শণিবাৰৰ দিনটো মোৰ অত্যন্ত প্ৰিয়৷কাইলৈ দেওবাৰ৷পুৱাৰ সেই হাই-উৰুমি আৰু দৌৰা-ধপৰাৰ ভেজালবোৰৰ পৰা এক সাময়িক অব্যাহতি৷দুপৰীয়া বাৰ মান বজালৈকে শুই থাকিম৷দুপৰীয়াৰ সাজত স্পেচিয়েল খানা ব্ৰইলাৰ বা লাই শাক দিয়া গাহৰি৷তাকো আকৌ ৰূমমেটৰ হাতখনো ভাল৷ভাত খাই লেপটপত টৰেন্টৰ আৰ্শীবাদত প্ৰাপ্ত কোনো নতুন চিনেমা আৰু গধূলি দীঘলী পুখুৰীৰ পাৰত প্ৰেয়সীৰ সৈতে বাদাম চোবাই-চোবাই এটা ৰোমান্টিক গধূলি৷গগৈয়ে বুট ভাজি আছে৷মালৰ সৈতে চাকনা খাম৷আজি বাপ্পেকে হেং অভাৰ হ’লেও কেচ নাই,কাইলৈ দেওবাৰ৷দেৰিলৈকে শুই থাকিম৷ৰাতি বমি কৰা ফ্লৰবোৰো চাফা কৰিবলৈ টেনশ্যন নাই৷কাইলৈ দেওবাৰ৷আমাৰ হাতত ঢেৰ সময়৷দেওবৰীয়া পৃথিৱীৰ আমি যেন মুক্ত বিহংগ৷
শৰ্মাই পেগ বাকি আছিল৷চাহজাহানে ৰ এটা মাৰিয়েই দিলে৷গগৈয়ে ভজা বুট খাই খাই বকি আছে৷”কি অভদ্ৰ বে৷চিয়েৰ্ছ নকৰাকৈ খাই দিলে৷”এঢোক মাৰি মুখখন বিকটাই দিলো৷পেগটো কাঢ়া হৈছে৷গগৈৰ যুক্তি প্ৰথম পেগটো অলপ কাঢ়াকৈ মাৰিব লাগে তেতিয়া পিছৰ কেইটা একদম পানীৰ ৰকম ডিঙিৰে নামি যায়৷ফ্লেকটোত দুটামান টান মাৰি চাহজাহানলৈ আগবঢ়াই দিলো৷শৰ্মাই মোবাইলত ট্ৰেজেডী ফালিছে৷শৰ্মা মানুহটো মস্ত জিনিচ৷এনেই মানুহটো তামাম হুচিয়াৰ কিন্তু ডিঙিত এটুপি পৰিলেই প্ৰাক্তন প্ৰেয়সীক ফোন কৰি হাহাকাৰ কৰে৷আজিও একেখনেই নাটক৷”আব্বে অনামিকাই মোৰ ফোনটো কাটি দিলে বে৷কিন্তু দোস্ত মই তাইক বহুত ভাল পাও৷মা কচম৷চাল্লা সৰস্বতী মাই কী কচম৷”ঠোকাঠুকি মাতেৰে শৰ্মাই পুনৰ একেখন ৰেকৰ্ডিং কে বজালে৷”চাল্লা চুপ নিলাজ৷মান-সন্মান চব শেষ কৰিহদিলি৷মাল খাই লৈ অনামিকাক ফোন কৰিবি৷তাৰপিছত তাই ফোন কাটি দিব, তই ট্ৰেজেডী ফালিবি,আমি শুনিম আৰু আমাৰ নিচা এনেকৈয়ে ফাটি যাব৷হুহ!”গগৈৰ কথাত খংৰ স্পষ্ট সুৰ৷মোৰ শৰ্মালৈ বেয়া লাগিল৷মদ খালে মোৰ আবেগবোৰ এনেও পাৰ ভাঙি উপচি পৰে৷শৰ্মাৰ পিঠিত ঢকিয়াই ক’লো,”আৰে ভাই৷তই দুখ নকৰিবি বুজিছ৷সঁচা প্ৰেম এনেকুৱাই৷তোৰ যদি প্ৰেম সঁচা হয় তাই বেটী এদিন ঘুৰি আহিবই৷”মদৰ ৰাগীতে তামাম আবেগিক হৈ শৰ্মাই মোক সাবটি ধৰি এসোটা কান্দিলেও৷
ৰাতিৰ সাজৰ বাবে আলু কুটি-কুটি গগৈয়ে আৰু এটা পেগ বনালে৷ফ্লেকৰ টুকুৰাৰ শেষৰ অংশত অন্তিমটো চুম্বন কৰি দাৰ্শনিকৰ ভংগীত চাহজাহানে আৰম্ভ কৰিলে,”আৰে শৰ্মা ভাই৷টেনশ্যন নেহী লেনে কা৷তোৰ প্ৰেম পূৰ্ণ৷আৰে দুখ কৰিলে আমিহে কৰিব লাগে বুজিছ৷তই নহয়৷”গগৈয়ে হাঁহি দিলে৷চাহজাহানে যেন শৰ্মাৰ জ্বলা জুইত ঘিউ হে ঢালিলে৷শৰ্মা জকি উঠিল৷একেকোবে ৰ এপেগ মাৰি শৰ্মাই আৰম্ভ কৰিলে,”চাল্লা ঠাট্ৰা কৰিবলৈ আহিছ৷তহঁতি ১৪ ফেব্ৰুৱাৰীত পাৰ্কে-ৰেষ্টুৰেন্টে ঘুৰি থাকিবি আৰু মই!” শৰ্মাই খালী গিলাচটো দলিয়াই দিলে৷”আৰে চুপ তহঁতি দুইটাইহচুপ৷চাল্লা গোটেই মেহফিল খাৰাব কৰি দিছ৷“মজিয়াত বাগৰি থকা গিলাচটো সামৰি গগৈয়ে ক’লে৷”আৰে ভাই মই ফটুৱা কৰা নাই বে৷চা গগৈ দিন নাথাকিলে ৰাতিৰ অস্তিত্ব থাকিলহেঁতেন জানো?” “ওহো” চাহজাহানলৈ গগৈৰ চমু প্ৰত্যুত্তৰ৷”চা ভাই এই প্ৰেম-ভালপোৱা এইবোৰত যদি কেতিয়াও বাঁহ নাখাও মিন বিচ্ছেদ নাহে তেনেহলে তই প্ৰেমত পৰাৰ সুখ আৰু হেৰুৱাৰ দুখৰ মাজত পাৰ্থক্য বুজিব পাৰিবি নে৷নোৱাৰ ন৷you have to gone through the situation practically.বিচ্ছেদৰ অবিহনে মাজৰাতিৰ কেতেকীৰ উচুপনিৰ মূল্যই বা কি অথবা আৰিজিতৰ গানবোৰৰ৷নেৰুদাৰ কবিতা যদি চন্দ্ৰৰ উৎজ্বল পৃষ্ঠ তেনেহ’লে একাকীত্বৰ নিশাবোৰ,একাকীত্বৰ নিশাবোৰো জানো একেটা জোনবাইৰে জনচক্ষুৰ আৰৰ অন্ধকাৰ অংশ নহয়৷পূৰ্ণিমাৰ জোনটো জানো কেতিয়াবা পূৰ্ণ হ’ব পাৰে৷অন্ধকাৰক উলাই কৰিব নোৱাৰি দোষ্ট৷বিচ্ছেদৰ অবিহনে প্ৰেম পূৰ্ণ নহয়৷”চাহজাহানৰ কথাখিনি শলাগি আৰু এটা পেগ মাৰি ললো৷চাল্লা ইমান মজা দৰ্শন৷কাইলৈ দেওবাৰ হেং অভাৰ হ’লেও কেচ নাই৷গগৈৰ ভালকৈ নিচা ধৰিছিল৷এইবাৰ মুখত ৰহস্যঘন হাঁহি এটা লৈ ছিগাৰেটৰ ধোৱা উৰুৱাই গগৈয়ে আৰম্ভ কৰিলে,”চাহজাহানে একদম খাটি কথা কৈছে বে Money Heist ত চাল্লা বাৰ্লিনে এনেই কোৱা নাছিল Betrayal is an inherent part of love.” ভজা বাদাম কেইটামান গলিয়াই এই অভাজনে লগতে শলাগি গ’ল,“and betrayal doesn’t depend how much or how deeply you love someone. It depends on the magnitude of dilemma put in front of you.”এলেবাংৰ দৰে হাঁহি এটা মাৰি শৰ্মাই ক’লে,”আৰে মানে মোৰ লাভ ষ্টৰী কমপ্লিট বে৷তাই মোক সঁচাকৈয়ে ভাল পায়৷মানে মই বেকাৰ আৰু দৰাটো বাপ্পেকে ইঞ্জিনীয়াৰৰ৷প্ৰেম সঁচা বুইছ৷ডাইলেমা,ডাইলেমা”এইবুলি কৈয়েই আমি কিবা বুজি পোৱাৰ আগেয়ে শৰ্মাই ফ্লৰত হৰহৰকৈ বমি কৰি দিলে৷পেগ বাকি-বাকি গগৈয়ে আকৌ হুটা মাতেৰে চিঞৰি উঠিল,”চাল্লা ই দেৱদাস বাবুৱে গোটেই মেহফিল গেলাই দিলে বে৷”
