কালি ককাইদেউ এজনৰ সৈতে ৰসিকতা কৰি ভাৰতত টেচলা গাড়ীৰ ভবিষ্যৎ সম্পৰ্কে আলোচনা কৰি আছিলো৷এই ধৰক সোঁফালে চিগনেল দি আমি যে বাওঁফালে গাড়ীখন কাটি দিওঁ তেতিয়া বাপেকে টেচলাৰ গতিৰ দুৰ্গতি কি হ’ব৷এই অসাবধানবশত ভুল দিশত ছিগনেল দিয়াটো আমি প্ৰায় সকলোৱেই কৰো এইটো আমাৰ এটা বেয়া স্বভাৱ৷কথাত কথা বাঢ়ি কালি আমি দুজনে কিছু আত্মসমালোচনা কৰিলো৷ট্ৰেফিক ছিগনেলত সেউজীয়া লাইটটো জ্বলিবলৈ ৫ ছেকেণ্ডমান বাকী ৰওঁতেই আমি ৰঙা লাইটক ভ্ৰুকুটি দেখুৱাই চাৰি আলিৰ মাজেৰে গাড়ী দৌৰাও৷৫-৬ টন গাড়ীৰ জোখেৰে বনোৱা সৰু-সৰু ৰাস্তাৰে আমি ১০-২০ টন ওজনৰ প্ৰকাণ্ড গাড়ী চলাও,ফলত ৰাস্তাবোৰ সহজেই বেয়া হ’য়৷গৰু-ছাগলীক পথাৰত বান্ধি ৰখাৰ সলনি আমি ৰাষ্ট্ৰীয় ঘাইপথত চৰিবলৈ এৰি দিও৷অলপতে ভাৰত চৰকাৰে এখন ৰেলত হেডফোনৰ যোগান ধৰিছিল,প্ৰথম যাত্ৰাৰ অন্ততে আধাখিনি হেডফোন যাত্ৰীয়ে ঘৰলৈ লৈ গ’ল৷এয়া এটা উদাহৰণ মাত্ৰ৷ৰাজহুৱা সম্পত্তিৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় মৌলিক কৰ্তব্যৰ প্ৰতি আমি সম্পূৰ্ণ উদাসহীন৷ঘৰৰ সন্মুখৰ ৰাস্তা বা নৰ্দমাটো আমি ব্যক্তিগত বুলিয়েই ভাবো৷কোনোৱে সেইটো পুতি দোকানো সাজে৷ৰাজহুৱা শিক্ষানুষ্ঠান-চিকিৎসালয় আদিৰ অপৰিস্কাৰ অৱস্থাৰ বাবে আমিও বহু পৰিমাণে দায়ী৷পিকৰ পৰা বাচিবলৈ দেৱালত আজিকালি ভগৱানৰ ছবি অংকণ কৰিও কতৃপক্ষই ৰক্ষা পোৱা নাই৷কণমানি শিশু এটাৰ মাত ফুটা আৰম্ভ কৰোতেই তাক অশ্লীল বাণী দুটামান শিকাই আমি হাঁহিৰ খোৰাক লওঁ৷দুৰণিবটীয়া যাত্ৰাত য’তে-ত’তে প্ৰস্ৰাব কৰাত সকলো অভ্যস্ত৷ৰাজহুৱা স্থানত আমি ধূমপান কৰো আদি ইত্যাদি৷উল্লেখিত বেয়া স্বভাৱবোৰ আমাৰ প্ৰায় সকলোৰে মাজতেই কম-বেছি পৰিমাণে আছে৷আমি জানো যে এইবোৰ বেয়া কাম ইয়াৰে কোনোটোৱে হয়তো প্ৰাণঘাতী দুৰ্ঘটনাও ঘটাব পাৰে৷কিন্তু সকলো জানি-বুজিও আমি মুঠেই সচেতন নহয়৷আধুনিক ভাৰতৰ সমাজবিজ্ঞানীসকলে আমাৰ ভাৰতীয় সকলৰ এনে স্বভাৱজাত বদ অভ্যাসবোৰৰ ওপৰত গৱেষণা কৰি নিবাৰণৰ উপায় উলিওৱা উচিত৷কেৱল কিতাপৰ শিক্ষাই আমাক বাস্তৱ জীৱনত শিক্ষিত আৰু বিবেকবান কৰি তুলিব নোৱাৰে৷সঁচাকৈয়ে আমি এতিয়াও সভ্যতাৰ পোহৰৰ পৰা ইচ্ছাকৃতভাবেই নিজকে আতৰাই ৰাখিছো৷্

Leave a comment