Questa mattina mi sono alzato
O bella ciao, bella ciao, bella ciao, ciao, ciao-আজিৰ যুৱ প্ৰজন্মৰ মাজত Bella Ciao এটি জনপ্ৰিয় গীত৷এই গীতটি মই পোনপ্ৰথমবাৰৰ বাবে Money Heist শীৰ্ষক Netflix Originals খন চাওঁতে চিৰিজখনৰ নায়ক প্ৰফেচৰ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ বাৰ্লিনৰ কন্ঠত শুনা পাইছিলো৷কিয় জানো তেতিয়াই গীতটিৰ সুৰে মোক মন্ত্ৰমুগ্ধ কৰি তুলিলে৷কিন্তু গীতটিৰ কথা অথবা সাৰমৰ্ম মই মুঠেই বুজি পোৱা নাছিলো৷মোৰ এটা বদঅভ্যাস আছে৷এটা গীত ভাল লাগিলে মই বাৰে-বাৰে সেই গীতটি শুনি থাকো-আমনি নলগা পৰ্য্যন্ত আৰু মোৰ কৰ্কশ আৰু বেসুৰা কন্ঠৰে প্ৰতি মূহূৰ্ততে মোৰ প্ৰিয় গীতৰ কলি গুণগুণাওঁ,সেয়ে কাষত থকাসকলে প্ৰায়েই অসুবিধা পায়৷Bella ciao পুনৰ শুনাৰ স্বাৰ্থত Youtube ত Search কৰিলো৷এইবাৰৰ ভিডিঅ’টোত English Subtitle আছিল৷এটা সাংঘাতিক অৰ্থবহ গীত৷Subtitle ত এটা শব্দ জিলিকি উঠিল “Partisan” অৰ্থা কোনো সশস্ত্ৰ বিপ্লৱী দলৰ সদস্য৷এইবাৰ মোৰ মনত কিছু সন্দেহৰ উদ্ৰেক হ’ল৷Bella ciao ৰ নিশ্চয় কিবা ঐত্যিহাস্যিক ভিত্তি আছে৷এইবাৰ Googleৰ সহায় ললো৷Google ৰ প্ৰযুক্তিৰ সহায়ত প্ৰায় কেইটামান মূহূৰ্তৰ ভিতৰতেই সকলো সন্দেহৰ নিবাৰণ হ’ল আৰু সন্ধান কৰি উলিয়াবলৈ সক্ষম হ’লো যুৱপ্ৰজন্মৰ অত্যন্ত প্ৰিয় Bella ciao ৰ বিপ্লৱী ইতিহাস৷
Money Heist মূলত স্পেনিছ চিৰিজ৷সেয়ে প্ৰথম অৱস্থাত মই Bella ciao এটা স্পেনিছ ভাষাৰ গীত বুলিয়েই বিশ্বাস কৰিছিলো৷কিন্তু প্ৰকৃত সত্য কিছু পৃথক৷সামন্তযুগীয় ইটালীৰ কৃষি শ্ৰমিকসকলৰ বিপ্লৱী কন্ঠত অত্যাচাৰী জমিদাৰৰ বিৰূদ্ধে প্ৰতিধ্বনিত কন্ঠ-Bella ciao৷সৰল ভাষাত ক’বলৈ গ’লে অসমীয়া সাহিত্যৰ নাহৰৰ গীতৰ দৰেই Bella ciao এক ইটালিয়ান বেলাড বা মালিতা৷Bella ciao ৰ স্ৰষ্টা সম্পৰ্কে ইতিহাস নিমাত৷Bella ciao এটা ইটালিয়ান শব্দ৷ইয়াৰ অৰ্থ হে সুন্দৰ/সুন্দৰী তোমাক বিদায়(Goodbye beautiful)৷গীততিৰ মূলভাব এনেধৰণৰ-পুৱাৰ প্ৰভাতী কিৰণতে নিহালিখন এৰি মই ধাননিডৰালৈ যাওঁ আৰু দিনতোৰ বাবে এনেদৰেই আৰম্ভ হয় মোৰ কষ্টকৰ আৰু সংগ্ৰামী জীৱনযাত্ৰা৷বিষাক্ত পতংগ আৰু ৰক্তপিপাসু ম’হবোৰৰ মাজত মই দিনতো হাড়ভগা পৰিশ্ৰম কৰো৷সৌৱা দুৰণিত হালোৱা এছাৰিডাল জোকাৰি ৰৈ আছে মোৰ প্ৰভু অত্যাচাৰী জমিদাৰ৷আস কি যে কষ্টকৰ এই জীৱনযাত্ৰা৷মোৰ কামিহাড় বেকা হৈ পৰিছে৷সোণগুটিৰ মাজত অতিবাহিত প্ৰতিতো মূহূৰ্ততে মই হেৰুৱাইছো মোৰ জীৱন আৰু যৌৱন৷কিন্তু মই আশাবাদী এটা সুন্দৰ পুৱা আমি সন্মিলিত হৈ সামান্তবাদী শাসকৰ বিৰূদ্ধে মুক্তিযুঁজত মিলিত হ’ম৷হে সুন্দৰ/সুন্দৰী তোমাক বিদায়৷
প্ৰথম মহাসমৰৰ অন্তত বেনিটো মুছলিনীৰ নেতৃত্বত ইটালীত ফেচিবাদৰ অভ্যূত্থান হ’য়৷ফেচিবাদ গণতন্ত্ৰ বিৰোধী এক একনায়কত্ববাদী শাসনব্যৱস্থা য’ত শাসকপক্ষই স্বপক্ষবিৰোধী প্ৰতিতো কাৰ্য্যকলাপকে ৰাষ্ট্ৰসন্ত্ৰাসৰ দ্বাৰা কঠোৰ হাতেৰে দমন কৰে৷এনে ব্যৱস্থাত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু মানৱ অধিকাৰৰ কোনো স্থান নাই৷জাৰ্মানীৰ ফিউৰ’ৰ হিটলাৰ,ফেচিষ্ট মুছলিনী আৰু জাপানৰ প্ৰধানমন্ত্ৰী টুজোৰ নেতৃত্বত অক্ষশক্তিয়ে সমগ্ৰ বিশ্বজুৰি যুদ্ধ উন্মাদনাৰ সৃষ্টি কৰে আৰু এইদৰেই সৃষ্টি হ’য় প্ৰলয়ংকাৰী দ্বিতীয় মহাসমৰৰ৷অৱশ্যে ইয়াৰ বাবে প্ৰথম মহাসমৰৰ অন্তত ব্ৰিটেইন,ফ্ৰান্স আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই গ্ৰহণ কৰা কিছুমান একপক্ষীয় সামৰিক আৰু অৰ্থনৈতিক নীতি মূখ্যত জগৰীয়া আছিল৷দ্বিতীয় মহাসমৰৰ বিভীষিকাৰ মাজতেই ১৯৪৩ চনৰ ৯ ছেপ্তেম্বৰ তাৰিখে ফেচিষ্ট মুছলিনী আৰু শাসকগোষ্ঠীৰ বিৰূদ্ধে ইটালিয়ান পাৰ্টিজান(সমাজবাদত বিশ্বাসী সশস্ত্ৰ বিপ্লৱী সংগঠন) আৰু Italian cobelligrent Army ৰ সন্মিলিত নেতৃত্বত ইটালীত গৃহযুদ্ধৰ সূচনা হ’য়৷গৃহযুদ্ধৰ কালত ফেচিবাদ বিৰোধী ইটালিয়ান পাৰ্টিজানসকলৰ বিপ্লৱী কন্ঠত পুনৰ প্ৰতিধ্বনিত হৈছিল Bella ciao ৰ এক সংশোধিত ৰূপ৷গীতটিৰ কথাভাগ আছিল এনেধৰণৰ-এটা ৰদ্দৌৎজ্বল সুন্দৰ পুৱাত নিহালিখন এৰিয়েই মই সমুখত সশস্ত্ৰ অনুপ্ৰৱেশকাৰী(জাৰ্মান নাজি)সকলক দেখা পালো৷তেওঁলোকে মোক গুলীবিদ্ধ কৰিলে৷মোৰ মৃত্যু সমাগত৷হে মোৰ কমৰেদসকল(পাৰ্টিজান) তোমালোকে মোৰ মৃতদেহতো কঢ়িয়াই নিব লাগিব৷ওখ পাহাৰৰ উচ্চতাৰ বনৰীয়া ফুলবোৰৰ ছায়াত তোমালোকে মোৰ মৃতদেহতো সমাধিস্থ কৰিবা৷এই মুক্তিৰণত আমি বিজয়ী হ’ম আৰু মই মোৰ সমাধিৰ কাষেৰে পাৰ হৈ যোৱা বাটৰুৱাসকলক ক’ম এয়া এপাহি বিপ্লৱৰ সুন্দৰ ফুল৷হে সুন্দৰ/সুন্দৰী তোমাক বিদায়৷
Bella Ciao Original Video Song(Open with Google Chrome)
এই গীতটিৰ স্ৰষ্টা সম্পৰ্কেওঁ ইতিহাস নিমাত৷কিন্তু এই গীতটিয়ে বিপ্লৱী জনতাৰ মাজত নতুন প্ৰাণৰ সঞ্চাৰ কৰিলে আৰু সাংস্কৃতিক বিপ্লৱে গৃহযুদ্ধক এক নতুন দিশৰ সন্ধান দিলে৷যেতিয়া পৰাজয় আৱশ্যৱম্ভী হৈ পৰিল ফেচিষ্ট মুছলিনীয়ে ৰাজধানী ত্যাগ কৰি পলায়ন কৰিলে৷কিন্তু আন্তৰাষ্ট্ৰীয় সীমান্ত পাৰ কৰাৰ পূৰ্বেই প্ৰেয়সী ক্লাৰা পেটেকীসহ মুছনিনী পাৰ্টিজানসকলৰ হাতত বন্দী হয় আৰু ১৯৪৫ চনৰ ২৯ এপ্ৰিল তাৰিখে পাৰ্টিজানসকলে মুছলিনী,ক্লাৰা আৰু আন তিনিজন শীৰ্ষ পৰ্যায়ৰ ফেচিষ্ট বিষয়াৰ গুলীবিদ্ধ মৃতদেহ ইটালীৰ মিউনিখ চহৰৰ এটা লাইটৰ পোষ্টত জনপ্ৰদৰ্শনীৰ বাবে পাঁচদিন ওলোমাই ৰাখে৷এয়াই ফেচিবাদৰ কৰুণ আৰু অন্তিম পৰিণতি৷আজিৰ বিশ্বৰ ফেচিবাদী নেতাসকলেওঁ অন্তিম পৰিণতিৰ ইতিহাসৰ পৰা শিক্ষা গ্ৰহণ কৰা উচিত৷গণতন্ত্ৰৰ মানসপুত্ৰ সমাজবাদ আৰু মানুহৰ স্বাধীনতাকাংক্ষাৰ সন্মুখত ফেচিবাদ সদায়েই নিশকতীয়া৷হিটলাৰৰ পতনৰ পিছত ১৯৪৫ চনৰ ২মে তাৰিখে নাজিবাহিনীয়ে আত্মসমৰ্পণ কৰে আৰু ইয়াৰ লগেলগেই সুদীৰ্ঘ দুবছৰজুৰি চলা ইটালীৰ গৃহযুদ্ধৰ অন্ত পৰে আৰু জন্ম হয় আজিৰ Republica of Italy(ইটালী গণৰাজ্য)ৰ৷কাৰণ অতীতৰ প্ৰতিৰোধ সমৰৰ গৰ্ভতেই লালিত-পালিত হ’য় ভবিষ্যতৰ শান্তি আৰু সমৃদ্ধিৰ সভ্যতা৷সেয়ে হয়তো যুদ্ধ মানৱ সভ্যতাৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংশ৷
সাংস্কৃতিক বিপ্লৱ পশ্চিমীয়া দেশসমূহৰ বিপ্লৱৰ এক অভিন্ন অংশ৷ভাৰতৰ স্বাধীনতা সংগ্ৰামতো বন্দে মাতৰম জনতাৰ প্ৰাণশক্তিত পৰিণত হৈছিল৷কিন্তু পৰিতাপৰ বিষয় অসমৰ সৰ্বসাধাৰণ লোক আৰু প্ৰায়সকল শিল্পীয়েই আজিও সাংস্কৃতিক বিপ্লৱৰ মহত্ত্ব বুজিবলৈ সক্ষম হোৱা নাই৷কুৰি শতিকাতেই কমৰেদ বিষ্ণু ৰাভাই ৰচনা কৰা ব’ল,ব’ল,ব’ল কৃষক শ্ৰমিক দল আজিৰ তাৰিখতো প্ৰাসংগিক৷একেদৰেই সুধাকণ্ঠৰ আহ আহ ওলাই আহ,আকৌ জাতি যাব লাগে শৰাইঘাটলৈ অথবা মুক্তিকামী লক্ষ্যজনৰ দৰে গীত আজিও অসমীয়াৰ আবেগ৷কিন্তু দুখৰ বিষয় অসমীয়া ভাষাত এনে গীতৰ সংখ্যা সীমিত৷সৰ্বসাধাৰণ জনতাই আবেগক বিবেকৰ সৈতে সংযোগ কৰাত ব্যৰ্থ হৈছে৷হয়তো কোনোবাখিনিত নেতৃত্ব ব্যৰ্থ হৈছে আৰু কোনোবাখিনিত পথপ্ৰদৰ্শনকাৰী শিল্পীসমাজ৷সেয়ে শেহতীয়া C(A)A বিৰোধী সংগ্ৰামত সাংস্কৃতিক বিপ্লৱ মাত্ৰ ৰাজপথ অথবা ষ্টুডিঅৰ ফেশ্বন শ্ব’ত পৰিণত হ’ল৷COVID-19 ৰ অন্তত সমগ্ৰ বিশ্ব অৰ্থনীতিতেই মহামন্দাৱস্থাৰ সৃষ্টি হ’ব৷ইতিহাস সাক্ষী আছে অৰ্থনৈতিক বিপৰ্যয়ৰ কালত পুজিপতি গোষ্ঠীয়ে দেশৰ শাসনভাৰ উগ্ৰ জাতিয়তাবাদী ফেচিষ্ট শাসক গোষ্ঠীৰ হাতত অৰ্পন কৰে৷আমি পুনৰ ফেচিবাদৰ অন্ধকাৰ পৃথিৱীলৈ অগ্ৰসৰ হৈছো৷হে মোৰ কমৰেদসকল মোৰ বিশ্বাস ফেচিবাদ প্ৰতিৰোধী ৰণত এইবাৰো গণতন্ত্ৰ আৰু সমাজবাদে শেষ হাঁহি মাৰিব আৰু স্বভাৱিকতেই যুদ্ধৰ শেষত পুনৰ শান্তিৰ প্ৰতিষ্ঠা হ’ব৷হয়তো ইটালীৰ বিপ্লৱী জনগণৰ সন্মিলিত কন্ঠত আকৌ এবাৰ প্ৰতিধ্বনিত হ’ব Bella ciao আৰু আমাৰ কন্ঠত আহ আহ ওলাই আহ সজাগ জনতা অথবা আপোনাৰ উৰ্বৰ মস্তিষ্ক আৰু বিশাল হৃদয়ে সৃষ্টি কৰা কোনো নতুন সংগীত৷তেতিয়ালৈকে হে সুন্দৰ/সুন্দৰী আপোনাক বিদায়,Bella ciao৷
(ফেচিবাদ প্ৰতিৰোধী ৰণত প্ৰাণ আহুতি দিয়া প্ৰতিজন গণতন্ত্ৰৰ সৈনিকৰ নামত আজিৰ খণ্ডতো উৎসৰ্গা কৰিলো৷গণতন্ত্ৰ আৰু সমাজবাদ দীৰ্ঘজীৱী হওঁক৷মানুহৰ স্বাধীনতকাংক্ষাই ইতিহাস ৰচক)



