সূৰ্য্যৰ প্ৰখৰ তাপত চিৰালফটা দিয়া বোপাইৰ পথাৰখনে
মোৰ বুকুৰ কেচা তেজবোৰ শোহে
মই আকাশলৈ ৰ লাগি চাও
কিজানিবা দুৰ দিগন্তত দেখা পাওঁ
এচমকা কলীয়া ডাৱৰ!
ৰাষ্ট্ৰৰ প্ৰযুক্তিৰ নলীৰে নিৰ্গত শীতল পানীৰ ধাৰা
আমাৰ প্ৰতিবাদ দমনৰ পক্ষত অথচ মোৰ সেউজীয়া পথাৰখনৰ বিৰূদ্ধে;
আমাৰ তেজ,আমাৰ ঘাম,
আমাৰ পথাৰ,আমাৰ শ্ৰম,
কিন্তু ফচলবোৰ তোমালোকৰ!
বুভুক্ষু উজাগৰী নিশাবোৰ আমাৰ
আৰু আমাৰ তেজৰ চেকুৰা লগা ৰুটীবোৰ তোমালোকৰ!
ৰাষ্ট্ৰই যেতিয়া শোষণকাৰী হয়;
ৰসাল সাধুকথাত পৰিণত হয়
ভদ্ৰ সমাজৰ পঢ়াশালিত পঢ়োৱা সমাজবাদৰ সাধুকথা;
স্বাধীন দেশৰ পৰাধীন সংবিধান
আমি সকলো সমান কিন্তু তোমালোক আমাতকৈ বেছিকৈ সমান;
সেয়ে তোমালোকৰ শোষণবোৰ বৈধ
আৰু আমাৰ প্ৰতিবাদৰ বিৰূদ্ধে ৰাষ্ট্ৰৰ এই বেত্ৰাঘাত৷
ভিৰৰ মাজত বিদ্ৰুপৰ বাণী “কৃষকৰ গাড়ী!”
যেন সম্ৰাজ্ঞী মেৰীৰ কঠুৱা অন্তৰে পুনশ্চঃ উচ্চাৰণ কৰিছে
সেই বিষময় কন্ঠ,”Let them eat cake.”
বুভুক্ষু উজাগৰী নিশাবোৰত
তোমালোকৰ ঘৃণা আৰু নিস্পেষণৰ শীতৰ সৈতে সংগ্ৰাম কৰি আমি সমদল কৰো
কাৰণ বসন্তৰ গিলোটিন এতিয়াও যে বহুদুৰ৷
(অৰুণাভ খাউন্দ ২৮/১১/২০২০)