
অসম দেশৰ বাগিছাবোৰৰ গছত সোণ লাগে৷দুদিনমানতে জমিদাৰ বাবু বনি যাবি ৰে মঙলু৷হাটত লগ পোৱা দুদিনীয়া মানুহজনৰ কথা শুনি নিজৰ দেচ এৰি গুচি আহিছিল প্ৰভু জগন্নাথৰ ভূমিৰ কুৰি বছৰীয়া চফল ডেকা মঙলু৷মানুহজনে ঠিকেই কৈছিল৷অসম দেশৰ বাগিছা,এটি কলি দুটি পাত৷ধোৱা ওলাই থকা কলঘৰবোৰলৈ মঙলুহঁতে কেঁচা পাতবোৰ কঢ়িয়াই নিয়ে৷কলঘৰত মেছিন চলে৷মঙলুৱে মাজে-মাজে ভাবে মেছিনবোৰত চাগৈ কিবা যাদু আছে৷কেঁচা পাতবোৰ একদম সোণৰ ৰকম দামী হৈ কলঘৰৰ পৰা ওলাই আহে৷সোণ নহয় কিন্তু সোণৰ দৰেই দামী৷মঙলুহঁতে পাতবোৰ চিঙি হোৰাত ভৰাই কলঘৰলৈ কঢ়িয়াই নিয়ে৷কিন্তু কলঘৰৰ পৰা ওলাই অহা পাতবোৰত মঙলুহঁতৰ কোনো অধিকাৰ নাথাকে৷সোণবোৰ চাগৈ হাফপেণ্ট পিন্ধা সেই বগা চাহাবটোৰ৷গোটেইখিনি ন’হলেও চাগৈ চাহাবে ডাঙৰ ভাগ এটাকে পায়৷কাঠেৰে সজোৱা প্ৰকাণ্ড বাংলো,চাকৰ-নাকৰ,গাড়ী৷আস চাহাবৰ একদম ৰজাৰমাফিক জীৱন৷ৰজাৰ চন্দুকত সোণ থাকে আৰু চাহাবৰ কলঘৰত মঙলুহঁতে কঢ়িয়াই নিয়া কেঁচা পাত,সোণ নহয়৷কিন্তু সোণৰ দৰেই মূল্যবান৷মঙলুৱে আজিলৈকে সোণ চুই পোৱা নাই কিন্তু কেঁচা পাতবোৰ সদায় চিঙে৷চাহাবে দুৰৈত ৰৈ চুৰত খায় আৰু মঙলুহঁতে কলঘৰৰ ক’লা ধোৱা আৰু কেতিয়াবা হিচাপ মাফিক পাত তুলিব নোৱাৰিলে বেতৰ কোব৷সোণ বিছাৰি জমিদাৰ হ’বলৈ দেশ এৰি গুচি অহা মঙলুৱে এই কুৰি বছৰত চাহাবৰ বাবে দেধাৰ সোণ গোটালে৷কিন্তু মঙলু জমিদাৰ ন’হল৷পিছে হাৰিয়াৰ ৰাগীত মাজে-মাজে মঙলুৰ নিজকে জমিদাৰ-জমিদাৰ যেন লাগে৷ জীৱনৰ দুকুৰি বসন্ত গৰকা মঙলু আজি এটা দুৰ্বলচিতীয়া বুঢ়া৷চাহাবো মঙলুৰ প্ৰায় সমবয়সীয়াই হ’ব পিছে চাহাবৰ বয়স যিন থমকিহে ৰ’ল৷আজিকালি মঙলুৰ ৰাতি-ৰাতি টোপনি নাহে৷কেতিয়াবা কাঁহি-কাঁহিয়েই কটাই দিয়ে উজাগৰী নিশা৷শোৱাপাটীতে পৰি মঙলুৱে কেতিয়াবা জগন্নাথ প্ৰভুৰ দেচ খনৰ কথা মনত পেলায়৷বজাৰত লগ পোৱা মানুহটোলৈ মনত পৰিলে মঙলুৰ কেতিয়াবা হাঁহিও উঠে আৰু কেতিয়াবা খঙো উঠে৷পিছে মানুহটোৱে একেবাৰে মিছাও মতা নাছিল৷অসম দেশৰ বাগিছাত সোণেই আছে৷কিন্তু সোণবোৰ মঙলুহঁতৰ নহয়৷অৱশ্যে কলঘৰৰ ক’লা ধোৱা,বৰবাবুৰ ধমকি আৰু চাহাবৰ বেতৰ কোববোৰৰ ওপৰত কেৱল মঙলুহঁতৰেই একক অধিপত্য চলে৷মঙলুৰ সৰুটো পুতেক কিবা কংগ্ৰেছৰ মিটিংলৈ যায়৷গান্ধী-নেহেৰু,স্বাধীনতা যুদ্ধ আৰু ধেৰ কিবাকিবি কৈ থাকে৷মঙলুৱে ইমান আওভাও নাপায়৷মুঠতে মঙলুৱে বুজি পায় গান্ধী-নেহেৰুহঁতে পুতেকহঁতৰ লগত মিলি বগা চাহাবটোক বাগানৰ পৰা খেদাই দিব৷অৱশ্যে মঙলুৱে পুতেকৰ কথাবোৰ বৰ এটা বিশ্বাস নকৰে৷হ’লেও মঙলুৱে মাজে-মাজে কল্পনা কৰে সঁচাকৈয়ে চাহাবটোক খেদাই দিলে কেঁচা পাতবোৰ কাৰ হ’ব?কলঘৰৰ সোণবোৰ?স্বাধীনতা আহিলে এইবাৰ কি সি সঁচাকৈয়ে জমিদাৰ হৈ যাব নেকি!