জিঅ’ডাৰ্নো ব্ৰুণো নামতো হয়তো বহুতৰেই এটা পৰিচিত নাম৷যিসকলৰ বাবে এই নামটো অপৰিচিত তেওঁলোকৰ জ্ঞাতাৰ্থে সংক্ষিপ্ত কৈ জনাই থও যে জিঅ’ডাৰ্নো ব্ৰুণো এজন ইটালীয়ান মূলৰ দাৰ্শনিক আছিল আৰু ১৬০০ খ্ৰীষ্টাব্দৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ মানৱ সভ্যতাক লজ্জানত কৰি ৰোমান কেথেলিক সকলে গীৰ্জাৰ নিৰ্দেশত ব্ৰুণোক জীৱন্তে অগ্নিদগ্ধ কৰি নৃশংস হত্যা কৰিছিল৷এজন দাৰ্শনিক কেনেকৈ ধৰ্মৰ শত্ৰুত পৰিণত হ’ল?গীৰ্জাই কিয় ব্ৰুণোক এনে ভয়াবহ আৰু অমানবীয় শাস্তি প্ৰদান কৰিলে?আপুনি শুনিলে হয়তো আচৰিত হ’ব যে গীৰ্জাৰ প্ৰতিষ্ঠিত ধৰ্মৰ কিছু দৰ্শন(যেনে-যীশু খ্ৰীষ্টৰ ঐশ্বৰিকতা,ভাৰ্জিন মেৰী) আদিৰ বিৰোধিতা কৰি কিছু নিজস্ব দৰ্শনৰ সৃষ্টি কৰাৰ অপৰাধতেই(?) এজন প্ৰগতিশীল দাৰ্শনিকে মধ্যযুগৰ ধৰ্মগুৰুসকলৰ ধৰ্মান্ধতাৰ সন্মুখত নিজৰ প্ৰাণ বিসৰ্জন দিব লগীয়া হৈছিল৷কিন্তু কিয় এই ধৰ্মান্ধতা?বাইবেলৰ নিউ টেষ্টামেনৰ পৃষ্ঠা লুটিয়াই চালেই এই ধৰ্মান্ধতাৰ কাৰণ পোহৰলৈ আহিব আৰু সেয়া হ’ল Blasphemy (ঈশ্বৰ নিন্দাক অসমীয়া ভাবানুবাদৰূপে ব্যৱহাৰ কৰিছো যদিও বিজ্ঞ সকলৰ মতামত আশা কৰিলো) ৰ বিৰূদ্ধ নিউ টেষ্টামেনে গ্ৰহণ কৰা সবল আৰু অমানবীয় স্থিতি৷ Blasphemy বা ঈশ্বৰ নিন্দাৰ আভিধানিক অৰ্থ হ’ল মূখ্যত ধৰ্মীয় বিশ্বাস,দৰ্শন,ঈশ্বৰ,ধৰ্মপ্ৰচাৰক আদিৰ বিৰোধিতা কৰা বা সেই সম্পৰ্কে প্ৰশ্নৰ উত্থাপন কৰা ৷নিউটেষ্টামেনত ঈশ্বৰ নিন্দাক এক অক্ষমণীয় অপৰাধ বুলি অভিহিত কৰাৰ বিপৰীতে ইছলামত ঈশ্বৰ নিন্দাৰ একমাত্ৰ শাস্তি ৰূপে মৃত্যুদণ্ডৰ বিধান প্ৰদান কৰিছে৷

জিঅ’ডাৰ্নো ব্ৰুণো


জিঅ’ডাৰ্নো ব্ৰুণো এটা উদাহৰণ মাত্ৰ৷মধ্যযুগত ঈশ্বৰ নিন্দাৰ অপৰাধৰ বাবে চৰম শাস্তিৰ সন্মুখীন হোৱা ব্যক্তিসকলৰ তালিকাখন যঠেষ্ট দীঘল৷কিন্তু গভীৰ পৰিতাপৰ বিষয় এয়ে যে আজিৰ এই উত্তৰ আধুনিক যুগতো পৃথিৱীৰ বহু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকো এনে মধ্যযুগীয় মানসিকতাৰ চিকাৰ হৈ আছে৷একবিংশ শতিকাৰ প্ৰথম দশকতো পৃথিৱীৰ সৰ্বমুঠ ৭২ খন দেশত ঈশ্বৰ নিন্দাৰ বিৰূদ্ধে শক্তিশালী আইন আছে আৰু ইয়াৰেই অধিকাংশ দেশেই তাৎপৰ্যপূৰ্ণ ভাবে গণতান্ত্ৰিক(?) আধুনিক ৰাষ্ট্ৰ৷এই ৭২ খন দেশৰ ৫৯ খনৰ আইনী ব্যৱস্থাই ঈশ্বৰ নিন্দাক এক অক্ষমণীয় অপৰাধ ৰূপে স্বীকৃতি দি দোষীৰ বিৰূদ্ধে দীৰ্ঘকালীন কাৰাদণ্ডৰ বিধান দিছে৷আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু ইৰাণৰ আইনী ব্যৱস্থাই ঈশ্বৰ নিন্দাৰ অপৰাধত অভিযুক্ত অপৰাধী সকলক চৰম শাস্তি(মৃত্যুদণ্ড) বিহাৰ পোষকতা কৰে৷মধ্যপ্ৰাচ্যৰ একাংশ দেশত এনে অপৰাধীক আজিও ৰাজহুৱা স্থানত চাবুকেৰে কোবোৱা হয়৷১৮৮৬ চনত তদানীন্তন ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত ঈশ্বৰ নিন্দাৰ বিৰূদ্ধে আইন প্ৰণয়ণ কৰে য’ত অপৰাধীৰ শাস্তি আছিল দহবছৰৰ সশ্ৰম কাৰাদণ্ড৷কিন্তু পৰবৰ্তী কালত স্বাধীন ভাৰতৰ আইনী ব্যৱস্থাই এই আইন কিছু শিথিল কৰি কেৱল কোনো ধৰ্মৰ প্ৰতি ঘৃণাপূৰ্ণ বক্তব্যকহে অপৰাধ ৰূপে স্বীকৃতি দিয়ে ফলশ্ৰুতিত ভাৰতবৰ্ষত ধৰ্ম সম্পৰ্কীয় যুক্তিবাদী তথা শালীন আলোচনা-সমালোচনাৰ পথ প্ৰশস্ত হৈ পৰে৷ব্ৰুণোৰ দৰে অসংখ্য প্ৰশ্নকাৰী বা সমলোচকক এসময়ত জীৱন্তে অগ্নিদগ্ধ কৰা ইউৰোপৰ আইনী ব্যৱস্থা আজি ধৰ্ম সম্পৰ্কীয় আলোচনা-সমালোচনাক লৈ যঠেষ্ট উদাৰ৷ঈশ্বৰ নিন্দাকলৈ পৃথিৱীৰ অন্যান্য ধৰ্মসমূহতকৈ ইব্ৰাহীম মূলৰ ধৰ্ম(ইছলাম,খ্ৰীষ্টান,ইহুদী)সমূহ ঈশ্বৰ নিন্দাক লৈ যঠেষ্ট সজাগ আৰু প্ৰতিক্ৰিয়াশীল৷একাধিক অভ্যান্তৰীণ বিপ্লৱ,দুখনকৈ মহাসমৰ,ছোভিয়েটত সমাজবাদৰ উত্থান,প্ৰগতিশীল আৰু বৌদ্ধিক আন্দোলন,গোলকীকৰণ আদিৰ দৰে একাধিক ৰাজনৈতিক,অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ যুটীয়া প্ৰভাৱৰ ফলশ্ৰুতিত আজি ইউৰোপৰ খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ দেশসমূহ ধৰ্মীয় ক্ষেত্ৰত যঠেষ্ট উদাৰ আৰু প্ৰগতিশীল কিন্তু ইয়াৰ বিপৰীতে মধ্য প্ৰাচ্যৰ ইছলামিক ৰাষ্ট্ৰ সমূহৰ আইন আজিও ঈশ্বৰ নিন্দাৰ ক্ষেত্ৰত যঠেষ্ট কঠোৰ আৰু ৰক্ষণশীল৷

কাৰ্টুনত Blasphemy
বিশ্ব মানচিত্ৰত ঈশ্বৰ নিন্দাক অপৰাধ বুলি গণ্য কৰা দেশসমূহ৷সেউজীয়া(উদাৰ) পৰা ডাঠ ৰঙা(চৰম ৰক্ষণশীল)৷আয়াৰলেণ্ডৰ এক বেচৰকাৰী সংস্থাই চলোৱা এক সমীক্ষা৷


মধ্যপ্ৰাচ্যৰ ইব্ৰাহীম ধৰ্মৰ সৈতে ভাৰতীয় উপমহাদেশত উৎপত্তি হোৱা ধৰ্মসমূহ যেনে হিন্দু বা সনাতন,বৌদ্ধ,জৈন ধৰ্মৰ আদিৰ এক মূল পাৰ্থক্যই হ’ল এই ধৰ্মসমূহৰ মূখ্য ধৰ্মগ্ৰন্থসমূহে ঈশ্বৰ নিন্দা সম্পৰ্কত যঠেষ্ট উদাৰ আৰু ধৰ্ম সম্পৰ্কীয় যৌক্তিক আৰু শালীন আলোচনা এই সমূহ ধৰ্মত বৈধ৷উদাহৰণস্বৰূপে সনাতনৰ ভাগৱত গীতাত শ্ৰী কৃষ্ণৰ প্ৰতিটো যুক্তিয়েই অৰ্জুনে বিনা প্ৰতিবাদে মানি লোৱা নাছিল৷অৰ্জুনে কৃষ্ণৰ সৈতে প্ৰশ্নৰ মাধ্যমেৰে তৰ্ক-বিতৰ্ক কৰি হে এক সিদ্ধান্তত উপনীত হৈছিল৷ইতিহাসে ৰিঙিয়াই অতীজতে সনাতনী ৰাজদৰবাৰত শাস্ত্ৰজ্ঞ পণ্ডিত সকলে ধৰ্মীয় দৰ্শন কেন্দ্ৰিক তৰ্ক যুদ্ধত লিপ্ত হৈছিল৷শ্ৰী কৃষ্ণৰ গোবৰ্দ্ধন লীলাৰ দৰে পৌৰাণিক কল্পনাপ্ৰসূত আখ্যানেও ইন্দ্ৰপূজাৰ পৰিবৰ্তে প্ৰকৃতিৰ উপাদান গোবৰ্দ্ধন পৰ্বতক পূজা কৰাৰ দৰেই এক প্ৰতিবাদী আৰু প্ৰগতিশীল দৰ্শনকহে উপস্থাপন কৰে৷বৌদ্ধ ধৰ্মৰ প্ৰচাৰক গৌতম বুদ্ধক কোনোৱে নাস্তিক,কোনোৱে নিৰশ্বৰবাদী আৰু কোনোৱে দাৰ্শনিক পণ্ডিতৰ আখ্যা দিয়ে৷ব্যক্তিগতভাবে মই বুদ্ধক সেই সময়ৰ প্ৰেক্ষাপটত এজন প্ৰগতিশীল দাৰ্শনিক বুলিয়েই ভাবো৷অসমত ভক্তিবাদৰ আন্দোলনৰ ধ্বজাবাহক শ্ৰীমন্ত শংকৰদেৱেও একালৰ শাক্তপন্থী শ্ৰী শ্ৰী মাধৱ দেৱৰ সৈতে প্ৰথমাৱস্থাত ভক্তিবাদ আৰু শাক্তপন্থাৰ পৰস্পৰ বিৰোধী ধৰ্মীয় দৰ্শনক লৈ তৰ্কত লিপ্ত হৈছিল আৰু এই তৰ্কযুদ্ধত শ্ৰীমন্ত শংকৰদেৱৰ সন্মুখত পৰাজয় স্বীকাৰ কৰি শ্ৰী শ্ৰী মাধৱদেৱে শাক্তপন্থা ত্যাগ কৰি তেওঁৰ শিষ্যত্ব স্বীকাৰ কৰে এয়াই আছিল অসমৰ ইতিহাসৰ প্ৰখ্যাত মণিকাঞ্চন সংযোগ৷সনাতন আৰু বৌদ্ধ ধৰ্মৰ দৰেই জৈন ধৰ্ময়েও ঈশ্বৰ নিন্দা আৰু ধৰ্মীয় দৰ্শন কেন্দ্ৰিক আলোচনা-সমালোচনাক লৈ পূৰ্বৰ পৰাই এক উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে৷
আশ্চৰ্য্যজনক ভাবে শেহতীয়াকৈ ভাৰতবৰ্ষৰ সনাতনী সমাজত মূখ্যত কিছু ৰাজনৈতিক আৰু আৰ্থসামাজিক কাৰণবশত ঈশ্বৰ নিন্দাৰ বিৰূদ্ধে কিছু কট্ৰৰ দৰ্শনৰ সৃষ্টি হৈছে যি আপাত দৃষ্টিত স্বয়ং সনাতন বিৰোধী৷অৱশ্যে ভাৰতবৰ্ষৰ আইনীব্যৱস্থাই সামগ্ৰিক ঈশ্বৰ নিন্দাৰ পৰিবৰ্তে কেৱল ঘৃণাসূচক বক্তব্যকহে অপৰাধ বুলি গণ্য কৰে৷ভাৰতবৰ্ষৰ সনাতনী সমাজত সৃষ্ট এই অসহনশীলতাৰ উৎপত্তি মাত্ৰ এটা দশকতে হোৱা নাই৷ঐতিহাস্যিক ভাবে ঔৰাংগজেৱৰ দৰে সাম্প্ৰদায়িক আৰু কট্ৰৰ ইছলাম শাসকৰ শোষণ আৰু নিৰ্য্যাতন,ব্ৰিটিছৰ আমোলত আমদানি হোৱা ঈশ্বৰ নিন্দা বিৰোধী আইনৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া,ব্ৰিটিছে সিচি যোৱা সাম্প্ৰদায়িক বীজ,ধৰ্মৰ ভিত্তিত উপমহাদেশৰ বিভাজনৰ ৰক্তাক্ত ইতিহাস,নিম্ন সাক্ষৰতাৰ হাৰ,পংগু শিক্ষাব্যৱস্থা,ৰক্ষণশীল সমাজ ব্যৱস্থা আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ(কমবেছি পৰিমাণে প্ৰায় প্ৰতিটো দলৰে) আদিৰ দৰে অসংখ্য কাৰকৰ সংযোগৰ ফলশ্ৰুতিত একবিংশ শতিকাৰ ভাৰতবৰ্ষত ধৰ্মীয় অসহনশীলতাই এক জটিল ৰূপ ধাৰণ কৰিছে আৰু ঈশ্বৰ নিন্দাক কেন্দ্ৰ কৰিও একাংশ নাগৰিক মাত্ৰাধিক প্ৰতিক্ৰিয়াশীল হৈ পৰিছে৷সাম্প্ৰদায়িক আৰু ঘৃণাসূচক মৰ্ন্তব্য কেতিয়াও সভ্য সমাজত আদৰণীয় নহয়৷কিন্তু শালীন ভাষাৰে ধৰ্মীয় দৰ্শন কেন্দ্ৰিক যৌক্তিক আলোচনা আৰু সমালোচনা কৰাৰ অধিকাৰ প্ৰতিখন গণতান্ত্ৰিক দেশে তেওঁলোকৰ নাগৰিকক প্ৰদান কৰা উচিত৷আধুনিকতাৰ মুখা পিন্ধা মালয়েছিয়াৰ দৰে দেশে ঈশ্বৰ নিন্দাৰ নামত ইছলাম বৰ্হিভূত উৎসৱত ইছলাম নাগৰিকৰ অংশগ্ৰহণক নিষিদ্ধ কৰাৰ লগতে যোগাসনৰ দৰে এক সাধাৰণ ব্যায়মকো ঈশ্বৰ নিন্দা বুলি অভিহিত কৰিছে৷ঈশ্বৰ নিন্দা নিয়ন্ত্ৰণৰ নামত একাংশ দেশে প্ৰণয়ণ কৰা এনে আইনে গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷গণতন্ত্ৰ আৰু মানৱ অধিকাৰ বিৰোধী এনে কিছুমান মধ্যযুগীয় বৰ্বৰতাৰ বিৰূদ্ধে বিশ্ব নাগৰিকসকল সচেতন হোৱা উচিত অন্যথা ধৰ্মীয় উন্মাদনাৰ নামত একবিংশ শতিকাতো সহস্ৰ ব্ৰুণোক পুনৰ ধৰ্মৰ ঠিকাদাৰসকলে ন্যায়িক পদ্ধতিৰে গণতন্ত্ৰৰ(?) নামত বলি দিব৷

Leave a comment