আজি বহুদিনৰ মুৰত পুনৰ আপোনালোকৰ মাজলৈ আহিছো৷আপোনালোক কুশলে আছেনে?যোৱাকালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে৷এইমাহতেই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলো ঘোষণা কৰিব৷আপোনাৰ পৰিয়ালৰ কোনো সদস্যই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল নেকি?আশাকৰো তেওঁলোকে আশা কৰাৰ দৰেই ফলাফল লাভ কৰিছে৷যদি ফলাফল আশা কৰাৰ দৰে হোৱা নাই তেনেহ’লে তেওঁলোকক আপোনাৰ জৰিয়তেই নিৰাশ ন’হবলৈ অনুৰোধ জনালো৷আজি মই হতাশাত ভোগা ছাত্ৰছাত্ৰীসকলক দুটা সাধুকথা ক’ম৷আশাকৰো মোৰ সেই সাধু দুটা শুনাৰ অন্তত তোমালোকৰ জীৱন আকাশত নিৰাশাৰ কলীয়া ডাৱৰ ভেদি উদ্ভাষিত হ’ব আশাৰ তেজোদ্দীপ্ত সূৰুষ৷
তোমাৰ দৰেই এজন ছাত্ৰ৷অৱশ্যে তোমাতকৈ অলপমান সৰু৷তৃতীয়মানৰ সেই ছাত্ৰজন যঠেষ্ট অন্যমনস্ক আৰু চঞ্চল প্ৰকৃতিৰ৷এদিন বিদ্যালয়ৰ চুটিৰ পৰত সেই ছাত্ৰজনক বিদ্যালয়ৰ প্ৰধানশিক্ষকে তেওঁৰ কোঠালৈ মাতিলে আৰু তেওঁৰ হাতত এখন চিঠি তুলি দি ক’লে এইখন তুমি তোমাৰ মাৰ হাতত দিবা৷প্ৰধানশিক্ষকৰ চিঠিখন পঢ়ি কণমাণিজনৰ মাকৰ গালেৰে এধাৰি অশ্ৰু বৈ আহিল৷তেওঁ মাকক শুধিলে মা,মা ইয়াত কি লিখা আছে৷মাকে চিঠিখন সামৰি থৈ এটা সেমেকা হাঁহি মাৰি ক’লে প্ৰধান শিক্ষকে কৈছে তুমি অত্যন্ত মেধাবী৷তোমাক পঢ়ুৱাব পৰা ক্ষমতা তোমাৰ বিদ্যালয়ৰ কোনো শিক্ষকৰে নাই৷সেয়ে কাইলৈৰ পৰা তুমি আৰু বিদ্যালয়লৈ যাব নালাগে ঘৰতেই পঢ়িবা৷কণমাণিটোৱেও মাকৰ কথাত মুৰ দুপিয়াই সমৰ্থন জনালে৷কেইবাটাও বসন্ত পাৰ হৈ গ’ল৷সেই কণমানিতো আজি এজন চফল ডেকা৷তেওঁ এটা পুৰণা ট্ৰাংক খুচৰি থাকোতে কিছুমান পুৰণি কাগজৰ মাজত মাকলৈ প্ৰধান শিক্ষকে দিয়া সেই চিঠিখন পালে আৰু চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলে৷চিঠিখন পঢ়ি শেষ কৰি ব্যক্তিজনে উচুপি উঠিল৷কাৰণ সেই চিঠিখনত তেওঁৰ মেধাৰ কোনো প্ৰশস্তি বন্দনা নাছিল বৰঞ্চ তাত লিখা আছিল আপোনাৰ সন্তান মানসিক ভাবে বিকাৰগ্ৰস্ত৷সি আৰু বিদ্যালয়লৈ অহাৰ প্ৰয়োজন নাই৷একালৰ প্ৰধানশিক্ষকৰ পৰা মানসিক বিকাৰগ্ৰস্তৰ আখ্যা পোৱা সেই কণমাণিতোৱেই হ’ল বিশ্ববিশ্ৰুত বিজ্ঞানী বিজুলী বাটিৰ উদ্ভাৱক ছাৰ টমাছ আলফা এডিছন৷প্ৰায় তিনিশতাধিক সঁজুলিৰ উদ্ভাৱক এডিছন আনুষ্ঠানিক ভাবে মাত্ৰ তৃতীয় শ্ৰেণীলৈকেহে পঢ়িছিল৷সাধু সাধু যেন লগা এই সত্য ঘটনাতোৱে আমাক শিকাই যে তোমাৰ বিচাৰকজন সদায় শুদ্ধ ন’হবও পাৰে আৰু এখন মাৰ্কচিট তোমাৰ যোগ্যতাৰ মাপ কাঠি ন’হয়৷জীৱনৰ পৰীক্ষাত সফল হ’বলৈ স্মৃতিশক্তিৰ নহয় কেৱল মাত্ৰ সাধনাৰ প্ৰয়োজন৷

এইবাৰ হাঙ্গেৰী দেশৰ এটা সাধুকথা ক’ম৷১৯৩৮ চনৰ কথা হাঙ্গেৰীয়ান আৰ্মিত এজন পিষ্টল চালক আছিল তেওঁৰ নাম আছিল কেৰ’লিন৷কেৰ’লিনৰ হাতখন মহাভাৰতৰ অৰ্জুনৰ দৰেই লক্ষ্যভেদী আৰু নিপুন আছিল৷সমগ্ৰ হাংগেৰীবাসীয়ে আশা কৰিছিল যে ১৯৪০ চনৰ অলিম্পিকত কেৰ’লিনে পিষ্টল চালনাত স্বৰ্ণ পদক আহৰণ কৰি দেশলৈ সন্মান কঢ়িয়াই আনিব৷কিন্তু সেই বছৰেই সামৰিক অনুশীলনীত অংশ লওঁতে এটা বোমা বিস্ফোৰণত দূৰ্ঘটনাক্ৰমে আঘাতপ্ৰাপ্ত হৈ মাত্ৰ ২৮ বছৰ বয়সতে কেৰ’লিনে তেওঁৰ সোঁহাতখন হেৰুৱাই পেলালে৷কেৰ’লিনৰ লগতে সমগ্ৰ দেশবাসীৰ অন্তৰ ভাগি পৰিল৷লাহেলাহে কেৰ’লিন নামৰ ব্যক্তিজনক সকলোৱে পাহৰি পেলালে৷১৯৩৯ চনত হাংঙ্গীৰত প্ৰতিবছৰৰ দৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পিষ্টল চালনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ল আৰু সকলোকে আচৰিত কৰি মাত্ৰ এখন হাতেৰেই(বাওঁহাত) সেই প্ৰতিযোগিতাত অংশ লৈ কেৰ’লিনে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হ’ল৷দেশবাসীয়ে পুনৰ কেৰোলিনক লৈ আশাৰ সপোন ৰছিলে আৰু ৪০ ৰ অলিম্পিকৰ বাবে পুনৰ প্ৰস্তুতি আৰম্ভ কৰিলে৷কিন্তু ১৯৪০ চনত প্ৰথম মহাসমৰৰ বাবে অলিম্পিক ক্ৰীড়াসমাৰোহ অনুষ্ঠিত ন’হল৷কেৰোলিনৰ স্বপ্ন পুনৰ ভংগ হ’ল৷কিন্তু ৪৪ ৰ পৰৱৰ্তী অলিম্পিকৰ বাবে তেওঁ অনুশীলন অব্যাহত ৰাখিলে৷দ্বিতীয় মহাসমৰ অব্যাহত থকাৰ বাবে ৪৪ তো অলিম্পিক অনুষ্ঠিত ন’হল৷১৯৪৮ ত দ্বিতীয় মহাসমৰৰ অন্তত লণ্ডন অলিম্পিক অনুষ্ঠিত হ’য় আৰু সেইসময়ত কেৰ’লিনৰ বয়স হৈছিল প্ৰায় ৩৮ বছৰ৷সচাৰচৰ ৩৫ বছৰৰ পিছতেই যিকোনো এজন খেলুৱৈয়ে ক্ৰীড়া জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে৷কিন্তু ৩৮ বছৰ বয়সতো মাত্ৰ বাওঁহাতখনেৰেই অলিম্পিকৰ দৰে এখন বিশ্ব ক্ৰীড়া সমাৰোহত অংশ লৈ কেৰ’লিনে স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস ৰচিবলৈ সক্ষম হ’ল৷কেৰ’লিনৰ বিজয় ৰথ তাতেই থমকি ন’ৰল৷১৯৫২ চনৰ হেলচীংকি অলিম্পিকত পিষ্টল চালনাত তেওঁ ক্ৰমাগত ভাবে পুনৰ দ্বিতীয়তো স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হ’ল আৰু অলিম্পিকৰ পিষ্টল চালনাৰ ইতিহাসত ক্ৰমাগত ভাবে দুটা স্বৰ্ণ পদক লাভ কৰা কেৰ’লিনেই একমাত্ৰ খেলুৱৈ৷(এই কাহিনীতো সন্দীপ মাহেশ্বৰীৰ এখন Motivational Seminer ৰ পৰা সংগৃহীত )

Life is not a bed of roses.জীৱনৰ পথ মসৃণ নহয় বৰঞ্চ ঘাট-প্ৰতিঘাটপূৰ্ণ৷কিন্তু
জীৱনৰ সমস্ত ঘাট-প্ৰতিঘাটৰ সন্মুখত আত্মসমৰ্পণ নকৰাকৈ যদিহে আমি কষ্ট,ধৈৰ্য্য আৰু অধ্যৱসায়ৰ পথেৰে জীৱন সংগ্ৰাম চলাই যাওঁ তেনেহ’লে সফলতাৰ স্বৰ্ণ শিখৰো বেছিদুৰ নহয়৷
মৰমৰ ভাইটী-ভন্টীসকল তোমালোকলৈ মাত্ৰ এটাই অনুৰোধ শাখা বা বিষয় বাচি লোৱাৰ প্ৰসংগত ভটীয়নী সোঁতত গা এৰি নিদিবা৷Always follow your passion.মহেন্দ্ৰ সিং ধোনী অথবা জুবিন গাৰ্গে চিকিৎসা বিজ্ঞান পঢ়া হ’লে দেশে এজন ভাল ক্ৰিকেট খেলুৱৈ অথবা সংগীত শিল্পীক হেৰুৱালেহেঁতেন৷এডিছনৰ দৰে হয়তো সমাজে তোমাক পগলা বুলি হাঁহিব৷কিন্তু মনত ৰাখিবা পাগলেহে সদায় ইতিহাস ৰচে৷অভিভাৱক আৰু বয়োজ্যেষ্ঠ সকললৈও অনুৰোধ ফলাফলৰ কথা কৈ ছাত্ৰছাত্ৰীসকলক নিৰুৎসাহ নকৰিব৷কেৱল মাত্ৰ এখন ভাল মাৰ্কচিটৰ পিছত এন্দুৰ দৌৰত দৌৰাৰ পৰিবৰ্তে তেওঁলোকক প্ৰকৃত জ্ঞান(Pure Knowledge)ৰ অন্বেষণ আৰু কৌশলৰ আহৰণ(acquiring the skills) কৰিবলৈ উৎসাহ জনাওঁক৷
আজিলৈ ইমানতে সামৰিছো৷তোমালোকৰ ভাল হওঁক৷আপোনালোক কুশলে থাকক৷


ধুনীয়া|চিনাকী নহয় অথচ পঢ়ি আপোন আপোন লাগিল|এনেধৰণৰ ধনাত্মক চিন্তাৰ আমাক প্ৰয়োজন হয়
LikeLike
আপোনাৰ লিখনশৈলী সঁচাকৈয়ে মানিবলগীয়া | কি সলসলীয়াকৈ কৈ গৈছে কথাবোৰ ! এনে লাগিছে যেন মই পঢ়াৰ সলনি শুনিহে গৈছো…
LikeLike