অত্যাধুনিক চহৰৰ কদৰ্য্যময় ফুটপাথ
আমাৰ লক্ষ্য চাচাৰ দোকান,বিশ টকাত এক প্লেট ৰুটী৷
তিনিখন ৰুটী,এবাটি বগা মটৰৰ পনীয়া ঘুগুনি আৰু অলপমান কেচা পিয়াজ;
ৰুটী ছিঙি আছো,গোগ্ৰাসে ক্ষন্তেক পিছতে পুনৰ দৌৰিব লাগিব
দৌৰি থকাই জীৱন নহয়,মানুহবোৰ এন্দুৰ নহয়,
কিন্তু মানুহবোৰ দৌৰিবলৈ বাধ্য
তিনিখন ৰুটীৰ আৰু ঘুগুনিৰ বাতিটোৰ বাবে!
অত্যাধুনিক চহৰৰ কদৰ্য্যময় ফুটপাথ
লক্ষ্য আমাৰ চাচাৰ দোকান
এক প্লেট ৰুটীৰ দাম বিশ টকা,এন্দুৰ দৌৰৰ পৰিশ্ৰমিক এই বিশ টকা,
তিনিখন ৰুটীৰে আমাৰ পেট নভৰে
হ’লেও আমি দৌৰিব লাগিব
আস উদং পেটৰ কি যে যন্ত্ৰণা!
পিছে উদং মস্তিস্ক আৰু উদং হৃদয়ৰ যন্ত্ৰণাৰ কোনে খবৰ ৰাখে!
কদৰ্য্যময় ফুটপাথেৰে আমি এনেকৈয়ে দৌৰি থাকো
পাৰ হৈ যায় সময়,মাহ,ঋতু আৰু বছৰ,
কিতাপৰ আলমাৰিত মকৰাই জাল গুঠে আৰু
পুৰণিকলীয়া এলান্ধুৰ সৈতে মিতিৰালি কৰি পৰিত্যক্ত হৈ ৰয়
লিংকণৰ গণতান্ত্ৰিক মূল্যবোধ আৰু মাৰ্ক্সৰ শ্ৰেণীসংগ্ৰাম,
উদং মস্তিস্কই বুভুক্ষু ৰজনীবোৰলৈ ভয় কৰে
উদং মস্তিস্কই ভয় কৰে ৰাষ্ট্ৰযন্ত্ৰক
ভয়াৰ্ত উদং মস্তিস্ক প্ৰশ্ন কৰিবলৈ অপৰাগ
কিয় ৰুটীৰ দাম বিশ টকা আৰু কিয় আমাৰ জীৱনৰ সমস্ত ত্যাগৰ মূল্য মাত্ৰ বিশ টকা?
উদং পেটৰ তাগিদাত উদং মস্তিস্ক দৌৰত নামে
আৰু এনেকৈয়ে আমি পাহৰি যাওঁ নেৰুদাক,পাহৰি যাওঁ ৱৰ্ডছৱৰ্থক আৰু পাহৰি যাওঁ আমাৰ প্ৰেয়সীক!
কাৰণ আমাৰ লক্ষ্য চাচাৰ দোকান,
আমাৰ লক্ষ্য এক প্লেট ৰুটী,
আমাৰ লক্ষ্য জীৱনৰ সমস্ত ত্যাগৰ বিনিময়ৰ এখন খমখমীয়া বিশ টকীয়া নোট,
সেয়ে মোৰ দেশত লিংকণৰ জন্ম নহয়,
মোৰ দেশত লেনিনৰ জন্ম নহয়,
মোৰ দেশত মোহম্মদ ডাৰউইছৰ জন্ম নহয়,
আৰু মোৰ দেশত মানুহৰো জন্ম নহয়!
কাৰণ বুভুক্ষু ৰাষ্ট্ৰৰ এন্দুৰবোৰৰ বাবে
প্ৰেম আৰু চিন্তা এটা নিষিদ্ধ অধ্যায়৷
