
কিমান যে যুদ্ধ!
কোনোখন যদি দেশৰ সীমান্তত
আন কোনোখন মনৰ সীমনাত!
প্ৰভাতী পক্ষীৰ কাকলি
ঘড়ীৰ এলাৰ্মৰ ধাতৱ ধ্বনি
আৰু জীৱনৰ এন্দুৰ দৌৰ
এয়াওটো এখন যুদ্ধই!
যুদ্ধ,জীৱনৰ ব্যস্ততাৰ
আৰু উজাগৰী নিশাবোৰত
আমি যুঁজ কৰো আমাৰ একাকীত্বৰ সৈতে
আমাৰ নিসংগতাৰ সৈতে
হিচাপ কৰো জীৱনৰ পোৱা-নোপোৱাৰ অংক,
আসঃ কিমান যে যুদ্ধ
কোনোখন যদি উদং পেটৰ জ্বালাৰ বিৰূদ্ধে
আন কোনোখন হয়তো নিস্পাপ হৃদয়ৰ প্ৰেমৰ বিৰূদ্ধে,
যুদ্ধৰ গৰ্ভতেই সুপ্ত হৈ থাকে
অদুৰ ভবিষ্যৎৰ শান্তিৰ প্ৰস্তাৱ
কেতিয়াবা যদি অন্তদ্বন্দ্ব
আৰু আন কেতিয়াবা ৰাষ্ট্ৰযন্ত্ৰ বিৰোধী সশস্ত্ৰ সংগ্ৰাম
আদৰ্শৰ যুঁজ,দৰ্শনৰ যুঁজ
উত্তৰসত্যৰ চক্ৰবেহুত বন্দী অভিমুন্য
যুঁজ মাথো যুঁজ
কোনোখন যদি দেশৰ সীমান্তত
আন কোনোবাখন মনৰ সীমনাত
কিন্তু তোমাৰ বুৰঞ্জীয়ে মাথো স্বীকৃতি দিয়ে
পানীপথ কিম্বা পলাচীক৷