(১)
ৰান্ধনী বেলিয়ে লহিয়াবলৈ যোজাঁ কৰাৰে পৰাই মই আৰু সৰু ককাইদেউে নঙলাৰ মুখত অধৈৰ্য্য হৈ পায়চাৰি কৰি থাকো৷দুৰৈত ধূলি উৰুৱাই অহা চাইকেলৰ বেল শুনিলেই আৰু আমাৰ ৰক্ষা নাই৷আমি দুয়োটাই আলিৰ মুৰৰ কেকুঁৰিটোলৈ ল’ৰ দিওঁ৷আগে-আগে চাইকেলত ঘামিজামি বৰদেউতা আৰু পিছে-পিছে কিৰিলি পাৰি মই আৰু সৰু ককাইদেউ৷বৰদেউতাই মৰম সনা কন্ঠৰে হাঁহি-হাঁহি কয়,”আস্থে,আস্থে৷আমি নঙলা মুখত ঠিয় হৈয়েই হাত পাতো৷বৰদেউতাই পকেটৰ পৰা উলিয়াই দিয়ে ৰঙচঙীয়া কাগজৰে বান্ধি অনা দুটাকৈ টেঙা মৰ্টন৷কাগজখন লৰালৰিকৈ খুলি ধূলি সনা হাঁতেৰে মুখত ভৰাই গভীৰ প্ৰশান্তি চকুকেইটা মুদি দিওঁ৷আস কি যে তৃপ্তি!
সন্ধিয়া ৰুণজুনহঁতৰ ঘৰলৈ গৈছিলো৷বাৰ কোঁচত উঠি ৰুণজুণে মোবাইলটোৰ সৈতে উমলি আছিল৷তাইলৈ কেডবেৰীৰ পেকেট এটা আগবঢ়াই দিলো৷আধা ফুটা মাতেৰেই তাই উশাহ নসলোৱাকৈয়ে “থেংক ইউ” বুলি ফেলেককৈ হাঁহি এটা মাৰি পুনৰ মোবাইলৰ পৃথিৱীত ব্যস্ত হৈ পৰিল৷চাহ একাপ খাই ঘৰলৈ উভতিলো৷চাৰিআলিত চিগাৰেট এটা জ্বলাই মনে-মনে জুকিয়ালো “এই সময় সেই সময়”৷এনেকৈয়ে আগবাঢ়ি যাওঁ৷সময়ৰ নদীত এৰি দিওঁ মোৰ জীৱনৰ পালতৰা নৌকা৷অন্ধকাৰৰ পৰা পোহৰলৈ আৰু পোহৰৰ পৰা অন্ধকাৰলৈ৷দুৰ দিগন্তত হেঙুলী আভাৰে ফাকু খেলি অস্ত যায় সূৰ্য্য কাইলৈৰ প্ৰভাতী কিৰণৰ অপেক্ষাত৷

(2)
শৈশৱৰ ধেমালিবোৰৰ মাজতে জীৱনলৈ গোপনে চঞ্চল ফাগুণৰ আগমন ঘটিছিল৷পানী খোৱা চুটিত প্ৰায়েই আৰ চকুৰে তাইক চাইছিলো৷শ্ৰেণী কোঠাৰ পৰা অজুহাত উলিয়াই ঘনাই বাহিৰলৈ গৈছিলো৷কিবাকৈ যদি খিৰিকীৰ কাষত বহি তায়ো বাহিৰলৈ চাই আছে৷চকুৱে-চকুৱে পৰিলেই যেন শৰীৰত বিজুলীৰ প্ৰৱাহ হে বৈ যায়৷তাই মোলৈ চাই লাজ-লাজকৈ হাঁহে৷হয়তো এয়াই প্ৰেম!নাই এনেকৈ আৰু কিমান দিন!ৰাতি শোৱাপাটীত পৰিও চোন তাইৰ কথাই ভাবো৷কিন্তু কিনো ক’ম!নৱম শ্ৰেণীৰ বিজ্ঞানৰ কিতাপখনৰ মাজত সৰ্ন্তপণে এখন উকা বগা কাগজ মেলি ল’লো৷কি বুলি আৰম্ভ কৰিম,এশাৰী লিখি কাগজখন ফালি পেলালো৷নাই ইমান বেয়া আখৰ তাই কেনেকৈ পঢ়িব৷আকৌ এখন কাগজ বহীৰ মাজৰ পৰা ফালি ল’লো৷প্ৰতি,মৰমৰ……..বুকুৰ পাৰ ভঙা আবেগবোৰে কোবেৰে ওলাই আহিল৷এই যেন মই কবি হৈ যাম৷এটা কাণতলীয়া চৰত কপি উঠিলো৷মায়ে পিছদিনা পুৱা কিতাপ জাপোতে চিঠিখন পালে৷মই থৰথৰকৈ কপিছিলো৷সৰু ককাইদেউ আৰু৷ভনীটিয়ে ফিচিঙা-ফিচিং কৰিছিল৷দেউতাই বেতেৰে ভালকৈ এজাৰণ দিলে৷এসপ্তাহ মানলৈ মা-দেউতাৰ চকুলৈ চাবলৈ এক অনামী লাজ লাগিছিল৷
“আজি সন্ধিয়া প্ৰিয়দৰ্শিনীৰ মাকে মোলৈ ফোন কৰিছিল৷বিহু বুলি আমাক ভাত খাবলৈ মাতিছিল৷কিন্তু মই নোৱাৰিম বুজিছ৷কাইলৈ নামঘৰত গোপিনী সবাহ আছে৷তয়েই ভনীয়েকৰ লৈ এপাক আহিবিগৈ৷আজি শইকীয়ানীক মই কৈছো প্ৰিয়দৰ্শিনীয়ে সোনকালে পি এইচ ডি টো শেষ কৰক আৰু পাৰিলে এইবাৰ পূজাতেই তহঁতৰ বিয়াখন পাতি দিম আৰু৷নে কি কোৱা৷” দেউতালৈ চাহ কাপ আগবঢ়াই দি মায়েও কাষৰে চকী এখনত বহি ল’লে৷দেউতাই মাৰ কথাটোত বিশেষ গুৰুত্ব নিদিয়াৰ ভাও ধৰি গলহেকাৰি এটা মাৰি মোক গহীনাই শুধিলে,”আজিকালি তই কিতাপৰ মাজত প্ৰিয়দৰ্শিনীলৈ লুকুৱাই-লুকুৱাই চিঠি লিখ নে নিলিখ?দেউতাৰ ৰসিকতাত খুকখুকাই হাঁহি মই
মনে-মনে জুকিয়ালো “এই সময় সেই সময়”৷এনেকৈয়ে আগবাঢ়ি যাওঁ৷সময়ৰ নদীত এৰি দিওঁ মোৰ জীৱনৰ পালতৰা নৌকা৷অন্ধকাৰৰ পৰা পোহৰলৈ আৰু পোহৰৰ পৰা অন্ধকাৰলৈ৷দুৰ দিগন্তত হেঙুলী আভাৰে ফাকু খেলি অস্ত যায় সূৰ্য্য কাইলৈৰ প্ৰভাতী কিৰণৰ অপেক্ষাত৷
(৩)
পুলিচত চাকৰি কৰা চুবুৰীৰে দেউতি খুৰা মাহেকে-পষেকে ঘৰলৈ আহে৷সন্ধিয়া আলিমুৰৰ হৰেশৰ ঘুমতিখনৰ মুখত ৰৈ দেউতি খুৰাই ছিগাৰেট টানে৷তিনিটকীয়া চাৰ্মিনাৰ৷ধোৱা গাল টানি এক বিশেষ কায়দাৰে ৰিং সাজি এৰি দিয়ে৷কেতিয়াবা আকৌ ছিগাৰেটটো টানি চকুকেইটা মুদি দি দীঘলকৈ ধোৱাবোৰ এৰি দিয়ে৷হাজৰিকা ছাৰৰ টিউশ্যনৰ পৰা চাইকেল মাৰি-মাৰি কাণিমুনি পৰত ঘৰলৈ উভতি আহি থাকোতে তপনক ইংগিত দিলো৷ঠাইখন গেজেপনি মৰা বাঁহনি৷ওচৰে-পাজৰে মানুহৰ ঘৰ-দুৱাৰো নাই৷ৰাস্তাটোও নিজান৷ৰাস্তাতে চাইকেল দুখন থৈ বাঁহনিৰ আৰ লৈ তপনক ক’লো উলিয়া৷তপনে কালিয়েই দেউতি খুৰাই আধা হুপি পেলোৱা টুকুৰা দুটা চোলাৰ জেপত লুকুৱাই থৈছিল৷এইবাৰ মই পেন্টৰ খোচনিৰ পৰা দিয়াচলাই এটা উলিয়াই কপাঁ-কপাঁ হাতেৰে ছিগাৰেটৰ টুকুৰাটো জ্বলাই এসোহা মাৰিলো৷নাকে-কাণে ধোৱা এগাল বাজ কৰি কাঁহি-কাহি তত পোৱা নাই৷বাহঁনিৰ সিপাৰৰ পৰাই ভূতৰ ওপৰত দানৱ পৰাদি সৰুখুৰাৰ ডাবিটো ভাহি আহিল,” অ’ ডেকা তেজৰ পিৰপিৰণি৷টিউশ্যনৰ নামত৷বাঁহৰ তালত ছিগাৰেটৰ আড্ডা৷মই ভাগ্যে কাঁহটো শুনি কি হ’লনো বুলি এইফালে টৰ্ মাৰি চালো বুলিহে৷তহঁত আহ আজি ঘৰলৈ৷সেইদিনা ৰাতি আৰু ভাত খোৱা ন’হল৷মায়ে উচুপি-উচুপি কান্দিছিল৷খুৰীয়ে বুজাইছিল আৰু দেউতাই,দেউতাই প্ৰায় এমাহমানলৈ মোক মাত-বোলা কৰা নাছিল৷নিশা সদায়েই বিছনাত ছটফটাই-ছটফটাই ভগৱানক খাটনি ধৰিছিলো৷মোকো সোনকালে ডাঙৰ কৰি দিয়া,দেউতি খুৰাৰ দৰে৷
কিমান সময় হ’ল জানো৷অলস-অলস ভাবেৰে মোবাইলটো হাতত ল’লো৷চাৰে ন বাজিল৷কালি ঋতমৰ বাৰ্দ দে বুলি দুটামান পেগ বেছিকৈয়েই খাই দিলো৷মুৰটো এতিয়াও টিঙটিঙাই আছিল৷প্ৰিয়দৰ্শিনীৰ তিনিটা মিছকল৷শণিবাৰে ৰাতি পাৰ্টী কৰি দেৰিলৈকে শুই থকা অভ্যাসটোৰ বাবে তাই আকৌ বকিব৷চকুকেইটা মোহাৰি হাতত ব্ৰাছডাল লৈ বাহিৰলৈ ওলাই গ’লো৷মায়ে সামান্য ভোৰভোৰাই ক’লে,হ’ল বুলিনো ৰাতি টেটুৰ গুৰিলৈকে মাৰি দিনদোপৰলৈকে ডেকা ল’ৰা এটা এনেকৈ ধোবাং বাং দি থাকে নে৷বাতৰি কাকতৰ সামান্য পৰা মুৰ ডাঙি দেউতাই ক’লে,”হ’ব দিয়া৷পুৱাই-পুৱাই মাকে-পুতেকে আকৌ মহাভাৰতখন আৰম্ভ কৰিব নালাগে৷বাবাক নেমু চেপি চাহ একাপ দি দিয়া৷” পাকঘৰৰ পৰাই ভন্টীয়ে চিঞৰিলে,”ঠিকেই দুদিনমানতে সি বিয়াও পাতিব৷এতিয়া আৰু হাইস্কুলীয়া ল’ৰা হৈ থকা নাই নহয়৷মা তইনো কিমান ক’বি৷সি নিজেও বুজিব লাগিব৷” সম্পৰ্কৰ গভীৰতা আৰু টানবোৰ এনেদৰেই একেই থাকে মাথো সলনি হয় কতৃত্বৰ,সলনি হ’য় দ্বায়িত্বৰ আৰু সলনি হ’য় চিন্তাধাৰাৰ৷নেমু দিয়া চাহকাপ হাঁতত লৈ মনে-মনে জুকিয়ালো “এই সময় সেই সময়”৷এনেকৈয়ে আগবাঢ়ি যাওঁ৷সময়ৰ নদীত এৰি দিওঁ মোৰ জীৱনৰ পালতৰা নৌকা৷অন্ধকাৰৰ পৰা পোহৰলৈ আৰু পোহৰৰ পৰা অন্ধকাৰলৈ৷দুৰ দিগন্তত হেঙুলী আভাৰে ফাকু খেলি অস্ত যায় সূৰ্য্য কাইলৈৰ প্ৰভাতী কিৰণৰ অপেক্ষাত৷