৰু সামৰিক শক্তি ৰূপে ৰেড ইণ্ডিয়ানৰ মৰিশালিৰ ওপৰত গঢ়ি উঠা পৰজীৱী মাৰ্কিন সভ্যতাৰ উত্থান হয় আৰু বিশ্ব ৰাজনীতিত ব্ৰিটেইনৰ প্ৰভাৱ ক্ৰমে হ্ৰাস পাবলৈ আৰম্ভ কৰে৷দ্বিতীয় বিশ্বযুদ্ধত হিটলাৰৰ জাৰ্মানীয়ে ব্ৰিটেইনক অৰ্থনৈতিকভাৱে ইমানেই কোঙা কৰি তুলিছিল যে সাতসাগৰ তেৰ নদীৰ পাৰৰ ভাৰতৰ দৰে এখন দেশত বিপ্লৱ দমনৰ নামত অজস্ৰ ধন ভাঙি ঔপনিৱেশিক শাসন চলোৱাতো ব্ৰিটেইনৰ বাবে তেতিয়া প্ৰায় অসম্ভৱপৰ হৈ পৰিছিল আৰু ইয়াৰেই পৰিণতিত ভাৰতত আৰম্ভ হৈছিল এক নতুন যুগৰ- The Era of Midnight Freedom.কেৱল ভাৰতেই নহয় ঔপনিৱেশিক শাসকগোষ্ঠীৰ বিৰূদ্ধে বিপ্লৱৰ ফিৰিঙতি নজ্বলা শ্ৰীলংকাৰ দৰে দ্বীপ ৰাষ্ট্ৰওঁ সামসাময়িক কালত ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হ’য়৷সেয়ে আপাত দৃষ্টিত মোৰ বোধেৰে দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত ব্ৰিটিছ ৰাজমুকুটৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভ কৰা প্ৰতিখন দেশৰ মুক্তিৰ নেপথ্যৰ ব্যক্তিজন হিটলাৰ আৰু হিটলাৰৰ নাজী জাৰ্মানী৷ Here I’ve rest my case regarding Hitler as a Messenger of Power Displacement.
Now let’s come to the second part of the today’s debate. Whether it is Independence or Displacement of Power?Indian Independence Act-1947 ৰ দ্বাৰা ব্ৰিটিছে দেশীয় পেটীবুৰ্জোৱা(ভাৰতীয় আধ্যৱান্ত শ্ৰেণী) শ্ৰেণীৰ হাতলৈ কিছু ক্ষমতাৰ হস্তান্তৰ কৰে যেনে-ভাৰতৰ ৰাষ্ট্ৰপতি অথৱা প্ৰধানমন্ত্ৰীজন ভাৰতীয় নাগৰিক হ’ব লাগিব৷ভাৰতীয়সকলে এখন নিজস্ব সংবিধান ৰচনা কৰিব৷ভাৰতীয়সকলে নিৰ্বাচনৰ মাধ্যমেৰে নিজৰ জনপ্ৰতিনিধিসকলক নিৰ্বাচন কৰিব আদি ইত্যাদি৷কিন্তু ভাৰতীয় সাংসদত দুজন মনোনীত এংলোইণ্ডিয়ান সদস্য থাকিব৷ব্ৰিটিছ সম্ৰাজ্ঞীয়ে ভিছা অবিহনেও ভাৰত ভ্ৰমণ কৰিবলৈ সক্ষম হ’ব৷সেয়ে আমাৰ দেশ এখন কমনৱেলথ(এজনৰ সম্পত্তি)ৰাষ্ট্ৰ একেদৰেই পাকিস্তান,বাংলাদেশ অথবা শ্ৰীলংকা৷কিন্তু কাৰ কমনৱেলথ আমি কাৰ সম্পদ? The simple and straight answer is we’re the Commonwealth of British Crown.হয় আমি কিছু ক্ষমতাৰ অধিকাৰী হ’লো অন্তত আন ন’হলেওঁ পাঁচোটা বছৰৰ অন্তত ভোটদান কৰাৰ৷কিন্তু খনি,চাহবাগানৰ দৰে লাভজনক উদ্যোগবোৰ ব্ৰিটিছ পুজিপতিৰ হাতোৰাতেই বন্দী হৈ থাকিল৷কাৰণ জোৰ যাৰ মূলূক তাৰ আৰু এই পুজিবাদী বিশ্বত ধন জাৰ জেপত ক্ষমতা আৰু বন্দুকৰ ট্ৰিগাৰো তেওঁৰেই হাতত৷
কিন্তু Indian Independence Act-1947 ত স্বাক্ষৰ কৰোতে হয়তো ব্ৰিটিছ শাসকগোষ্ঠীয়ে এই কথা কল্পনা কৰিবলৈয়ো সক্ষম হোৱা নাছিল যে পুজিবাদী বিশ্বৰ তেতিয়াৰ শিশু মাৰ্কিন যুক্তৰাষ্ট্ৰই এদিন যৌৱনপ্ৰাপ্ত হৈ নব্য ঔপনিবেশিকতাবাদৰ(Neo-colonizatoon) ধাৰণাৰে তেওঁলোকৰ আশাত চেঁচা পানী ঢালিব৷ক্ৰমাৎ ধন আৰু সামৰিক বলেৰে বলিয়ান মাৰ্কিন যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘ,বিশ্ববেংক আৰু আন্তৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ দৰে সংগঠনক পুতলা নাচৰ পুতলাক নচুৱাদি নচুৱাবলৈ আৰম্ভ কৰিলে৷গোলকীকৰণ(Globalization),উদাৰ অৰ্থনীতি(Liberal Economy) আৰু প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ(FDI) আদিৰ দৰে অৰ্থনৈতিক অস্ত্ৰৰ বলেৰে বলিয়ান মাৰ্কিন যুক্তৰাষ্ট্ৰই সমগ্ৰ পৃথিৱীজুৰি সূচনা কৰিলে শোষণৰ এক নতুন অধ্যায়-নব্য ঔপনিৱেশিকতাবাদৰ৷নব্য ঔপনিৱেশিকতাবাদৰ শোষণ পদ্ধতি কুৰি শতিকাৰ ঔপনিৱেশিকতাবাদতকৈ অধিক ভয়ংকৰ কাৰণ এনে শোষণৰ বিৰূদ্ধে বিপ্লৱৰ সূচনা হোৱাৰ সম্ভাৱনা অত্যন্ত সীমিত৷ধৰি লওঁক আপোনাৰ গাওঁখনত ১০ ঘৰ মানুহ আছে৷আপোনালোকক সকলোকে এসাঁজ ভাত খুৱাবলৈ চৰকাৰ মোক ১০,০০০ টকা দিলে আৰু হিছাপ অনুসৰি মই প্ৰত্যেকজন গাওঁবাসীকে একাঁহী ভাত আৰু পাঁচটুকুৰা খাহী মাংসৰ এটা জোল ভৰ্তি বাতি দিব লাগিছিল৷এতিয়া মই যদি তাকে নকৰি আপোনালোকৰ সন্মুখতে মাংস-ভাত ৰান্ধি গোটেই মাংস কেৰাহী নিজেই খাই থওঁ আৰু আপোনালোকক নিমখ তেলেৰে ভাত খাবলৈ দিওঁ তেন্তে আপোনালোকে নিশ্চয় মোক চুই কিলাব৷কিন্তু তাকে নকৰি মাংসৰ পৰিমাণৰ তথ্য গোপনে ৰাখি মই গাৱঁৰ প্ৰভাৱশালী ব্যক্তিকেইজনক যদি তিনিটুকুৰা খাহী মাংসৰে এসাজ ভালকৈ খুৱাই বাকী নদাই-ভদাই সকলক যদি লোণ-তেলেৰে ভাত খুৱাওঁ তেন্তে মোৰ বিষয়ে কোনেওঁ তু শব্দ এটাওঁ উচ্চাৰণ নকৰে কাৰণ গাওঁৰ প্ৰভাৱশালী ব্যক্তিকেইজন এতিয়া মোৰ কোটৰ জেপত৷ইয়াৰে প্ৰথমতো কাণ্ডই ঔপনিৱেশিকতাবাদক সূচাইছে য’ত আপোনালোকে মোক চুই কিলাইছিল কাৰণ তাত শোষণৰ পদ্ধতি আছিল প্ৰত্যক্ষ আৰু নব্য ঔপনিৱেশিকতাবাদ হ’ল দ্বিতীয়টো উদাহৰণ য’ত আপোনালোক মূক হৈ পৰিল কাৰণ এইবাৰ শোষণৰ পদ্ধতি আছিল পৰোক্ষ আৰু গাওঁৰ প্ৰভাৱশালী ব্যক্তিসকল মোৰ কোটৰ জেপত৷এনেদৰেই আজিৰ ভাৰতত বিদেশী কোম্পানীয়ে লাভজনক খণ্ডত বিনিয়োগ অব্যাহত ৰাখিছে,ঘোচখোৰ মন্ত্ৰী-আমোলাৰ জেপত গুজি দিছে কেইটামান ডলাৰ,ডলাৰৰ মূল্য যিহেতু টকাতকৈ বেছি সেয়ে দেশীয় পুজিপতিয়ে ঘোচ দিয়াৰ দৌৰত উজুতি খাইছে,Contract বিদেশী কোম্পানীয়ে পাইছে,কোম্পানীৰ মাহে ১০০০০ টকা দৰমহা পোৱা মজদুৰজনো আমাৰ, 3 BHK ৰ ফ্লেট আৰু BMW কোম্পানীৰ পৰা উপঢৌকন পোৱা CEO জনো আমাৰ আৰু কেচামালো আমাৰ মাত্ৰ মুনাফা বিদেশী ৰাষ্ট্ৰৰ৷আজি যদি সেই খণ্ডবোৰ চৰকাৰৰ হাতত থাকিলেহেঁতেন!চৰকাৰী আয় হয়তো আজিৰ তুলনাত শতগুণ বৃদ্ধি পালেহেঁতেন লগতে জনকল্যাণমূলক আচনিৰ পৰিসৰ৷সেয়ে সৰ্বশেষত কোনাবাখিনিত পেটত লাঠতো সকলোৱে খাইছে লাগিলে তেওঁ সৰ্বহাৰাই হওঁক কিম্বা আদানি-আম্বানিয়েই মাত্ৰ পৰিমাণতো কাৰোবাৰ বাবে কম আৰু কাৰোবাৰ বাবে বেছি৷ভাৰত যদি সঁচা অৰ্থত সমাজবাদী ৰাষ্ট্ৰ হ’লহেঁতেন হয়তো মাৰ্চিডিছ কাৰো হাতত নাথাকিলহেঁতেন কিন্তু এখন নেনো কিনাৰ সামৰ্থ সকলোৰে থাকিলেহেঁতেন৷কিন্তু চৰকাৰী খণ্ড মানেই দেখোন ঘোচ দিয়া আৰু লোৱাৰ দৌৰ বা ৰঙাফিটাৰ মেৰপেছ(Red tapism)
তেন্তে সমাধান ক’ত৷আপোনাৰ যেতিয়া ডায়েৰিয়া হ’য় আপোনাৰ পেট বিষাই,বমি আৰু পাতল শৌচ হয় আৰু খাদ্যবস্তু হজম নহয়৷কিন্তু এইবোৰ সেই বেমাৰৰ লক্ষণ মাত্ৰ৷কাৰণ বা বীজাণু এটাই ভাইৰাছ সম্ভৱতঃ Retrovirus শ্ৰেণীৰ৷তেনেদৰেই ভোগবাদী সভ্যতাৰ জ্বৰত আজি বিশ্ব আক্ৰান্ত৷ইয়াৰ লক্ষণসমূহ গোলকীকৰণ,উদাৰীকৃত অৰ্থনীতি,প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ,দুৰ্নীতি,চৰকাৰী খণ্ডৰ অনগ্ৰসৰতা আদি৷কিন্তু ভাইৰাছ মাত্ৰ এটাই পুজিবাদ(Capitalism)- অৰ্থাৎ যিকোনো মূল্যৰ বিনিময়ত কেৱল আৰু কেৱল মুনাফা(Capitalism means profit at any cost.)সেয়ে মধ্যপ্ৰাচ্য আজি ইমান অশান্ত৷সৌভাগ্যৰ বিষয় যে এই ভাইৰাছৰ বিৰূদ্ধে মাৰ্ক্স আৰু তেওঁৰ সংগীসকলে তাহানিতে এক প্ৰতিষেধক(Vaccine) ৰ উদ্ভাৱন কৰিছিল যাৰ নাম সমাজবাদ(Socialism)৷
বিধিসন্মত সতৰ্কীকৰণ-চীন বা ৰাছিয়াৰ পৰা সমাজবাদৰ শিক্ষা ন’লব সিহঁত সমাজবাদৰ মুখা পিন্ধা একোএকোখন পুজিপতি ৰাষ্ট্ৰ৷স্তালিনৰ কালৰ ৰাছিয়াতো সমাজবাদ নাছিল৷সেয়া আছিল মাত্ৰ আমোলাতান্ত্ৰিক সমাজবাদ(Bureaucratic Socialism) আৰু ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাই ভাৰতক সমাজবাদী দেশ বুলি ক’লেওঁ এয়া State Capitalism মাত্ৰ৷যদি সমাজবাদৰ শিক্ষা ল’বই বিচাৰিছে তেন্তে ফিডেল কাষ্ট্ৰোৰ দেশ কিউবাৰ পৰা লওঁক আৰু সংগ্ৰাম কৰক কিন্তু কাকো দাস সাজিবলৈ নহয় সৰ্বহাৰাক দাসত্ত্বৰ পৰা মুক্তি দিবলৈ৷”Soldiers don’t fight for slavery,fight for liberty. Fight for the reason of smile not for anyone’s tears. Fight for a peaceful,descent and new world as the kingdom of God is within men not in one man,not within a group of men but in all men even in you also.“(The Great Dictator চলচিত্ৰৰ চাৰ্লি চেপলিনৰ কেইটামান বিখ্যাত সংলাপৰ পৰা শেষৰ কথা কেইটা ধাৰ কৰা হৈছে৷) বহু কথাই পাতিলো৷আজিলৈ ইমানতে সামৰিছো৷কি ঠিক?মোক যদি দেশদ্ৰোহী বুলি আপুনি টালিটোপোলা বান্ধি পাকিস্তান যাবলৈকে কয়৷ভাবকচোন COVID-19 ৰ এইহেন সংকটকালত লকডাউনৰ মাজত মই কাটাতাৰ পাৰ হৈ বাৰু কেনেকৈ পাকিস্তানলৈ যাম৷ইমানপৰে আপুনি মোৰ এই দীঘলীয়া আৰু আমনিদায়ক কাহিনী শুনিলে৷মোৰ কথাবৰ্তাত যদি আপুনি দেশদ্ৰোহীৰতাৰ গোন্ধ পাইছে আপুনি নিশ্চয় মোৰ Blog ত দেশদ্ৰোহী বুলি কমেণ্ট কৰিব পাৰে৷কাৰণ সেয়া ভাৰতীয় সংবিধানৰ ২১নং অনুচ্ছেদে আপোনাক প্ৰদান কৰা মত প্ৰকাশৰ স্বাধীনতাৰ মৌলিক অধিকাৰ৷ So you’re always welcome to called me as a bloody anti- Nationalist because I firmly believe in Democracy.মোৰ কোনো আপত্তিও নাই কাৰণ মই কোনো ৰাজনৈতিক নেতা নহয় আৰু সেয়ে পূৰ্বে কোৱাৰ দৰেই মই মোৰ ৰাজহুৱা ভাৱমূৰ্ত্তিক লৈ মুঠেই সচেতন নহয়৷বাকী মেৰে প্যাৰে দেশবাসীয়ো জাহা ত্যক চৱাল মেৰা দেশ ভক্তি কা হ্যে তাৰ বিচাৰ ইতিহাসে এদিন নিশ্চয় কৰিব৷
