জুলাই মাহ নিত্য বৰ্দ্ধিত পাৰাস্তম্ভ
বৰ্দ্ধিত ফাৰেনহাইতৰ স্কেল,
ঘৰ্মাক্ত শৰীৰ
বেকাৰ ল’ৰা
মহানগৰীৰ সস্তীয়া ভাড়াঘৰৰ ৰূম৷
মুৰৰ শিতানত কেৰকেৰ কৰি চলে
এলান্ধুসনা বৈদ্যুৎতিক পাংখা
এতিয়া এটা টোটেল জ্বলাম,
দহ টকীয়া লাইটাৰে ছয়টকীয়া ফ্লেকত অগ্নিসংযোগ
আমাৰ বাবেতো এয়াই বিলাসিতাৰ সংজ্ঞা,
পৰিণতি – মেন্থেল মিহলি অলপ শীতল ধোৱা,
কৰ্কট সৃষ্টিৰ সম্ভাৱনাৰ বিনিময়ত অলপমান সকাহ
চিন্তা, গৰম আৰু বিৰক্তিৰ পৰা৷
পিছে অগ্নিসংযোগ কৰিবলৈ মোৰ অসুবিধা হয়
কাৰণ-শোৱাপাটীৰ ফেনখনে সৃষ্টি কৰা প্ৰচণ্ড বতাহ,
বাৰে-বাৰে জ্বলাও বাৰে-বাৰে নুমাই যায়!
একেদৰেই মোৰ কষ্ট হয়
এটা হেপাঁহৰ গুদামগৰম হুপি শৰীৰটো গৰম কৰিবলৈ
কাৰণ মোৰ কষ্ট হয়
পুহৰ ঠেটুৱৈ ধৰা উজাগৰী নিশাবোৰত গৰম কাপোৰৰ
দমত পোত গৈ থকা মোৰ হাতখন উলিয়াই আনিবলৈ,
অৱশ্যে বসন্ত আৰু শৰৎত মোৰ কোনো অসুবিধা নহয়
বসন্ত আৰু শৰৎৰ সতেজ পুৱা আৰু হেঙুল আবেলিবোৰত
মই আৰামেৰে টান মাৰো কপাহৰ ফিল্টাৰটোত
কিন্তু পাৰচৰাই গড়াল সদৃশ মোৰ বিশৃংখল কোঠালিটোলৈ বসন্ত আৰু শৰৎৰ কাচিৎহে আগমন হয়৷
