
প্ৰাতভ্ৰমণৰ পৰা আহিয়েই পুৱাৰ বাতৰিখন পঢ়ো৷পুৱাৰ গৰম খবৰ৷খবৰৰ ভিৰৰ মাজত আবেলিলৈ খবৰবোৰ চেঁচা হৈ যায়৷চেঁচা খবৰৰ আদৰ নাই৷চেঁচা খবৰৰ ক্ৰেতা নাই৷পৰি ৰয় ঘৰৰ এচুকত৷পুৰণি খবৰ কাকতৰৰ দম আৰু ধূলি-বালি৷মাজে-মাজে তাত মকৰায়ো জাল গুঠে৷মকৰাৰ জালত বন্দী পতংগ৷পতংগই বাট হেৰুৱাই৷মকৰাৰ আহাৰ হয়৷খবৰবোৰৰ জালত আমিও মানসিক ভাবে বন্দী হৈ পৰো৷হয়তো আমিও কাৰোবাৰ চিকাৰ হওঁ৷আমাৰ আবেগবোৰকে কোনোবাই গোটে-গোটে গিলে,সেই জালত বন্দী পতংগটোৰ দৰে৷কিন্তু খবৰৰ জালখনৰ চিকাৰী মকৰাটোৰ পৰিচয় কি,সি কোন আমি একোৱেই নাজানো৷আচলতে ভাবিবলৈ আমাৰ বা আহৰিয়েই ক’ত৷আবেলিলৈ আকৌ এগালমান নতুন খবৰ আহে৷টেলিভিশ্বনৰ পৰ্দাত,ৰেডিঅ’ত,ফেচবুকত৷আমি হেতা-ওপৰা কৰো৷খবৰবোৰ পঢ়ি-শুনি আমি টোপনি যাওঁ৷পুৱালৈ আকৌ এসোপামান খবৰ৷এদিন বন্ধুৱে কৈছিল পৃথিৱীৰ প্ৰতিটো সংবাদগোষ্ঠী প্ৰকৃততে মাত্ৰ ছটা ব্যৱসায়িক গোষ্ঠীৰ দ্বাৰা নিয়ন্ত্ৰিত৷এইটোও এটা খবৰ৷খবৰৰ ভিৰত হেৰাই যোৱা খবৰ৷হাইস্কুলত থাকোতে ৰচনা লিখিছিলো বাতৰিকাকতবোৰ বোলে সমাজৰ দাপোন৷কিন্তু দাপোনৰ প্ৰতিবিম্ববোৰ,প্ৰতিবিম্ববোৰ বাস্তৱ সত্য নে মৰীচিকা!উত্তৰ বিচাৰিবলৈ সময়েই বা ক’ত৷কিমান যে খবৰ গো গ্ৰাসে গিলিছো সেউজীয়া পাত কুটি-কুটি শেষ কৰা খকুৱা পলুটোৰ দৰে৷খবৰৰ সত্যতা বিচাৰিবলৈ বা আমাৰ সময়েই ক’ত৷গিলিব লাগে মাত্ৰ গিলিব লাগে৷আজিকালি সময়বোৰ সলনি হ’ল৷আজলী আইৰ হাতৰ ভাতসাজতকৈ হোটেলৰ মা-মছলা দিয়া ৰং বিৰঙৰ খাদ্যবোৰহে আমাৰ প্ৰিয়৷যেনেকৈ আমাৰ প্ৰিয় মছলা মিশ্ৰিত গৰম-গৰম সংবাদ৷সাংবাদিকে ৰান্ধে,সমাজে মাথো গো গ্ৰাসে গিলি যায়৷সংবাদৰ মছলাবোৰে বদ হজম কৰে৷মানুহবোৰে বমি কৰে৷হিংসাৰ বমি,সাম্প্ৰদায়িকতাৰ বমি,গোষ্ঠী সংঘৰ্ষৰ বমি৷বমিবোৰ চাফা কৰিবলৈ আজি যে কোনো জমাদাৰো নাই৷জমাদাৰবোৰক মকৰাটোৱে বন্দী কৰি থৈছে৷বাস্তিলৰ অন্ধকাৰ কুঠৰীত৷কিয় জানো আজিকালি আমাৰ স্মৃতিশক্তিও দুৰ্বল হ’বলৈ ধৰিছে৷খবৰৰ মাজত হয়তো কিবা এটা বিষাক্ত ভাইৰাছ,ন’হলেনো কিয় গোটেই সমাজখনেই এলঝেইমাৰত ভুগিছে?খবৰৰ ভিৰত আবেলিলৈ আমি পাহৰি যাওঁ আজি ৰাতিপুৱা বা কি পঢ়িছিলো৷পুৱাই একেবাৰে মদাহীৰ মাফিক ব্লেক আউট৷মনত নাথাকে সন্ধিয়াৰ বাতৰিত সাংবাদিকে চিঞৰি-চিঞৰি কিনো কৈছিল৷এনেকৈয়েই বাগৰি যায় দিন,সলনি হয় মাহ,সলনি হয় বছৰ৷আমি নতুন-নতুন গৰম খবৰবোৰৰ পিছত দৌৰি থাকো আৰু পাহৰি যাওঁ কাৰাগাৰাত বন্দী হৈ মুক্তিৰ ক্ষণ গণি থকা কৃষকনেতা জনক৷তেওঁৰ হৈ যুঁজিবলৈ নতুন খবৰৰ হেম-গেমবোৰৰ মাজত আমাৰ আহৰিয়েই বা ক’ত৷আমাৰ প্ৰিয় অভিনেতাজনে বাৰু ন্যায় পালেনে৷এই যে আমি লিখিছিলো হেছটেগ জাষ্টিছ ফৰ সুশান্ত৷কি হ’ল কেচ ডায়েৰীখনৰ৷হয়তো পুৰণিখবৰৰ দমত সেইখনেও আজি ধূলি-বালিৰে মিতিৰালি কৰিছে৷শোৱাপাটীৰ পৰা সেনাই তুলি নিয়া তিতাবৰৰ জয়ন্তৰ মাকজনীৰ হিয়াভঙা কান্দোন,বাঘজানৰ হুমুনিয়াহ আৰু লাইকা-দধিয়াবাসীৰ চকুলোৰ মূল্যই বা কিমান৷হোটেলত চিংৰা কিনোতে সোধো গৰম নে?কেতিয়াবা চিংৰা আৰু সংবাদ একেই যেনহে লাগে৷ঠাণ্ডা হ’লে কোনোটো পৰি ৰয় মিউনিচিপেলিটিৰ ডাষ্টবিনত আৰু কোনোটো চানাৱালাৰ বাকচত৷কেতিয়াবা খবৰৰ ভিৰৰ মাজত অকণমান সময় উলিয়াই হাভানা ছিগাৰৰ ধোৱা উৰাই থকা শ্বেৰ ফটোখনত চকু ফুৰাও৷বিদ্ৰুপৰ হাঁহি মাৰি গুৱেভেৰাই কয়,”তহঁতে খবৰ পঢ় কিন্তু অনুভৱ না ভাই নকৰ৷সেয়ে তহঁতৰ বুকু নজ্বলে৷সেয়ে তহঁতে পুৰণি হ’লেই খবৰবোৰ পাহৰি যাওঁ৷সেয়ে তহঁতে খবৰবোৰ পঢ়ি শান্তিত শুই থাক৷ধেই চাল্লা তহঁতি মোৰ কমৰেদ নহয়৷”