
(১)
সৰুৰে পৰাই মই সাধুকথাৰ পোক আছিলো৷সাধু পঢ়ি আৰু শুনি বিৰাটেই ভাল পাইছিলো৷দেউতাই মোক সময় পালেই সাধু কৈছিল৷বিশেষকৈ শোৱাপাটীত দেউতাৰ মুখেৰে সাধু নুশুনিলে মোৰ টোপনিয়েই নাহিছিল৷২০০৩ চনৰে কথা৷মোৰ বয়স ৬-৭ বছৰমান হ’ব৷দেউতাক পুৱাৰ পৰাই খাটনি ধৰি আছো সাধু ক’বলৈ৷ইফালে দুৰদৰ্শনত বিশ্বকাপৰ ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেল মেছ৷দেউতাৰো ক্ৰিকেটৰ বিৰাট নিচা,খেলতেই মগ্ন৷মোক বোলে ৰ খেল শেষ হ’লেহে ক’ম৷ময়ো এপাকত অতীষ্ঠ হৈ ক’লো দেউতা ইণ্ডিয়া হাৰিবই আৰু বাদ দে সাধু ক৷দেউতাই টিভিটো অফ কৰি গহীনাই ক’লে ক্ৰিকেটেই হওঁক বা জীৱনৰ অন্যান্য ক্ষেত্ৰ মানুহে অন্তিম ক্ষণলৈকে কেতিয়াও আশা পৰিহাৰ কৰিব নালাগে আৰু তই যে সাধুটো শুনাৰ আশাত ভাৰত হাৰিবই বুলি ক’লি সেইটো সকলোতকৈ বেয়া কথা৷এনেকুৱা ভুল জীৱনত দুনাই নকৰিবি৷তেতিয়া আমাৰ বয়স কম আছিল আজি কথাখিনি জুকিয়াই চাই ভাবো সেইদিনা দেউতাই ১ মিনিটতে দুটা বৰ ডাঙৰ কথা কৈছিল৷মানুহে যিকোনো প্ৰতিকুল পৰিস্থিতিতে অন্তিম মূহূৰ্তলৈকে যুঁজি যাব লাগে৷ব্যক্তিগত স্বাৰ্থৰ বাবে দেশ বা সমাজৰ স্বাৰ্থক জলাঞ্জলি দিয়াটো অত্যন্ত গৰ্হিত কাম৷এই কথা দুটা যে আমাৰ মস্তিস্কত চপি যায় আৰু দেউতাই ক্ৰিকেট চাবলৈকে ডাঙৰ-ডাঙৰ কথা কৈ বাহানা মাৰিছে বুলি আমাৰ শিশু মস্তিস্কই ভুল নুবুজে সেয়ে দেউতাই তাৰ পিছত আৰু খেল নাচালে মোক সাধু শুনালে৷
(২)
মই সৰুতে বাঘৰ আগতেল খোৱা অঘাইতং ল’ৰা আছিলো৷স্বভাৱতেই ভীষণ অধৈৰ্য্য আৰু পঢ়াশুনাৰ প্ৰতি পিঠি দিয়া দগাবাজ ল’ৰা৷স্কুললৈ গৈ পিছৰ বেঞ্চত বহি কথাৰ মহলা মাৰো,পাঠদানৰ পৰত খিৰিকীৰে বাহিৰলৈ চাই থাকো আৰু ঘৰত আহি আবেলি সাধুকথাৰ কিতাপ মেলি গধূলিলৈ পঢ়াৰ টেবুলত টোপনিয়াও৷আমাৰ জেঠাই পঢ়া-শুনাক লৈ বিৰাটেই “চিৰিয়াছ” আছিল আৰু এদিন মোৰ এই খামখয়ালী স্বভাৱটোৰ বাবে মোক এদিন কিবা এষাৰ শুনাইছিল৷জেঠাইৰ কথা শুনি দেউতাই কৈছিল,”মানুহে শ্বাসৰুদ্ধকৰ পৰিবেশৰ নিৰ্মাণ কৰি পঢ়াতকৈ শিকিবলৈহে পঢ়িব লাগে৷মোৰ মায়ে(আমাৰ আইতাই) মোক কেতিয়াও শ্ৰেণীত প্ৰথম হ’বলৈ জোৰ দিয়া নাছিল আৰু মোৰ দৰে পৰ্বতীয়া স্কুলত পঢ়া এটা মধ্যমীয়া বুদ্ধিৰ ল’ৰা শিকিবলৈকে পঢ়ি-পঢ়ি আজি ঔষধ(Medicine) বিভাগৰ বিশেষজ্ঞ চিকিৎসক হ’লোগৈ৷পঢ়া-শুনা কৰি কোনোবা ঘোচখোৰ বিষয়াও হয় আৰু কোনোবাই চাকৰি নাপায় কিতাপৰ দোকানীও হয়৷মোৰ বাবে কিতাপৰ দোকানীজনহে ডাঙৰ৷” দেউতাই জেঠাইক কোৱা কথাষাৰ আমি আজিও মাজে-সময়ে ষান্মাষিকৰ পৰীক্ষাৰ প্ৰচণ্ড হেঁচাৰ মাজত মনত পেলাও৷পৰীক্ষাৰ চাপ কমি আহে৷এয়া যেন নৰকত বসন্তৰ সুহুৰি৷পঢ়া-শুনা কৰা বৰ-বৰ ডিগ্ৰী লোৱাটো ডাঙৰ কথা নহয় আৰ্হিত শিক্ষাৰ সৎ প্ৰয়োগ হে মূল কথা৷
(৩)
মই তেতিয়া তৃতীয়মানৰ ছাত্ৰ৷ঘৰত হাজিৰা কৰি থকা শ্ৰমিক এজন তই কামটো কেতিয়া শেষ কৰিবি বুলি মালিকী কায়দাত তাগিদা দি আছিলো৷দেউতাই কাষতে কিবা এটা কৰি আছিল৷সচাৰচৰ খং নুঠা দেউতাৰ সেইদিনা প্ৰচণ্ড খং উঠিল আৰু মোৰ কাণখনত পকাই শ্ৰমিকজনক মোৰ ব্যৱহাৰৰ বাবে ক্ষমা খুজিবলৈ ক’লে৷এঘন্টামানৰ পিছত দেউতাই মোক মাতিলে৷মই মুখ ওন্দোলাই ক’লো,”অথনি ইমান জোৰত কাণখন চেপিছিলি যে৷ছিগি থকা হ’লে৷সেইটো হাজিৰ কৰা মানুহ আছিল বাবে হে৷এতিয়া মাতিলেও নাযাও যা৷”দেউতাই সামান্য হাঁহি ক’লে,” হওঁক তেওঁ কাণখন নিছিগিল যে আকৌ৷ৰহ মলম অকণ লগাই দিওঁ৷দেউতাই মলম লগাই-লগাই ক’লে,”হাজিৰা কৰা মানুহজন আৰু মোৰ মাজত একো পাৰ্থক্য নাই৷মই মানুহৰ বেমাৰ ভাল কৰি মানুহৰ সহায় কৰো আৰু তেওঁ ইটো-সিটো কৰি দি মানুহৰ সহায় কৰে৷চাবলৈ গ’লে আমাৰ কামটো একেটাই মানুহৰ সহায় কৰা৷সেয়ে তই যদি মোক সন্মান কৰ তেওঁকো কৰিব লাগিব৷কামৰ সৰু-বৰ নাই৷মই ন’হলে তেওঁৰ অসুবিধা আৰু তেওঁ ন’হলে মোৰ অসুবিধা৷তাকো তেওঁ বয়সত তোতকৈ ডাঙৰ৷”দেউতাই দিয়া সেই কাণচেপা আৰু নীতিশিক্ষাৰ পাঠ দুয়োটাই মোৰ জীৱনলৈ মনত থাকি গ’ল৷বয়সত ডাঙৰ ৰিক্সাচালক,ঠেলাচালক,হাজিৰা কৰা মানুহ সকলোকে আজিও দাদা আপুনি বুলিয়েই সম্বোধন কৰো৷

