মোৰ বয়স তেতিয়া সাত কি আঠমান হ’ব৷গাঁৱৰে ধনীকায়ে আমাৰ নতুন ঘৰৰ জপনাখন মেৰামতি কৰি আছিল৷চোতালত ধূলি-বালিৰে ঘৰ সাজি থকাৰ পৰা উঠি আহি এপাকত ধনী কাইক পকেটত হাত ভৰাই মালিকী কায়দাৰে তাগিদা দিলো,”ককাই কামটো কেতিয়াকৈ ওলাব৷ইমান লেহেম কৰি আছ যে!অলপ ফটাফট নকৰ কিয়!”বাৰান্দাতে বহি বাতৰিকাকত পঢ়ি থকা দেউতাই মোৰ আলেখলেখ চাই আছিল৷সচাৰচৰ মোক টোপ এটাও পৰিবলৈ নিদিয়া দেউতাই সেইদিনা মোক এটা কাণমলা দিলে৷মই উচুপি-উচুপি মাৰ আচলত সাবতি ধৰিলো৷প্ৰায় আধাঘন্টামানৰ পিছত দেউতাই লুজেন গুটি এটা দি ফুচুলালে,” সোণটো তইনো ধনী কাইক কিয় কামৰ তাগিদা দিছিলি?” মই ফেঁকৰি-ফেকুঁৰিয়েই ক’লোোধনী কাই কিবা মালিক নেকি?কাম কৰা মানুহ হে৷ দেউতাই সামান্য হাঁহি মাৰি ক’লে,”কাম কৰা মানুহ!খাটি খোৱা মানুহ!ময়ো চোন কাম কৰা মানুহ!খালি মই যেনিবা মানুহৰ ৰোগৰ প্ৰতিকাৰৰ বাবে ঔষধ দিও বাবে মানুহে মোক ডাক্তৰ চাহাব বুলি মাতে৷আৰু ধনীকায়ে মানুহৰ ঘৰত হাজিৰা কৰি খায়৷আমি সকলোবোৰেই চোন খাটি খোৱা মানুহ৷মই,ধনীকাই আমি সকলো খাটিখোৱা মানুহেই শ্ৰমিক বুজিছ,কিন্তু মালিক নহয়৷শ্ৰমিকৰ ল’ৰা হৈ তই শ্ৰমিকৰ মোল নুবুজিলে কি দৰে হ’ব৷”তাহানিতে দেউতাই ঠিকেই কৈছিল৷সকলো খাটি খোৱা মানুহেই শ্ৰমিক৷সকলো শ্ৰমিকৰেই তেজৰ ৰং ৰঙা৷অত্যাচাৰী জমিদাৰৰ চাবুকৰ কোবত পিঠি ফাটি নিগৰা তেজৰ চেকুৰাবোৰৰ দৰে,গিলোটিনত সিচৰিত হৈ ৰোৱা প্ৰভুসকলৰ নিথৰ মুৰবোৰৰ ৰক্তধাৰাৰ দৰেই আৰু এই শ্ৰমিক দিৱসৰ পাতাকা খনৰ দৰেই৷ৰঙা ৰং আমাৰ হৃদয়ৰ ৰং৷সেয়ে পাতাকাখন আমাৰ ইমান প্ৰিয়৷ধৰ্ম-মন্দিৰ-মছজিদ-উচ্চ-নীচ আস সমাজত কিমান যে বিভেদ৷ধৰ্ম নামৰ আফিংৰ চিলিমত টান মাৰি আমি বাৰু কিয় পাহৰি যাওঁ শ্ৰেণীবিভক্ত সমাজৰ বাস্তৱতাক৷পৃথিৱীত আছে মাত্ৰ জাতি দুটাই শোষক আৰু শোষিত৷শোষকৰ ধৰ্ম কেৱল আৰু কেৱলমাত্ৰ শোষণ কৰা আমেৰিকাৰ ৰেড ইণ্ডিয়ান সকলৰ উৰ্বৰ বসবাস ভূমিৰ পৰা মধ্যপ্ৰাচ্যৰ খাৰুৱা তেলৰ বৃহৎ ভাণ্ডাৰবোৰক সামৰি কণমাণি চুমিলা ৰংহাংপীৰ শৰীৰতোলৈ৷শোষিত সকলৰ অধিকাংশই নিজস্ব ধৰ্মক লৈ অজ্ঞ হয়তো কোনোবাখিনিত শোষকৰ দ্বাৰা পথভ্ৰষ্ট৷জোনাকৰ দেশৰ ঈশ্বৰৰ সন্ধানত শোষিত জনতাই দৌৰ মাৰে মন্দিৰ,মছজিদ আৰু গীৰ্জাঘৰৰ প্ৰাংগণলৈ৷বুভুক্ষ দৰিদ্ৰনাৰায়ণ উপেক্ষিত হয় পৰি ৰয় মন্দিৰৰ প্ৰাংগণত এমুঠি অন্নৰ অভাৱত,পেট পূজনৰ অৰ্ঘৰ অভাৱত৷তেওঁলোক শোষক,তেওঁলোক শাসক,তেওঁলোক গণতন্ত্ৰৰ মুকুটবিহীন সম্ৰাট৷নিৰ্বাচনৰ শেষনিশা এখন কম্বল আৰু এটা মদৰ বটল৷এনেকৈয়ে চলি থাকে মোৰ দেশৰ গণতন্ত্ৰ৷সমাজবাদ এটা ভবিষ্যৎৰ সাধু৷সৰ্বহাৰাই সকলো বিক্ৰী কৰে৷পুজিপতিয়ে কিনি লয় সৰ্বহাৰাৰ সৰ্বস্ব৷হাজাৰজনী চুমিলাৰ শৈশৱ,বেশ্যাৰ যৌৱন,বিশ্ববিদ্যালয়ৰ শিক্ষা,চাকৰিৰ যোগ্যতা,ন্যায়লয়ৰ ন্যায়,ভেন্টিলেশ্যনত বন্দী জীৱন,দৰিদ্ৰৰ একোটা বৃক্ক আৰু অসহায় মধ্যবিত্তৰ হৃদয় আৰু প্ৰেম৷মুক্ত অৰ্থনীতি৷বৈধ-অবৈধ-মানবীয়-অমানবীয় নামৰ সকলো সংজ্ঞা আৰু বন্ধনৰ পৰা মুক্ত এই বজাৰ৷আমি বিক্ৰী কৰো আমাৰ মন-মস্তিস্ক-শৰীৰ,হৃদয়,সত্বা আৰু নিজস্ব আত্মাকো৷সেয়ে তুমি-মই আমিবোৰ সৰ্বহাৰা শ্ৰমিক৷সিহঁতে কিনে৷সিহঁতে আচলতে আমাক নিকিনে মাত্ৰ প্ৰতিটো স্তৰতেই শোষণ কৰে৷সেয়ে সিহঁতৰ ব্যৱস্থাই ঘৃণা কৰে মাৰ্ক্সক৷লেনিনৰ ছোভিয়েটৰ বাস্তৱক উপেক্ষা কৰি নীলা শিয়ালৰ জাকে বাৰে-বাৰে হোৱা দিয়ে ”দিবাস্বপ্ন- utopian dream”বুলি৷সেয়ে সিহঁতৰ অৰ্থনীতি কিতাপৰ পৃষ্ঠাত তুমি কেৱল বিচাৰি পাবা আদাম স্মিথক৷মাৰ্ক্সৰ Law of Surplus ক হয়তো সিহঁতে বন্দী কৰি ৰাখিছে বাস্তিলৰ অন্ধকাৰ কুঠৰিত৷বন্ধু আমি বুজিব লাগিব আমি হিন্দু-মুছলমান-খ্ৰীষ্টান একো নহয়,আমি নহয় অসমীয়া-বাংলা অথবা ৰাজস্থনী আমাৰ মাত্ৰ এটাই পৰিচয় আমি শোষিত-নিস্পেষিত শ্ৰমিকৰ দল৷ৰাষ্ট্ৰৰ পৰিচয়,জাতিয়তাবাদ,ধৰ্ম,বৰ্ণ,ভাষা সকলো আবেগ মাত্ৰ বাস্তৱ কেৱল এয়াই আমি শোষিত-নিস্পেষিত মেহনতী শ্ৰমিক যাৰ পিঠিত চাবুকেৰে লিখা থাকে মালিকৰ বুৰঞ্জী,যাৰ পিঠি ফাটি বৈ আহে ৰঙা তেজৰ চেকুৰা৷সেয়ে ৰঙা ৰং আমাৰ হৃদয়ৰ ৰং৷বন্ধু যিদিনা তোমাৰ বিপ্লৱৰ কাঁচিখন মহাজন দেউতাৰ ডিঙিৰ জোখেৰে গঢ়িবা সেইদিনা মোকো ৰিঙিয়াই মাতিবা৷তেতিয়ালৈকে মই মুখত এটা হাভানা ছিগাৰ লৈ মটৰ চাইকেল ডায়েৰীৰ স্ৰষ্টাৰ সহযাত্ৰী হৈ অ’ হেনৰীৰ সৈতে ভাৰতীয় উপমহাদেশৰ শ্ৰমিক সকলৰ দলত সন্মিলিত হৈ পুজিবাদৰ শিলাখণ্ডত প্ৰতিদিনে হাতুৰীৰে আঘাত কৰিম৷জনতাৰ পৰা আতৰি নাযাবা৷বিপ্লৱ মানে ভোজমেল নহয় কিন্তু বিপ্লৱ মানে কেৱল অস্ত্ৰৰ লেকামহীন প্ৰতিযোগিতাও নহয়৷সেয়ে নক্সালবাৰী বিপ্লৱ নাছিল৷বন্ধু তুমি কাঁচিখন ধৰোৱা আৰু ময়ো শিল ভাঙোগৈ৷যিদিনা গিলোটিন বিলাকে আকৌ সাৰ পাব সেইদিনাই বাস্তিলৰ দুৱাৰখন খোল খাব৷বজাৰখন অগ্নিদগ্ধ হ’ব৷বতাহত হালি উঠিব মানুহৰ মুক্তিৰ ৰঙা নিচান৷সেই দিনটো আমাৰ হ’ব৷সেইদিনটো সৰ্বহাৰা শ্ৰমিক হ’ব আৰু সেই দিনটোক আমি ক’ম মানুহৰ মুক্তিৰ দিন৷

Leave a comment