নৱেম্বৰ মাহৰ এটা কুৱলীসনা পুৱা৷খিৰিকীখন খুলি দিলো৷মোৰ সৰু কোঠাটোলৈ পুৱাৰ তলসৰা শেৱালিৰ সুবাস মিশ্ৰিত এছাটি শীতল বতাহ সোমাই আহিল৷হকাৰে দলিয়াই যোৱা পুৱাৰ বাতৰিকাকতখন মেলি ল’লো৷বিশেষ একো নাছিল৷গতানুগতিক খবৰ৷লকডাউনত বিধবস্ত শ্ৰমিকৰ জীৱন,নতুন কৃষি আইন,কৃষকৰ আপত্তি,প্ৰধানমন্ত্ৰীৰ বিলাসী উৰাজাহাজ,বিহাৰৰ নিৰ্বাচনী অংক আৰু আঞ্চলিক পৃষ্ঠাত দুই-এটা সৰু-সুৰা অপৰাধমূলক ঘটনা৷বাতৰিকাকতখন জপাবলৈ লওতেই হঠাৎ তাৰিখটোত চকু পৰিল৷চাৰি নৱেম্বৰ ২০২০৷এখন বিভৎস ছবি মানসপটত ভাহি উঠিল৷এখন পথাৰ চাৰিওফালে চেদেলি-ভেদেলি মৃতদেহৰ শাৰী৷আশীৰ উৰ্দ্ধৰ বৃদ্ধ-বৃদ্ধা,জীৱনৰ বসন্তৰ পৰশত ৰঙীণ হৈ পৰা ডেকা-গাভৰু,ফুলৰ দৰেই নিস্পাপ শিশু আৰু চকুৰ পানী শুকাই পৰা গৰ্ভৱতী মহিলা৷এডোঙা ৰঙা তেজত ওপঙি আছে তেওঁলোক৷সেই চল্লিশ হাজাৰ ইহুদীৰো তেজৰ বৰণ কিন্তু ৰঙাই আছিল আপোনাৰ আৰু মোৰ দৰেই৷সেই দিনটোও আছিল চাৰি নৱেম্বৰ ১৯৪৩ চন৷ Fuhrer ৰ ঘৃণাই সেইদিনা উপৰ্য্যপুৰি ধৰ্ষণ কৰিছিল মানৱতাক আৰু উলংগ মানৱতাও নিথৰ হৈ পৰি ৰৈছিল মৃতদেহবোৰৰ মাজত এডোঙা ৰঙা তেজত৷মানুহৰ তেজৰ পিয়াহে Fuhrer ক জীয়াই ৰাখিছিল৷ Fuhrer যেন ব্ৰেম ষ্টকাৰৰ উপন্যাসৰ পাতৰ ৰক্তপিপাসু ড্ৰেকুলাৰ জীৱন্ত ৰূপ৷হিৰোছিমা আৰু নাগাচাকিৰ ওপৰেৰে কাৰ আদেশত উৰি গৈছিল দুখনকৈ বিশেষ বিমান?কোনে হত্যা কৰিছিল জালিয়ানাবাগৰ নিৰস্ত্ৰ মানুহবোৰক?চুডানৰ আকাশত আজিও আমি দেখা পাও এজাক শগুণ৷তীক্ষ্ণ ঠোটেৰে ফালি-ছিৰি পেলাই মানুহৰ মৃতদেহক৷নিশকতীয়া মৃতদেহবোৰেৰে ৰক্তৰ ধাৰা বয়,মানুহৰ তেজ,তপত তেজ৷খাৰুৱা তেল,ছাদ্দাম আৰু মাৰ্কিন পুজিবাদ৷আকৌ তেজ৷খহি পৰে যুক্তৰাষ্ট্ৰৰ বিশ্ব বাণিজ্য কেন্দ্ৰ পুনৰ মানুহৰেই তেজ৷এবেট্ৰাবাদত লাডেনৰ তেজ আৰু ২৬/১১ ত নিৰীহ ভাৰতীয়ৰ৷৪৩ ৰ মৃতদেহৰ উত্তৰাধিকাৰীবোৰ ইজৰাইলৰ গোপন কোঠাত বৈঠকত বহে৷পেলেস্তাইনৰ ৰাজপথত পৰি ৰয় মৃতদেহৰ পাহাৰ৷হত্যাকাৰীৰ পূৰ্বপুৰুষৰ দৰেই এই মৃতদেহবোৰৰো তেজৰ ৰং ৰঙা৷এনেকৈ চলি থাকে কেতিয়াবা হয়তো চাৰি নৱেম্বৰ ১৯৪৩ আৰু কেতিয়াবা ২৬ নৱেম্বৰ ২০১১৷যুদ্ধৰ কিন্তু অৱসান নঘটে,অবিৰত ভাবে বৈ থাকে তপত ৰক্তধাৰা৷মানুহৰ ঘৃণাই Fuhrer ক জীয়াই ৰাখে৷সলনি হয় ৰাষ্ট্ৰৰ পৰিচয়,সলনি হয় ব্যৱস্থাৰ,সলনি হয় আদৰ্শৰ আৰু সলনি হয় ইউনিফৰ্ম৷কিন্তু যুদ্ধ অব্যাহত থাকে৷নহলে অস্ত্ৰবোৰ কোনে কিনিব৷অস্ত্ৰবোৰৰ বিক্ৰীৰ বাবে আমি মানুহক ঘৃণা কৰিব লাগিব আৰু ক’ব লাগিব হেইল Fuhrer.উত্তৰ সত্যই আমাক দিশহাৰা কৰে৷আমি সকলো জানো অথচ একোৱেই নাজানো৷এই যে আমি অনুভৱ কৰিবলৈ পাহৰি গৈছো!মাজে-মাজে পাহৰি যাওঁ যুদ্ধৰ সংজ্ঞা কি?কিমান যে যুদ্ধ!হিছাপ কৰিবলৈ পাহৰি যাওঁ কোনোখন যদি মনৰ মাজত কোনোখন সীমান্তত৷সময়বোৰ পাৰ হৈ যায়,সলনি হয় কেলেণ্ডাৰৰ,আকৌ আহে চাৰি নৱেম্বৰ,মুকলি পথাৰখনত পৰি ৰয় মৃতদেহৰ পাহাৰ৷তাৰে কোনোবাটো ভিয়েটনামৰ অৰ্দ্ধউলংগ শিশুৰ,কোনোবাটো ছেম ষ্টিফৰ্ডৰ আৰু কোনোবাটো সমাজৰ লুপ্তপ্ৰায় অনুভূতিৰ৷পৰি ৰয় মৃতদেহ,এডোঙা তপত তেজত,মানুহৰ তেজ ৰঙা-ৰঙা তেজ৷Fuhrer ৰে বিদ্ৰুপৰ হাঁহি মাৰে আৰু আমি ভুৱা শান্তিৰ শ্লোগান৷

Leave a comment