চাকৰি জীৱনৰ প্ৰথমটো নিৰ্বাচনী ডিউটি,এবুকু সংশয় আৰু দুশ্চিন্তা মনত বান্ধি পোলিং অফিচাৰ দাসবাবু আৰু অফিচৰ কেৰাণী প্ৰফুল্লৰ সৈতে চৰকাৰী জীপছীখনৰ পিছৰ চিটত বহি ললো৷নব্বৈৰ দশকৰ অসম বিধান সভাৰ নিৰ্বাচন,শোচনীয় আইন-শৃংখলা পৰিস্থিতিৰ কথা নকলেও হ’ব তাকো আমাৰ কৰ্তব্যৰত ভোটগ্ৰহণ কেন্দ্ৰটো জিলা সদৰৰ পৰা প্ৰায় চল্লিশ কিলোমিটাৰ ভিতৰৰ নগাপাহাৰৰ সীমান্তৱৰ্তী এখন ভিতৰুৱা গাঁৱত৷দাসবাবুৰ মতে মাজে-সময়ে বন্যহস্তীৰ উপদ্ৰৱো চলে৷ধূলিয়ৰি বাটেৰে ধূলি খায়-খায় মন সমুদ্ৰত দুশ্চিন্তাৰ মন্থন কৰি প্ৰায় গধূলি ছয় মান বজাত ভোটগ্ৰহণ কেন্দ্ৰত কাষতে সংলগ্ন প্ৰাথমিক বিদ্যালয়খনত উপস্থিত হ’লোহি৷আজি ৰাতিটো ইয়াতে বেডিংপত্ৰ পাৰি কোনোমতে কটাব লাগিব৷প্ৰাথমিক বিদ্যালয় মানে গাওঁৰ সীমাৰ কঁচু-ঢেকীয়া আৰু বিহলঙনীৰে পূৰ্ণ এক আহল-বহল প্ৰকাণ্ড মুকলি চৌহদ৷দুটামান ব্ৰিটিছযুগীয়া উৱলি যোৱা শ্ৰেণী কোঠা আৰু এটা অচল দমকল৷দিনত চাগৈ ইয়াতে গৰু-ছাগলীও চৰে৷আঠমান বজাত স্কুলৰে চকীদাৰজনে ৰাতিৰ ভাত সাজ যোগাৰ কৰি কোবাকোবিকৈ গুচি গ’ল৷দিনটোৰ যাত্ৰাৰ অৱসাদে হেঁচা মাৰি ধৰিছিল৷কোনোমতে নাকে-কাণে ভাতকেইটা গুজি কছোৱা এডাল জ্বলাই অস্থায়ী বেডিংখনতে দীঘল দিলো৷দাসবাবুৱে ছিগাৰেট টানি-টানি প্ৰফুল্লৰ সৈতে আড্ডা মাৰি আছে৷চৰকাৰ-গণতন্ত্ৰ-ৰাজনীতি হৰেক কিছিম বিষয়৷মই বিছনাৰ পৰাই টিপ্পনীঃ দিলো নিৰ্বাচনী সভাই-সমিতিয়ে ৰাজনৈতিক নেতাৰ ফোপজহী কথাবোৰ শুনি থকাটোও গণতন্ত্ৰৰ এক জ্বালা৷দাসবাবুৱে হয়তো মোৰ বক্ৰ ইংগিতটো বুজিলে৷দহমিনিটমানৰ মুৰত আড্ডাৰ সামৰণি পৰিল৷প্ৰফুল্লই লাইটকেইটা নুমুৱাই দিলে৷

ৰাতি তেতিয়া কিমান বাজিছিল বা মহৰ কামোৰণিত সাৰ পালো৷কছোৱাডাল নুমাই গ’ল৷একেটা দিয়াচলাইৰে বিশেষ কায়দাত চাৰ্মিনাৰ এটা জ্বলাই আৰু এডাল কছোৱা জ্বলাই দিলো৷দুৰৈত কুকুৰ দুটামানে ৰাউচি জুৰিছে৷পিছে মাতটো যেন সামান্য পৃথক৷কিবা অস্ফুট গেঙণি কান্দোনৰ দৰে৷ছিগাৰেটৰ ধোৱা উৰুৱাই-উৰুৱাই প্ৰস্ৰাৱাগাৰটোৰ দিশলৈ টৰ্চটো জ্বলাই খোজ দিলো৷প্ৰস্ৰাব কৰি থাকোতেই কাষৰ শৌচাগাৰটোৰ দুৱাৰখন ধপংকৈ খোল খালে,খন্তেক নিৰৱতা তাৰ পিছত পানী ধলাৰ শব্দ৷মই মাত দিলো দাসবাবু,প্ৰফুল্ল কোন নো?নাই কোনো উমঘাম নাই৷দুৰৈৰ পৰা ভাহি অহা কুকুৰৰ গেঙনিৰ বাদে আৰু কোনো শব্দই নাই৷প্ৰস্ৰাৱাগাৰৰ পৰা ওলাই আহি দেখো শৌচাগাৰৰ দুৱাৰখন বাহিৰৰ পৰা তলা মৰা আছে৷কিবা ভাবি পোৱাৰ আগেয়ে এনে লাগিল যেন মোৰ গাৰ কাষেৰে বিদ্যুৎবেগেৰে কোনোবা পাৰ হৈ গৈছে৷গাটো শিয়ৰি উঠিল৷টৰ্চটো জোৰেৰে খামুচি কোঠাৰ দিশে খোজ দিলো৷হঠাৎ কোঠাৰ পৰা ভাহি অহা এটা আৰ্তনাদৰ শব্দই বুকু কপাই তুলিল,মাতটো প্ৰফুল্লৰ৷মই এইবাৰ কোঠাৰ দিশে দৌৰ দিলো৷আমাৰ শোৱণিকোঠাটোৰ দুৱাৰদলি পায়েই মই হতম্ভৱ৷দাসবাবুৱে কোঠাটোৰ বেৰত নখেৰে আকুঢ়ি বাৰে-বাৰে চিঞৰিছে,”তহঁত ইয়ালৈ কিয় আহিছ,যা ইয়াৰ পৰা যা,ন’হলে কোনো বাচি নাথাক৷”ইতিমধ্যেই কৰ্তব্যৰত অৰ্দ্ধসামৰিক জোৱান দুজনো হুলস্থূল শুনি আমাৰ শোৱনিকোঠা পাইছিলহি৷আমি চাৰিটাকৈ ডেকা ল’ৰাই গবা মাৰি ধৰিও দাসবাবুক ৰখাব পৰা নাই৷মানুহটোৱে মাজে-মাজে মাইকী মানুহৰ দৰে খিলখিলাই হাঁহে আৰু মাজে-মাজে ইনাই-বিনাই কান্দে৷মাজে-মাজে আকৌ দাসবাবুৰ মুখেৰেই অচিনাকি গলগলীয়া কন্ঠ এটাই আমাক সেই ঠাই এৰি যাবলৈ ভাবুকি দিয়ে৷জোৱান দুজনক প্ৰায় গতিয়াই পেলাই এইবাৰ দাসবাবুৱে জোৰেজোৰে নিজৰ মুৰটো ইটাৰ বেৰখনত মাৰিবলৈ ধৰিলে৷মুৰ ফাটি তেজ নিগৰিছে কিন্তু মানুহটোৰ মুখত এটা বীভৎস হাঁহি লাগিয়েই আছে৷হঠাৎ মানুহটো চিৎ হৈ শূণ্যত ওপঙিবলৈ ধৰিলে৷কৰবাৰ পৰা ভেকেটাভেকেট গোন্ধ এটা ভাহি আহিল৷প্ৰফুল্লই সহ্য কৰিব নোৱাৰি বমি কৰি দিলে৷কিন্তু এয়া কি প্ৰফুল্লই চোন হোলাকাহোলোকে তেজহে বমি কৰিছে৷মই আৰু ৰ’ব নোৱাৰিলো৷মুৰটো আচন্দ্ৰাই কৰিছে৷কিবাকৈ শৰীৰৰ সমস্ত শক্তিক একত্ৰিত কৰি বাহিৰলৈ সহায় বিচাৰি দৌৰ দিলো৷আন্ধাৰে-মুন্ধাৰে মাথো দৌৰিছো৷পিছফালে কোনোবা তিৰোতাৰ খিলখিল হাঁহি৷মাজে-মাজে চিঞৰে” ঐ ৰ ৰ,ক’লৈ যাওঁ,আহ মোৰ লগত আহ৷”মই মাত্ৰ দৌৰিছো৷এখন্তেক থমকি ৰ’লেই যেন আসন্ন মৃত্যুৰ চিকাৰ হ’ম৷কোনোমতে গাঁৱৰ সীমাৰ মানুহ এঘৰৰ নঙলামুখ পায় একেজাপেই নঙলা পাৰ হৈ দুৱাৰত ধকিয়াবলৈ ধৰিলো৷হঠাৎ এনে লাগিল যেন কোনোবাই মোক প্ৰচণ্ড বেগেৰে চকৰি এটাত ঘুৰাই আছে৷চকুৰে চাৰিওফালে মাত্ৰ আন্ধাৰ দেখিলো৷
মই যেতিয়া সংজ্ঞা ঘুৰাই পালো তেতিয়া মই গাৱৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিছনাত৷প্ৰফুল্লও মোৰ কাষৰ বিছনাখনতে পৰি আছে৷দাসবাবুৰ অৱস্থা সংকটজনক বাবে জিলা সদৰলৈ প্ৰেৰণ কৰা হ’ল৷ইয়াৰ পিছৰ কথাখিনি মই আগদিনা ৰাতি দৰ্জা ধকিওৱা গিৰিহঁত মানে পূৰ্ণকান্ত বেজৰ মুখেৰে শুনা কথা৷তেওঁ বোলে দৰ্জাখন খুলিয়েই মোক সংজ্ঞাহীন হৈ পৰি থকা দেখি বিপদৰ গোন্ধ পাই ওচৰ-পাজৰৰ দুজনমানক গোটাই সৰিয়হ এটোপোলা হাতত লৈ বিদ্যালয়খনলৈ বেগ দিলে৷তেওঁলোক বিদ্যালয় পায় মানে তেজৰ ডোঙাত লোটপোট হৈ প্ৰফুল্ল চিৎ খাই পৰি আছিল আৰু গৰু বন্ধা পঘা এডালেৰে কোঠালীৰে ফেনখনত ফাঁচ ল’ব খোজা দাসবাবুক জোৱানকেইজনে কিবাকৈ গবা মাৰি ধৰি আছিল৷”মোক যাবলৈ দে ঔ,চা তাই মোক বাঁহনিখনৰ পৰা কেনেকৈ মাতি আছে” বুলি দাসবাবুৱে উচুপি আছিল৷” পূৰ্ণকান্ত বেজে অভিমন্ত্ৰিত সৰিয়হ এছাটি মাৰি দিলতে দাসবাবু ধলি পৰিল৷ইতিমধ্যেই দাসবাবুৰ মুৰেৰে বহুতো তেজ বৈছিল৷গাঁৱবুঢ়াৰ এম্বেছাদৰখনতে ৰাতিয়েই দাস বাবুক জিলা সদৰলৈ লৈ গ’ল৷”
তোমাৰো কপাল ভাল আছিল বাপু তুমি যে এই বেজৰ ঘৰৰে দৰ্জা টুকুৰিয়ালা৷আগতে সেই স্কুলখনতে এটা চকীদাৰৰ কোৱাৰ্টাৰ আছিল৷চকীদাৰ ৰমেন বৰ শান্ত প্ৰকৃতিৰ ল’ৰা আছিল৷কিন্তু সন্দেহ বৰ বেয়া বস্তু বুইছা৷কেনেকৈ কি হ’ল নাজানো আৰু ৰমেনৰ ঘৈণীয়েক মালতীৰ চৰিত্ৰৰ ওপৰত কিবাকৈ মুৰত সন্দেহৰ পোক সোমাল৷সিহঁতৰ মাজত কাজিয়া-পেচালবোৰ দিনে-দিনে বাঢ়িহে গ’ল৷গাঁৱৰ ৰাইজেও মেল পাতি দুয়োকে বুজালে৷কিন্তু নাই কাৰো বুজনিয়েই কামত নিদিলে৷শেষত ৰমেনে মদত মুখ দিলে আৰু এদিন মদৰ নিচাতে ঘৈণীয়েকৰ সৈতে কাজিয়া কৰি ঘৈণীয়েকক চেৱ-চেৱকৈ কাটি নিজেও স্কুলৰ পিছফালৰ বাঁহনীখনত ছিপ ল’লে৷তাৰ পিছত বহুদিনলৈ গাঁৱৰ ৰাইজে ৰাতি-ৰাতি কোৱাৰ্টাৰটোৰ পৰা কন্দাকটাৰ শব্দ শুনি ভয় খাই কোৱাৰ্টাৰটো ভাঙি সেই নতুন শৌচগাৰ আৰু প্ৰস্ৰাৱাগাৰকেইটা বনালে৷তেতিয়াৰ পৰা আজিলৈকে কিন্তু কাৰো একো অসুবিধা হোৱা নাছিল৷বাৰু দিয়া ভগৱানে তোমালোকক শেষ সময়ত ৰক্ষা কৰিলে৷পিছে বেছেৰা ৰমেন চকীদাৰটো আৰু ঘৈণীয়েকজনীলৈহে বেয়া লাগে৷সিহঁতহালৰ আত্মাই এতিয়ালৈকে উদ্ধাৰ নাপালে৷”
ইয়াৰ পিছতো বহুবাৰ নিৰ্বাচনৰ ডিউটি বা অন্যান্য চৰকাৰী কামত ভিতৰুৱা ঠাইলৈ গৈ ৰাতিটো কটাইছো৷কিন্তু সেই কালৰাত্ৰিৰ ভয়াবহ অভিজ্ঞতাৰ কথা মনত পৰিলে আজিও বুকুখন দিনদুপৰতে কপি উঠে৷