হ’ব দিয়া আজি মোৰ কলমে প্ৰসৱ নকৰে আবেগ মিশ্ৰিত কবিতাৰ শাৰীৰ,
আজি মোৰ কলম ব্যৰ্থ সাধুকথাৰ পটভূমি বিছৰাতো
আজি মই ধৰ্মৰ কথা নকও,
আৰু আজি মই নিশ্চুপ হৈ থাকিম ৰাজনীতিৰো প্ৰসংগতো৷
কিন্তু আজি মোৰ কলমে জন্ম দিব
এক নিষ্ঠুৰ বাস্তৱৰ আৰু
উন্মোচিত কৰিব উত্তৰ সত্যৰ সভ্যতাৰ বিষাক্ত মিথ্যাচাৰৰ,
উত্তৰ সত্য য’ত সত্য একক নহয়,সত্য সুন্দৰ নহয় আৰু সত্য শিৱও নহয়৷
সত্য অনেক,অনেক লোকৰ কন্ঠেৰে নিগৰা সত্যৰ মনোগ্ৰাহী সাধু কথা,
সঁচাকৈয়ে আমি এটা বৰ বেয়াকৈয়ে কনফিউজদ প্ৰজন্ম
এবাৰ নিজকে প্ৰশ্ন কৰি চোৱা তোমাৰ বাবে সুখৰ সংজ্ঞাই বা কি?
মাত্ৰ এবাৰ নিজৰ হৃদয়ক সুধি চোৱা জীৱনৰ পৰা তুমি কি বিচাৰা?
নিশ্চুপ হৃদয়ক পুনৰ প্ৰশ্ন কৰা
চিঞৰি-চিঞৰি সোধা কিহৰ বাবে এই যন্ত্ৰৱৎ জীৱন?
কিহৰ বাবে জীৱনৰ এই লক্ষ্যহীন মাৰাথান দৌৰ?
মাৰাথান দৌৰ নে এন্দুৰ দৌৰ?
কেতিয়াবা জিব্ৰানৰ কবিতাৰ শাৰীৰ মাজত তোমাৰ প্ৰেমক বিচাৰি পাইছা?
বিচাৰি পাইছানে মমতাজৰ সমাধিৰ ওপৰত গজি উঠা প্ৰেমৰ তেজ ৰঙী গোলাপ পাহিত?
নে প্ৰেম কৰিবলৈও তোমাৰ আহৰি নাই?
সংসাৰৰ যোগান আৰু চাহিদাৰ অংক মিলাবলৈ নিজৰ হৃদয়ক বিক্ৰী কৰি
ক্ৰন্দনৰত তোমাৰ সন্তানৰ হাতত নিচুকুৱাৰ সলনি তুলি দিছা এটা বিলাসী স্মাৰ্টফোন?
তোমাৰ সন্তানৰ মৰম সনা আব্দাৰবোৰ পুৰাবলৈ তুমি সময় পোৱানে?
নে প্ৰেয়সীৰ সন্মুখত বহিও তুমি পুনৰ এন্দুৰ দৌৰৰ পাতনি মেলা
ছয় ইঞ্চিৰ ডিজিটেল কীবৰ্ডত?
ইমান খৰকৈ নদৌৰিবা
সময় কম,জীৱনৰ আবেদনময়ী সংগীত শেষ হৈ যাব৷
হাঁহিবোৰক মৰহি যাবলৈ নিদিবা,
চকুলো বোৰক শুকাই যাবলৈ নিদিবা,
তোমাৰ আবেগ,তোমাৰ সত্বা আৰু তোমাৰ আত্মাক পৰিণত হ’বলৈ নিদিবা,
নিদিবা,
নিষ্ঠুৰ ভোগবাদী সভ্যতাৰ উত্তৰ সত্যৰ অদৃশ্য সূতাই পৰিণত কৰা
পুতলা নাচৰ পুতলাত

Leave a comment