
সভ্যতাৰ আদি কালৰে পৰাই ধৰ্ম ৰাজনীতিৰ এক অবিচ্ছেদ্য অংগ৷প্ৰায়ভাগ প্ৰাচীন সভ্যতাই ৰজাক ঈশ্বৰৰ প্ৰতিনিধি ৰূপে জ্ঞান কৰাৰ পৰিঘটনাই ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ৷দ্বিতীয় বিশ্বযুদ্ধত নাজী বাহিনীৰ আত্মসমৰ্পণৰ অন্তত তেওঁলোকক নিৰাপদ আশ্ৰয় প্ৰদান কৰাৰ ক্ষেত্ৰত ভেটিকানৰ ভূমিকা হয়তো বহুজনৰে জ্ঞাত৷ছোভিয়েট ইউনিয়নত স্তালিনে গীৰ্জাঘৰবিলাক সংগ্ৰাহালয়লৈ পৰ্য্যাবসিত কৰিছিল৷কিন্তু স্তালিনোত্তৰ কালত ছোভিয়েট ইউনিয়নৰ নাগৰিকসকলে পুনৰ ঈশ্বৰক বিছাৰি গীৰ্জালৈ যোৱা আৰম্ভ কৰে আৰু নিচেই কম দিনৰ ভিতৰতে সংগ্ৰাহলয়বিলাক পুনৰ গীৰ্জা ঘৰত পৰিণত হয়৷কাৰণ সমস্ত মানবীয় আবেগৰ ভিতৰত হয়তো ধৰ্মীয় আবেগেই সৰ্বোচ্চ৷সেয়ে ধৰ্ম ইমান সংবেদনশীল৷ধৰ্মই যিদৰে ৰাজনীতিক প্ৰভাৱান্বিত কৰে একেদৰেই ৰাজনৈতিক আদৰ্শয়ো ধৰ্মক প্ৰভাৱান্বিত কৰে৷ধৰ্মীয় অসহনশীলতাৰ সামন্তৰাল ভাবে আদৰ্শগত অসহনশীলতাও একবিংশ শতিকাৰ আন এক জ্বলন্ত সামাজিক সমস্যা৷আদৰ্শগত অসহনশীলতা এটা নতুন শব্দ৷আপুনি হয়তো আগতে শুনা নাই৷ৰ’ব দুটামান উদাহৰণসহ বুজাই দিওঁ –
১/মই তৰ্ক প্ৰতিযোগিতা এখনত ভাগ লৈছিলো৷সেইদিনা মই চৰকাৰী পক্ষক প্ৰতিনিধিত্ব কৰিছিলো আৰু ভাৰতত সমকামিতাৰ বিৰোধিতা কৰি যুক্তি প্ৰদৰ্শন কৰিছিলো৷মোৰ বিৰোধী পক্ষৰ পৰবৰ্ত্তী তাৰ্কিকজনে মোৰ যুক্তিক কৰ্তন কৰিবলৈ গৈ গেৰুৱা বসন পৰিহিত গেৰুৱা মানসিকতাৰ তাৰ্কিকজন বুলি মোৰ গেৰুৱা ৰঙৰ কুৰ্তাটোকে আক্ৰমণৰ লক্ষ্য কৰি ললে৷তাৰ্কিকজন মোৰ ভাতৃপ্ৰতীম বন্ধু আছিল৷তাৰ্কিক বন্ধুক পৰবৰ্তী সময়ত ক’লো গেৰুৱাৰ নামত ইমান বিতৃষ্ণা যদি তুমি ভাৰতৰ ৰাষ্ট্ৰীয় পাতাকাখনকো ঘৃণা কৰা৷গেৰুৱা ত্যাগৰ প্ৰতীক,ভাৰতীয় জনতা পাৰ্টীৰ নহয়৷মই জনাত এপাহি বগা পদুম ফুলহে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতীক৷কিন্তু মোৰ তাৰ্কিক বন্ধু বাওঁ আদৰ্শত বিশ্বাসী সেয়ে গেৰুৱাক তেওঁ ভূত দেখাদি দেখে৷মই কিন্তু ব্যক্তিগতভাবে ৰঙা ৰং অথবা শ্বেৰ প্ৰিন্ট থকা টি ছাৰ্ট পিন্ধিবলৈ কুণ্ঠাবোধ নকৰো৷দুদিনমানৰ পূৰ্বে কোভিড আক্ৰান্ত অমিত শ্বাহৰ আশু আৰোগ্য কামনা কৰি এটা ষ্টেটাছ দিলো বন্ধুৰ চুটি ৰিপ্লাই “not much a priority”৷মোৰ বন্ধুজন মানৱতাবাদী৷এজন অসুস্থ লোকৰ আশু আৰোগ্য কামনা কৰাটো সভ্য সমাজৰ সংস্কাৰ৷এতিয়া আপুনিয়েই ভাবক আদৰ্শগত গোড়ামিয়ে আমাক কিমান অসংবেদনশীল কৰি তোলে৷
২/ভাৰত মাতা কি জয় বুলি নকওঁ এইটো সংঘীবোৰৰ শ্লগান৷জয় আই অসম নকওঁ এইটো আছুৰ শ্লোগান৷লাল চালাম বাওঁপন্থীয়েহে কয়৷এইটো দৃশ্য আজিকালি একেবাৰেই সুলভ৷ছাত্ৰ সংগঠনৰ বহু সদস্যৰ এনে আদৰ্শগত গোড়ামিৰ বাবেই কা বিৰোধী সংগ্ৰাম পৰ্য্যায়ক্ৰমে বহুধাবিভক্ত হৈ নিশকতীয়া হৈ পৰা মই নিজ চকুৰেই দেখিছো৷
৩/মই একালত বাওঁ ছাত্ৰ সংগঠনৰ সদস্য আছিলো৷আজিও মাৰ্ক্সৰ বহু দৰ্শন আৰু সূত্ৰৰ মই সমৰ্থন কৰো৷বাওঁ সংগঠন কৰাৰ পৰাই মনত আছে ভাৰতৰ একাংশ বাওঁপন্থী শ্ৰেণীসংগ্ৰামৰ পৰিবৰ্তে মন্দিৰ,মছজিদ,গো মাংস,গাহৰি মাংস,বীফ ফেষ্টিভেল,ফেমিনিজিম আদিৰ বিতৰ্কৰ প্ৰতিহে সততে আকৰ্ষিত৷ভাৰতীয় জনতা পাৰ্টীৰ দিল্লী আগমনৰ পিছত সংখ্যালঘু প্ৰীতি আৰু সনাতন বিৰোধী আচৰণেই মূলত ভাৰতীয় বাওঁআন্দোলনৰ প্ৰধান লক্ষণ হৈ পৰে৷ধৰ্ম আৰু জাতপাতকেন্দ্ৰিক তথা শ্ৰেণী সংগ্ৰাম বিবৰ্জিত ভাৰতীয় বাওঁ আন্দোলন পৃথিৱীৰ ইতিহাসতেই বিৰল৷ইয়াৰ উদাহৰণ হয়তো মই নতুনকৈ দিব নালাগে৷এওঁলোকে সংখ্যালঘু তোষণৰ নামত সংবিধানৰ আত্মাস্বৰূপ ধৰ্মনিৰপেক্ষতাক কিদৰে বিকৃত কৰিছে তাৰ প্ৰমাণ যোৱা দুদিনত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ ৰূপত পাইছে৷বেচেৰাহঁতে আজিলৈকে ইয়াকে বুজি নাপালে যে বৈদিক যুগৰ সনাতন চাভাৰকাৰক হিন্দুত্ববাদতকৈ পৃথক৷সেয়ে শেষত এদিন বিৰক্ত হৈ মুকলিকেই ক’লো “The unique Indian left movement is a rotten tomato produced in the experimental field of KGB during cold war”.
৪/যোৱাকালি EIA ৰ বিৰোধিতা কৰি চৰকাৰলৈ মোৰ বাৰ্তা প্ৰেৰণ কৰিলো আৰু যিহেতু অসমৰ যুৱপ্ৰজন্মই EIA ৰ বিৰোধিতাৰে সামাজিক মাধ্যমত জনসচেতনতা সৃষ্টিৰ লগতে mail storm ৰ সৃষ্টি কৰিব বিছাৰিছে সেই উদ্দেশ্যৰে ভাইটি ৰক্তিম ৰঞ্জন বৰাৰ অনুৰোধমৰ্মে ফেচবুকত এটা চুটি ভিডিঅ আপলোড কৰিলো৷মাজনিশা তাতে মোৰ এজন কাণসমনীয়াৰ বিদ্ৰূপসূচক মন্তব্য৷মন্তব্যটো এনেধৰণৰ “ভাল হে হৈছে৷EIA ৰ দ্বাৰা দেশৰ আভ্যন্তৰীণ সুৰক্ষা লেখত লব লগীয়া হ’ব৷EIA ৰ বিৰোধিতা কৰাবোৰ দেশদ্ৰোহী৷”মই জনাততো বন্ধুজন সংঘ পৰিবাৰৰ নহয় বৰঞ্চ তেৰাই প্ৰতিনিধিত্ব কৰা ছাত্ৰ সংগঠনটো সংঘ বিৰোধীহে৷কিন্তু আমাৰ যিমান দুৰ মনত আছে তেওঁলোকৰ সংগঠনৰ পিতৃপুৰুষজনেই ২০১৬ ৰ নিৰ্বাচনত অসমৰ ৰাইজক ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ আহ্বান জনাইছিল৷কিন্তু ৫ আগষ্টৰ দিনা ৰাম মন্দিৰৰ নিৰ্মাণক উচ্চতম ন্যায়ালয়ৰ ৰায় বুলি মানি লৈ সমৰ্থন কৰা আৰু কিছুদিনৰ পূৰ্বে তেওঁৰ হাইকামাণ্ডৰ নতুন শিক্ষানীতিৰ বিৰোধিতা কৰাৰ পদ্ধতিটোক অযুক্তিকৰ বুলি কোৱাৰ বাবে সংগ্ৰামী সতীৰ্থজনৰ আদালতত আমি ১৫০০ টকীয়া আৰু EIA ৰ বিৰূদ্ধে কোৱাৰ আমাৰ নৈতিক অধিকাৰ নাই৷কিন্তু মই যদি তেওঁক ওলোটাই প্ৰশ্ন কৰো বনাঞ্চলৰ অবৈধ বস্তিৰ উচ্চেদৰ বিৰোধিতা কৰা আৰু ৰাস্তাত টায়াৰ জ্বলাই প্ৰতিবাদ কৰা আপোনাৰ দৰে তথাকথিত প্ৰকৃতিপ্ৰেমীবোৰৰ EIA বিৰোধিতাৰ নৈতিক আদৰ্শ আছে নে নাই তেন্তে তেওঁৰ উত্তৰভাগি কি হ’ব সেয়াহে লক্ষণীয় হ’ব৷অৱশ্যে আদৰ্শগত গোড়ামিৰ বাবে এনেকুৱা প্ৰশ্ন সুধি এটা প্ৰাসংগিক আন্দোলনৰ পৰিবেশ বিনষ্ট কৰাত মই মুঠেই আগ্ৰহী নহয় বাবে তেওঁৰ দৰে মুখাপিন্ধা বিপ্লৱী এজনৰ সৈতে বিতৰ্ক নকৰি মই তেওঁৰ মন্তব্যটো মুচি দি তেওঁক বন্ধুত্বৰ তালিকাৰ পৰা বিদায় দিলো৷সৰুতেই শুনিছিলো বোলে মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল৷
মোৰ দৰে এনে বহুমানুহ আছে যি কোনো দলৰ সদস্য নহয়৷দলীয় ৰাজনীতিৰ অংশ ন’হলেও প্ৰতিজন মানুহেই ৰাজনৈতিক৷ Apolitical person never exists.সেয়ে বিভিন্ন সময়ত আমিও চৰকাৰ বা বিৰোধী দলৰ কোনো- কোনা ৰাজনৈতিক সিদ্ধান্তক আদৰি লওঁ আৰু কোনোটোৰ বিৰোধিতা কৰো৷উদাহৰণস্বৰূপে চৰকাৰৰ নতুন শিক্ষানীতিক লৈ আশাবাদী হোৱাৰ বিপৰীতে EIA ৰ প্ৰতি মোৰ তিলমানো সমৰ্থন নাই৷কাৰণ প্ৰতিটো ৰাজনৈতিক সিদ্ধান্ত নিজৰ বিবেকেৰে ভাবি চিন্তি হে মই নিজৰ সিদ্ধান্তত উপনীত হওঁ আৰু মোৰ দৰেই সমাজৰ এটা বৃহৎ অংশই ৰাজনৈতিক কিন্তু দলীয় ৰাজনীতিৰ অংশ নহয়৷কালি এজন বন্ধুৰ সৈতে এটা মজাৰ ঘটনা হ’ল৷তেওঁ মোক আক্ষেপেৰে ক’লে কা বিৰোধী আন্দোলনক সমৰ্থন কৰাৰ বাবে একাংশই তেওঁক কংগ্ৰেছৰ চামচা বুলি ক’লে আৰু ৫ আগষ্টৰ দিনা ঐতিহাসিক ৰায়ক সমৰ্থন কৰাৰ বাবে আন একাংশই তেওঁক ১৫০০ টকীয়া বুলি ক’লে৷মই বোলো মোৰো অৱস্থা তথৈবচ কা বিৰোধী আন্দোলনত মোক সমৰ্থন কৰা এজন দুৰসম্পৰ্কীয় ককাইদেউৱে মোক কমেন্ট চেকশ্যনত মানসিক ভাবে অসুস্থ বুলি ক’লে আন এজনে আকৌ পাণ দোকানত গধূলি লগ পাই ৰামভক্ত হোৱাৰ পিছতো কপালত তিলক নলগোৱাৰ কাৰণ সুধিলে৷
মোৰ এজন শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে মোক কৈছিল “The beauty of democracy lies in the respect towards the differences of opinions. I’m agree to disagree with you.”কিন্তু আজি মই দুখিত কাৰণ পূৰ্বৰ প্ৰজন্মৰ সেই গণতান্ত্ৰিক প্ৰমূল্যবোধক আজিৰ প্ৰজন্মই ‘troll culture’ ত হে পৰিণত কৰিলে৷ধৰ্মনিৰপেক্ষতাৰ পৰা গণতন্ত্ৰলৈ প্ৰতিটো বিষয়কে লৈ কেৱল মাত্ৰ” propaganda politics.”সামাজিক মাধ্যমৰ এনে শত-সহস্ৰ মিনি গোৱেলছৰ অভ্যূত্থান স্বচক্ষে দেখা হ’লে চাগৈ প্ৰকৃত গোৱেলছো মূচকচ গ’লহেঁতেন৷ I like Goebbels for his intellectualism but I hate his propaganda.শেষত গণতন্ত্ৰপ্ৰেমী ৰাইজলৈ এটাই অনুৰোধ সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত পিতপিতাই ফুৰা এনে মিনি গোৱেলছবোৰৰ পৰা সাবধান হওঁক৷ৰাজনৈতিক সিদ্ধান্তবোৰ বিবেকেৰে বিচাৰ কৰক আৰু ধৰ্মীয় অসহনশীলতা আৰু গোড়ামিৰ সমান্তৰালকৈ আদৰ্শগত অসহনশীলতাৰ বিৰূদ্ধেও প্ৰতিবাদমুখী হৈ পৰক,তেহে সচাৰ্থত পূণ্যভূমি ভাৰতবৰ্ষ ৰামৰাজ্যত পৰিণত হ’ব৷জয় শ্ৰী ৰাম৷