
“ঐ নাৰায়ণ আজি দিল্লীৰ কেচটো গম পালি নে নাই৷চাল্লা ট্ৰেক্টৰ ৰেলীৰ নামত তামাম হাল্লা৷মেট্ৰ-চেট্ৰ বন্ধ৷পুৰা মাৰপিট,লাঠীচাৰ্জ,গুলীয়াগুলী৷কোনবাই বোলে লালকিল্লাৰ ওপৰত পাতাকা উৰুৱাই দিলে৷ধেই গণৰাজ্য দিৱসৰ দিনাই কি বোৰ যে হৈ গ’ল৷এইবোৰ বৰ বেয়া হৈছে দেই”পাছলীৰ মোনাটো ৰান্ধনীঘৰত থৈ পাৰ্থই অনৰ্গল বকি আছে৷ৰজনীখিনি পিকাই নাৰায়ণে গহীনাই ক’লে,হুম!কিনো বেয়া হৈছে৷গণতন্ত্ৰত জনসাধাৰণেটো প্ৰতিবাদ কৰিবই৷” “আৰে ভাই প্ৰতিবাদ কৰাটোক ময়ো বেয়া বুলি কোৱা নাই৷কিন্তু গণতন্ত্ৰত হিংসাত্মক প্ৰতিবাদৰ প্ৰাসংগিকতা কিমান?” “কিয় গণতন্ত্ৰত হিংসা বৈধ নহয় নেকি!এই যে আমাৰ চৰকাৰখনে প্ৰতিবছৰে প্ৰতিৰক্ষাৰ নামত কোটি-কোটি টকাৰ বাজেট বনায়,সেনা-আৰক্ষীক অত্যাধুনিক অস্ত্ৰৰে যুঁজিবলৈ প্ৰশিক্ষণ দিয়ে সেইবোৰ,সেইবোৰ কি তোৰ শান্তিপূৰ্ণ গণতন্ত্ৰৰে অংশ নহয়?”ধেমালী মিশ্ৰিত ঠাট্টাৰ সুৰত নাৰায়ণে শুধিলে৷”আৰে ভাই তয়ো যে আৰু সেয়াটো দেশৰ শত্ৰুক প্ৰতিৰোধ কৰিবলৈ৷কেৱল আমিয়েই নেকি?সকলো দেশেই এনেকুৱাই কৰে৷” বন্ধু এই তই যে ক’লি ৰাষ্ট্ৰ আই মিন দেশ৷আচলতে ৰাষ্ট্ৰ মানেনো কি?” “ধেই ৰাষ্ট্ৰ মানে আৰু কি ভাৰত মিনচ ইণ্ডিয়া,হিন্দুস্তান,সাৰে জাহা সে আৎচ্ছা হিন্দুস্তা হামাৰ৷এইখন বুজিছ এইখন৷”বেৰত ওলমি থকা ভাৰতৰ মেপখন দেখুৱাই বিৰাট উৎসাহেৰে পাৰ্থই ক’লে৷ “আব্বে ভুলটো সেইটোৱেই বুজিলি৷দেৱালত ওলমি থকা এই উকা মানচিত্ৰখনেই ভাৰত নহয়৷এক নিৰ্দিষ্ট সাৰ্বভৌম ভূখণ্ড বা দেশৰ সমস্ত নাগৰিক,অনুষ্ঠান-প্ৰতিষ্ঠান,বিভিন্ন সম্পদ আৰু সম্পত্তিৰ সমষ্টিহে ৰাষ্ট্ৰ৷এতিয়া ভাই তয়েই কচোন ভাৰত ৰাষ্ট্ৰ আৰু ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰ একেই হয় জানো৷” “ধেই এইডাল কিনো কথাবোৰ পাক লগাই-লগাই শুধি থাক?মই এইবোৰ ৰাজনীতিৰ আওভাও নাপাও৷তাতকৈ কাঢ়াকৈ চাহ একাপ বনা৷তাৰ পিছত আমি কেৰম খেলিম” “ৰ ৰ বাপুকণ৷চাহো খাবি আৰু কেৰেমো খেলিম৷কিন্তু আৰম্ভণিটো তইহে কৰিছিলি৷এতিয়াটো আৰু মই শেষ নোহোৱালৈকৈ তোক নেৰিছো৷এই যে আমি কথাই প্ৰতি চৰকাৰ-প্ৰশাসন,চৰকাৰ-প্ৰশাসন বুলি চিঞৰি থাকো সেইটোৱেই সহজ অৰ্থত ৰাষ্ট্ৰযন্ত্ৰ আৰু তই যে হিংসাৰ বিৰোধিতা কৰিলি আমি কৰা হিংসাবোৰ যদি অবৈধ তেনেহ’লে ৰাষ্ট্ৰযন্ত্ৰই কৰা হিংসাবোৰ কি?যোৱাবছৰ কা আন্দোলনৰ সময়ত তোৰ আৰু মোৰ পিঠিটো পুলিচৰ দাণ্ডা পৰিছিল আৰু সেই ল’ৰা পাঁচটা যে সেনাই গুলীয়াই মাৰিছিল৷সেইবোৰ কি হিংসা নাছিল৷তই-মই বা ছেম আমি সকলোৱেচোন শান্তিপূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰেই আন্দোলন কৰিছিলো৷কিন্তু পালো কি?পুলিচৰ দাণ্ডা আৰু বন্দুকৰ গুলী৷চা ভাই ধৰি ললো তই মোৰ পৰা টকা ধাৰলৈ লৈছিলি এতিয়া মই তোৰ পৰা এশ টকা পাব লাগে৷মই তোক খুজি আছো৷কিন্তু তই পইচা দিয়া দুৰৰে কথা মোক পূৰ্ণহতীয়া চৰ এটাহে সোধাই দিলি৷এতিয়া তাহানিতে গান্ধীয়ে কোৱাৰ দৰে মই ইখন গাল পাতি দিম নে চলে-বলে-কৌশলে তোৰ পৰা পইচাটো উলিয়াম৷কোনটো বেছি প্ৰেক্টিকেল৷প্ৰথমটো নে পিছৰটো?” “পিছৰটো” পাৰ্থই লাহেকৈ ক’লে৷” চা ভাই গান্ধীবাদ তেতিয়াও প্ৰেক্টিকেল নাছিল আৰু এতিয়াও নহয়৷ভাগ্যে দ্বিতীয় বিশ্বযুদ্ধই ব্ৰিটেইনৰ অৰ্থনীতি কোঙা কৰি পেলালে৷ন’হলে আজিও আমি এলিজাবেথকে চালাম ঠুকি থাকিলোহেঁতেন৷তাহানিৰ ব্ৰিটিছেই বোল বা আজিৰ আধুনিক ৰাষ্ট্ৰযন্ত্ৰ শোষক গোষ্ঠীৰ লক্ষ্য এটাই মাত্ৰ শোষণ৷শোষণক অব্যাহত ৰখাৰ স্বাৰ্থত সিহঁত যিকোনো স্তৰলৈকে নামিব পাৰে৷লাগিলে সেয়া জালিয়ানাবাগেই হওঁক বা শ্বহীদৰ তেজে ধোৱা অসমৰ ৰাজপথ৷চা কৃষি আইন প্ৰণয়ণ হ’ল কি ন’হল আম্বানি-আদানীৰ ভড়াল ৰেডী৷এতিয়াৰ পৰা আৰু আলু-পিয়াজ-ডাইল অত্যাৱশ্যকীয় সামগ্ৰী নহয়৷দুখীয়াই অকল চাউল আৰু আটা খাই জীয়াই থাকিব৷দুটকাৰ বন্ধাকবিটো কিনি আনি পুজিপতি বেপাৰীকেইটাই আশী টকাৰ লেবেল লগাই বিক্ৰীব৷যাৰ টকা আছে খা যাৰ নাই মৰি যা৷আকৌ ইফালে আমাৰ লতাশিলৰ অধিক শান্তিপূৰ্ণ প্ৰতিবাদ কৰবাতে থাকিল৷কা আৰু বিদেশী দুয়োটাই আহিব৷চৰকাৰে ক’ব জাতি-মাটি-ভেটী আৰু আমি লগতে সুৰ লগাই কোৰাচ গাম গ’ল গ’ল জাহ গ’ল,লুইতৰ বুকুত জাতি-মাটি-ভেটী সোপায়েই জাহ গ’ল৷এতিয়া তই চাবি কা আৰু কৃষি আইন মাল দুটা বেলেগ বেলেগ কিন্তু কোনোবাখিনিত প্ৰতিটো প্ৰতিবাদেই কিন্তু এটা সাধাৰণ চৰিত্ৰক প্ৰতিনিধিত্ব কৰিছে মানৱ সভ্যতাৰ আদিকালৰে পৰাই চলি অহা শ্ৰেণী সংগ্ৰাম৷হয়তো কৃষি আইনৰ দৰে কোনোবাটো আন্দোলনত এই চৰিত্ৰটো কিছু স্পষ্ট আৰু আন কোনোবাটোত হয়তো অস্পষ্ট আৰু মানে….” এই ভাই ৰ চোন ৰ সেইবোৰ বাৰু বুজিলো কিন্তু সমাধান৷সমাধানটো কি?” “নাৰায়ণৰ কথাৰ মাজতে পাৰ্থই শুধিলে৷ ” সমাধান আৰু কি যুঁজিব লাগিব৷ভাই ‘ there is only one solution and that is nothing but revolution’ মানে বিপ্লৱ৷কিন্তু সেইবুলি বিপ্লৱটো গান্ধীবাদৰ প্ৰট’কলেৰে চলিলে আকৌ ন’হব৷প্ৰয়োজনত জনতাই শোষক গোষ্ঠীৰ পৰা বলেৰে ক্ষমতা কাঢ়ি আনিব লাগিব৷তাহানিৰ ফৰাচী বিপ্লৱৰ দৰে,অক্টোবৰ বিপ্লৱৰ দৰে৷” ” এই ৰ ৰ৷হাবিলৈ গৈ লাভ নাই হে৷আগতে কিমান গ’ল কিমান ঘুৰিল লেখ জোখ নাই৷” হেৰৌ দগা হাবিলৈ যাব লাগে বুলিনো তোক কোনে ক’লে?মাওৰ সেই বন্দুকৰ নলী ক্ষমতাৰ উৎস বাখ্যাটো আধৰুৱা বুজিছ৷সেই অল্পবিদ্যা ভয়ংকৰীয়ে কিমানৰ যে জীৱন-যৌৱন কাঢ়ি নিলে তাৰ কোনো হিছাপ নাই৷প্ৰকৃততে মাৰ্ক্সে কোৱাৰ দৰে বিপ্লৱী জনগণহে বিপ্লৱৰ প্ৰকৃত শক্তি৷জনগণৰ সক্ৰিয় ভূমিকাৰ অবিহনে আজিলৈকে পৃথিৱীৰ কোনটো আন্দোলন সফল হৈছে আৰু জনগণে কেৱল বন্দুক চলাব জানিলেই ন’হব বিপ্লৱৰ নিজস্ব দৰ্শন আৰু আদৰ্শও থাকিব লাগিব৷সেই দৰ্শন হ’ব লাগিব সাম্যৰ,সেই দৰ্শন হ’ব লাগিব মানুহৰ মুক্তিৰ আৰু সেই দৰ্শন হ’ব লাগিব মানৱতাৰ বিজয়ৰ৷” একপ্ৰকাৰৰ ৰাজহুৱা সভাত ভাষণ দিয়াৰ সুৰত কথাষাৰ কৈ নাৰায়ণে ষ্টোভত চাহৰ চচপেনটো বঢ়াই দিলে৷চাহখিনি উতলিবলৈ দি নাৰায়ণে পুনৰ আৰম্ভ কৰিলে,”চা বৰ্তমানৰ ব্যৱস্থাটোত আমি সকলো বেয়াকৈ ফাৰ্ষ্টেড’ হৈ গৈছো৷পঢ়ি-শুনিও চাকৰি নাই,চাৰিওফালে দুৰ্নীতি,দালালি,ব্যাভিচাৰীতা আৰু অন্যায়৷চাল্লা পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ গৃহমন্ত্ৰীয়ে আকৌ কয় আন্দোলন কৰিলে শ্বহীদৰ তালিকাহে দীঘল হয়৷মানে তোমালোকে আন্দোলন কৰা আমি তোমালোকক গুলীয়াই মাৰিম৷এতিয়া মানুহে কৰে কি৷উপায় দুটাই আছে হয় সকলো সহি-সামৰি ঘৰতে চুক ভেকুলীটো হৈ চকুলো টুকি সোমাই থাকা অন্যথা গাৰ সমস্ত জোৰেৰে প্ৰতিবাদ কৰা৷আজি প্ৰতিবাদকাৰীসকলে ইয়াৰে দ্বিতীয় বিকল্পটোৰেই সহায় ল’লে আৰু কিছুমান মানুহে যে পাতাকাখনক লৈ ইমান হাল্লা কৰি আছে৷চা ভাই স্বাধীন দেশৰ নাগৰিকবোৰ যদি প্ৰকৃতপক্ষে স্বাধীন নহয়েই তেন্তে এই আমাৰ জাতীয় পাতাকাখনৰ জানো সচাৰ্থত কিবা মূল্য থাকিব৷আজি কৃষকসকলৰ শোষণগোষ্ঠীৰ প্ৰতি থকা কৌটিকলীয়া ভয়ক হুংকাৰেৰে স্থলাভিষিক্ত কৰিছে আৰু উৎপাদনৰ আহিলাবোৰে অস্ত্ৰৰ ৰূপ লৈছে যি হয়তো এক নতুন সমাজৰ বুনিয়াদ গঢ়িব৷কিন্তু তাৰ বাবে আমি এই সৰু-সৰু ইচ্ছ্যুবোৰৰ পৰিবৰ্তে মূখ্যত সমগ্ৰ ব্যৱস্থাৰ বিৰূদ্ধে যুঁজিব লাগিব আৰু যুঁজখনৰ দৰ্শন আৰু আদৰ্শক পাৰ্য্যমানে খাটি খোৱা মানুহৰ মাজলৈ লৈ যাব লাগিব৷” “কিন্তু ভাই এনেকৈ হ’লে যুঁজখন চোন বহু দীঘলীয়া আৰু ধ্বংসাত্মক হ’ব,বহু নিৰপৰাধী মানুহেও চোন তোৰ এই যুঁজখনত প্ৰাণ হেৰুৱাট৷” ” আৰে ভাই সামাজিক বিবৰ্তন কি এৰাতিত হয়৷যুদ্ধ হ’লে মানুহৰ মৃত্যু হ’বই৷এই ব্যৱস্থাটোচোন বিনাযুদ্ধেই মানুহৰ মৃত্যু হয়৷কেতিয়াবা পেটৰ ভোকত আৰু কেতিয়াবা চিকিৎসাৰ অভাৱত৷ধৰ্মযুদ্ধ কুৰুক্ষেত্ৰটো চোন মানুহ মৰিছিল৷দুয়োপক্ষৰে সৈন্য মৰিছিল৷এই সকলোবোৰ কি অপৰাধী আছিল৷যুদ্ধ সদায় ৰক্তক্ষয়ীয়েই হয়৷বিপ্লৱটো আৰু কোনো ভোজমেল নহয়৷নৱ নিৰ্মাণৰ বাবে পূৰ্ণবিধ্বংস আৱশ্যৱম্ভী৷” “আব্বে নাৰায়ণ তইচোন লাষ্টত মহাভাৰতৰ কৃষ্ণৰ ডায়লগটোকে মাৰি দিলি৷পাৰ্থই হাঁহি-হাঁহি ক’লে,” চা বাপু তই হ’লি পাৰ্থ,মানে অৰ্জুন আৰু মই নাৰায়ণ,নাৰায়ণ-কৃষ্ণ একেই আৰু দেছোন৷ময়ো তোক চাঞ্চ পায় একবিংশ শতিকাৰ পূণ্যভূমি ভাৰতভূমিৰ লগত খাপ খুৱাকৈ আধুনিক গীতাৰ জ্ঞান এটাকে দি দিলো৷এতিয়া হে পাৰ্থ ব’লা আমি চাহ একাপ খাই কেৰম প্ৰস্থান কৰো৷”