কবিতা লিখিবলৈ ছিগাৰেটৰ প্ৰয়োজন নাই
কিন্ত মই ছিগাৰেট খাই ভাল পাওঁ
এইযে প্ৰেমিক ছিগাৰেট আৰু আজলী কবিতাজনী
এইযে জন্মজন্মান্তৰৰ সম্পৰ্ক
কবিতা আৰু ছিগাৰেটৰ,
এয়াইটো এটা উত্তৰ সত্য
ষ্ট্ৰেটস্ফিয়েৰত পোৰা কাগজ আৰু শুকান ধপাতৰ মিশ্ৰিত সুগন্ধি
মোৰ বাবে সুগন্ধি আৰু হাপানি ৰোগীৰ বাবে
শ্বাস-প্ৰশ্বাসক ৰূদ্ধ কৰি তোলা এক বিষাক্ত ধোৱাৰ মিশ্ৰন!
মোৰ প্ৰিয় সুগন্ধিয়েই হয়তো হৈ পৰিব পাৰে কাৰোবাৰ মৃত্যুৰ কাৰক!
সুগন্ধিওটোএটা উত্তৰ সত্যই,
তোমাৰ আৰু মোৰ প্ৰেমৰ দৰেই
কাঁচৰ গিলাচৰ গোলাপী ফটিকাৰ ৰাগীৰে আচ্ছন্ন
নিষিদ্ধ গলিৰ ব্যাভিচাৰী নিশাবোৰেই,
নেৰুদাৰ কবিতাৰে আৰম্ভ হোৱা মোৰ সেউজীয়া পুৱাটোৰ অন্তিম ঠিকনা৷
একাকীত্বৰ সন্ধিয়াবোৰত কেতিয়াবা নিজকে প্ৰশ্ন কৰো
এয়া আদিম প্ৰেমৰ আবেদনময়ী সংগীত
নে প্ৰতাৰণাৰ জীৱন্ত দলিল?
কোন প্ৰতাৰক আৰু কোন প্ৰতাৰিত?
কোন শোষক আৰু কোন শোষিত?
মই উত্তৰ বিছাৰি হাবাথুৰি খাওঁ,
হয়তো মই উত্তৰটো জনাৰ প্ৰয়োজনবোধেই নকৰো,
কেতিয়াবা এনে লাগে মই উত্তৰটো জানো
অথচ অনুভৱ কৰিবলৈ মই ব্যৰ্থ!
প্ৰেম,প্ৰশ্ন,উত্তৰ আৰু প্ৰতাৰণা
আৰু এখন উত্তৰসত্যৰ ৰহস্যময়ী চহৰ
কবিতা লিখিবলৈ ছিগাৰেটৰ প্ৰয়োজন নাই
কিন্তু মই ছিগাৰেট খাই ভাল পাওঁ
মই প্ৰকৃততে এয়াও নাজানো মই সঁচাকৈয়ে কি খায় ভাল পাওঁ
ছিগাৰেট নে নিক’টিন
হয়তো মোৰ ওঠৰ এই জ্বলন্ত ছিগাৰেটটোও এটা উত্তৰ সত্য
এই কবিও এটা উত্তৰসত্য আৰু কবিৰ আবেগবোৰো৷
