आँखों ही आँखों मे बातो ही बातो मे कभी कभी जान पहचान होंगी सुन लो ये कहानी हसीना एक अनजानी किसी दिन मेहरवान होंगी …… “থোৱা হে এতিয়া আৰু তোমাৰ হাসীনাজনি অনজানি হৈ থকা নাই৷” শীতকালৰ কুৱলীসিক্ত সন্ধিয়াটোক উমাল কৰি তাই মোৰ আৰু কাষ চাপি আহি কাণৰ কাষত ফুচফুচাই ক’লে৷এনেকৈয়ে বেসুৰা গীত গোৱা প্ৰেমিকজনৰ প্ৰতি সদায় মেহেৰবান হৈ ৰ’বা জানো?তাইৰ হাতখনত আলফুলে স্পৰ্শ কৰি সুধিলো৷”উমমমম” এটা লাজকুৰীয়া হাঁহি মাৰি তাই ক’লে৷তাইৰ চকুলৈ চাই ৰ’লো সলাজ হাঁহি আৰু এজোলোকা প্ৰতিশ্ৰুতিৰে এহাল চিনাকী চকু৷
সেইদিনা তাইৰ কথাবোৰত কিবা খোকোজা লাগিছিল৷বহুবাৰ সোধাৰ পিছত থোকাথোকি মাতেৰে কৈছিল৷”মোৰ আৰু এই ভালপোৱা আৰু কিবাকিবিবোৰ ভাল নলগা হৈছে৷মই নোৱাৰিম৷মোক যাবলৈ দিয়া৷”আজি তাইৰ অশ্ৰুসিক্ত চকুহাল কিন্তু মোৰ অপৰিচিত আছিল৷মুক হৈ ৰৈছিলো৷বহুবাৰ নিজকে প্ৰশ্ন কৰিছিলো,”কিয়?”A Smile is a curve that sets everything straight.”সদাব্যস্ত কংক্ৰিটৰ চহৰৰ অধিবাসী সকলৰ সন্মুখত হাঁহি থকাৰ অভিনয় কৰিছিলো,প্ৰতিদিনে আৰু নিশা ৰঙীণ পানীয়ৰ গিলাচ হাতত লৈ দেৱদাস হোৱাৰ আখৰা কৰিছিলো৷
সময়ৰ লগে-লগে স্মৃতিবোৰ ধূসৰ হৈ পৰে৷জীৱনৰ এন্দুৰ দৌৰৰ তাগিদাত দেৱদাস পুনৰ ভদ্ৰলোক হ’বলৈ বাধ্য হৈছিল৷হয়তো দেৱদাসৰ সমান দুৰ্বল নহয় অথবা দেৱদাসৰ তুলনাত মোৰ প্ৰেম কিছু হ’লেও কৃত্ৰিম আছিল৷ইয়াৰ মাজতে তাইক বহুবাৰ লগো পাইছো৷তাইৰ চকুহাললৈ চাওঁ৷তাইৰ চকুহাল আজিকালি মোৰ বাবে সাঁথৰ৷কি থাকে বাৰু তাত ঘৃণা,বিৰক্তি নে কৰুণা!কিন্তু এই চকুহাল মোৰ পৰিচিত নহয়৷সেই সলাজ হাঁহি আৰু প্ৰতিশ্ৰুতিৰ ধল থকা চকুহাল আজিও মই ভিৰৰ মাজত বিছাৰি ফুৰো৷জানোচা কেতিয়াবা কোনোবা অচিনাকি গাভৰুৰ মাজত বিচাৰি পাই যাওঁ;বেসুৰা কন্ঠৰ প্ৰেমিকৰ গীত শুনি ভাল পোৱা কোনোবা পাগলী৷
