ৰঙীণ চানগ্লাছযোৰ পিন্ধি বিশাল পেটটো নচুৱাই-নচুৱাই বিধায়ক মহোদয় গাড়ীত উঠিল৷গাড়ীৰ ভিতৰতে মিনাৰেল ৱাটাৰৰ বটলত মিলাই অনা বিলাতী স্ফুৰ্তিপানীকণ একেধোকেই গলাধাৰণ কৰি তামোল এখন পকতিয়াই-পকতিয়াই বিধায়ক মহোদয়ে ড্ৰাইভাৰক আজ্ঞা দিলে,”ব’লা৷”ভিতৰুৱা গাঁৱখনৰ পৰা মহানগৰীৰ দিশে বিধায়ক মহোদয়ৰ গাড়ী দৌৰিছে৷পিছে-পিছে দুখন এছকৰ্টৰ গাড়ী৷ৰাস্তাৰ ঠেকেছনিত বিধায়ক মহোদয়ৰ ককাল লৰি গ’ল৷ড্ৰাইভাৰক ধমকি দিলে,”হেই লাহে-লাহে চলোৱা৷দেখা নাই ইমান গাত৷”ধমকি খায় ড্ৰাইভাৰে ক’লে,”নহয় ছাৰ মানে গধূলি হোৱাৰ আগেয়ে গেজেপনি মৰা হাবিখন পাৰ হ’ব পাৰিলে ভাল হ’য়৷মাজে-মাজে হাতীও ওলাই যে৷”মুখেৰে এনেকৈয়ে কথাষাৰ কৈ থলে যদিও পেটে-পেটে কিন্তু ড্ৰাইভাৰজনে বেছ আমোদ পালে৷ ড্ৰাইভাৰ বাপুৰ মনৰ ভাব,”এতিয়া পাইছ মজা ঠেকেছনি খাই নিজৰ ককালটো লৰিলত আৰু ৰাস্তা বনোৱাৰ নামত টকা খাবি৷চাল্লা চয়তান৷”বিধায়ক মহাশয়ৰ আদেশ শিৰোধাৰ্য্য কৰি এইবাৰ মসৃণ গতিৰেই গাড়ীখন আগবাঢ়িল৷মহানগৰ আৰু গাঁৱৰ সংযোগী হাবিখন আহি পায় মানে ৰাতি ন মানেই বাজিল৷বিধায়ক মহোদয়ে ইতিমধ্যেই হাফ এটা ছিঙিলে৷হওঁক তেওঁ পাঁচ বছৰৰ মুৰত শামুকৰ খোলা হেন বিধায়ক আবাসটোৰ পৰা ভোটকেইটা খুজিবলৈকে ইমান কষ্ট কৰি সমষ্টি ফুৰিবলৈ ওলাই আহিছে৷ডিঙিটো অলপ নিতিয়ালে কেনেকৈ হ’ব৷বিলাতী মদিৰাকণেও ধুনীয়া কাম দিছে৷বিধায়ক মহোদয় এইবাৰ জিকাটো খাটাং আজি দলীয় কৰ্মচাৰীক গাৱত বিলাবলৈ টকাৰ বাণ্ডিল দুটামানো দি আহিছে,তেৰাৰ মনটো একেবাৰে ৰঞ্জিৎ-ৰঞ্জিৎ লাগিল৷দোড়োল খোৱা জিভাৰে বিধায়ক মহোদয়ে গান গাইছে,”দিনৰ পোহৰ ৰঙচঙীয়া ………”
    ধপ প্ৰচণ্ড শব্দ কৰি হাবিৰ মাজতে বিধায়ক মহোদয়ৰ গাড়ীখন স্তব্ধ হৈ গ’ল৷”কি হ’ল অ”অসমীয়া ভাষাৰ সেই বিখ্যাত গালিটোৰে ড্ৰাইভাৰক সম্বোধন কৰি বিধায়ক মহোদয়ে সুধিলে৷”ছাৰ চকা ফুটিল৷স্পেয়াৰটো লগাব লাগিব৷” “হুহ শান্তি নাই জীৱনত”বিধায়ক মহোদয়ে বটলৰ পৰা আৰু এধোক মাৰি স্বগতোক্তি কৰিলে৷হঠাৎ নৰমনিচ এটাও নথকা হাবিখনৰ মাজলৈ ইমানগাল ধোৱা জানো ক’ৰ পৰা আহিল৷বিধায়ক মহোদয়ে চকুদুটা মোহাৰি বিতচকুযোৰ আকৌ এবাৰ পিন্ধি ল’লে,”চাল্লা সঁচা-সচি ধোৱা নে মোৰ নিচা লাগিল৷এই ড্ৰাইভাৰ,ড্ৰাইভাৰ,চিকিউৰটি৷”তেনেতে পিছফালৰ পৰা খোদ চিকিউৰটি কেইটাৰ দেদাউৰি পৰা চিঞৰ শুনি বিধায়ক মহোদয়ে গাড়ীৰ পৰা নামি দেখে তেওঁৰ সন্মুখত বগা কাপোৰ পৰিহিত এক বিকট মূৰ্তি৷নিশাখন নৰমনিচ নোহোৱা এনে গেজেপনি মৰা হাবিখনৰ মাজত এইহেন বিকট মূৰ্তিটো দেখি বিধায়ক মহোদয়ৰ চূৰ্তি হেৰাল৷চোৰ-ডকাইত হ’লে বেলেগ কথা ভূত তাকো ৰাতিখন হাবিৰ মাজত চিকিউৰিটি-পুলিচে কি কৰিব৷চিকিউৰিটি-পুলিচ মাৰৌ গুলি৷বিধায়ক মহোদয়ে প্ৰাণটাকি দৌৰিবলৈ ধৰিলে৷আগে-আগে পাঁচ নম্বৰী ফুটবল যেন পেটটো পিছে-পিছে বিধায়ক মহোদয়৷নাই মঙহৰ ভৰত দুশ মিটাৰ মান দৌৰিয়েই বিধায়ক মহোদয় লুটি খাই পৰি সৰু ল’ৰাটোৰ দৰে ফেকুঁৰিবলৈ ধৰিলে৷এইবাৰ মুখৰ আগত এটা নহয় তিনিটা ভীষণ মূৰ্তি৷এটা মূৰ্তিয়ে তেজলগা কোৱাৰিটো চেলেকি ক’লে,”ছাৰ আমাক চিনি পাইছেনে?”বিধায়ক মহোদয়ে পেনে-চেনে সৰুপানী চুই মুৰটো জোকাৰি ৰাউচি জুৰিলে৷”ঐ চুপ৷একদম চুপ৷চাল্লা চয়তান এতিয়া কান্দি দেখাব আহিছ৷তহঁতৰ দৰে নেতা-মন্ত্ৰীবোৰৰ চকুলো যে ঘৰিয়ালৰ চকুপানী সেয়া বুজি পাবলৈ আমি ভূতবোৰ ইমান মানুহৰ সমান মূৰ্খ নহয়৷চুপ ন’হলে এতিয়াই টেটুটো মুচৰি পেলাম৷”ভূতৰ হুমকিত এইবাৰ বিধায়ক মহোদয়ৰ সৰু পানীৰ লগতে বৰপানীও ওলাই গ’ল৷বৰপানীৰ ভেকেটাভেকেট গোন্ধটো নাকত লগাত এটা ভূতে ক’ল,” ছিহ তই মানুহটো বৰ লেতেৰা দেই৷একদম তোৰ চৰিত্ৰটোৰ দৰে৷চাল্লা সমাজ সেৱাৰ নামত বেপাৰ কৰ৷দুখীয়াৰ পইছা খাওঁ৷চাকৰি-বাকৰি,ঠিকাঠুকুলি সকলোতে অকল নিজৰ ঘৰৰ মানুহকেইটাক সুযোগ দিয়৷খায়-খায় তোৰ গেৰেলা পেটটো যিমান বাহিল মগজুটো সিমানেই টুটিল৷ভাল কথা নাই,ভাল কাম নাই,ভাল চিন্তা নাই খালি জাত-পাত-ধৰ্মৰ নামত সমাজখন ভাঙি ৰাজসুখ লৈছ৷তোৰ নিচিনা নিকৃষ্ট,অধম,পাপী এটাক মৰাৰ পিছত ভূতৰ সমাজেও বয়কট কৰিব৷”এইবাৰ আন এটা ভূতে বকলা মেলিলে,”যোৱাবাৰ সমষ্টিৰ উন্নয়ন কৰিম বুলি আমাৰ গাঁৱৰ মানুহৰ পৰা ভোটবোৰ ললি৷না ৰাস্তা বনালি না ষ্ট্ৰীট লাইট৷সোপাই টকা এই গেৰেলা পেটটোত সুমুৱালি৷তোৰ বাবেই আমিকেইটা মৰি ভূত হ’লো৷চাকৰিৰ পৰা ঘৰলৈ আহি থাকোতে এইখিনিতে আমাৰ দুচকীয়াকেইখন গাতত পৰি দূৰ্ঘটনাত পতিত হ’ল৷আমাৰ মৃত্যুৰ বাবে তয়েই জগৰীয়া৷আজি তোক নেৰিছো বেটা৷তোক আজি কেঁচাই-কেঁচাই খাম৷এনেও দুখীয়া ৰাইজৰ টকা হজম কৰি-কৰি তোৰ পেটটোত যি সোপাহে চৰ্বী জমা হৈছে৷চৰ্বীৱালা বিধায়ক তোক কিন্তু খাই মজা লাগিব৷”ভূতটোৱে কোৱাৰিটো চেলেকি বিধায়ক মহোদয়ৰ ডিঙিলৈ হাতখন আগবঢ়াই দিলে৷বিধায়ক মহোদয়ে এইবাৰ ৰাউচি জুৰি হনুমান চাল্লিচা গাবলৈ লাগিল৷”ঐ অধম ভগৱানে আমাক সহায় কৰিলেও তোৰ নিচিনা চয়তান এটাক সহায় নকৰে৷তোৰ আজি নিস্তাৰ নাই৷”এইবাৰ বিধায়ক মহোদয়ে হাত-ভৰি আচাৰি নিজৰেই গু-মুতত লেট খাই ভূতৰ ভৰিত পৰি প্ৰাণদান দিবলৈ স্তুতি-মিনতি কৰিবলৈ ধৰিলে৷দহ মিনিট মানৰ পিছত ভূতৰো হয়তো অন্তৰ কুমলিল৷এটা ভূতে ক’লে,” হ’ব দে আজিলৈ তোক ৰেহাই দিলো কিন্তু এমাহৰ ভিতৰত তই এই গোটেই ৰাস্তাটো পকা কৰি ষ্ট্ৰীট লাইট লগাব লাগিব৷আমাৰ গাঁৱৰ স্কুলখনৰো মেৰামতি কৰিবি আৰু খোৱাপানীৰ আচনিখনৰ কথা যে অতদিনৰ পৰা বলকি আছিলি সেইখনো দুমাহৰ ভিতৰত ৰূপায়ণ কৰিবি৷ঠিকাঠুকলি-চাকৰিৰ নামত স্বজন-তোষণ বা কমিছনৰাজৰ কথা যদি গম পাও আৰু লগতে কথা আৰু কামৰ যদি কিবা হেৰফেৰ হয় এইবাৰ তোক তোৰ ঘৰৰ ভিতৰতে টেটু চেপি মাৰি পেলাম৷বুজিলি নহয়৷এতিয়া গু-মুতত লেট খাই পৰি থাকিব নালাগে৷যা”ভূতৰ ভাষণ সমাপ্ত হোৱাৰ লগেলগেই বিধায়ক মহোদয়ে একেলৰে গাড়ীৰ ওচৰ পালে৷ড্ৰাইভাৰ-চিকিউৰটি কোনো নাই সকলোবোৰ হয়তো পলাই-পত্ৰং দিলে৷বিধায়ক মহোদয়ে লেঙুৰিয়াই-লেঙুৰিয়াই ফোনটো কাণত লৈ চহৰৰ দিশে খোজ ল’লে৷বিধায়ক মহোদয় চকুৰ আতৰ হ’লতেই মেক-আপৰ আলটাখিনি পানীৰে ধুই ভাওনাৰ অসুৰে পিন্ধা কৃত্ৰিম চুলিখিনি সোলোকাই হৰেনহঁতেও গছৰ আৰত লুকুৱাই থোৱা বাইককেইখন ষ্টাৰ্ট কৰি গাঁৱৰ ফালে বেগ দিলে৷হৰেনে বাইকৰ পিছত উঠি যোৱা ৰিন্টুক ক’লে,” ঐ ৰাসত মৰা ধোৱা ওলোৱা স্প্ৰেটো ললি নে৷” বিধায়ক মহোদয়ৰ চকা পাম্পচাৰ কৰা গজালটো হাতেৰে লিৰিকি-বিদাৰি ৰিন্টুৱে ক’লে,”ল’লো দে৷আজি কিন্তু তামাম মস্তি লাগিল৷চাল্লা চয়তানক ভূতে পালে৷”

Leave a comment