পৰিচয়ৰ ৰাজনীতি (identity politics) ভাৰতৰ ৰাজনৈতিক -সামাজিক প্ৰেক্ষাপতত এক বিষাক্ত ফল যাৰ একমাত্ৰ আধাৰেই হ’ল জাতিবাদ (Jati System)৷জাতিবাদ বৰ্ণবাদৰ এক বিকৃত ৰূপ মাত্ৰ৷ অৱশ্যে বাওঁহতীয়া তৰাং বুদ্ধিৰ বুদ্ধিজীৱীসকলৰ কথা সুকীয়া৷ স্বৰচিত ইতিহাসেৰে সাম্প্ৰতিক সময়ৰ জাতিবাদক বৈদিক যুগৰ বৰ্ণবাদ সজায় বিকৃত ইতিহাসৰ খিচিৰ পকায়,ভোজ ভাত খায়,বমি কৰাৰ দৰে দুস্কৰ্ম কৰাৰ ক্ষমতা আমাৰ মুলুকৰ নিলাজ বাওঁপন্থীৰ বিনে আৰু কাৰোৱেই৷ জাতিবাদ,আগ্ৰাসী আৰ্য্য,মহিষাসুক পূজন!সেয়ে সমাজৰ জ্যেষ্ঠ জনে ক’য়৷ “পাগলে নকয় কি ছাগলে নাখায় কি৷“
ঋকবৈদিক বৰ্ণব্যৱস্থা- বৰ্ণব্যৱস্থাৰ ইতিহাস অতি প্ৰাচীন প্ৰায় ঋগবৈদিক কালৰ.সৰলভাৱে ক’বলৈ গ’লে আজিৰ আধুনিক শ্ৰেণী ব্যৱস্থা(Modern Class System)বৈদিক সমাজৰ বৰ্ণব্যৱস্থাৰ এক সংশোধিত ৰূপ মাত্ৰ৷বৰ্ণ ব্যৱস্থাত শিক্ষা আৰু গৱেষণাত জড়িতসকলক ব্ৰাহ্মণ( The Scholars),সমৰকলা,ৰাজনীতি আৰু কুটনীতিত পাৰ্গত সকলক ক্ষত্ৰিয় (Power House with deep root in defense and diplomacy),কৃষিকৰ্ম আৰু বাণিজ্য কৰা লোকসকল(Farmer,Businessman or Entrepreneur)ক বৈশ্য আৰু জনতাৰ সেৱকসকলক শূদ্ৰ(Public Servent)ৰূপে স্বীকৃতি দিয়া হৈছিল৷বৰ্ণব্যৱস্থাত গুৰুকুলৰ বিদ্যাৰ্থী সকলৰ চৰিত্ৰগত গুণ আৰু যোগ্যতাৰ ওপৰত ভিত্তি কৰি তেওঁক ব্ৰাহ্মণ,ক্ষত্ৰিয়,বৈশ্য আৰু শূদ্ৰ এই চাৰিওটাৰ মাজৰ যিকোনো এটা বৰ্ণত অৰ্ন্তভুক্ত কৰা হৈছিল৷এই ব্যৱস্থা বংশানুক্ৰমিক নাছিল৷যোগ্যতাৰ বলত শূদ্ৰৰ পুত্ৰৰো ব্ৰাহ্মণৰ শাৰীলৈ উত্থান হৈছিল ঠিক একেদৰেই অযোগ্য ব্ৰাহ্মণৰ পুত্ৰও শূদ্ৰৰ শাৰীলৈ অৱনমিত হৈছিল৷বৰ্ণ ব্যৱস্থাত সকলো বৰ্ণৰ শিশুৱেই শিক্ষাৰ অধিকাৰ লাভ কৰিছিল আৰু এই ব্যৱস্থাত অস্পৃশ্যতাৰ কোনো স্থান নাছিল(i.e. Varna is by virtue not by birth. It’s mobile in nature and inheritable. Every child has right to education and in Varna system there is no room for untouchability)৷
কিন্তু কালৰ কুটিল গতিত “Divide and Rule” নীতিত বিশ্বাসী একাংশ ইছলামিক বিদেশী শত্ৰুৱে যোগ্যতা ভিত্তিক বৰ্ণবাদৰ ইতিহাসক বিকৃত কৰি হিন্দু ঐক্যৰ বিনষ্ট সাধনৰ লক্ষ্যৰে সনাতনৰ উদাৰ বৰ্ণবাদক জন্মভিত্তিক জাতিবাদৰে স্থানাভিক্ত কৰিলে৷

জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ ইতিহাস- স্বাধীনোত্তৰ ভাৰতৰ জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাত মূখ্যত চাৰিটা শ্ৰেণীৰ উল্লেখ আছে-সাধাৰণ শ্ৰেণী(General Caste),বিশেষভাবে পিছপৰা শ্ৰেণী(OBC/MOBC),অনুসূচিত জাতি(SC),অনুসূচিত জনজাতি(ST)৷আমি যদি পূৰ্বৰ জাতি ব্যৱস্থাৰ সৈতে আধুনিক ব্যৱস্থাতোৰ তুলনা কৰো তেনেহ’লে দেখা পাম যে সাধাৰণ শ্ৰেণীতো মূখ্যত ব্ৰাহ্মণ,ক্ষত্ৰিয় আৰু বৈশ্যসকলক লৈ গঠিত,বিশেষভাবে পিছপৰা শ্ৰেণীতো মূখ্যত শূদ্ৰসকলক লৈ গঠিত,অনুসূচিত জাতি দলিতসকলক লৈ গঠিত আৰু অনুসূচিত জনজাতি মূলত আৰ্য্যসকলতকৈ পৃথক মুখাবয়ৱ,শাৰীৰিক গঠন আৰু ক্ষুদ্ৰ চকুৰ অধিকাৰী মংগোলীয়,অষ্ট্ৰ এছীয় আৰু নিগ্ৰিটো প্ৰজাতিৰে গঠিত৷৪০ ৰ দশকৰ শেষাৰ্দ্ধত যেতিয়া বাবা চাহেব আম্বেদকাৰে সংবিধান প্ৰণয়ণ কৰিছিল সেইসময়ত SC,ST ৰ অন্তৰ্গত লোকসকলৰ আৰ্থসামাজিক অৱস্থা বৰ এক মজবুত নাছিল৷অস্পৃশ্যতাৰ বলি এইসকল দৰিদ্ৰ লোকৰ অধিকাংশই আনহে নালাগে শিক্ষাৰ অধিকাৰৰ পৰাও সদা বঞ্চিত আছিল আৰু ইয়াৰেই পৰিণতিত দলিত সম্প্ৰদায়ৰ প্ৰতিনিধি আম্বেদকাৰে সেয়ে ভাৰতবৰ্ষৰ সৰ্বাংগীন বিকাশৰ বাবে তেওঁ মাত্ৰ এটা দশকৰ বাবেহে সংৰক্ষণ ব্যৱস্থাৰ জন্ম দিছিল৷কিন্তু পৰৱৰ্তী সময়ত ভোট বেংকৰ স্বাৰ্থত সংৰক্ষণ ব্যৱস্থা অনন্তকাললৈকে চোৱাই থকা এক ৰাজনৈতিক চুইংগামত(Political Swingum) পৰিণত হ’য় আৰু ইয়াৰ সোৱাদ আজি তিতা হৈ পৰিছে৷আজিৰ OBC/MOBC শ্ৰেণী ৮০ দশকৰ মণ্ডল কমিছনৰে এক ফচল মাত্ৰ৷১৯৭৯ চনত গঠিত মণ্ডল কমিছনে শৈক্ষিক আৰু সামাজিক দুৰ্বলতা(on the basis of social and educational backwardness)ৰ ভিত্তিত OBC ৰ অৰ্ন্তগত উপজাতি সমূহক চিনাক্ত কৰি তেওঁলোকৰ বাবে ২৭% সংৰক্ষণ ব্যৱস্থাৰ পোষকতা কৰে৷১৯৮০ চনত মণ্ডল কমিছনে চৰকাৰক তেওঁলোকৰ ৰিপোৰ্ট জমা দিয়ে আৰু বিভিন্ন ৰাজনৈতিক কাৰণবশত সুদীৰ্ঘ দহবছৰ কালৰ অন্তত চৰকাৰে মণ্ডল কমিটিৰ ৰিপোৰ্টৰ নিৰ্দশাৱলীক আইনৰ ৰূপ দিয়ে৷কিন্তু আশ্বৰ্য্যজনক ভাবে ১৯৩৯ চনৰ পিছত ভাৰতত জাতিভিত্তিক লোকপিয়ল(Caste Census) হোৱা নাছিল৷সেয়ে মণ্ডল কমিছনৰ আধাৰ আছিল ১৯৩৯ ৰ জাতিভিত্তিক লোকপিয়ল৷১৯৩৯ পৰা ১৯৭৯ লৈকে ৪০ বছৰত বহুউপজাতিৰ শৈক্ষিক আৰু সামাজিক দিশত উন্নতিৰ জখলা বগাইছিল৷সেয়ে মণ্ডল কমিছনৰ ৰিপোৰ্টৰ সত্য মানি লোৱা কঠিন আৰু ইতিমধ্যেই উন্নতিৰ জখলা বগোৱা বহু উপজাতিৰ বাবে মণ্ডল কমিছন হৈ পৰিছিল এক সোণৰ কণী পৰা হাঁহ মাত্ৰ


প্ৰভাৱশালী জাতিৰ উত্থান – প্ৰভাৱশালী জাতি(Dominant Caste)ৰ উত্থান ভাৰতীয় ইতিহাসৰ এক বিচিত্ৰ ঘটনাপ্ৰৱাহ৷প্ৰভাৱশালী জাতিৰ বৈশিষ্ট্য সমূহ হ’ল-
১/তেওঁলোক এক বিশেষ অঞ্চলত সংখ্যাগুৰু(They are the majority for a particular region)
২/তেওঁলোক সেই অঞ্চলৰ অধিকাংশ ভূসম্পত্তিৰ অধিকাৰী আৰু এয়া ভাৰত চৰকাৰৰ ভূমি সংশোধন নীতিৰ ফল৷(Due to the Land Reformation Policy by the Union of India now majority of the land from this reason in their hand)
৩/ সেউজ বিপ্লৱৰ প্ৰভাৱত তেওঁলোকৰ কৃষি অৰ্থনীতি সমসাময়িক সময়ৰ এক শ্ৰেষ্ঠতম অৰ্থনীতিৰ পৰিণত হৈছিল৷(Due to the productive impact of Green Revolution Economic Return from their land is high)
৪/ৰাজনৈতিক সংযোগসম্পন্ন আৰু ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী৷তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আৰু OBC আন্দোলনে এয়া সম্ভৱপৰ কৰি তুলিলে৷( They have access to political power and political contact and it’s a product of their numerical strength and OBC movement)
এনেবোৰ নেপথ্যৰ কাৰণৰ ফলশ্ৰুতিত আজি প্ৰভাৱশালী শ্ৰেণীসমূহ অৰ্থনৈতিক,ৰাজনৈতিক,সামাজিক আৰু শৈক্ষিক ভাবে শক্তিশালী৷সেয়ে মণ্ডল কমিছনৰ নিৰ্দেশনা অনুসৰি শৈক্ষিক আৰু সামাজিক দিশত আগবঢ়া এইসমূহ উপজাতি প্ৰকৃতাৰ্থত সংৰক্ষণৰ দাবীদাৰ নহয়৷উদাহৰণস্বৰূপে আমি বিহাৰ আৰু উত্তৰ প্ৰদেশৰ যাদৱ,হাৰিয়ানাৰ জাত,গুজৰাটৰ পেটেল,অন্ধৰ ৰেড্ডী,মহাৰাষ্ট্ৰৰ মাৰাঠা আৰু কেৰেল্লাৰ নায়াৰসকলৰ কথা ক’ব পাৰো৷অসমতো এনে অলেখ উদাহৰণ আছে৷কিন্তু বিতৰ্ক মোৰ প্ৰিয় বিষয় নহয় বাবে নামসমূহ উল্লেখ কৰাৰ পৰা বিৰত থাকিলো৷অলপ চিন্তা কৰিলে আপুনি নিজেই অনুধাৱন কৰিবলৈ সক্ষম হ’ব৷
পাৰ্শ্বপ্ৰতিক্ৰিয়া- জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থা মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰত এক প্ৰতিবন্ধক স্বৰূপ৷এই ব্যৱস্থাই প্ৰতিদিনেই একোজন একবিংশ শতিকাৰ কৰ্ণ বা একলব্যৰ সৃষ্টি কৰিছে৷মেধাশক্তিৰ ওপৰত যুৱপ্ৰজন্মই আস্থা হেৰুৱাই পেলাইছে আৰু এই জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থা আজি ভাৰতত Brain drainage ৰ আন এটা মূখ্য কাৰণ
সমাধানসূত্ৰ- কিন্তু মূখ্যত উত্তৰ আৰু পশ্চিম ভাৰতত আজিও জাতপাতক লৈ জনসমাজত যঠেষ্ট গোড়ামি আছে৷সেই ৰাজ্যসমূহত আজিও দলিতক নিৰ্মম মানসিক নিৰ্য্যাতন কৰা হ’য়৷সেয়ে সংৰক্ষণ ব্যৱস্থাক একেষাৰে নস্যাৎও কৰিব নোৱাৰি সেয়ে মোৰ বোধেৰে-
১/সামাজিক অস্পৃশ্যতাৰ বিৰূদ্ধে কঠোৰ আইন প্ৰণয়ন কৰি ইয়াৰ সফল ৰূপায়ণ কৰিব লাগে৷
২/অসংবৰ্ণ বিবাহৰ(Inter Caste Marriage) বিৰোধিতা কৰা পৰিয়ালৰলোক আৰু খাপ পঞ্চায়তৰ বিষয়ববীয়াক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু চৰকাৰী প্ৰচেষ্টাত অসংবৰ্ণ বিবাহক উৎসাহ প্ৰদান কৰিব লাগে৷
৩/ভাৰতত পুনৰ জাতিভিত্তিক লোকপিয়ল(caste census) অনুষ্ঠিত কৰি প্ৰকৃতাৰ্থত সামাজিক আৰু শৈক্ষিক ভাবে পিছপৰা উপজাতি সমূহক ১০ বছৰৰ বাবে সংৰক্ষণৰ সুবিধা প্ৰদান কৰি ইয়াৰ অন্তত পুনৰ মূল্যাংকন(Revaluation) কৰিব লাগে আৰু অন্তত দুবছৰৰ মুৰে-মুৰে সমগ্ৰ ব্যৱস্থাটোৰ দোষ-ক্ৰটী সমূহৰ বিচাৰ(Monitoring) কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে
৪/অৰ্থনৈতিক ভাবে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে সংৰক্ষণ আৰু শৈক্ষিকক্ষেত্ৰত জলপানি(Scholarship) ৰ ব্যৱস্থা কৰিব লাগে৷অৱশ্যে আয়ৰ প্ৰমাণপত্ৰ(Income Certificate) প্ৰদান কৰাৰ ক্ষেত্ৰত কিছু কঠোৰ নিয়মাৱলীৰ প্ৰয়োজন৷অন্যথা ব্যৱস্থাতো আজিৰ Creamy-Non Creamy Layer ৰ দৰে মাথো এক প্ৰসহনত পৰিণত হ’ব৷
৫/এজন ব্যক্তিক জীৱন কালত মাত্ৰ এবাৰেই সংৰক্ষণৰ সুযোগ দিব লাগে৷যদি মহাবিদ্যালয়ৰ পৰা পদোন্নতিলৈ প্ৰতিতো দিশতেই তেওঁ সুবিধা লাভ কৰে তেন্তে সেয়া তেওঁৰ ব্যক্তিত্ব গঠন আৰু সমাজ উভয়ৰে বাবে ক্ষতিকাৰক হৈ পৰে৷
৬/মুঠ জনসংখ্যা,মুঠ আসন আৰু নিস্পেষিত লোকৰ বৈজ্ঞানিক অনুপাতৰ ভিত্তিততহে সংৰক্ষণৰ ব্যৱস্থাৰ শতকৰা হাৰ(percentage) নিৰ্ণয় কৰিব লাগে৷
আমাৰ সপোন– বাস্তৱ ধৰ্ম আৰু সংবিধান উভয়েই সামাজিক ন্যায়(social justice)ৰ কথা কয় আৰু বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ নাগৰিকস্বৰূপে ময়ো সামাজিক ন্যায়ত বিশ্বাস ৰাখো৷সেয়ে এই তিক্ততাপূৰ্ণ ৰাজনৈতিক চুইংগাম-জাতিভিত্তিক সংৰক্ষণৰ অন্ত পেলাই এক নতুন সংৰক্ষণ ব্যৱস্থাৰ প্ৰচলন কৰাতো মই সময়ৰ দাবী বুলি অনুভৱ কৰো কাৰণ মই মোৰ দেশ আৰু দেশবাসীক ভাল পাওঁ৷মই এখন নতুন আৰু সৰ্বাংগসুন্দৰ ভাৰতৰ সপোন দেখো আৰু মই বিশ্বাসী আপুনিও এই আলোকৰ যাত্ৰাৰ এজন সহযাত্ৰী কাৰণ আমি নৱপ্ৰজন্ম আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা৷