স্কুলীয়া ল’ৰা-ছোৱালীবোৰৰ কোঢ়ালত সুখনিদ্ৰাৰ যতি পৰিল৷মোবাইলটো চালো৷পুৱা ন বাজিছে৷ৰূমৰ ওচৰৰ এই স্কুলখনৰ পৰা আৰু শান্তি নাই৷পুৱাই-পুৱাই হাল্লা৷চাল্লা কেচা টোপনি ভাঙি যায়৷বেকাৰ ল’ৰা,সস্তীয়া ৰূম এইবোৰ ভেজাল সহ্য কৰিব লাগিবই৷মুৰটো প্ৰচণ্ডকৈ টিঙটিঙাইছে৷কালিৰ পাৰ্টীটোত অলপ বেছিকৈয়ে খাই দিলো৷শেষৰ ফালে নিচা বেছি হৈছিল৷দুটামান পেগ ৰ’ মাৰি দিলো৷তাৰ পিছত বমি৷ৰূমমেট জালালে বকি-বকি বমি চফা কৰিছিল৷তাৰ পিছত আৰু একো মনত নাই৷এতিয়া ব্লেক আউট আৰু হেং অভাৰ৷”আৰে খাউন্দ চাহাব উঠিলে৷লওঁক লওঁক এই নেমুৰ চৰবত ভাগি গলাধাৰণ কৰি লওঁক৷ন’হলে হেং অভাৰ ক’ত ফাটিব৷চাল্লা ৰাতি বমি কৰি গোটেই ৰূম গেলাই থৈছ৷”কৃত্ৰিম খংৰে জালালে মোলৈ নেমু চৰবত গিলাচ আগবঢ়াই দিলে৷একেচাটে গোটেই গিলাচ মাৰি দি মুখখন বিকটাই ফ্লেকৰ পেকেটটো খুচৰি বিৰক্তিত চিঞৰি উঠিলো-আৰে খালী বে৷চাল্লা পুৱাই-পুৱাই খালী পেকেট৷”আৰে ভাই তই যে গোটেই ৰাতি সেইজনীৰ নামত ট্ৰেজেডী ফালি-ফালি সোপাই শেষ কৰিলি পাহৰিলি৷”জালালে দাঁত নিকটাই ক’লে৷নিজৰ মক্কেল্লামি আৰু প্ৰাক্তন প্ৰেয়সীক গুৱাল গালি পাৰি কলিতা দাৰ দোকানলৈ দৌৰ দিলো৷বাকীৰ বহীৰ অংকবোৰ বাঢ়ি গৈছে৷ক’ৰণা ভিনিহিদেউৰ লকডাউনত আৰু আমাৰ চাকৰিৰ পৰা চাটাই আৰু দুমাহমান চাওঁ ন’হলে গাওঁলৈ যাবগৈ লাগিব৷চিগাৰেটটোত দুটামান টান মাৰিছিলো হে প্ৰেছাৰ বাঢ়ি গ’ল৷চিধাই লেট্ৰিনলৈ লৰ দিলো৷লেট্ৰিনত বহি-বহিয়েই হিছাপ কৰি আছো৷ঠাণ্ডা-ঠাণ্ডাকৈ গা নোধোৱা এসপ্তাহেই হ’বৰ হ’ল৷ভাগ্যে পাৰফিউম বোলা বস্তুবিধৰ আৱিষ্কাৰ হ’ল৷ন’হলে সভ্য সমাজে মোৰ আৰু জালিলৰ দৰে প্ৰাণীবোৰক কাহানিবাই এঘৰীয়া কৰিলেহেঁতেন৷খৰকৈ চাবোন অলপ ঘহি দুমগমান পানী ঢালি হিন্দী গানৰ কলি এটা গুণগুণাই বাথৰুমৰ পৰা বিশ্ববিজয় কৰাৰ ভংগীত ওলাই আহিলো আৰু এসপ্তাহলৈ আৰু টেনশ্যন নাই৷গেঞ্জীটো গাত সুমুৱাই চৰাঘৰত প্ৰৱেশ কৰিলো৷জালাল শিল পৰা কপৌৰ দৰে টিভিৰ সন্মুখত বহি আছে৷নিউজৰ এংকৰজনে চিঞৰি আছে-“লাভ জিহাদ বনাম ধৰ্ম ৰক্ষাৰ যুদ্ধ”ঘটনাটো আমাৰ ঘৰৰ ফালৰে৷ল’ৰা-ছোৱালীহালক মই চিনিও পাওঁ৷ল’ৰাটো জালালহঁতৰ গাওঁৰ৷ছোৱালীজনী মোৰ কলেজৰ জুনিয়ৰ৷আব্বাচ আৰু নিকিতা৷সিহঁতৰ পিৰীতিৰ সেই সময়ৰ কলেজৰ এটা চৰ্চিত বিষয়৷সমাজৰ বাধাক নেওচি এসপ্তাহমানৰ আগেয়ে আব্বাচে নিকিতাক পলুৱাই নিছিল৷জালালে ময়েও সিহঁতৰ প্ৰেমৰ সফল পৰিসমাপ্তিৰ এই সংবাদ কলেজৰে whatsapp group ত পাইছিলো৷সেই আব্বাচকে কোনোবা সংগঠনৰ ল’ৰাই লাভ জিহাদৰ নামত বেয়াকৈ পিটিলে৷এতিয়া বেচেৰা হস্পাতালত৷জীৱন আৰু মৃত্যুৰে যুঁজি আছে৷নিউজ এংকৰজনেও প্ৰকাৰন্তৰে লাভ জিহাদী(?) আব্বাচক পিটা কাৰবাৰটোক গ্লৰিফাই কৰি আছে৷নিকিতাই আত্মহত্যা কৰিলে৷ৰাম নামী ছাদৰ আৰু চন্দনৰ ফোট লোৱা নেতা এজনে গুজৰি আছে,”এয়া আত্মহত্যা নহয়৷জিহাদীটো ধৰা পৰাৰ বাবে তাইৰ ঘৰৰ মানুহে আমাৰ ছোৱালীজনীক হত্যা কৰিলে৷আমি আমাৰ ঘৰৰ ভিতৰৰ শতৰুক চিনিব লাগিব৷হিন্দু জাগিব লাগিব৷এয়া ধৰ্মযুদ্ধ৷জয় শ্ৰী ৰাম৷”এইবাৰ পৰ্দাত মোল্লা চাহাব৷মোল্লা চাহাব যেন খংত ফাটি হে পৰিব,”কাফিৰহঁতে আমাৰ বিৰাদিৰিৰ মানুহক মাৰিব,জিহাদী ক’ব,আমি কি চাই থাকিম৷আল্লাহ তাল্লাহ সাক্ষী আছে৷আমিও হাতত চুৰিয়া পিন্ধি থকা নাই৷ইনচাল্লাহ”নিউজ এংকৰজনে অনগ্ৰল বকি আছে,”আমাৰ হাতত আহি পৰিছে এই মূহূৰ্তৰ বিগ ব্ৰেকিং নিউজ৷হাতে-হাতে তৰোৱাল লৈ ফুকনপাৰাৰ মছজিদ অভিমুখে যাত্ৰা কৰিছে ধৰ্মৰক্ষী সেনাৰ দল৷চাৰিআলিত তীৰ্থযাত্ৰাৰে ভৰা বাছ আক্ৰমণ কৰি জ্বলাই দিলে ফক্কৰ ই হিন্দ দলে,দপদপকৈ জ্বলি উঠিল ফুকনপাৰাৰ মছজিদ,ইনছাল্লাহ,জয় শ্ৰী ৰাম৷মোৰ মুৰটো ঘুৰাব ধৰিলে৷কোনোমতে চকীখনত বহি দিলো৷জালালে টিভিটো বন্ধ কৰি দিলে৷আমি বহু দেৰি মৌন হৈ ৰ’লো৷প্ৰায় আধাঘন্টামানৰ মুৰত পৰিস্থিতিটো সহজ কৰিবলৈ জালালে শুধিলে,”ভাই হেং অভাৰটো ফাটিল নে?হুমুনিয়াহ এটা কাঢ়ি ক’লো” “জালাল ভাই আমি মদপী মানুহ৷ৰাতিপুৱা নেমু খালেই হেং অভাৰ ফাটি যায়৷কিন্তু মোল্লা আৰু নেতাৰ পৰা ধৰ্মৰ আফিং খাই হাল্লা কৰি ফুৰা এই জানোৱাৰবোৰৰ কি খালে হেং অভাৰ ফাটিব বে?” “আপোন মানুহৰ তেজ আৰু বিধৰ্মীৰ মঙহ” জালালে হুমুনিয়াহ কাঢ়িলে আৰু আমি দুয়ো উচুপি উঠিলো৷এজন হিন্দু আৰু এজন মুছলমান একেলগে উচুপি উঠিল৷ওহো নহয় এচাম দানৱৰ ধৰ্মোন্মাদে দুজন মানুক উচুপিবলৈ বাধ্য কৰালে৷

Leave a comment