আজি ২১ এপ্ৰিল ২০২০৷আজিৰে পৰা Green Zone ৰ অৰ্ন্তগত দেশৰ অন্যান্য বহু চহৰৰ লগতে আমাৰ গৃহ চহৰ যোৰহাটতো শিথিল কৰি দিয়া হৈছে লকডাউনৰ কিছু কঠোৰ নিয়ম৷এনেদৰেই যদি ক্ৰমাৎ পৰিস্থিতি উন্নত হয় হয়তো আচিৰেই অন্ত পৰিব বিৰক্তিকৰ অথচ অতি প্ৰয়োজনীয় লক ডাউনৰ৷লক ডাউনৰ অন্তত দেশৰ অৰ্থনীতিত যঠেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব৷মুদ্ৰাস্ফীতি(inflation)য়ে হয়তো আকাশ চুব৷বৃদ্ধি পাব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য৷খাৰুৱা তেলৰ অৰ্থনীতি(Crude Oil Economy) প্ৰতিখন আধুনিক দেশৰ অৰ্থনীতিৰ এক অবিচ্ছেদ্য অংগ আৰু পেট্ৰল কংক্ৰিটৰ চহৰৰ প্ৰতিজন নিবাসীৰে জীৱনৰ চালিকাশক্তি স্বৰূপ৷সেয়ে পেট্ৰলৰ মূল্যই একবিংশ শতিকাৰ ভাৰতীয় ৰাজনীতিৰ গতিপথো নিৰ্দ্ধাৰণ কৰে৷লকডাউনৰ অন্তত আকাংলঘী হ’ব নেকি পেট্ৰলৰ মূল্য৷এই চিন্তাই হয়তো বহুজনৰে চকুৰ টোপনি হৰিছে৷আজিৰ এই খণ্ডত আমি ভাৰতবৰ্ষৰ খাৰুৱা তেলৰ অৰ্থনীতি সম্পৰ্কে কিছু আলোচনা কৰিম আৰু সেই আলোচনাৰ ভিত্তিতেই আজিৰ খণ্ডৰ অন্তিম অংশত আগন্তুক দিনত পেট্ৰলৰ বজাৰ মূল্য সম্পৰ্কত মই মোৰ ভবিষ্যৎবাণী কৰিম৷
ভাৰতবৰ্ষত পেট্ৰলিয়ামৰ প্ৰাকৃতিক উৎস আছে৷বোম্বে হাই দেশৰ সৰ্ববৃহৎ তৈল ক্ষেত্ৰ আৰু ইয়াৰ পৰা উৎপাদিত খাৰুৱা তেলে ঘৰুৱা বজাৰৰ ১৪% চাহিদা(demand)পূৰণ কৰে৷বম্বে হাই আৱিস্কাৰৰ পূৰ্বে সমগ্ৰ ভাৰতবৰ্ষ মূখ্যত অসমৰ তৈলক্ষেত্ৰসমূহৰ ওপৰত নিৰ্ভৰশীল আছিল৷খাৰুৱাতেলৰ প্ৰাকৃতিক উৎস থকা স্বতেও বিশাল জনসংখ্যা আৰু ক্ৰমবৰ্দ্ধমান চাহিদাৰ বাবে ভাৰতবৰ্ষই স্বাধীনোত্তৰ কালৰ পৰাই বিদেশৰ পৰা খাৰুৱা তেলৰ আমদানি কৰি আহিছে(India has been importing crude oil from foreign countries since Independence) ৷আজিৰ তাৰিখত ভাৰতে চাৰিখন OPEC(The Organization of the Petroleum Exporting Countries) ৰাষ্ট্ৰৰ পৰা মূখ্যত খাৰুৱা তেলৰ আমদানি কৰে৷সেই দেশ কেইখন হ’ল ক্ৰমে-
১/ইৰাক( আমদানি মূল্য ২৩ বিলিয়ন মাৰ্কিন ডলাৰ)
২/চৌদি আৰব(২১.২ বিলিয়ন মাৰ্কিন ডলাৰ)
৩/ইৰাণ(১৩ বিলিয়ন মাৰ্কিন ডলাৰ)
৪/নাইজেৰিয়া(৯.৬ বিলিয়ন মাৰ্কিন ডলাৰ)
আৰ্ন্তজাতিক বজাৰত খাৰুৱা তেলৰ দুটা মূখ্য শ্ৰেণী হ’ল- Brent Crude Oil আৰু WTI Crude Oil৷ Brent Crude Oil মূখ্যত OPEC ৰাষ্ট্ৰ সমূহে উৎপাদন কৰে আৰু WTI উত্তৰ আমেৰিকাৰ দেশসমূহে৷আন্তৰাষ্ট্ৰীয় বজাৰত Brent Crude Oil ৰ মূল্য WTI ৰ তূলনাত প্ৰতি বেৰেলত প্ৰায় ২৩ ডলাৰ অধিক৷কিন্তু তৎস্বত্বেও ভাৰতীয় তেল কোম্পানীবোৰে অধিক মূল্যৰ Brent Crude Oil হে আমদানি কৰে৷ইয়াৰ মূখ্য কাৰণ হ’ল WTI Crude Oil ৰ তুলনাত Brent Crude Oil ৰ পৰিবহণ ব্যয়(transportation cost) যঠেষ্ট কম৷সেইবাবেই অৱশেষত দুয়োবিধ খাৰুৱা তেলৰে সামগ্ৰিক মূল্য(Net Cost) প্ৰায় সমানেই হৈ পৰে৷দ্বিতীয়ত Brent Crude Oil ৰ ৰাসায়নিক গুণাগুণ WTI ৰ তুলনাত যঠেষ্ট উন্নত আৰু পৰিশোধ ক্ষমতা(Filtration Efficiency) অধিক৷সেয়ে সমান পৰিমাণৰ Brent Crude Oil ৰ পৰিশোধনৰ অন্তত অধিক পেট্ৰলিয়াম উৎপন্ন হ’য়৷
২০১৯ বৰ্ষত Brent Crude Oil ৰ আন্তৰ্জাতিক বজাৰ মূল্য আছিল গড় হিচাপত ৬৪.২৮ মাৰ্কিন ডলাৰ প্ৰতি বেৰেল৷এক বেৰেল ১৫৮.৯৮৭ লিটাৰৰ সমকক্ষ আৰু সেইসময়ত ডলাৰৰ গড়মূল্য আছিল প্ৰায় ৭১.৭১ টকা৷সেয় আমি যদি ২০১৯ বৰ্ষৰ আন্তজাতিক বজাৰৰ খাৰুৱা তেলৰ গড় মূল্য সাধাৰণ পৰিভাষাত নিৰ্ণয় কৰিবলৈ যাওঁ সেয়া আছিল প্ৰায় ২৯ টকা/লিটাৰ৷আনহাতে ২০১৯ বৰ্ষত দিল্লীৰ পেট্ৰল পাম্প সমূহত পেট্ৰলৰ গড় মূল্য আছিল প্ৰায় ৭৫ টকা/লিটাৰ আৰু ইয়াৰে ৰাজহৰ পৰিমাণ আছিল প্ৰায় পেট্ৰলৰ খুচুৰা মূল্যৰ ৫০% অৰ্থাৎ প্ৰায় ৩৭ টকা৷তথ্যই কয় যে পেট্ৰলৰ আন্তৰ্জাতিক মূল্য ২৯ টকা/লিটাৰ,ৰাজহ মূল্য ৩৭ টকা/লিটাৰ আৰু খুচুৰা মূল্য ৭৫ টকা/লিটাৰ৷সেয় পেট্ৰলৰ শোধন আৰু পৰিবহণ ব্যয়(প্ৰতি লিটাৰ) হ’ব
শোধন আৰু পৰিবহণ ব্যয়=খুচুৰা মূল্য-(আন্তৰ্জাতিক বজাৰমূল্য+ৰাজহ মূল্য)=৭৫-(২৯+৩৭)=৯ টকা/লিটাৰ৷শোধন আৰু পৰিবহণ ব্যয়(৯ টকা/লিটাৰ)ই এককথাত ধ্ৰুৱক(Constant)৷
বিশ্বজুৰি হোৱা ক’ৰণা আতংক আৰু লকডাউনে খাৰুৱা তেলৰ সমগ্ৰ আন্তৰ্জাতিক বজাৰখনকে জোকাৰি গ’ল সেয়ে আজিৰ তাৰিখত Brent Crude Oil ৰ বজাৰ মূল্য মাত্ৰ ২৫.৭৮ মাৰ্কিন ডলাৰ/বেৰেল আৰু আজি ডলাৰৰ মূল্যমান ৭৬.৬২ টকা৷সেয়ে সাধাৰণ ভাষাত Brent Crude Oil ৰ বজাৰ মূল্য প্ৰায় ১২ টকা প্ৰতি লিটাৰ৷চৰকাৰে ইতিমধ্যেই(২০ মাৰ্চ ২০২০) পেট্ৰলৰ ৰাজহ পূৰ্বৰ তুলনাত ২ ৰ পৰা ৮ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে হয়তো আৰু বৃদ্ধি পাবও পাৰে কাৰণ ভগ্নপ্ৰায় অৰ্থনীতিৰ উদ্ধাৰৰ বাবে পেট্ৰল বা সুৰাৰ ৰাজহ বৃদ্ধি কৰাতো চৰকাৰৰ পুৰণি পৰম্পৰা৷সেয়ে মই পূৰ্বৰ তুলনাত পেট্ৰলৰ ৰাজহ মূল্য প্ৰায় ১০ টকা বৃদ্ধি পায় ৪৭ টকা/লিটাৰ হ’ব বুলি অনুমান কৰিছো৷আনহাতে প্ৰতি লিটাৰ পেট্ৰলৰ শোধন আৰু পৰিবহণ ব্যয় ৯ টকা/লিটাৰ৷ই একপ্ৰকাৰৰ ধ্ৰুৱক ৰাশি৷সেয়ে কমসময়তে ইয়াৰ উল্লেখযোগ্য সালসলনি নহয়৷সেয়ে তথ্য আৰু অনুমানৰ ভিত্তিত মোৰ বোধেৰে লক ডাউনৰ অন্তত পেট্ৰলৰ খুচুৰা মূল্য হ’ব
খুচুৰা মূল্য= আন্তৰ্জাতিক বজাৰ মূল্য+শোধন আৰু পৰিবহণ ব্যয়+ৰাজহ মূল্য=১২+১০+৪৭=৬৯ টকা/লিটাৰ৷
আৰু এই সমগ্ৰ গণণা পক্ৰিয়া যদি আমি ১০% বিচ্যুতি(error) আছে বুলি ধৰি লওঁ তেনেহ’লে আগন্তুক দিনত পেট্ৰলৰ খুচুৰা মূল্য হ’ব প্ৰায় ৬২-৭৬ টকা৷
সেয়ে তথ্য আৰু অনুমানভিত্তিক ভবিষ্যতবাণীয়ে কয়-
১/আগন্তুক দিনত পেট্ৰলৰ মূল্য হ’ব ৬২-৭৬ টকা/লিটাৰ৷গড় হিছাপত প্ৰায় ৬৯ টকা/লিটাৰ(In the upcoming days the price of Petrol will lie within the range of 62-76 INR/litre with an average value of 69 INR/litre)৷
২/পেট্ৰলৰ ৰাজহ বৃদ্ধি পাব কিন্তু সামগ্ৰিক মূল্য হ্ৰাস পাব অথবা একেই থাকিব৷পেট্ৰলৰ মূল্যবৃদ্ধিৰ সম্ভাৱনা একেবাৰেই সীমিত(The excise and custom duty for petrol is going to be increased but it’s net price will remain the same or may slightly decrease. The probability of price hike for petrol is very less.)৷

মোৰ বোধেৰে লকডাউনৰ অন্তত তাৎক্ষণিকভাবে আন কিছুমান সামগ্ৰীৰ মূল্য বৃদ্ধি হ’লেও পেট্ৰলৰ মূল্য বৃদ্ধিৰ বিশেষ সম্ভাৱনা নাই৷সেয়ে আগন্তুক দিনত পেট্ৰলৰ আকাশলংঘী মূল্যৰ বিষয়ে আপুনি চিন্তা কৰি চুলি পকোৱাৰো কোনো সকাম নাই৷কিন্তু পেট্ৰলৰ আন্তৰ্জাতিক মূল্য সুষ্ঠিৰ নহয়৷সেয়ে মোৰ ভবিষ্যৎবাণী সত্য ন’হলেওঁ আপুনি কিন্তু মোক দূষিব নোৱাৰিব৷আজিৰ খণ্ডতি ইমানতেই সামৰিছো৷শুভৰাত্ৰি৷