একদিস্তা উকা কাগজ আৰু এটা ৰাইটো মিটাৰ
সন্ধিয়াৰ শীতল বতাহজাকৰ সৈতে খিকিন্দালি কৰি আতৰি যায়
নিক’টিনৰ বিষাক্ত ধোৱা;
বাৰে-বাৰে চুম্বন কৰো কপাহী ফিল্টাৰটোত
ছটকীয়া ফ্লেকৰ টুকুৰাটোৰ সৈতে ক্ৰমশ ছাই হৈ যায়,
প্ৰেম,আশা আৰু উকা হৃদয়ৰ আৱেগ৷
শুভ্ৰ কাগজবোৰ উকা হৈ ৰয়
মৃতদেহক ঢাকি দিয়া কাপোৰখনৰ দৰে,
কলম ব্যৰ্থ হয় কবিতাক প্ৰসৱ কৰাত
এই যে যন্ত্ৰমানৱৰ অনুভূতিহীন জীৱনশৈলী
এয়া কি মৃত্যুৰ বিভীষিকা নহয়?
তত্ত্ব,বিবেক,আলোচনা আৰু সংঘাত;
সভ্যতাৰ এন্দুৰ দৌৰত
মস্তিস্কত জ্বলি উঠে মানৱতাৰ চিতা
চহৰখনৰ হৃদয়তো কাহানিবাই পাষাণ হৈ গ’ল৷
বিবেকেৰে পৰিচালিত আবেগশূণ্য যন্ত্ৰমানৱৰ
কলম বাৰে-বাৰে ব্যৰ্থ হয় কবিতাৰ সৃষ্টিত
তত্ত্বই কোঙা কৰা মস্তিস্কই জন্ম দিৱ নোৱাৰে
আন এখন ছোভিয়েটৰ
ছোভিয়েটোতে এটা আবেগময়ী কবিতাৰেই নাম৷(অৰুণাভ খাউন্দ,২৫ নৱেম্বৰ ২০২০)

Leave a comment