আজি দুপৰীয়াৰ সাজত চয়াবিন আছিল৷ভাত দুগৰাহ সৰহকৈয়েই খালো৷এইহেন আকালৰ দিনত চয়াবিনেই বাটাৰ চিকেন সম এইবুলি নিজকে সান্ত্বনা দি Netflix ৰ পৃথিৱীত বিচৰণ কৰিবলৈ আৰম্ভ কৰিলো৷ Operation Finalle, Espionage জগতৰ এখন বহুলভাবে সমাদৃত চলচিত্ৰ৷তদানীন্তন নাজী চৰকাৰৰ ইহুদী পৰিক্ৰমা মন্ত্ৰী এড’ল্ফ আইকমেনক বিচাৰি আৰ্জেণ্টিনাৰ ভূমিত Mosad  ৰ এক শ্বাসৰুদ্ধকৰ অভিযান৷হঠাৎ চকুকেইটা ধূসৰ হৈ পৰিল৷এইবাৰ Netflix ৰ পৰ্দাত এখন কাৰ্টুন ভাহি আহিল৷ Pirates of the Caribbean Sea ৰ খলনায়কৰ ভূমিকাত স্বয়ং ৱাল্ট ডিজনিৰ বিখ্যাত চৰিত্ৰ ডনাল্ড ডাক৷এক বিশেষ ভংগীত ছিগাৰৰ ধোৱা উৰুৱাই এটা প্ৰকাণ্ড বগা ঘৰৰ সন্মুখত ঠিয় হৈ ডনাল্ডে ৫৬ ইঞ্চিৰ বুকুৰ গেৰুৱাবসন পৰিহিত এজন জোলোঙা লৈ ফুৰা ফকীৰক ধমক দিলে তুমি যদি তোমাৰ জোলোঙাত লুকুৱাই ৰখা হাইড্ৰক্সি’ক্লৰকুইন আমাক নিদিয়া সেয়া আমি বলপূৰ্বকভাবে কাঢ়ি লবলৈ বাধ্য হ’ম৷এয়া কি ৫৬ ইঞ্চিৰ বুকুখনৰ অৱস্থাচোন পম যোৱা বেলুনটোৰ দৰে হ’ল আৰু সেমেনা-সেমেনিকৈ জোলোঙাৰ পৰা ফকীৰে উলিয়াই দিলে ইমান পৰে সাঁচি ৰখা হাইড্ৰক্সি’ক্লৰকুইনৰ টেমা৷মোবাইলৰ ভাইব্ৰেচনৰ শব্দত টোপনি ভাগিল৷ইমানপৰে মানে সপোনহে দেখি আছিলো৷কি যে বিচিত্ৰ সপোন!ক’ৰণাৰ যুগ৷বাতৰিকে চাওঁ বুলি Jio Tv তো খুলি ল’লো৷এইবাৰ বিস্ময়ভূত হৈ পৰিলো৷এটা হুমুনিয়াহ কাঢ়ি ক’লো সপোনৰ পৃথিৱীখনতকৈয়ো বিস্ময়কৰ এই বাস্তৱ পৃথিৱী৷
                           ভাৰতবৰ্ষৰ প্ৰখ্যাত বাতৰিকাকত India Today ৰ Online Portal ত প্ৰকাশিত বাতৰি অনুসৰি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো ভাৰতবৰ্ষই আমেৰিকা যুক্তৰাষ্ট্ৰক হাইড্ৰক্সি’ক্লৰকুইনৰ যোগান নধৰাৰ বাবে ট্ৰাম্পে ভাৰতবৰ্ষক সামৰিক প্ৰত্যাক্ৰমণ(Retaliation)ৰ ভাবুকি প্ৰদান কৰিছে৷একেটা উৎসৰ পৰা পোৱা আন এক বাতৰি অনুসৰি শেহতীয়া ভাবে ভাৰত চৰকাৰে সকলোকে এই বিষয়ৰ ৰাজনীতিকৰণ নকৰিবলৈ অনুৰোধ জনাইছে আৰু আমেৰিকালৈ হাইড্ৰক্সি’ক্লৰকুইন ৰপ্তানি কৰিবলৈ সন্মতি জনাইছে৷পৃথিৱীৰ এই অসুখকালত ৰাজনীতি কৰিবলৈ আমি মুঠেই ইচ্ছুক নহয় কিন্তু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি সৰ্ম্পকত দেশবাসীক অৱগত কৰাওঁ মোৰ নৈতিক কৰ্তব্য৷
                                 হাইড্ৰক্সি’ক্লৰকুইন(C18H26ClN3O)
মেলেৰিয়া ৰোগত আক্ৰান্তসকলক চিকিৎসা কৰিবলৈ বহুল ভাবে ব্যৱহাৰ কৰা এবিধ ঔষধ৷বৰ্তমান COVID-19 আক্ৰান্ত ৰোগীসকলৰ লক্ষণ সমূহৰ চিকিৎসা(for the treatment of the symptoms only) কৰিবলৈওঁ পৃথিৱীজুৰি চিকিৎসক সকলে এইবিধ ঔষধৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে৷বিশ্বৰ ভিতৰতেই হাইড্ৰক্সি’ক্লৰকুইনৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ স্থান প্ৰথম৷আমাৰ দেশত মেলেৰিয়া ৰোগৰ সংক্ৰমণ অধিক সেয়ে হাইড্ৰক্সি’ক্লৰকুইনৰ উৎপাদনো অধিক৷কিন্তু আমেৰিকাৰ দৰে শীতল জলবায়ুৰ দেশত মেলেৰিয়া ৰোগৰ সংক্ৰমণৰ পৰিসৰ নিচেই সীমিত৷সেয়ে এই ঔষধকলৈ তেওঁলোক সচেতনো নহয়৷সেইবাবে আজি স্বাভাৱিকতেই আমেৰিকা যুক্তৰাষ্ট্ৰত এই ঔষধৰ নাটনি হৈছে৷বন্ধু ৰাষ্ট্ৰ হিছাপে যুক্তৰাষ্ট্ৰই আমাক সহায় বিচাৰিছিল৷কিন্তু ভাৰত ৰাষ্ট্ৰওঁ অপৰাগ৷COVID-19 ৰ প্ৰতিষেধক আমাৰ দেশৰ হাততো নাই৷ আজি কোৱেৰন্টাইন মানি চলাৰ বাদে আমাৰ হাতত আন কোনো বিকল্পও নাই৷সেয়ে পৰ্য্যাপ্ত হাইড্ৰক্সি’ক্লৰকুইন গুদামত মজুত থকাৰ পিছতো ভাৰত চৰকাৰে কালিলৈকে ইয়াৰ ৰপ্তানিৰ অনুমতি প্ৰদান কৰা নাছিল৷তাকো SARS-CoV-20 সমগ্ৰ বিশ্বৰ বাবেই এটা নতুন নাম৷এই ভাইৰাছ সম্পৰ্কীয় গৱেষণাসমূহ এতিয়াওঁ তৃণমূল পৰ্য্যায়তে আছে৷আমি নাজানো এই মৃত্যুৰ বিভীষিকা আৰু কিমান দিনলৈ অব্যাহত থাকিব আৰু কিমানজন সংক্ৰমিত হ’ব৷তৃতীয় পৰ্যায়ত আক্ৰান্তৰ সংখ্যাই ৬ লাখ অতিক্ৰম কৰিব বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যেই আশংকা প্ৰকাশ কৰিছে৷কিন্তু ভবিষ্যতৰ কথা কোনে জানে?হয়তো মাত্ৰ ৬ জনো হ’ব পাৰে আৰু ৬ কোটিও হ’ব পাৰে৷সেইবাবেই আমি হাইড্ৰক্সি’ক্লৰকুইন মজুত ৰখাতো সময়ৰ দাবী৷ফলত স্বাভাৱিকেই মই কালিলৈকে ভাৰত চৰকাৰে লোৱা সিদ্ধান্তৰ পক্ষতেই আছিলো৷
                                       এতিয়া আহো যুক্তৰাষ্ট্ৰৰ প্ৰসংগলৈ৷প্ৰথমেই কৈছো যুক্তৰাষ্ট্ৰত মেলেৰিয়াৰ পৰিসৰ সীমিত৷সেয়ে যুক্তৰাষ্ট্ৰত হাইড্ৰক্সি’ক্লৰকুইনৰ মজুত ৰাশিওঁ সীমিত৷কিন্তু হাস্যকৰ কথাতো হ’ল তথাকথিত বিশ্বশক্তি(Superpower) ৰ হাতত হেনো পৰ্য্যাপ্ত পৰিমাণে মাস্ক আৰু চেনিটাইজাৰো নাই৷COVID-19 ৰ সময়ত বৰ্তমান পৰ্য্যন্ত যুক্তৰাষ্ট্ৰৰ স্বাস্থ্যকৰ্মীসকলেই সৰ্বাধিক আক্ৰান্ত হৈছে৷কাৰণ ছেনিটাইজাৰ আৰু মাস্কৰ অভাৱ৷এয়াই পুজিবাদী সভ্যতাৰ লুচিফাৰস্বৰূপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্যসেৱাৰ ফোপোলা স্বৰূপ৷প্ৰতিৰক্ষাৰ নামত বিলিয়ন-ট্ৰিলিয়ন ডলাৰ ব্যয় কৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এয়া আন এক নগ্ন সত্য৷ভিক্ষাৰীক দান দিয়াতো আমাৰ সংস্কৃতি লাগিলে সেই ভিক্ষাৰীজনে তেওঁৰ ভালসময়ত আমাৰ দৰিদ্ৰতাক ভেঙুচালিয়েই নকৰিছিল কিয়,যিদৰে আজিৰ হাইড্ৰক্সিক্লৰকুইনৰ ভিক্ষাৰী ৰাষ্ট্ৰ আমেৰিকাই আমাৰ দূৰ্ভিক্ষৰ সময়ত আমাক ঘোঁৰাই খোৱা ঘেহুৰ যোগান ধৰি আমাক পশু বুলি বিদ্ৰুপ কৰিছিল৷কিন্তু দান দিয়াতো নিশ্চয়কৈ সীমাবদ্ধতা আছে৷লক্ষ্মণ ৰেখা পাৰ হৈ সাধু ৰূপী ৰাৱণক অন্ন দান কৰাৰ বাবেই সীতাহৰণ সম্ভৱ হৈছিল৷আজিৰ পৰিস্থিতিওঁ অনুৰূপ৷কোৱাৰেন্টাইনৰ লক্ষ্মণ ৰেখা পাৰ হৈ হাইড্ৰক্সি’ক্লৰকুইনৰ আন্তৰাষ্ট্ৰীয় বাণিজ্য কৰিলে বিপদ আমাৰ নিজৰেই৷হয় এই যুক্তি সত্য যুক্তৰাষ্ট্ৰত বহু ভাৰতীয় মূলৰ পৰিয়াল আছে৷কিন্তু লগতে এয়াও সত্য যে তেওঁলোকৰ অধিকাংশই আজি যুক্তৰাষ্ট্ৰীয় নাগৰিক৷সেয়ে তেওঁলোকৰ জীৱনৰ দ্বায়িত্ব আমাৰ নহয় বৰঞ্চ যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ৷হয় এই কথাওঁ সত্য যে বৰ্তমান যুক্তৰাষ্ট্ৰৰ সৈতে আমাৰ বাণিজ্যিক সম্পৰ্ক মধুৰ৷কিন্তু এয়াওঁতো সত্য আন্তৰাষ্ট্ৰীয় বাণিজ্যত কোনো কাৰো স্থায়ী মিত্ৰ অথবা শত্ৰু নহয় আৰু মোৰ বোধেৰে বাণিজ্যিক সম্পৰ্কতকৈ দেশবাসীৰ জীৱন হাজাৰ গুণে মূল্যবান৷সেয়ে যুক্তৰাষ্ট্ৰক সহায় কৰাৰ ইচ্ছা থাকিলেওঁ আজিৰ তাৰিখত আমি নিৰূপায়৷ভাৰত ৰাষ্ট্ৰৰ এই অপৰাগতাক অন্ততঃ নৰেন্দ্ৰ মোদীয়ে বিশ্বাসী বন্ধু আখ্যা দিয়া ট্ৰাম্পে অনুধাৱন কৰিব লাগিছিল৷কিন্তু অনুধাৱন কৰাতো দুৰৰে কথা প্ৰিয়বন্ধু ট্ৰাম্পে আমাক ভাবুকি হে দিলে৷অবশ্যে এজন আমেৰিকানে আমাৰ অপৰাগতা বুজি পাব বুলি আমি আশা কৰাওঁ মূৰ্খামি মাত্ৰ৷ৰেড ইণ্ডিয়ানৰ কবৰৰ ওপৰত গঢ়ি উঠা মাৰ্কিন সভ্যতা হৃদয়হীন৷চলে-বলে-কৌশলে আনৰ সম্পদ হস্তগত কৰাতোৱেই তেওঁলোকৰ নীতি আৰু সংস্কৃতি৷যিদৰে তেওঁলোকৰ পূৰ্বপুৰুষসকলে ৰেডইণ্ডিয়ান সকলৰ পৰা তেওঁলোকৰ ভূমি আৰু অৰণ্য কাঢ়ি নিলে,উত্তৰপুৰুষসকলে মধ্যপ্ৰাচ্যৰ তেল কাঢ়ি নিলে সেইদৰেই আগন্তুক দিনত তেওঁলোকে আমাৰ পৰা অত্যাৱশ্যকীয় হাইড্ৰক্সি’ক্লৰকুইনো কাঢ়ি নিব৷আমেৰিকাৰ ভাবুকিৰ ফলশ্ৰুতিত মোৰ দেশে আজি এনে জটিল সন্ধিক্ষণত বাণিজ্যিক নীতি সলনি কৰিবলৈ বাধ্য হৈছে৷এয়া বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সামৰিক শক্তিৰ অধিকাৰী দেশ ভাৰতৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সাৰ্বভৌমত্বৰৰ নিমজ গালত এটা পূৰ্ণহতীয়া চৰ৷কিন্তু সকলো জানি-শুনিওঁ আমি আত্মসমৰ্পণ কৰিলো৷কাৰণ-দেশপ্ৰেম,জাতীয়তাবোধ আৰু আত্মসন্মান নামৰ কোনো শব্দই আমাৰ ভাৰতীয় সকলৰ অভিধানত নাই৷যদি আমাৰ মনোজগতত সামান্যতমো এনে আদৰ্শৰ অৱশেষ থাকিলেহেঁতেন তেনেহ’লে আমি হাঁহি-হাঁহি যুক্তৰাষ্ট্ৰৰ এই প্ৰত্যাহ্বানক গ্ৰহণ কৰিলোহেঁতেন আৰু নাওঁ বুৰিলেও টিঙৰ পৰা ননমা ট্ৰাম্পক উচিত শিক্ষা দিলোহেঁতেন৷যিদৰে বিলিয়ন ডলাৰৰ অৰ্থনৈতিক প্ৰতিবন্ধকতাক হাঁহিমুখে গ্ৰহণ কৰি আজি কিউবান সকল আত্মসন্মানসহ জীয়াই আছে৷আমাৰ এই দুৰ্বলতাক যুক্তৰাষ্ট্ৰৰো অজ্ঞাত বিষয় নহয়৷সেয়ে এমুঠি মান জনসংখ্যাৰ দেশ কিউবা অথবা ভিয়েটনামৰ নাম শুনিলেই বুকুত কঁপনি উঠা যুক্তৰাষ্ট্ৰই ১৩০ কোটি জনসংখ্যাৰ দেশ ভাৰতক ভাবুকি দিবলৈ সাহস পালে৷আজি এই একেটা ভাবুকিয়েই যদি ট্ৰাম্পে ইজৰাইলক দিলেহেঁতেন তেনেহ’লে হয়তো কাইলৈয়ে হোৱাইট হাউচৰ মাজ মজিয়াতে Mosad ৰ কোনো  Undercover Agent এ ট্ৰাম্পক……………কিন্তু আমিতো আজিলৈকে ২৬/১১ ৰ মাষ্টাৰ মাইণ্ড হাফিজ ছয়ীদৰে চুলি এডালো লৰাবলৈ সক্ষম ন’হলো৷তেন্তে আত্মসমৰ্পণৰ বাহিৰে আমাৰ হাতত বিকল্পই বা কি আছে? ভগৱানে যি কৰে ভালেই কৰে৷ভালেই হ’ল দিয়ক লৌহপুৰুষ চৰ্দাৰ পেটেল আজি জীৱন্ত নহয় এক নিৰ্বাক মূৰ্তি মাত্ৰ অন্যথা  লৌহ পুৰুষজনে জীৱন্ত অৱস্থা তেওঁৰ সপোনৰ ভাৰতৰ শাসক সকলৰ এনে আচৰণ দেখি হয়তো আজি মৰ্মাহত হ’লহেঁতেন৷
                                  কিন্তু তাৰ পিছতো মই মোৰ দেশখনক ভাল পাওঁ৷কাৰণ লিংকনে সেই বিখ্যাত চিঠিখনত উল্লেখ কৰাৰ দৰেই প্ৰতিজন ধূৰ্ত আৰু অসৎ ব্যক্তিৰ বিপৰীতে কিছুসংখ্যক ভাল মানুহো থাকে আৰু মোৰ বিশ্বাস মোৰ দেশত বেয়া লোকতকৈ ভাল লোকৰ সংখ্যাই অধিক৷সেয়ে এই দেশে বহু কিবাকিবি হেৰুৱাৰ পিছতো আমি নতুন দিনৰ সপোন দেখো৷আকৌ নতুন প্ৰভাত হ’ব৷ভাল মানুহখিনি সংগঠিত হ’ব৷গণবিপ্লৱে দেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত পট পৰিবৰ্তন কৰিব৷ভাৰত তথাকথিত বিশ্বশক্তি নহয় কিন্তু বিশ্বৰ বাবে এক আদৰ্শ হ’ব৷আমি সেইখন ভাৰতৰ সপোন দেখো য’ত কোনো বুভুক্ষু,মগনীয়া অথবা শিশুশ্ৰমিক নাথাকিব,লোপ পাব পুৰুষতান্ত্ৰিকতাৰ দম্ভ আৰু উৎপাদনৰ আহিলা সমূহৰ ওপৰত প্ৰতিজন নাগৰিকেই লাভ কৰিব সম অধিকাৰ৷আমাৰ সপোনৰ ভাৰতত শিক্ষা আৰু স্বাস্থ্যসেৱা কেবল ৰংচঙীয়া চৰকাৰী বিজ্ঞাপনৰ ভিতৰতেই আবদ্ধ হৈ নাথাকে এই মানৱীয় সেৱা সমূহে স্পৰ্শ কৰিব মোৰ দেশৰ প্ৰতিজন নাগৰিকক৷এই দেশত নাথাকিব হিন্দু-ইছলাম অথবা জাতিভেদৰ সংঘাত৷কাৰণ মোৰ দেশ মানুহৰ দেশ৷মই এখন মানুহৰ দেশৰ সপোন দেখো য’ত প্ৰভাতীয়ে পক্ষীয়ে সুললিত কণ্ঠেৰে গাই মানৱতাৰ জয় গান৷
                         
                                    

Hydroxychloroquine.
3D Model of Hydroxychloroquine.

Leave a comment