শামুকবোৰ খোলাত সোমাই
টোপনি গ’ল,এয়া যে কুৱলীসনা শীতকাল
শামুকবোৰ শুলে আৰু আমিও শুলো,
শুই পৰিল মাৰ্ক্স,শুই পৰিল লেনিন আৰু শুই পৰিল লিংকণ৷
আদৰ্শৰ সাগৰৰ অটল গৰ্ভত
সুপ্ত হৈ আছে গণতন্ত্ৰ,
খোলাত বন্দী শামুকবোৰৰ পেটত বগা মাণিকৰ ৰূপত,
বসন্তৰ আগমণৰ বাবে এতিয়াও আৰু বহুদিন বাকী৷
আঠুৱা নতৰাকৈয়ে শুই পৰিলো
তেজশোহা ম’হবোৰো নোহোৱা হ’ল,বাহিৰত তেতিয়া শীতৰ উকমুকণি!
মাজৰাতি হঠাৎ সাৰ পাই গ’লো
মোৰ শৰীৰটোক আগুৰি এয়া চোন,এয়া চোন এজাক ৰক্তপিপাসু ম’হ!
৩ আৰু ৪ নৱেম্বৰ ১৯৪৩ চন কনচেনট্ৰেশ্যন কেম্পত
চল্লিশ হাজাৰ ইহুদীৰ ৰক্তাক্ত মৃতদেহৰ শাৰী,
অন্য এক কুৱলীসনা শীতকালৰে কাহিনী সেয়া
ৰক্তপিপাসু ম’হজাক তেতিয়াও আছিল আৰু এতিয়াও আছে,
হয়তো সলনি হৈছে তেজৰ সোৱাদ,
সলনি হৈছে ইউনিফৰ্ম,
সলনি হৈছে ৰাজনৈতিক আদৰ্শৰ,
কিন্তু ম’হজাক এতিয়াও আছে কাৰণ মানৱতাৰ বিলুপ্তিকৰণৰ হিৰন্ময় জয়ন্তীত
এয়াও যে আন এক কুৱলীসনা শীতকালৰেই কাহিনী৷
শীতৰ উজাগৰী ৰাতিবোৰত আমি বসন্তৰ সপোন ৰচো
শামুকবোৰে সাৰ পাব আৰু বসন্তৰ প্ৰথমটো কিৰণত
খোলা ভাঙি ওলাই আহিব এটা নতুন দিনৰ শামুক,বসন্তৰ শামুক
সেয়া হয়তো আন এটা কাহিনী
ফুল আৰু ভোমাৰাই কথা পতা কোনো বসন্ত কালৰ!
কিন্তু এয়া যে কুৱলীসনা শীতৰ নিশা
বসন্তৰ আগমনৰ বাবে এতিয়াও আৰু বহুদিন বাকী৷
(অৰুণাভ খাউন্দ
৮ নৱেম্বৰ ২০২০)
