সংস্কৃতৰ আয়াম শব্দৰ ইংৰাজী অৰ্থ হ’ল “Dimension”.আয়াম পদাৰ্থ বিজ্ঞানৰ এটা সাম্যক(Basic) আৰু অতীৱ প্ৰয়োজনীয় ধাৰণা৷ব্ৰহ্মাণ্ডৰ সৰ্বমুঠ আয়াম সম্পৰ্কে আজিও আধুনিক বিজ্ঞান নিশ্চিত ন’হয়৷সনাতন সভ্যতাৰ পৌৰাণিক গ্ৰন্থ বেদত ব্ৰহ্মাণ্ডত সৰ্বমুঠ ৮৪ টা আয়াম বিৰাজমান বুলি উল্লেখ কৰা হৈছে আৰু ইয়াৰে দহটা আয়ামক মুখ্য আয়ামৰ স্বীকৃতি প্ৰদান কৰা হৈছে৷

সহজকৈ ক’বলৈ গ’লে এডাল কাল্পনিক সৰলৰেখা(যাৰ কেৱল দৈৰ্ঘ্য হে আছে প্ৰস্থ আৰু উচ্চতা নাই ,have only X coordinate and lacks Y and Z coordinate) প্ৰথম আয়ামৰ(1 st dimension) ৰ উদাহৰণ৷স্কুলীয়া দিনবোৰত আমি বহিত অংকণ কৰা জ্যামিতিক চিত্ৰবোৰৰ যাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ আছে কিন্তু উচ্চতা প্ৰায় শূণ্য(have X and Y coordinate but lack Z coordinate) সেইবোৰ দ্বিতীয় আয়াম( 2nd Dimension) ৰ উদাহৰণ৷আমাৰ ব্ৰহ্মাণ্ডখন তৃতীয় আয়ামত আছে৷আমাৰ এই ব্ৰহ্মাণ্ডৰ প্ৰতিটো পদাৰ্থই তৃতীয় আয়ামৰ অৰ্থাৎ দৈৰ্ঘ্য,প্ৰস্থ আৰু উচ্চতা আছে( have X,Y and Z coordinate)৷বেদৰ অনুসৰি স্বৰ্গ,মৰ্ত্য আৰু পাতাল এই সকলোবোৰ তৃতীয় আয়ামৰ অৰ্ন্তগত৷

বেদ আৰু আধুনিক বিজ্ঞান উভয়েই সময়(Time)ক চতুৰ্থটো আয়াম(4 th Dimension) ৰূপে স্বীকৃতি দিছে৷আমি জন্মৰ পৰা মৃত্যু পৰ্য্যন্ত এক সময়ৰ পথেৰে গতি কৰিছো(along with X,Y,Z Time is also an another coordinate).দৈৰ্ঘ্য,প্ৰস্থ,উচ্চতাক স্থান হিছাপে কল্পনা কৰি(considering X,Y,Z as Space) আমি স্থান-সময়(Space-Time)গ্ৰাফ অংকণ কৰিব পাৰো৷সময়ৰ গতিক আমি সকলোৱেই অনুভৱ কৰো আৰু বহু পৰিবৰ্তনৰ সাক্ষী হৈ ৰও কিন্তু আমি সময়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰো কাৰণ আমি তৃতীয় আয়ামৰ বাসিন্দা আৰু সময় এক উচ্চ আয়াম(Higher Dimension)৷

পঞ্চম আয়ামক(5th Dimension) ক বেদত ব্ৰহ্মলোক বুলি অভিহিত কৰিছে৷ব্ৰহ্মলোকৰ সময় আমাৰ সময়তকৈ পৃথক৷সত্য যুগৰ পৰা কলিযুগলৈকে সম্পূৰ্ণ সময়ছোৱাক এক কল্প বুলি কোৱা হ’য় আৰু আমাৰ এক কল্পই ব্ৰহ্মলোকৰ এদিন৷ব্ৰহ্মলোকৰ অধিপতি ব্ৰহ্মাই আমাৰ ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা সেয়ে ব্ৰহ্মাক আমি আধুনিক বিজ্ঞানৰ Big Bang অথবা মহানাদ সূত্ৰৰ সৈতে ৰিজাব পাৰো৷বেদত বৰ্ণিত অনুসৰি এই সৃষ্টিত অনন্ত কোটি ব্ৰহ্মাণ্ড আছে(infinite number of universe) আৰু প্ৰতিখন ব্ৰহ্মাণ্ডৰ বাবে একোজনকৈ ব্ৰহ্মা থাকে৷ব্ৰহ্মলোকৰ সময় অনুসৰি ব্ৰহ্মাৰ আয়ুসকাল এশবছৰ৷অৰ্থাৎ পৃথিৱীৰ সময় অনুসৰি এশকল্পৰ অন্তত ব্ৰহ্মলোকৰ ধ্বস হৈ পুনঃ সৃষ্টি হয়৷

ষষ্ঠ আয়ামক(6 th Dimension) ক বেদত বিষ্ণুলোক বুলি অভিহিত কৰা হৈছে৷অনন্ত কোটি ব্ৰহ্মাণ্ড আৰু ব্ৰহ্মলোক বিষ্ণুলোকৰ দ্বাৰা নিয়ন্ত্ৰিত৷বিষ্ণুলোকত শ্ৰীবিষ্ণু তিনিটা ভিন্ন ৰূপত বিৰাজমান৷প্ৰথমে গৰ্ভকাশী বিষ্ণু যাৰ নাভিকমলৰ পৰা ব্ৰহ্মাৰ জন্ম৷আধুনিক বিজ্ঞানৰ সৈতে ৰিজালে আমি গৰ্ভকাশী বিষ্ণুক বিগ বেংৰ উৎপত্তিৰ কাৰক শক্তি বুলিবও পাৰো৷দ্বিতীয়তে মহাবিষ্ণু যি অনন্ত কোটি ব্ৰহ্মাণ্ডক নিয়ন্ত্ৰিত ৰূপত শক্তিৰ যোগান ধৰে(পালনকৰ্তা) আৰু কায়াকাশী বিষ্ণু যি ব্ৰহ্মাণ্ডৰ বৃহত্তমৰ পৰা ক্ষুদ্ৰতমলৈকে প্ৰতিটো কণাতে নিহিত থাকে অৰ্থাৎ আজিৰ বহু চৰ্চিত ইশ্বৰ কণা(God Particle)৷

সপ্তম আয়াম(7 th Dimension) ক বেদত এক উৎজ্বল মংগলময় জ্যোতি বুলি অভিহিত কৰা হৈছে৷বেদৰ Cosmic Ray Theory সম্পৰ্কে ভবিষ্যতে কেতিয়াবা আলোচনা কৰিলে এই সম্পৰ্কে পুনৰ লিখিম৷

অষ্টম আয়াম(8 th Dimension) হ’ল কৈলাশ য’ত স্বয়ং মহাদেৱ বিৰাজমান আৰু অষ্টম আয়ামৰ পৰা মহাদেৱে অন্যান্য আয়াম সমূহক নিয়ন্ত্ৰণ কৰে৷নৱম আয়াম(9 th Dimension) হ’ল ক্ষীৰসাগৰ য’ত শ্ৰী নাৰায়ণ অনন্ত শৰ্য্যাত বিৰাজমান হৈ প্ৰতিটো আয়ামৰে পৰিচালনা কৰে৷নৱম আয়ামতেই ভৌতিক ব্ৰহ্মাণ্ডৰ অন্ত পৰে৷কাৰণ দশম আয়ামত পৰমাত্মা অভৌতিক ৰূপত বিৰাজমান৷পৰমাত্মাৰ সেই ৰূপক বেদত সত্যনাৰায়ণ,সদাশিৱ প্ৰভৃতি বিভিন্ন নামেৰে অভিহিত কৰিছে৷দশম আয়াম(10 th Dimension) অৰ্থাৎ পৰমাত্মা সৰ্বব্যাপী৷সৃষ্টিয়েই পৰমাত্মা আৰু পৰমাত্মাই সৃষ্টি৷পৰমাত্মাৰ এই ৰূপ দৰ্শনৰ সৌভাগ্য গীতাৰ জ্ঞান শ্ৰৱণ কৰি থকাৰ কালত অৰ্জুনৰ হৈছিল৷সকলো আত্মাৰ মূল লক্ষ্য দশম আয়ামত উপনীত হৈ পৰমাত্মাত মিলিত হোৱা অৰ্থাৎ মোক্ষ লাভ আৰু মোক্ষ লাভৰ এই পথেই হ’ল ধৰ্ম,যি চিৰশাশ্বত আৰু সনাতন৷

Leave a comment