(১)
লাইটটো নুমুৱাই দিলো৷সুগন্ধি মমবাতিৰ পাতল পোহৰে ৰূমটোৰ কিছু অংশ পোহৰাই তুলিছিল৷শ্বিলংৰ গধূলি,বাহিৰত এজাক ৰিমঝিম বৰষুণ,কোঠাৰ ভিতৰত ছা আৰু পোহৰৰ খেলাৰে এক মায়াসনা পৰিবেশ৷এটি সলাজ হাঁহিৰে তাই মোৰ নিচেই কাষতে বহিল৷খোলা চুলিখিনিৰে তাইক সাইলাখ সাধুকথাৰ পৰী যেন লাগিছিল৷গুণগুণাই তাইৰ হাতখনত লাহেকৈ খামুচি ধৰিলো৷যাহ নিলাজটো বুলি খিলখিলাই হাঁহি তাই মোৰ হাতখন দুৰলৈ ঠেলি দিলে৷এইবাৰ মই তাইক জোৰকৈ সাবতি ধৰিলো৷তাইৰ গোলাপৰ পাপৰিহেন ওঠখনে মোক চঞ্চল কৰি তুলিছিল৷তাইৰ ওঠখন যেন এপাহি সৌৰভময় ফুল আৰু মই,মই যেন যৌৱনৰ অমৃত সুধা খেদি ফুৰা এটা ভোমোৰা৷চকুহাল মুদ খাই আহিল৷যৌৱনৰ মধু পান কৰা মোৰ চঞ্চল ওঠখনে লাহে-লাহে ভটীয়নী সোতত গা এৰি দিলে৷মোৰ শৰীৰৰ মাজেৰে যেন বিজুলীৰ প্ৰৱাহ হে বৈ গৈছে৷দুষ্ট হাতখনো ক্ৰমে অধিক চঞ্চল হৈ পৰিল৷মাজে-মাজে তাইৰ অস্ফুট গেঙণি৷খৰকৈ তাইৰ লাহী আঙুলীকেইটাই মোৰ চোলাৰ বুটাম খুলিছে৷তাই মোৰ বুকুৰ মাজত সোমাল আৰু মোৰ হাতখন তাইৰ উঠন বুকুৰ নিষিদ্ধ চহৰত৷তাই ফোপাইছে৷মই তাইৰ টি ছাৰ্টটো খহাই দিলো৷এক আদিম আকৰ্ষণে যেন দুয়োকে মুক কৰি তুলিছে৷খৰকৈ খহাই পেলালো তাইৰ শৰীৰৰ অন্তিম টুকুৰা অৰ্ন্তবাস৷হঠাৎ তাই মোক ঠেলা মাৰি উঠি বহিল৷”কি হ’ল?” মোৰ কন্ঠত এক পাৰভঙা চঞ্চলতা৷”কণ্ডমটো কণ্ডমটো লগাই লোৱা৷বিয়াৰ আগত এনেকৈ নহব দেই৷”তাইৰ মুখত এটা দুষ্ট হাঁহি খেলাই গ’ল৷ডিউৰেক্স ডটেড৷এটা পেকেট ফালি ল’লো৷তাৰ পিছত কিমান সময় পাৰ হৈ গ’ল মনত নাই৷এক আদিম আৰু নিষিদ্ধ সুখ৷হৃদস্পন্দন বোৰ বাঢ়ি গ’ল মাজে-মাজে তাইৰ অস্ফুট গেঙনি৷ডপএমাইন আৰু এপিনেফ্ৰিনে সৰ্বোচ্চ সীমা অতিক্ৰম কৰিলে৷এটা সুখৰ গেঙনি মাৰি ঠিয় হ’লো৷তাই কাপোৰবোৰ সামৰি ল’লে৷এটা ছিগাৰেট জ্বলালো আৰু সমস্ত প্ৰাপ্তিৰ সুখেৰে ধোৱাবোৰ এৰি দিলো৷ডাষ্টবিনৰ পৰিত্যক্ত হৈ পৰি আছিল এটা ডিউৰেক্সৰ ডটেড কণ্ডম৷
                                     (2)
টিভিৰ সন্মুখত বহি আছো৷তাই চাহ একাপ দি গ’ল৷চাহৰ কাপত চুমুক দিলো৷আজি গণতন্ত্ৰ দিৱস৷সাতটা দশক পাৰ হৈ গ’ল৷আমাৰ সংবিধানখন কাৰ্য্যকাৰী হোৱাৰ৷নিউজ চেনেলবোৰ বদলাই চালো৷সকলোতে প্ৰায় একেই কাৰবাৰ৷ৰাজনৈতিক নেতাবোৰে ভাষণবাজী কৰি আছে৷বহু কথাই কৈছে স্বাধীনতা সংগ্ৰামৰ কথা,গান্ধী-নেহেৰুৰ কথা,আদৰ্শৰ কথা আৰু সংবিধানৰ কথা৷হওঁক তেওঁ বছৰেকত এদিন যে তেওঁলোকে সংবিধানখনক সুৱৰিবলৈ সময় পায় সেয়াই যঠেষ্ট৷স্বাধীন,গণতান্ত্ৰিক,সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ভাৰত গণৰাজ্য!দেশখন ৪৭ তেই স্বাধীন হ’ল কিন্তু মানুহবোৰ৷পুজিবাদ,সামান্তীয় সমাজব্যৱস্থা আৰু ব্ৰাহ্মণ্যবাদে কোঙা কৰা পৰাধীন নাগৰিকৰ এখন স্বাধীন দেশ!আজিকালি গণতন্ত্ৰ বুলি ক’লে হাঁহি উঠে৷মাজে-মাজে ভয়ো লাগে৷মাৰ্ক্স আৰু লেনিনৰ কিতাপবোৰ লুকুৱাই থও ন’হলে কিজানিবা মোকো ৰাষ্ট্ৰদ্ৰোহী সাজি অখিলৰ দৰে মাহৰ পিছত মাহ৷অখিলৰ মাকৰ কৰুণ মুখখন দেখিলেই বুকুখন মোছৰ খাই যায়৷কৰোণাৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকবোৰ খোজ কাঢ়িয়েই ঘৰলৈ গ’ল৷প্ৰসূতিয়ে ৰাস্তাৰ কাষতে সন্তান জন্ম দিলে৷এমুঠি অন্নৰ বাবে অন্নদাতাই হাহাঁকাৰ কৰে৷প্ৰধানমন্ত্ৰীৰ দহ হাজাৰ কোটিটকীয়া বিমানত ঘুৰে আৰু আম্বানী!বাহ ৰে মোৰ দেশৰ সমাজবাদ৷মহম্মদ আখলাখ,ৰোহিত ভেমুলা,গো মাতা,লাভ জিহাদ,ব্লেক ফ্ৰাই ডে আৰু সাম্প্ৰদায়িক দ্বন্দ্ব৷ধেৎ চাল্লা এয়াই নেকি আমাৰ ধৰ্মনিৰপেক্ষতা৷হঠাৎ কিয় জানো মোৰ মানসপটত এখন ছবি ভাহি আহিল৷শ্বিলংৰ এটা মায়াসনা গধূল,তাই-মই,নিষিদ্ধ ভালপোৱাৰ অধ্যায় আৰু ডাষ্টবিনত পৰি ৰোৱা এটা ডটেড কণ্ডম৷এতিয়া আমাক কণ্ডমৰ প্ৰয়োজন নাই৷বিয়া হৈ গ’ল৷কাইলৈৰ পৰা এওঁলোককো গণতান্ত্ৰিক মূল্যবোধৰ প্ৰয়োজন নাই৷হয়তো কাইলৈ এওঁলোকেই মোক মাওবাদী সাজি গুলীয়াই মাৰিব,ৰাজপথেৰে আকৌ কোনো ছেমৰ দৰে কিশোৰৰ তেজ ব’ব বা ধৰ্মোন্মাদৰ দলে আৰু এজন আখলাক হত্যা কৰিব৷কাৰণ কাইলৈ ২৭ জানুৱাৰী৷কাইলৈ গণতন্ত্ৰ দিৱস নহয়৷কাইলৈ কিতাপ আৰু ভাষণৰ মূল্যবোধবোৰ পৰি ৰ’ব পাহৰণিৰ ডাষ্টবিনত৷সেই কনডমটোৰ দৰে৷

Leave a comment