কুৰুক্ষেত্ৰৰ ৰণ- মানৱ সভ্যতাৰ এক প্ৰলয়ংকাৰী আৰু ৰক্তক্ষয়ী ৰণ৷কিন্তু কিয় সূচনা হ’ল এই প্ৰলয়ংকাৰী আৰু ৰক্তক্ষয়ী ৰণৰ?এটা সভ্যতাৰ গৌৰৱক ধূলিস্যাৎ কৰি তোলা এই ৰণৰ বাবে কোন দায়ী আছিল-দূৰ্য্যোধন,শকুনি নে শ্ৰী কৃষ্ণ?কোন এই মহাগাথাৰ নায়ক আছিল আৰু কোন আছিল খলনায়ক?মহাভাৰত অধ্যয়ন কৰাৰ অন্তত আমি প্ৰায়েই এনে বহু উত্তৰবিহীন প্ৰশ্নৰ সন্মুখীন হওঁ৷আজিৰ এই খণ্ডত আমি এনেবোৰ প্ৰশ্নৰেই উত্তৰ বিচাৰাৰ প্ৰয়াস কৰিম৷
বিনাযুদ্ধে পঞ্চপাণ্ডৱক পাঁচখন গাঁৱতো বাদেই বেজীৰ আগৰ মাটিকণো নিদিওঁ বুলি দূৰ্যোধনে তেওঁৰ অহংকাৰৰ প্ৰতিধ্বনি কৰাৰ অন্ততেই কুৰুক্ষেত্ৰ ৰণৰ সূচনা হৈছিল৷অৱশ্যে এয়া আছিল যুদ্ধৰ তাৎক্ষণিক কাৰণ মাত্ৰ৷কিন্তু ইয়াৰ বহু শ বছৰ পূৰ্বেই অতীতৰ গৰ্ভত এনে কিছুমান পৰিস্থিতিৰ সূচনা হৈছিল যাৰ পৰিণতিত সভ্যতাৰ এই চূড়ান্ত ৰণখন আৱশ্যৱম্ভী হৈ পৰিছিল৷


প্ৰতিজ্ঞাৰ নাগপাশত বন্দী এজন দাসৰ গাথাঁ- মাতৃ মৎস্যগন্ধাৰ সন্মুখত যিদিনাই যুৱৰাজ দেৱব্ৰতে আজীৱন চিৰকুমাৰ হৈ থাকি হস্তিনাপুৰৰ সিংহাসনৰ প্ৰতি দায়বদ্ধ হৈ থকাৰ পণ লৈছিল সেইদিনাই এই প্ৰলয়ংকৰী যুদ্ধৰ বাবে দায়ী প্ৰথমতো পৰিস্থিতিৰ উৎপত্তি হৈছিল৷প্ৰতিজ্ঞা অনুসৰি পিতামহ ভীষ্ম সিংহাসনৰ প্ৰতিহে দায়বদ্ধ আছিল,ধৰ্ম আৰু প্ৰজাৰ প্ৰতি নহয়৷সেয়ে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দৰে ইতিহাসক লজ্জিত কৰা কাণ্ডতো ধৰ্মৰ মহাজ্ঞানী পিতামহ মূক হৈ আছিল৷তেওঁৰ ভীষ্ম প্ৰতিজ্ঞাই তেওঁক ধৰ্মৰ শত্ৰুত পৰিণত কৰিছিল আৰু প্ৰতিক্ষণে তেওঁক দূৰ্বল কৰি তুলিছিল৷সেয়ে বাসুদেৱে তেওঁক বধ কৰাৰ উদ্দেশ্য হাতত সূদৰ্শন তুলি লওঁতে পিতামহে প্ৰাণ বিসৰ্জন দিবলৈ মূহূৰ্ততে প্ৰস্তুত হৈছিল আৰু পৰৱৰ্তী সময়ত পিতামহে তেওঁৰ মৃত্যুৰ কাৰক আৰু কাৰণ পাণ্ডৱৰ আগত নিজ মুখেৰেই ব্যক্ত কৰিছিল৷পিতামহ আছিল প্ৰতিশ্ৰুতিৰ নাগপাশত আৱদ্ধ এজন অসহায় দাস৷

সম্ৰাট ধৃতৰাষ্ট্ৰ,মহাৰাণী গান্ধাৰী আৰু শকুনি-সম্ৰাট ধৃতৰাষ্ট্ৰৰ ধৰ্মপত্নী আছিল মহাৰাণী গান্ধাৰী৷ধৃতৰাষ্ট্ৰ আছিল জন্মান্ধ৷জন্মান্ধ ধৃতৰাষ্ট্ৰলৈ ভগ্নী গান্ধাৰীক বিয়া দিবলৈ শকুনিৰ মুঠেই মন নাছিল৷ইয়াৰ বাবে যুদ্ধও হৈছিল৷যুদ্ধত পৰাজিত গান্ধাৰ ৰাজ আৰু তেওঁৰ শত সন্তানক কাৰাগাৰলৈ নিক্ষেপ কৰি ধৃতৰাষ্ট্ৰই গান্ধাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ সেনাক আদেশ দিয়ে যে গান্ধাৰ ৰাজবংশৰ প্ৰতিজন বন্দীকেই যাতে প্ৰতিদিনে এটা মাত্ৰ অন্নৰ দানা দান কৰা হয়৷কিন্তু গান্ধাৰ ৰাজ আৰু তেওঁৰ পুত্ৰসকলে নিজৰ সেই একমাত্ৰ অন্নৰ দানাতো শকুনিক অৰ্পণ কৰি তেওঁলোকৰ মৃত্যুৰ বিনিময়ত হস্তিনাপুৰৰ ওপৰত চৰম প্ৰতিশোধ ল’বলৈ অংগীকাৰবদ্ধ হ’য়৷শকুনি আছিল শাৰীৰিক ভাবে অক্ষম সেয়ে গান্ধাৰৰাজ আৰু অন্যান্য পুত্ৰসকলৰ মৃত্যুৰ পিছত গান্ধাৰীৰ অনুৰোধত ধৃতৰাষ্ট্ৰই শকুনিক কাৰাগাৰৰ পৰা মোকলাই ৰাজপ্ৰসাদত আশ্ৰয় দিয়ে৷শাৰীৰিক ভাবে অক্ষম শকুনিয়ে যে ঐশ্বৰ্য্যশীল হস্তিনাপুৰৰ বাবে এদিন কাল হ’ব সেয়া ধৃতৰাষ্ট্ৰৰ সপোনৰো আগোচৰ আছিল৷কিন্তু শকুনিৰ অন্তৰত পুঞ্জীভূত সেই বিষাক্ত বীজে এদিন ৰঘুমলা হৈ সমগ্ৰ হস্তিনাপুৰকে ছানি ধৰিলে আৰু নিশ্চিত ৰূপে তাত সাৰ-পানী যোগাইছিল ধৃতৰাষ্ট্ৰৰ অন্ধ পুত্ৰ প্ৰেমে৷জন্মান্ধ ধৃতৰাষ্ট্ৰৰ পত্নীৰূপে গান্ধাৰীয়েও এখন ক’লা কাপোৰেৰে নিজৰ নয়নক আবৃত কৰি ৰাখিছিল৷কিন্তু মোৰ বোধেৰে এয়া গান্ধাৰীৰ প্ৰতিব্ৰতা গুণৰ নহয় বৰঞ্চ স্বাভিমানৰ হে নিদৰ্শন আছিল৷

পঞ্চপাণ্ডৱৰ অনাধিকাৰ প্ৰৱেশ আৰু সূৰ্য্যোধন-দূৰ্য্যোধনৰ প্ৰকৃত নাম আছিল সূৰ্যোধন,দুশাসনৰ সুশাসন আৰু একেদৰেই আন কৌৰৱসকলৰ৷কিন্তু ইতিহাস সদায়েই বিজয়ীৰ পক্ষতহে লিখা হ’য়৷সেয়ে বিকৃত ইতিহাসে সূৰ্যোধনক দূৰ্যোধনলৈ পৰ্য্যাবসিত কৰিলে আৰু সেইদৰেই আন সকল কৌৰৱকো৷উল্লেখনীয় ভাবে পঞ্চপাণ্ডৱ প্ৰকৃততে কৌন্তেয় হে আছিল পাণ্ডুপুত্ৰ নাছিল৷কোনোবাজন যদি ধৰ্মৰাজৰ পুত্ৰ আছিল আন কোনোবাজন আছিল ইন্দ্ৰপুত্ৰ৷সেয়ে সমসাময়িক পিতৃতান্ত্ৰিক সমাজব্যৱস্থাত যুধিষ্ঠিৰৰ হস্তিনাপুৰৰ সিংহাসনৰ ওপৰত কোনো অধিকাৰ নাছিল৷কিন্তু কালক্ৰমত সূৰ্যোধনৰ পৰিৱৰ্তে যুধিষ্ঠিৰ হৈ পৰিল হস্তিনাপুৰৰ যুৱৰাজ৷শৈশৱতেই সূৰ্যোধনে পঞ্চপাণ্ডৱৰ সৈতে নিজৰ খেলৰ সামগ্ৰী সমূহ ভাগ-বতৰা কৰিবলৈ বাধ্য হৈছিল৷সূৰ্য্যোধন আৰু ভাতৃসকল ধেমালীৰ নামত বাৰে-বাৰে ভীমৰ হাতত লাঞ্ছিত হৈছিল আৰু সৰ্বশেষত সূৰ্যোধনে তেওঁৰ অধিকাৰ ৰাজপাটো ধৰ্মপুত্ৰৰ হাতত সমৰ্পন কৰিবলৈ বাধ্য হ’ল৷ফলশ্ৰুতিত তেওঁৰ মনত শৈশৱতেই সৃষ্টি হোৱা বিদ্ৰোহৰ স্ফুলিঙ্গ বহ্নিমান অগ্নিত পৰিণত হৈ দাহ কৰিলে সমস্ত জটুগৃহ৷কিন্তু সেইবাৰলৈও বিদুৰৰ মন্ত্ৰণাত পঞ্চপাণ্ডৱ সাৰি গ’ল৷হয়তো কুন্তীৰ সৈতে বিদুৰৰ নিবিড় আৰু গোপন সম্পৰ্ক আছিল৷

সৰ্বকালৰ নীচ আৰু ক্ৰুৰতম শিক্ষক- দ্ৰোণচাৰ্য্য জন্মগতভাবে ব্ৰাহ্মণ আছিল কিন্তু চৰিত্ৰগতভাৱে তেওঁ অত্যন্ত নীচ আছিল৷(মহাভাৰতীয় যুগত ইতিমধ্যেই Varna ৰ পৰিবৰ্তে Caste System ৰ প্ৰৱেশ ঘটিছিল)লোভ,মোহ,মায়া,ক্ৰোধ আৰু প্ৰতিশোধৰ দাৱনালে তেওঁক চিৰকাল আবৃত কৰি ৰাখিছিল৷শৈশৱতেই পাঞ্চাল ৰাজ দ্ৰৌপদে তেওঁক অৰ্দ্ধৰাজ্য দিবলৈ অংগীকাৰবদ্ধ হৈছিল৷কিন্তু পৰৱৰ্তী কালত সম্ৰাট দ্ৰৌপদে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ পৰিবৰ্তে চৰম অপমান কৰি দ্ৰোণক পাঞ্চাল ৰাজ্যৰ ৰাজসভাৰ পৰা বাহিৰ কৰি দিছিল৷পুত্ৰমোহত অন্ধ দ্ৰোণই অশ্বত্থামাক পাঞ্চালৰ সিংহাসনত বহুৱাৰ সপোন দেখিছিল৷কিন্তু তেওঁৰ শৈশৱৰ বন্ধু দ্ৰৌপদেই দ্ৰোণক তেওঁৰ স্বপ্নক দিঠকত পৰিণত কৰাত তেওঁক চৰম প্ৰতাৰণা কৰিলে৷স্বাভাৱিকতেই প্ৰতিশোধৰ অগ্নিয়ে দ্ৰোণক অন্ধ কৰি তুলিলে আৰু তেওঁ যেতিয়া পুনৰ দৃষ্টিশক্তি ঘুৰাই পালে তেতিয়ালৈকে মৃত্যুৰ বাহিৰে তেওঁৰ হাতত আন কোনো বিকল্প নাছিল৷তেওঁ গুৰু পৰশুৰামক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি অৰ্থনৈতিক সুৰক্ষাৰ স্বাৰ্থত ব্ৰাহ্মণৰ পৰিবৰ্তে ৰাজপুত্ৰসকলক শিক্ষাদান কৰা আৰম্ভ কৰিলে আৰু তেওঁ শীঘ্ৰেই বুজি উঠিলে যে অৰ্জুনেই তেওঁৰ প্ৰতিশোধ পূৰণৰ একমাত্ৰ বিকল্প৷সেয়ে অৰ্জুনক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ ৰূপে গঢ়ি তোলাত তেওঁ অকণো ক্ৰতি নাৰাখিলে আৰু দ্ৰোণৰ এই যত্নৰ ফলশ্ৰুতিতেই গুৰুদক্ষিণাৰ নামত নিজস্ব বুঢ়া আঙুলি দান কৰিবলৈ বাধ্য হ’ল দূৰ্ভগীয়া একলব্য৷নিজ শিষ্যসকলৰ পৰাও গুৰু দক্ষিণাৰ নামত দ্ৰোণই তেওঁৰ প্ৰতিশোধৰ জুইকৰা নিৰ্বাপিত কৰা চেষ্টা চলালে আৰু তেওঁ সফলো হ’ল৷পৰাজিত দ্ৰৌপদক অদ্ধৰাজ্য দান দি দ্ৰোণই অশ্বত্থমাৰ ৰাজঅভিষেক কৰিলে৷কিন্তু ইয়াৰ মাজতে উমি জ্বলি থাকিল অন্য একুৰা প্ৰতিশোধৰ জুই- মহাৰাজ দ্ৰৌপদৰ অন্তৰত যাৰ পৰিণতিতেই যজ্ঞকুণ্ডৰ পবিত্ৰ অগ্নিৰ পৰা সৃষ্টি হ’ল পাঞ্চালীৰ৷বিদ্যা অমূল্য ধন৷কিন্তু দ্ৰোণই তেওঁৰ বহুমূলীয়া বিদ্যাৰ মূল্য নিৰ্দ্ধাৰণ কৰিলে যি প্ৰতিশোধ আৰু ক্ৰৰতাৰ বাহিৰে আন একো নাছিল৷গুৰুৱে দক্ষিণা লয় কিন্তু দক্ষিণাৰ মূল্য স্বয়ং নিৰ্দ্ধাৰণ নকৰে৷সেয়ে হয়তো ইতিহাসৰ পাতত দ্ৰোণচাৰ্য্য সৰ্বকালৰ নীচ আৰু ক্ৰুৰতম শিক্ষক ৰূপে পৰিগণিত হৈ ৰ’ব৷

ইন্দ্ৰপ্ৰস্থৰ সভা,ইতিহাসৰ নিকৃষ্টতম জুৱাৰী আৰু এজন পথভ্ৰষ্ট নায়ক-জটুগৃহ দাহৰ অন্তত বহুবছৰ পঞ্চপাণ্ডৱে বনত আত্মগোপন কৰি থাকে আৰু কালক্ৰমত দ্ৰৌপদীৰ সৈতে বিবাহপাশত আবদ্ধ হ’য়৷খাণ্ডৱবন দাহৰ অন্তত ইন্দ্ৰপ্ৰস্থত ৰাজধানী পাতি কৃষ্ণৰ পৰামৰ্শমৰ্মেই ৰাজয়ূস যজ্ঞ সফলতাৰে সম্পন্ন কৰি যুধিষ্ঠিৰ আৰ্য্যব্ৰতৰ চক্ৰৱৰ্তী সম্ৰাটত পৰিণত হ’য়৷কিন্তু ৰাজয়ূস যজ্ঞৰ মাজতেই এনে কিছু অবাঞ্ছনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল যাৰ পৰিণতিতেই পৰৱৰ্তী সময়ত মহাভাৰতীয় সভ্যতাৰ নিকৃষ্টতম কাণ্ডতো সংঘটিত হ’য়৷ইন্দ্ৰপ্ৰস্থ সেইকালৰ মায়ানগৰী আছিল আৰু এক নিৰ্মল পানীৰ সৰোবৰক স্ফটিক বুলি ভাবি দূৰ্ঘটনাক্ৰমে সূৰ্য্যোধন সেই সৰোবৰত ডুবি যোৱাৰ উপক্ৰম হৈছিল৷সেই পৰিস্থিতিৰ সাক্ষী দ্ৰৌপদীয়ে তেতিয়া বিদ্ৰূপৰ হাঁহি মাৰি কৈছিল অন্ধৰ পুত্ৰও অন্ধই৷সেয়া প্ৰকৃততেই বিদ্ৰুপ আৰু অনাকাংক্ষিত আচৰণ আছিল৷দ্ৰৌপদীৰ কোনো শৈশৱ নাছিল৷উপজিয়েই তেওঁ যৌৱনপ্ৰাপ্ত হৈছিল৷সেয়ে আনে শৈশৱতেই পোৱা সংস্কাৰৰ শিক্ষা সমূহৰ পৰা তেওঁ বঞ্চিত আছিল৷ইন্দ্ৰপ্ৰস্থৰ সভাত শিশুপালে বাৰে-বাৰে দ্বাৰকাধীশ কৃষ্ণক অপমান কৰিছিল আৰু যেতিয়া শিশুপালৰ পাপে শতকৰ ঘৰ অতিক্ৰম কৰিলে পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি কৃষ্ণই সুদৰ্শন চক্ৰৰে শিশুপালক বধ কৰিলে৷কিন্তু পূৰ্বেই সূৰ্য্যোধন আৰু শিশুপালৰ মাজত এক দ্বিপাক্ষিক প্ৰতিৰক্ষা চুক্তি সম্পাদিত হৈছিল৷সেয়ে কৃষ্ণৰ দৰেই নিজৰ প্ৰতিশ্ৰুতি পালন কৰাৰ স্বাৰ্থত সূৰ্য্যোধনে বাসুদেৱৰ বিৰূদ্ধে হাতত অস্ত্ৰ তুলি ল’লে আৰু তেওঁক অনুকৰণ কৰি একেদৰেই হাতত অস্ত্ৰ তুলি ল’লে ভাতৃ সুশাসন আৰু মিত্ৰ কৰ্ণই৷কিন্তু সমসাময়িক কালত চক্ৰৱৰ্তী সম্ৰাটৰ ৰাজসভাত সম্ৰাটৰ অনুমতিৰ অবিহনে অস্ত্ৰ তুলি লোৱাতো ন্যায় বিৰূদ্ধ আচৰণ বুলি গণ্য কৰা হৈছিল৷সেয়ে সম্ৰাজ্ঞী দ্ৰৌপদীৰ আদেশত সেনাই কাঢ়ি ল’লে সূৰ্য্যোধন সহিতে আন যোদ্ধা সকলৰ অস্ত্ৰ৷কিন্তু সেই একেই অপৰাধ সম্পাদন কৰাৰ পিছতো পক্ষপাতিত্বমূলক ভাবে দ্ৰৌপদীয়ে প্ৰিয়তম সখা কৃষ্ণৰ বিৰূদ্ধে কোনো ব্যৱস্থাই ন’ললে৷এয়া অন্যায় আছিল৷এজন যোদ্ধাৰ বাবে তেওঁৰ অস্ত্ৰ বস্ত্ৰসম৷সেয়ে হস্তিনাপুৰৰ সভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ বহুপূৰ্বেই ইন্দ্ৰপ্ৰস্থ সেই সভাত বিবস্ত্ৰ হৈছিল সূৰ্য্যোধন,সুশাসন আৰু মহাৰথী কৰ্ণ৷ইয়াৰ অন্তত প্ৰচণ্ড ক্ষোভেৰে সূৰ্য্যোধনে ইন্দ্ৰপ্ৰস্থ ত্যাগ কৰে আৰু সূৰ্য্যোধনে সেই অপমান সহিব নোৱাৰি অগ্নিস্নান কৰি প্ৰাণ বিসৰ্জন দিবলৈ প্ৰস্তুত হ’য়৷ইয়াৰ পৰাই বুজা যায় যে সূৰ্য্যোধনে পূৰ্বতে তেওঁৰ অধিকাৰস্বৰূপ হস্তিনাপুৰৰ সিংহাসন পাবলৈহে পাণ্ডৱৰ বিৰূদ্ধে বিদ্ৰোহ কৰিছিল পাণ্ডৱৰ ব্যক্তিগত সম্পদ ইন্দ্ৰপ্ৰস্থৰ প্ৰতি তেওঁৰ মনত তিলমানো মোহ নাছিল৷কিন্তু শেষমুহূৰ্তত শকুনিৰ মন্ত্ৰণাত পাশাৰ সহায়ত প্ৰতিশোধ পূৰণৰ স্বাৰ্থত তেওঁ জীয়াই থকাৰ পণ লয় আৰু অগ্নি স্নানৰ সিদ্ধান্তক বিসৰ্জন দিয়ে৷ধৰ্মপুত্ৰৰ পাশাসক্তিক শকুনিয়ে ভালদৰেই জানিছিল আৰু অন্তত সেয়াই হ’ল কৌৰৱ আৰু পাণ্ডৱ উভয় পক্ষই শকুনিৰ প্ৰতিশোধৰ দাৱানলত অনন্ত কালৰ বাবে দগ্ধ হ’ল৷পাশাখেলৰ সুনিপুণ খেলুৱৈ শকুনিৰ হাতত যুধিষ্ঠিৰ বাৰে-বাৰে পৰাজিত হৈ সৰ্বহাৰা হ’ল আৰু সৰ্বশেষত সৰ্বনশীয়া জুৱাৰ ৰাগীত মতলীয়া হৈ আপোন ভাতৃ আৰু পঞ্চপাণ্ডৱৰ সামূহিক সম্পত্তি দ্ৰৌপদীক পণ ৰখাৰ সিদ্ধান্ত ল’লে৷এক কথাত তেওঁ আপোন ভাতৃ আৰু পত্নীক ক্ৰীত দাসৰ শাৰীলৈ নিক্ষেপ কৰিলে৷কিন্তু এয়া অধৰ্ম আছিল৷কুৰুক্ষেত্ৰৰ ৰণত কনিষ্ঠ কৌৰৱ যুযুৎসুৱে পাণ্ডৱৰ পক্ষ লৈ যুঁজিছিল৷কিন্তু সূৰ্য্যোধনে ইয়াৰ প্ৰতিবাদ কৰি যুযুৎসুৰ জ্যেষ্ঠ ভাতৃ ৰূপে তেওঁৰ ওপৰত নিজৰ ব্যক্তিগত অধিকাৰ সাব্যস্ত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা নাছিল আৰু এয়াই বাস্তৱ ধৰ্ম৷কিন্তু সেইসময়ত জুৱাৰ ৰাগীত মতলীয়া ইতিহাসৰ নিকৃষ্টতম জুৱাৰী ধৰ্মপুত্ৰই ধৰ্ম-অধৰ্মৰ মাজৰ সেই সূক্ষ্ম পাৰ্থক্যক অনুধাৱন কৰাত চূড়ান্ত ভাবে ব্যৰ্থ হৈছিল আৰু তাৰ পৰিণতিতেই ইতিহাস নিৰবে সাক্ষী হৈ ৰৈছিল ধৰ্মৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ৰাজসভাত এগৰাকী অসহায় অবলা নাৰীৰ বস্ত্ৰহৰণৰ দৰে জঘন্য পাপৰ৷কিন্তু সেইসময়ত ধৰ্মৰ মহাজ্ঞানী পিতামহ আৰু দ্ৰোণ মৌন হৈ আছিল৷কাৰণ পিতামহ আছিল প্ৰতিজ্ঞাবদ্ধ আৰু দ্ৰোণ অৰ্থনৈতিক সুৰক্ষাৰ স্বাৰ্থত হস্তিনাপুৰৰ অনুগ্ৰহৰ ওপৰত নিৰ্ভৰশীল আছিল৷কৰ্ণ মৌন আছিল বন্ধুত্বৰ ঋণত ঋণী হৈ অৱশ্যে ইয়াত তেওঁৰ ব্যক্তিগত স্বাৰ্থও নিহিত হৈ আছিল৷পূৰ্বেই সয়ম্বৰত দ্ৰৌপদীয়ে কৰ্ণক সূতপুত্ৰ বুলি অপমান কৰিছিল আৰু ইন্দ্ৰপ্ৰস্থৰ সভাত পাঞ্চালীৰ আদেশতেই কাঢ়ি লোৱা হৈছিল কৰ্ণৰ স্বাভিমানৰ প্ৰতীক তেওঁৰ প্ৰিয় ধনুখন৷মিত্ৰতাৰ নামত পৰৱৰ্তী সময়তো কৰ্ণই সূৰ্য্যোধনৰ প্ৰতিতো অন্যায় কৰ্মৰ অংশীদাৰত পৰিণত হৈছিল৷কিন্তু এজন প্ৰকৃত বন্ধুৰ ভূমিকাত অৱতীৰ্ণ হৈ সূৰ্য্যোধনৰ ব্যক্তিগত দোষ-দুৰ্বলতাবোৰ উদঙাই দিয়াত কৰ্ণ একেবাৰেই উদাসহীন আছিল৷হয়তো তেওঁ সূৰ্য্যোধনৰ মিত্ৰতাক হেৰুৱাবলৈ ভয় কৰিছিল৷কৰ্ণ ইতিহাসৰ শ্ৰেষ্ঠতম দানবীৰ আছিল৷কিন্তু নিপীড়িত শ্ৰেণীৰ প্ৰতিনিধি হোৱাৰ পিছতো কৰ্ণই তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ বাবে সংগ্ৰাম কৰাৰ সলনি দান দিয়াৰ দৰেই এক হস্ৰম্যাদী ব্যৱস্থাক হে বিকল্প কৰি লৈছিল আৰু এনেবোৰ দুৰ্বলতাই অৱশেষত ইতিহাসৰ পাতত কৰ্ণক মাত্ৰ এজন পথভ্ৰষ্ট নায়কত পৰিণত কৰিলে৷
সৰ্বনাশী পাশাখেলৰ অন্তত হস্তিনাপুৰৰ ৰাজসভাই সিদ্ধান্ত গ্ৰহণ কৰিলে যে দ্ৰৌপদীসহিতে পঞ্চপাণ্ডৱে ইন্দ্ৰপ্ৰস্থৰ ৰাজপ্ৰসাদ ত্যাগ কৰি বাৰ বছৰৰ বাবে বনলৈ যাব আৰু ইয়াৰ অন্তত এবছৰ অজ্ঞাতবাস খাটিব৷তেৰবছৰৰ অন্তত পুনৰ সূৰ্য্যোধনে যুধিষ্ঠিৰক ৰাজপাট ওভোটাই দিব৷কিন্তু সূৰ্য্যোধনৰ ক্ৰমবৰ্দ্ধমান লোভ আৰু শকুনিৰ মন্ত্ৰণা আৰু উচতনিৰ ফলত এই সকলোবোৰ সিদ্ধান্ত পৰৱৰ্তী কালত মাত্ৰ অৰণ্যৰ ৰোদনত পৰিণত হ’ল৷

এজন দুৰ্ভগীয়া নায়ক- বাসুদেৱ শ্ৰীকৃষ্ণ আছিল সেই কালৰ সৰ্বশ্ৰেষ্ঠ মনোবিজ্ঞানী,সমাজবিজ্ঞানী,দাৰ্শনিকআৰু কুটনীতিবিদ৷তেওঁৰ জীৱনযাত্ৰা আছিল অতি বিচিত্ৰ আৰু পৃথক৷কৃষ্ণৰ জন্ম হৈছিল কংসৰ কাৰাগাৰত,তেওঁ শৈশৱ অতিবাহিত হৈছিল সৰ্বহাৰাৰ সমাজত মৃত্যুৰ ছায়াত, যৌৱনৰ আৰম্ভণিতেই কৃষ্ণই তেওঁৰ জীৱনৰ প্ৰথম আৰু অন্তিম প্ৰেম ৰাধাক হেৰুৱাইছিল আৰু জীৱনৰ অন্তিম সময়ত তেওঁ হেৰুৱাইছিল যাদৱ সভ্যতাক৷জীৱনৰ সংঘৰ্ষই তেওঁক বিবেকবান,ধৈৰ্য্যশীল আৰু অভিজ্ঞ কৰি তুলিছিল আৰু ৰাধাক হেৰুৱাই তেওঁ হৈ পৰিছিল আবেগিক ভাবে মৃত৷তেওঁ হৃদয় নহয় বৰঞ্চ মস্তিষ্কৰ সিদ্ধান্ত(কৰ্ম আৰু কৰ্মফল)ত হে বিশ্বাস কৰিছিল৷তেওঁ বিবাহ কৰিছিল৷কিন্তু লক্ষণীয় ভাবে প্ৰতিবাৰেই কোনো কন্যাৰ সন্মান আৰু স্বাভিমান ৰক্ষাৰ স্বাৰ্থতহে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল৷কাৰণ ৰাধাৰ ৰূপত কেতিয়াবাই তেওঁৰ জীৱনৰ পৰা প্ৰেমে মেলানি মাগিছিল৷জীৱন সংগ্ৰাম আৰু সময়োপযোগী সিদ্ধান্তই গুৱাল কৃষ্ণক দ্বাৰকাধীশত পৰিণত কৰিছিল৷অতীতৰ গৰ্ভত যে কুৰুক্ষেত্ৰ লালিত পালিত সেই কথা কৃষ্ণই জানিছিল৷তেওঁ জানিছিল প্ৰতিজন যোদ্ধাৰ দুৰ্বলতাৰ ৰহস্যও কাৰণ তেওঁ এজন শ্ৰেষ্ঠতম মনোবিজ্ঞানী আছিল৷তেওঁ ইয়াকো জানিছিল যে ভবিষ্যত প্ৰজন্মই এই প্ৰলয়ংকৰী যুদ্ধৰ বাবে তেওঁকেই দোষী সাব্যস্ত কৰিব৷কিন্তু চিৰকাল বিবেকেৰে পৰিচালিত কৃষ্ণৰ জয়-পৰাজয় অথবা সন্মান-অপমানৰ প্ৰতি কোনো মোহ নাছিল৷তেওঁ জানিছিল প্ৰকৃতিৰ এই নিৰ্মম সত্য-কিবা এটা হেৰুৱাৰ পূৰ্বে মানুহে সেই বস্তুতোৰ মূল্য বুজি নাপায়৷সভ্যতাৰ নৱনিৰ্মাণৰ বাবে প্ৰাচীন সভ্যতাৰ পূৰ্ণ বিধ্বংস আৱশ্যৱম্ভী আৰু বৰ্তমানৰ ৰক্তক্ষয়ী যুদ্ধৰ গৰ্ভতেই লুকাই থাকে ভবিষ্যতৰ এক শান্তি আৰু সমৃদ্ধিৰ পৃথিৱী৷কিন্তু সেয়াওঁ ক্ষণস্থায়ী৷সেয়ে তেওঁ কৈছিল “সম্ভাৱনী য়ুগে য়ুগে৷”কৃষ্ণই প্ৰতিষ্ঠিত ধৰ্মত বিশ্বাস কৰা নাছিল৷সেয়ে তেওঁ ইন্দ্ৰ পূজাৰ অৱসান ঘটাই গোৱৰ্দ্ধন পূজাৰ প্ৰচলন কৰিছিল৷কৃষ্ণ আছিল যুক্তিবাদী আৰু প্ৰকৃতিৰ উপাসক৷হয়তো তেওঁ জন্মজন্মান্তৰৰ ধাৰণাত বিশ্বাস কৰা নাছিল৷হয়তো তেওঁ পৃথিৱীৰ প্ৰথমজন নাস্তিক আছিল৷হয়তো পৰৱৰ্তী কালত কৃষ্ণ কথিত ভাগৱত গীতাৰ জ্ঞানত ইচ্ছাকৃত বা অনিচ্ছাকৃত ভাবে বিকৃত কৰা হৈছে৷মোৰ বোধেৰে তেওঁ ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ উত্থানক প্ৰতিৰোধ কৰিবলৈ বাৰে-বাৰে মই অৱতাৰ ল’ম বুলি কোৱা নাই তাৰ পৰিবৰ্তে চিন্তাধাৰা আৰু আদৰ্শৰ মাজত তেওঁ চিৰকাল জীয়াই থাকি সংকটকালত এক আদৰ্শৰূপে আবিৰ্ভাৱ হোৱাৰ কথাহে কৈছে৷কিন্তু যুদ্ধ আৱশ্যৱম্ভী বুলি জানিও শেষ মূহূৰ্তলৈকে তেওঁ এজন প্ৰকৃত ক্ষত্ৰিয়ৰ ভূমিকাত অৱতীৰ্ণ হৈ যুদ্ধৰ সম্ভাৱনাক নস্যাৎ কৰাৰ চেষ্টা চলাইছিল৷সূৰ্য্যোধনৰ ৰাজসভালৈ তেওঁ শান্তিৰ দূত হৈয়ো গৈছিল৷কিন্তু দূৰ্ভাগ্যক্ৰমে ইতিমধ্যেই শকুনিৰ মন্ত্ৰণা,লোভ আৰু অহংকাৰে সূৰ্য্যোধনক দূৰ্য্যোধনত পৰিণত হৈছিল৷কৃষ্ণ চিৰকাল বাস্তৱধৰ্মৰ পক্ষত আছিল সেয়ে যাদৱ বংশই মৰ্য্যাদাৰ পৰিসৰ অতিক্ৰম কৰাৰ অন্তত তেৱেই যাদৱথলীত প্ৰথমে সুদৰ্শন চক্ৰ তুলি লৈছিল৷

আজিৰ বিশ্লেষণৰ পৰা আমি এই সিদ্ধান্তত উপনীত হলো যে সভ্যতাৰ যুগসন্ধিৰ এই ৰণখনৰ বাবে মহাগাথাৰ কোনো এজন চৰিত্ৰও মুখ্যত দায়ী নাছিল৷দায়ী আছিল পৰিস্থিতি,কিছু চৰিত্ৰগত দুৰ্বলতা আৰু আবেগৰ বৰ্শৱতী হৈ লোৱা কিছু ভুল সিদ্ধান্ত৷এই মহাগাথাৰ কোনো নায়ক নাই আৰু কোনো খলনায়কো নাই৷ইতিহাসৰ আন প্ৰতিতো চৰিত্ৰৰ দৰেই মহাগাথাৰ প্ৰতিতো চৰিত্ৰই মানৱীয় দোষ-গুণৰ সমাহাৰ মাত্ৰ৷কোনোটি চৰিত্ৰ বিশুদ্ধ বগাও নহয় কোনোটি চৰিত্ৰ কিচকিচীয়া ক’লাও নহয়৷আপোনাৰ বা মোৰ দৰেই সকলো মটীয়া মাত্ৰ৷হয় কৰ্ণ এই মহাগাথাৰ পথভ্ৰষ্ট নায়ক আৰু ৰিক্ততাৰ মাজেৰেই পূৰ্ণ তেওঁৰ জীৱন আৰু কৃষ্ণ এই মহাগাথাৰ দুৰ্ভগীয়া নায়ক হয়তো কৰ্ণতকৈও তেওঁ হাজাৰগুণে দূৰ্ভগীয়া কাৰণ হাজাৰ পূৰ্ণতাৰ মাজতো ৰিক্ত কৃষ্ণৰ জীৱন৷মহাভাৰতৰ প্ৰতিতো চৰিত্ৰ এক জীৱন্ত কিংবদন্তী আৰু আজিওঁ তেওঁলোক আমাৰ মাজতেই জীয়াই আছে৷হয়তো হাজাৰজনৰ সমাজত এশজন কৌৰৱ,পাঁচজন পাণ্ডৱ আৰু এজন মাত্ৰ কৰ্ণ অথবা এজন মাত্ৰ কৃষ্ণ৷কাৰণ কৰ্ণ হোৱাতো কঠিন আৰু কৃষ্ণ হোৱাতো তাতোতকৈও কঠিন৷কাৰণ জীৱনৰ সংঘৰ্ষই যাৰ আৱেগক চিৰকালৰ বাবে হত্যা কৰে তেওঁহে পৰিণত হয় সত্য,ধৰ্ম আৰু ন্যায়ৰ প্ৰতিষ্ঠাপক কৃষ্ণত৷

(এই সমগ্ৰ বিশ্লেষণ কেৱল মাত্ৰ মহাভাৰতীয় সাহিত্যৰ দৃষ্টিকোণৰ পৰা কৰা গৈছে৷ইয়াৰ সৈতে প্ৰতিষ্ঠিত ধৰ্মৰ কোনো সম্পৰ্ক নাই৷সেয়ে লেখনিয়ে কাৰোবাৰ ধৰ্মীয় আবেগত আঘাত কৰিলে তাৰ বাবে লেখক জগৰীয়া নহয়)

এখন কাল্পনিক ছবি
আজিৰ কুৰুক্ষেত্ৰ তীৰ্থভূমি৷

Leave a comment