News Now ত ULFA স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সম্পূৰ্ণ সাক্ষাৎকাৰটো শুনিলো৷সংগঠনটোৰ কাৰ্য্যপন্থাৰ প্ৰতি মোৰ কোনো নৈতিক সমৰ্থন নাই৷নিৰীহ জনতাক পণবন্দী কৰা তথাকথিত বিপ্লৱক আমি ঘৃণা কৰো৷অৱশ্যে সাক্ষাৎকাৰটোত সেনাধ্যক্ষজনে কোৱা কেইটামান কথা আমিও সঁচা বুলিয়েই ভাবো৷কয়লা,খাৰুৱাতেল বা অন্যান্য প্ৰাকৃতিক সম্পদ এইবোৰটো জনতাৰ সম্পদ৷ইয়াৰ মালিকীস্বত্ব কেৱল মাত্ৰ সমাজবাদী ৰাষ্ট্ৰৰহে হোৱা উচিত৷কুইপ্ৰ বা আন কোনো ব্যক্তিগত খণ্ডৰ কোম্পানীৰ হাতত কি দৰে বন্দী হ’ল ৰাজহুৱা সম্পদ৷কয়লা,খাৰুৱাতেল বা হাবিৰ কাঠ এইবোৰৰ উৎপাদনটো কোনো কোম্পানীয়ে কৰা নাই৷তেনেহ’লে কোম্পানীৰ একক অধিকাৰ কিয়?এয়া একক অধিকাৰ নে জনতাৰ সম্পদৰ লুন্ঠন?আজি পণবন্দী কৰ্মচাৰী দুজনৰ মুক্তিৰ ক্ষেত্ৰত কুইপ্ৰ উদাসহীন৷কুইপ্ৰৰ সলনি আন কোনো এটা ব্যক্তিগত কোম্পানী হোৱা হ’লেও তেওঁলোকৰ স্থিতি একেই হ’লহেঁতেন৷পুজিবাদে কেৱল শ্ৰমিকৰ শোষণ কৰে আৰু মুনাফা ঘটে,যিকোনো মূল্যৰ বিনিময়ত৷মাৰ্ক্সৰ Law of Surplus ৰ পাঠদান কৰাৰ পৰা আজিও বিৰত থাকে শিক্ষানুষ্ঠান৷তেওঁলোকে কয় profit= selling price – cost যিটো ১০০% ই ভুল৷বিক্ৰীৰ প্ৰক্ৰিয়া নহয় শ্ৰমিকৰ শোষণৰ দ্বাৰা উৎপাদন প্ৰণালীত মজুৰিৰ মূল্যৰ বিপৰীতে অতিৰিক্ত মূল্যৰ পণ্যৰ উৎপাদনহে মুনাফাৰ একমাত্ৰ উৎস৷এনেদৰেই উৎপাদন পদ্ধতিত প্ৰতিদিনে মালিক পক্ষই শ্ৰমিকক শোষণ কৰি মুনাফা ঘটে৷শ্ৰমিক মানে দুশ টকা হাজিৰা পোৱা খাটি খোৱা শ্ৰমিকজন হ’ব লাগিব বুলি কথা নাই তেওঁ বহুজাতিক কোম্পানীৰ CEO ও হ’ব পাৰে৷এনেকৈয়ে লাহে-লাহে সম্পদবোৰ সমাজৰ এটা মেৰুত কেন্দ্ৰীভূত হ’য়৷গণতন্ত্ৰ হৈ পৰে ধনতন্ত্ৰ৷ৰাজনীতিৰ বাঘজৰী পুঞ্জীভূত হ’য় পুজিপতিৰ হাতত৷ৰাজনৈতিক নেতাবোৰটো পুতলা নাচৰ পুতলাহে৷আপুনি জানে নে ভাৰতৰ সৰ্বমুঠ সম্পদৰ প্ৰায় ৯০% কেৱল ১% পুজিপতিৰ হাতত৷মুনাফাৰ পঢ়াশালিৰ ধাৰণাৰ সলনি Law of Surplus হে যে প্ৰকৃতাৰ্থৎ শুদ্ধ এয়াই তাৰ প্ৰমাণ৷পৃথিৱীত দুটাই মাত্ৰ জাতি আছে- শোষক আৰু শোষিত৷আৰু আপোনাৰ বা মোৰ দৰে সৰ্বসাধাৰণ মানুহবোৰ দৰাচলতে পুজিবাদী ব্যৱস্থাৰ দ্বাৰা শোষিত জনতা৷”সেয়ে বন্ধু মই তোমালোকৰ দৰে শোষিতৰ পক্ষত যাৰ পিঠিত চাবুকেৰে লিপিবদ্ধ হয় মালিকৰ বুৰঞ্জী”(হিমাংশু প্ৰসাদ দাস)৷পৰেশ বৰুৱায়ো আজি সমাজবাদ-পুজিবাদৰ কথা ক’লে৷কিন্তু আমি workers of the worlds united ৰ ধাৰণাতহে বিশ্বাসী৷সেয়ে অতীজতে ULFA ই সংঘটিত কৰা অনা অসমীয়া শ্ৰমিকৰ নৰমেধ যজ্ঞ আমাৰ বাবে সাঁথৰ৷কাৰণ তেওঁলোকো শ্ৰমিক,তেওঁলোকো শোষিত৷ ULFA ই সময়ৰ আহ্বান বুজক৷কুইপৰ কৰ্মচাৰী দুজনক মুক্তি দিয়ক আৰু এয়া আমাৰ অনুৰোধ নহয় এয়া আমাৰ দাবী৷গান্ধীবাদৰ প্ৰট’কলক বৰ্তমান সময়ত ময়ো অবাস্তৱ বুলিয়েই ভাবো৷বিপ্লৱ ভোজমেল নহয়৷কিন্তু জনতাৰ মুক্তিৰ দৰ্শন শূণ্য সশস্ত্ৰ সংগ্ৰামবোৰক বিপ্লৱ নহয় সন্ত্ৰাসবাদহে৷

Leave a comment