অনুপম ল’ৰাটো চকুৰ চিনাকী৷মাজে-মাজে আমাৰ দীঘলীয়াকৈ কথা-বতৰা হ’য়৷কেতিয়াবা জালুকবাৰীৰ পৰা উভতি আহোতে চিটিবাছত,কেতিয়াবা মাছৰ বজাৰত আৰু ভাগ্য সুপ্ৰসন্ন হ’লে শৰ্মা দাৰ ঘুমতিখনত৷শৰ্মা দাৰ ঘুমতিৰ সন্মুখৰ আড্ডাৰ অভিজ্ঞতা মোৰ বাবে তুলনামূলক ভাবে সুখপ্ৰদ৷ইয়াত সেই চিটিবাছৰ চিৰপৰিচিত কোৰ্হাল আৰু ঠেলাহেঁচাবোৰ নাথাকে৷দিনটোৰ কৰ্মব্যস্ত তাৰ অন্তত ঘৰমুখী মানুহৰ ঘৰ্মাক্ত অৱশ শৰীৰ,স্পীডব্ৰেকাৰৰ জোকাৰণি আৰু হেণ্ডিমেনৰ ছন্দময় বেসুৰা কন্ঠ,মাছৰ বজাৰৰ দুৰ্গন্ধ,ভেনামাখিৰ যাদৃচ্ছিক নৃত্য আৰু ক্ৰেতা-বিক্ৰেতাৰ দৰদামৰ বাকযুদ্ধৰ পৰা বহু নিলগত
এয়া যেন শৰ্মাদাৰ ঘুমতি নহয় কোনো ঋষিৰহে আশ্ৰম৷হাতত এটা ফিল্টাৰ বায়ুমণ্ডলত নিকটিনৰ মিশ্ৰিত সুবাস৷আড্ডা জমি উঠে৷মাজে-মাজে শৰ্মা দাৰ ৰসাল টিপ্পনী আৰু কেতিয়াবা একাপ ধোৱাই থকা ৰঙা চাহ৷চিৰাচৰিত পৰম্পৰাৰ ৰক্ষা কৰি আজিও শৰ্মা দাৰ ঘুমটিত এভুমুকি মাৰিলো৷ঘুমটিৰ খুটা এটাত আউজি ভাৱলেশহীন ভাবে অনুপম তামোল পাগুলাত ব্যস্ত৷”কি হে ডেকা ল’ৰা আজিৰ বিগ ব্ৰেকিং নিউজটো গম পালা নে নাই?” পাণত কাথা সানি থকাৰ পৰাই শৰ্মা দাৰ প্ৰশ্ন৷কি কয় হে শৰ্মা দা৷মই এইমাত্ৰ আহি ৰূম সোমাইছোহি৷”এই যে আমাৰ চাৰি নম্বৰ বাইলেনৰ হাজৰিকা৷হাজৰিকাৰ ডাঙৰটো ল’ৰাক দুপৰীয়া পুলিচে আহি ধৰি নিলে৷কিবা বোলে নিষিদ্ধ সংগঠনৰে সম্পৰ্ক৷মাওবাদী নে কিবা বোলে৷” “খাউণ্ড দা,আপুনি কি ভাবে?মৃগাংক আৰু মাওবাদী!কথাটো কিবা হজম হোৱা নাই হে,ইমান শান্ত স্বভাৱৰ ল’ৰা৷কথাটো সঁচা জানো?”মোবাইলটো টিপি-টিপিয়েই অনুপমে সুধিলে৷উত্তৰ সত্যৰ যুগত তোমাক আকৌ সত্যৰ সন্ধান লাগে!একবিংশ শতিকা ইমান সহজ নহয় অনুপম৷সত্য আৰু অসত্যৰ মাজৰ ব্যৱধান চুলি এডালতকৈও ক্ষীণ৷অৱশ্যে উকীল চাহাব আপোনাৰ আইনৰ পৰিভাষাত কবলৈ গ’লে innocent until proven guilty,পৰিবেশটো পাতলাবলৈকে শেষৰ কথাকেইটা ধেমেলীয়া সুৰত কৈ অনুপমক জোকালো৷অনুপম আইনৰ ছাত্ৰ৷উকীল চাহাব নামটো আকৌ শৰ্মা দাৰ ৰসাল মস্তিস্কৰে সৃষ্টি৷”কি কোৱাহে ডেকা ল’ৰা৷তুমি চোন সত্য আৰু অসত্যৰ মাজৰ পাৰ্থক্যই মচি পেলালা৷গাঁৱৰ বছৰেকীয়া ভাওনাত আকৌ অমুকাই যুধিষ্ঠিৰৰ ভাও লয়৷বৰ বিপাঙত পেলালা হে৷”শৰ্মা দাৰ ৰসিকতাত আমি কেউটাই ঢেকঢেকাই হাঁহি দিলো৷হাঁহিটো সামৰি কোনোমতে ক’লো কিয় শৰ্মা দা অশ্বথমা হত৷ইতি গজ,এইটোও চোন মই কোৱা উত্তৰ সত্যই৷যুধিষ্ঠিৰো আমাৰ দৰে উত্তৰ সত্যবাদীয়েই আছিল দিয়ক৷”চিৰশাশ্বত সত্য মানে Universal truth এই ধৰক সূৰ্য্য সদায় পূৱ দিশত উদয় হয়৷এই সম্পৰ্কে কি ক’ব৷” অনুপমৰ এই কৌশলী প্ৰশ্নৰ বাবে মই মুঠেই সাজু নাছিলো৷”দাৰ্শনিক চাহাব আপ ফচ গয়ে” শৰ্মা দাই গ্ৰাহকলৈ ষোল্ল অনাৰ পেকেট এটা আগবঢ়াই টিপ্পনী দিলে৷হঠাৎ মোৰ মনটো অতীতলৈ উৰা মাৰিল৷বৰুৱা ছাৰে শ্ৰেণীকোঠাত আহ্নিক গতি আৰু বাৰ্ষিক গতি পঢ়ুৱাই আছে৷মই আৰু অনন্তই পাঠদানৰ সময়ত উৎপাত কৰাৰ বাবে আঠু কাঢ়ি আছো৷মূহূৰ্ততে মোৰ মুখত এটা প্ৰশান্তিৰ হাঁহি  বিৰিঙি পৰিল৷অনুপম সূৰ্য্যটো স্থবিৰ৷সূৰ্য্যৰ না উদয় হয় না অস্ত যায়৷পৃথিৱীৰ আহ্নিক গতিৰ বাবেহে দিন ৰাতি হয়৷তেনেহ’লে এয়া আকৌ কেনেকুৱা চিৰশাশ্বত সত্য!তোমাৰ চিৰশাশ্বত সত্যও মোৰ বাবে এক উত্তৰ সত্য৷ধৰি ললো মৃগাংক মাওবাদী সংগঠনৰে সদস্য৷অদূৰ ভবিষ্যতে দেশত শ্ৰেণী সংগ্ৰামৰ মাধ্যমেৰে এক নতুন ব্যৱস্থাৰ প্ৰতিষ্ঠা হ’ল৷তেতিয়াও জানো মৃগাংকৰ পৰিচয় ৰাষ্ট্ৰদ্ৰোহী হৈয়েই ৰ’ব৷আজি ভাৰত ৰাষ্ট্ৰই স্বাধীনতা সেনানীৰ মৰ্য্যাদা দিয়া ভগৎ সিংকো চোন তদানীন্তন ব্ৰিটিছে চৰকাৰে ৰাষ্ট্ৰদ্ৰোহী হোৱাৰ অপবাদতেই ফাঁচী কাঠত ওলোমাইছিল৷সময় আৰু সমাজৰ পৰিবৰ্তনৰ লগে-লগে সত্যৰো পৰিবৰ্তন হয়৷প্ৰতিজন ব্যক্তিৰ বাবেই সত্যৰ পৰিভাষা ভিন্ন৷তোমাৰ বা মোৰ পৰিভাষাত বিপ্লৱীজন হয়তো শোষক গোষ্ঠীৰ পৰিভাষাত ৰাষ্ট্ৰদ্ৰোহী৷প্ৰকৃততে সত্য বুলি একোৱেই নাথাকে মাথো সাধুকথা থাকে-সত্যৰ সাধুকথা৷ইয়াৰে কোনোবাটো সাধুকথা তোমাৰ প্ৰিয় আৰু আন কোনোবা এটা মোৰ৷সত্যৰ প্ৰতি আমি মুঠেই আগ্ৰহী নহয়,আমি মাথো আগ্ৰহী আমাৰ পছন্দৰ সত্যৰ সাধুকথাক আলিংগন কৰাৰ বাবেই আৰু হয়তো এয়াই মানুহৰ সহজাত প্ৰবৃত্তি৷সেয়ে আমি উত্তৰ সত্যৰ এক পুতিগন্ধময় বায়ুমণ্ডলত নিজৰ অজানিতেই ওপঙি থাকো৷বিন্দুৰ পৰা সিন্ধুলৈকে,মোৰ হাতত থকা জ্বলন্ত ফিল্টাৰটোৱে কেঞ্চাৰ কৰাৰ অপবাদলৈকে সকলোবোৰ মাত্ৰ এটা উত্তৰ সত্য৷শৰ্মা দাৰ সদনত এক দীঘলীয়া যুক্তিৰ উপস্থাপনৰ অন্তত পৰম সন্তোষেৰে ফিল্টাৰটো জ্বলাই ধোৱাখিনি হাওঁফাওঁলৈ উজাই ল’লো৷অথনিৰে পৰা গভীৰ মনোযোগেৰে এই অভাজনৰ ভাষণ শুনি থকা অনুপমে পিকখিনি পেলাই এটা মিছিকিয়া হাঁহি মাৰি ক’লে,”দাদাৰ গাত জেক লণ্ডনৰ ভূত লম্ভিল যেন পাওঁ৷মুঠতে উত্তৰ সত্য জিন্দাবাদ৷” ” এ থোৱাহে অনুপম৷তোমাৰ জেক লণ্ডন নে কি সেইবোৰ আমি নুবুজো৷মুঠতে ফিল্টাৰৰ পৰা কেঞ্চাৰ হোৱাটোও যে এটা উত্তৰ সত্য সেইটোহে মেইন কথা৷কাইলৈৰ পৰা মোৰ চেল বঢ়াতো খাটাং” শৰ্মা দাৰ টিপ্পনীত আমি কেউটাই পুনৰ হাঁহি দিলো৷অনুপমে হাঁহি-হাঁহিয়েই ক’লে,”শৰ্মা দা আপুনি কিন্তু তামাম জমনি মানুহ দেই৷” “থৈ দিয়াহে অনুপম৷দুখীয়াৰ দুখ কোনে বুজে৷জমনি নে ভিতৰি-ভিতৰি টেনছনত মৰা দুখী আত্মা সেয়া এই শৰ্মা দোকানীয়েহে জানে৷তুমি দেখি থকা জমনি মানুহটোও আমাৰ দাৰ্শনিক চাহাবে কোৱাৰ দৰেই এটা উত্তৰ সত্যই বুজিছা৷”

Leave a comment