
(১)
এখন কলা চাদৰৰ দৰে নিশাৰ অন্ধকাৰে ক্ৰমে পথাৰৰ সেউজীয়াখিনিক গ্ৰাস কৰাৰ প্ৰস্তুতি চলাইছে৷ভোগালীলৈ আৰু বেছি দিন নাই৷এতিয়া ঘৰে-ঘৰে লখিমীক আদৰাৰ প্ৰস্তুতি৷সেউজীয়া পথাৰৰ সোণগুটিবোৰতেই সুপ্ত হৈ থাকে আই লখিমী৷সোণগুটিয়ে অন্ত পেলায় পেলায় বুভুক্ষু ৰজনীৰ কৰুণ গাথাঁৰ৷ভোকৰ নিবাৰণৰ বাবেই কিমান যে সংগ্ৰাম,কিমান যে যুদ্ধ৷কোনোখন সীমান্তত আৰু কোনোখন হৃদয়ৰ সীমনাত৷বুভুক্ষাই ইতিহাস মচে নতুনকৈ ইতিহাস লিখে৷ভৰালৰ পৰা বজাৰলৈ আৰু বজাৰৰ পৰা ৰান্ধনী ঘৰলৈ সোণগুটিবোৰ বাগৰি ফুৰে৷বাগৰি ফুৰাৰ তাড়ণাত কেতিয়াবা সোণগুটিয়ে পাহৰি পেলাই কপালৰ ঘামেৰে অৰ্ঘ দি আই লখিমীৰ পূজা কৰা পূজাৰীজনক৷অন্নদাতাৰ কাঁহীখন উদং হৈ ৰয় আৰু মিউনিচিপেলিটিৰ ডাষ্টবিনবোৰ ভৰি পৰে কোট টাই পিন্ধা মানুহৰ পৰিত্যক্ত খাদ্যৰে৷তাত জাক-জাক কাউৰী পৰে,উদঙীয়া গৰু,ভতুৱা কুকুৰৰ গেঙনি৷কিমান যে যুদ্ধ আৰু কিমান যে সংগ্ৰাম আৰু প্ৰতিবাৰেই বিজিত হৈ ৰয় মানবতা কংক্ৰিটৰ সভ্যতাৰ বিলাসিতাৰ হাতত৷
(২)
সেইবছৰ হোৱাংহোত বান আহিছিল৷বাঢ়নী পানীৰ খুন্দাত চপৰাচপৰে খঢ়িছিল ৰসাল পথাৰৰ মাটি৷পথাৰৰ মাটিবোৰৰ সৈতে চপৰা-চপৰে খঢ়িছিল কিশোৰী লিয়ানৰ বুকুত আলফুলে থিতাপি লোৱা এটি মিঠা সপোনৰ ভেটি৷কাণসমনীয়া হোৱাংক দেখিলে কিয় জানো তাইৰ বুকুখন বৰকৈ কপিছিল৷বুকুৰ পৰা মুখমণ্ডললৈ উজাই আহিছিল এসোতা গৰম তেজ৷এটা মিঠা বিষ আৰু এবুকু অচিন অনুভূতি৷হোৱাংহোৰ পানীয়ে উটুৱাই নিয়া হোৱাংৰ মৃতদেহটো পানী শুকুৱাৰ পিছত বহুদিন সিহঁতৰ পথাৰতেই পৰি আছিল৷পচি যোৱা মঙহবোৰক লৈ ভোকাতুৰ কুকুৰ আৰু শগুণবোৰৰ মাজত খেদা-খেদি৷কিমান যে যুদ্ধ আৰু কিমান যে সংগ্ৰাম৷জীয়াই থাকিবলৈ যুঁজিব লাগিব৷শিলৰ দৰেই পাষাণ হ’ব লাগিব সৈনিকৰ অন্তৰ৷বিশটা মুদ্ৰাৰ বিনিময়ত বৃদ্ধ জমিদাৰৰ হাতত লিয়ানক সপি দিওতে উজাই অহা কান্দোনটোক চেপি ৰাখি বাপেকে বুজাইছিল,”যা মাজনী৷অন্তত এই নৰকখনৰ পৰা আতৰত মহাজন দেউতাৰ ঘৰত দুমুঠি খাবলৈ পাবি৷”মহাজনৰ ভড়ালৰ সোণগুটিবোৰে তাইৰ পেটৰ ভোক গুচাইছিল৷শেষ ৰাতিলৈ তাইৰ বগা বিছনা চাদৰখন তপত তেজেৰে ৰঙা হৈ পৰিছিল৷সেইদনা একাঁহী ভাতৰ বিনিময়ত বৃদ্ধ মহাজনে তাইৰ কুমলীয়া শৰীৰটোৰ মঙহেৰে কামনাৰ ভোক গুচাইছিল আৰু চকুপানীবোৰ সামৰি কিশোৰী লিয়ানে নিজকে মানসিকভাবে প্ৰস্তুত কৰিছিল আকৌ এবাৰ ধৰ্ষিতা হ’বলৈ৷কিমান যে যুদ্ধ বুভুক্ষাৰ বাবে কেতিয়াবা যদি সীমান্তত আৰু কেতিয়াবা মনৰ সীমনাত৷উলংগ মানবতা মাথো ধৰ্ষিতা হৈ পৰি ৰয় মহাজন দেউতাৰ কামাগ্নিত৷
(৩)
আজিকালি মোৰ নিজকে কাৰ্টাৰৰ ফটোগ্ৰাফৰ সেই শিশুটোৰ দৰে লাগে৷সেয়াও এখন পথাৰৰেই কাহিনী৷এখন উদং পথাৰ,এখন লখিমীহীন পথাৰ৷পথাৰত পৰি আছে এটা অৰ্দ্ধউলংগ শিশু৷অপুষ্টি আৰু বুভুক্ষাই কোঙা কৰা শৰীৰ৷বুকুৰ কামিহাড় কেইডাল যেন গণিহে পেলাম৷মৃত্যুৰ শীতল আলিংগনে হয়তো সমাপ্তি ঘটাব বুভুক্ষাৰ যন্ত্ৰণাৰ৷সেয়ে মৃত্যুৰ প্ৰশান্তিময় আলিংগনৰ অপেক্ষাত অপেক্ষাৰত হৈ পৰি আছে এটা শিশু,এটা অৰ্দ্ধ উলংগ ভোকাতুৰ শিশু চুডানৰ উদং পথাৰত৷অপেক্ষাৰ অন্ত নাই৷মৃত্যুৰ অপেক্ষা কেৱল দুৰ্ভিক্ষপীড়িত শিশুটোৰেই নাই কাষত ক্ষণ গণি থকা শগুণজনীৰো একেই আশা,একেই অপেক্ষা আৰু অলপ পিছতেই হয়তো তাই পেট ভৰাই মঙহ খাব৷মানৱ শিশুৰ কোমল মঙহ৷শিয়াল-কুকুৰক ভাগ নিদিয়াকৈ৷মঙহ খাবলৈ তাই যুঁজিব লাগিব৷ভোকৰ বাবেই যে কিমান যুদ্ধ!কোনোবাখন যদি সীমান্তত কোনোবাখন মনৰ সীমনাত৷ভোকাতুৰ আৰু অৰ্দ্ধউলংগ মোৰ সত্বায়ো মৃত্যুৰ ক্ষণ গণে৷পেট ভৰাই খাইছো ৰেষ্টুৰাৰ বিলাসী খাদ্য,কিন্তু মনৰ ভোক,মস্তিস্কৰ ভোক আৰু হৃদয়ৰ ভোক৷বস্তুবাদী সমাজ আৰু কংক্ৰিটৰ সভ্যতাৰ এন্দুৰ দৌৰবোৰ যেন একো একোটা শগুণ৷মোৰ সত্বাৰ মৃত্যু হ’ব৷ময়ো যন্ত্ৰ মানৱ হ’ব আৰু শগুণজাক মোৰ সত্বাৰ মৃত্যুৰ অপেক্ষাত অপেক্ষাৰত৷উস!ভোকৰ বাবেই যে কিমান যুদ্ধ৷কোনোবাখন যদি সীমান্তত কোনোবাখন মনৰ সীমনাত৷কোনোবাখন যদি মস্তিস্কত কোনোবাখন হৃদয়ত৷ব্যক্তিৰ মানসিক সত্বাই মৃত্যুৰ ক্ষণ গণে৷আকাশত উৰে ভোগবাদী সভ্যতাৰ শগুণৰ জাক৷