ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ইতিহাস-একবিংশ শতিকাৰ প্ৰতিজন ভাৰতীয়ই বৌদ্ধিক দাসত্বৰ শিকলিত বন্দী একোএকোজন ক্ৰীতদাস আৰু আজিৰ পৰা প্ৰায় দুশবছৰৰ পূৰ্বে Macaulay চাহাবৰ কাৰখানত English Education Act-1835 ৰ ৰূপত নিৰ্মিত হৈছিল বৌদ্ধিক দাসত্বৰ এই চিৰযুগমীয়া শিকলি৷মেক’লে চাহাবে তেওঁৰ পিতৃলৈ লিখা চিঠিত স্বীকাৰ কৰিছিল যে তেওঁ ভাৰতবৰ্ষত এনে এক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে যাৰ ফলত ভাৰতীয়সকল চিৰদিন ব্ৰিটিছৰ গোলাম হৈ ৰ’ব আৰু নিজস্ব সংস্কৃতি আৰু মূল্যবোধক পাহৰি হৈ পৰিব একোএকোজন ব্ৰিটিছ সভ্যতাৰ অনুগামী৷ব্ৰিটিছক দেশ শাসন কৰিবৰ বাবে মাত্ৰ কিছু কেৰাণী আৰু আজ্ঞাবাহী ভৃত্যৰ প্ৰয়োজন আছিল আৰু সেই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সৃষ্টি কৰা হৈছিল তেতিয়াৰ ভাৰতীয় শিক্ষা ব্যৱস্থা(Indian Education System)৷Macaulay’s Minute ৰ গৰ্ভত জন্ম লাভ কৰা ভাৰতীয় শিক্ষা ব্যৱস্থাক এক সুদৃঢ় ৰূপ দিছিল English Education Act-1835 এ৷আজি ভাৰতবৰ্ষই ৰাজনৈতিক স্বাধীনতা লাভ কৰা প্ৰায় সাতোটা দশক অতিক্ৰম কৰিলে কিন্তু তাহানিৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিশেষ পৰিবৰ্তন ন’হল যেন নতুন বটলত পুৰণি সুৰা৷আজিৰ খণ্ডত আমি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ দোষ-ক্ৰটী সমূহৰ এক নিৰ্মোহ বিশ্লেষণ কৰিম৷

মেক’লে চাহাবৰ স্বীকিৰোক্তি


১/জিজ্ঞাসাৰ অপমৃত্যু-ভাৰতীয় শিক্ষা ব্যৱস্থাই শৈশৱতেই এজন ছাত্ৰৰ মনত সৃষ্ট জিজ্ঞাসা(curiosity)ক হত্যা কৰে৷সেয়ে বিশ্ববিদ্যালয়ৰ পৰ্য্যায়ত শিক্ষকে শ্ৰেণী কোঠাত “Any doubt”বুলি শুধিলেও ছাত্ৰ-ছাত্ৰীয়ে বিশেষ সহাৰি নজনায়৷বেছিকৈ প্ৰশ্ন কৰা ছাত্ৰ-ছাত্ৰীক ভাৰতীয় শিক্ষাব্যৱস্থাৰ দৃষ্টিত অবাধ্য আৰু মদগৰ্বী৷এককথাত ক’বলৈ গ’লে কামোৰ৷ছাত্ৰ-ছাত্ৰীৰ জিজ্ঞাসা নিবাৰণত অধিকাংশ শিক্ষকৰেই আগ্ৰহ শূণ্য আৰু ইয়াৰ পৰিণতিতেই স্নাতক পৰ্য্যায়ত জিজ্ঞাসাৰ পৰিধি ভাঙি পৰীক্ষাবহীত অধ্যাপকৰ নোট বমি কৰাতেই ছাত্ৰসমাজ অভ্যস্ত হৈ পৰে আৰু এইদৰেই অপমৃত্যু হয় যুগান্তকাৰী উদ্ভাৱন মূল চালক্য শক্তি জিজ্ঞাসাৰ৷

জিজ্ঞাসাৰ অপমৃত্যু আৰু আপোনাৰ কেৰিয়াৰ

/মাৰ্কচিট বনাম সৃজনশীলতা-প্ৰতিজন ব্যক্তিয়েই সুকীয়া৷মনোবিজ্ঞানীসকলে সমগ্ৰ মানৱ জাতিক ১৬ টা ভিন-ভিন ব্যক্তিত্বত বিভক্ত কৰিছে৷নিজস্ব ব্যক্তিত্ব অনুসৰি প্ৰতিজন ব্যক্তিৰেই কিছুমান সুপ্ত প্ৰতিভা থাকে৷কিন্তু আমাৰ শিক্ষা ব্যৱস্থাত মাৰ্কচিটখনেইন সৰ্বস্ব৷আপোনাৰ অভিনয়,সংগীত,চিত্ৰকলা,সাহিত্য,বাকপটুতা,খেলাধূলা আদি প্ৰতিভাৰ এই ব্যৱস্থাত কোনো মূল্য নাই৷পঞ্চমমানতেই হিন্দীসাহিত্যৰ পাঠ্যপুথিত এটা পদ্য পঢ়িছিলো-
“পঢ়ৌগে-শুনৌগে বনৌগে নবাব
খেলৌগে-কুদৌগে হ’গে খাৰাব৷”
এয়াই আমাৰ শিক্ষা ব্যৱস্থাত৷ইয়াৰ পিছত আকৌ সাংবাদিকে চৰকাৰক প্ৰশ্ন কৰে ভাৰতে অলিম্পিকত কিয় স্বৰ্ণপদক নাপায়৷মই সৰুৰে পৰাই তৰ্ক প্ৰতিযোগিতাত ভাগ লৈছিলো৷মই মেট্ৰিকত ডিষ্টিংচন নাপালো আৰু লগেলগেই উচ্চমাধ্যমিকৰ দিনত মায়ে নিষেধাজ্ঞা জাৰি কৰিলে যে তৰ্ক প্ৰতিযোগিতাত ভাগ লোৱাৰ কোনো প্ৰয়োজন নাই৷“Only wastage of time.”তাহানিতেই মাৰ কথা শুনা হ’লে মোৰ মাৰ্কচিটখন আৰু কিছু উন্নত হ’লহেঁতেন কিন্তু মানুহ হ’ব নোৱাৰিলোহেঁতেন৷সৌভাগ্যক্ৰমে মই সেইদিনা মাৰ কথা নুশুনিলো আৰু পৰবৰ্তী সময়ত তৰ্কত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পুৰস্কাৰ বুটলিবলৈও সক্ষম হ’লো৷মোৰ বিষয়ে কোৱাৰ কাৰণ এটাই হয়তো মেট্ৰিকৰ মাৰ্কচিটখন হাতত পৰাৰ পিছত বহুজন মোৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছিল যি বিনাবাক্যই অভিভাৱকৰ কথা মানি লৈছিল আৰু সেইদৰেই হয়তো সমাজে হেৰুৱাই পেলাইছিল এক অনন্য প্ৰতিভা হয়তো আন এজন টেণ্ডুলকাৰ বা ভূপেন হাজৰিকা৷মোৰ ভাগ্য অৱশ্যে সুপ্ৰসন্ন আছিল কাৰণ স্নাতক পৰ্য্যায়ত পুৰণি কথাবোৰ পাহৰি গৈ মায়ে পুনৰ মোক তৰ্ক কৰিবলৈ উৎসাহ যোগাইছিল৷

মাৰ্কচিট বনাম সৃজনশীলতা

৩/তুলনা আৰু ৰুগ্ন প্ৰতিযোগিতা-সৰুৰে পৰাই ভাৰতীয় সমাজৰ অধিকাংশ অভিভাৱকেই অধিক নম্বৰ পোৱা এজন ছাত্ৰ বা ছাত্ৰছাত্ৰীৰ সৈতে সন্তানক তুলনা কৰে৷শৰ্মাজী কি লৌন্ডে………ফলত সন্তানৰ মনত শৈশৱতেই ৰুগ্ন প্ৰতিযোগিতাৰ সৃষ্টি হয়,তেওঁৰ নৈতিক স্খলন হয় আৰু অদুৰ ভবিষ্যতত জীৱনৰ পৰীক্ষাত অসৎ পন্থাৰ সহায় লবলৈও তেওঁ তিলমাত্ৰও কুন্ঠাবোধ নকৰে৷

তুলনাই সৃষ্টি কৰা ৰুগ্ন প্ৰতিযোগিতা

৪/স্মৃতিশক্তিৰ পৰীক্ষা-ভাৰতীয় শিক্ষাব্যৱস্থাই প্ৰতিমূহূৰ্তত মাত্ৰ স্মৃতিশক্তিৰ পৰীক্ষা লয়৷কৃষিবিজ্ঞানৰ স্নাতক শ্ৰেণী পঢ়ি থাকোতে মই প্ৰতিবাৰেই এশজোপামান শস্যৰ Fertilizer Dose ভাটৌৰ দৰে মুখস্থ কৰি পৰীক্ষাৰ বহীত সেয়া বমি কৰি বুকু ফিন্দাই ঘৰলৈ উভতি আহিছিলো৷মই স্নাতক পৰ্যায়ত প্ৰায় ৮০% নম্বৰসহ প্ৰথম শ্ৰেণীতেই উত্তীৰ্ণ হ’লো৷কিন্তু সচাঁকৈয়ে কৈছো আজি মোৰ অসমৰ প্ৰধান শস্য ধানৰ Fertilizer Dose তোও ভালকৈ মনত নাই৷আমাৰ শিক্ষা ব্যৱস্থাই আমাক শিকায় যে হিটলাৰে ৬ মিলিয়ন ইহুদীক হত্যা কৰিছিল কিন্তু ভবিষ্যতৰ পৃথিৱীত আন এজন হিটলাৰৰ উত্থানক ৰোধ কৰিবলৈ আমাৰ ৰণনীতি কি হোৱা উচিত সেই সম্পৰ্কে আমাৰ শিক্ষা ব্যৱস্থা নিমাত৷

পৰীক্ষা নে স্মৃতিপৰীক্ষা?

৫/বিষয়ৰ জাতিভেদ-ভাৰতীয় সমাজৰ দৰে শিক্ষা ব্যৱস্থাতো এক চৰম জাতিভেদ(Caste Discrimination) দেখা যায়৷সমাজত প্ৰচলিত এক অপসত্য-মেধাবীজনৰ বাবে বিজ্ঞান আৰু অকৰ্মণ্যজনৰ বাবে কলাশাখা৷কাৰণ কলাশাখা উজু বাৰু কলাশাখাক সহজ বুলি কোৱা শিক্ষাবিদসকল মোক এবাৰ মাৰ্ক্সৰ “Capital”খন পাত পাত কৈ বুজাই দিয়ক আপোনাৰ শ্ৰীচৰণত সেৱা কৰি মই মানি ল’ম কলাশাখা সহজ৷

বিষয়ৰ জাতিভেদ

৬/আওপুৰণি পাঠ্যক্ৰম-ভাৰতীয় শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম চূড়ান্ত আওপুৰণি যি সময়ত আজি উন্নত দেশৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে Artificial Intelligence ৰ সম্পৰ্কে অধ্যয়ন কৰিছে সেইসময়ত আমি কেলকুলেটৰ ব্যৱহাৰ কৰাতোও এলেহুৱাৰ চিন জাতীয় আওপুৰণি মানসিকতাক আকোৱালি লৈ ঘন্টাজুৰি “Log Table” মিলাই আছো৷এনে আওপুৰণি শিক্ষা ব্যৱস্থাৰ বাবেই আজি বহুকেইখন উন্নত ৰাষ্ট্ৰত ভাৰতীয় স্নাতকোত্তৰ(Postgraduate) সকলক কেৱল মাত্ৰ স্নাতক(Graduate)বুলি গণ্য কৰা হ’য়৷

আাওপুৰণি পাঠ্যক্ৰম

/শিক্ষাখণ্ডৰ পঁয়ালগা আন্তগাথনি-২০১৯ বৰ্ষৰ তথ্য অনুসৰি ভাৰত চৰকাৰে মুঠ GDP ৰ মাত্ৰ ৩% শিক্ষাখণ্ডত ব্যয় কৰে যি বাংলাদেশ আৰু ভূটানতকৈও কম৷ভাৰত চৰকাৰে গৱেষণাৰ বাবে প্ৰতিজন গৱেষক ছাত্ৰছাত্ৰীৰ বাবে মাত্ৰ ৩০,০০০ টকা ব্যয় কৰে৷কিন্তু সেইখন চৰকাৰেই আকৌ কৌটি-কৌটি টকা খৰচ কৰি মূৰ্তি সাজে৷এতিয়া বুজিছে নহয় আমাৰ দেশত পেটেন্টৰ সংখ্যা কিয় ইমান কম৷বিদ্যালয় পৰ্য্যায়ৰ শিক্ষকৰ দৰমহা কম আৰু অনিয়মীয়া৷সেয়ে সন্মাজনক পদবী হোৱাৰ পিছতো আজি শিক্ষকৰ চাকৰি কৰিবলৈ কোনো আগ্ৰহী নহয়৷উচ্চ শিক্ষাৰ নামজ্বলা প্ৰতিষ্ঠান সমূহত আকৌ অধ্যাপকৰ চাকৰি পাবলৈ বহুক্ষেত্ৰতেই বক্ৰপথৰ প্ৰয়োজন৷সেয়ে হয়তো ৰঘুৰাম ৰাজন চিকাগো বিশ্ববিদ্যালয়লৈ গ’ল আৰু অমৰ্ত্য সিঙে লণ্ডন স্কুল অফ ইকনমিক্সত অধ্যাপনা কৰে৷এনেবোৰ কাৰণতেই হয়তো আমাৰ শিক্ষানুষ্ঠানত শিক্ষক ছাত্ৰৰ অনুপাত শোচনীয় আৰু বিদ্যালয় পৰ্য্যায়ৰ ৪০% শিক্ষকেই প্ৰশিক্ষিত নহয়৷

চৰকাৰী শিক্ষাব্যৱস্থাৰ পঁয়ালগা আন্তগাঠনিৰ মূখ্য কাৰণ

৮/শিক্ষাৰ ৰাজনীতিকৰণ-ভাৰতবৰ্ষত চৰকাৰ সলনি হোৱাৰ লগেলগেই পাঠ্যক্ৰমৰো সলনি হয়৷প্ৰত্যেকতো দলেই পাঠ্যক্ৰমক নিজস্ব ৰাজনৈতিক মতাদৰ্শ আৰু ‘Propaganda’ প্ৰচাৰ কৰাৰ এক আহিলাৰূপে ব্যৱহাৰ কৰে৷আজি ভাৰতীয় শিক্ষাব্যৱস্থাৰ বহুপৰ্য্যায়লৈকে গেৰুৱাকৰণ হৈছে৷যেনে কল্পকথাৰ ব্ৰহ্মাস্ত্ৰ পাৰমানৱিক ক্ষেপনাস্ত্ৰ আছিল৷’Cosmic Surgery’ দ্বাৰা গণেশক এটা হাতীৰ মুৰ লগাই দিয়া হৈছিল ইত্যাদি৷বিশেষ শিক্ষাগত অৰ্হতা নথকা ব্যক্তিয়েও কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ আসনখন শুৱনি কৰাৰ উদাহৰণ ভাৰতত বিৰল নহয়৷চৰকাৰে ইতিমধ্যেই বিশ্ববিদ্যালয় অনুদান আয়োগ(UGC) ক দ্বিখণ্ডিত কৰাৰ দিশত আগবাঢ়িছে আৰু দ্বিখণ্ডিত UGC ৰ Executive Body ৰ মুৰব্বী হ’ব ভাৰতৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী কিন্তু ভাৰতত জনপ্ৰতিনিধি হ’বলৈ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই৷

শিক্ষা ব্যৱস্থাৰ গেৰুৱাকৰণ


         আজিৰ খণ্ডত আমি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ইতিহাস আৰু ৰুগ্ন শিক্ষাব্যৱস্থাৰ ৰোগৰ মূখ্য কাৰণ(causes)সমূহ আলোচনা কৰিলো৷পৰৱৰ্তী খণ্ডত আমি ৰোগৰ লক্ষণ(symptoms) আৰু চিকিৎসা(diagnosis) সম্পৰ্কে বিস্তৃত ৰূপত আলোচনা কৰিম৷আজিৰ খণ্ডটি ইমানতে সামৰিছো৷ধন্যবাদ৷
(বি:দ্ৰ-পাঠক সমাজৰ পূৰ্ণ সহাৰিৰ বাবে মাত্ৰ ২৫ টা দিনতে মোৰ ব্লগে ইতিমধ্যে 1K views অতিক্ৰম কৰিবলৈ সক্ষম হৈছে৷আপোনালোকৰ মৰম আৰু সহাৰিৰ বাবে ধন্যবাদ)

No caption this man is everything to us and he speaks the truth

Leave a comment