বন্ধু নিৰাশ ন’হবা৷ভুলে-শুদ্ধইটো এই জাতীয় সংগ্ৰাম৷বিকৃত সত্যৰ একাধিক আবৰণ৷সেইবাবেইটো এয়া উত্তৰ সত্যৰ সভ্যতা৷যুঁজিব লাগিব৷জিকিব লাগিব৷নিৰাশাৰ চিতাভষ্মৰ পৰা প্ৰাণ পাই উঠিব লাগিব আশা আৰু উদ্যমৰ ফিনিক্স পক্ষী হৈ৷আকৌ কৈছো আন্দোলনটোক লতাশিলতেই হত্যা কৰা হৈছিল৷বহুতো অভিনেতা আছিল৷বহুখন নাটকেই সেইসময়ত মঞ্চস্থ হৈছিল৷কিন্তু ৰাজপথৰ প্ৰতিটো চিঞৰেই মিছা নাছিল,মিছা নাছিল বুকু চুই পাৰ হোৱা তপত বুলেটটো,ৰাজপথৰ তেজৰ চেকুৰাবোৰ ,ৰাইজৰ পাৰ ভঙা আবেগবোৰৰ আৰু শ্বহীদৰ পিতৃৰ সেই হৃদয় চুই যোৱা ভাষণটো৷বহুতে অভিনয় কৰিছিল,বহুতে জখলা বগাইছিল৷কিন্তু বন্ধু তুমিওতো জানা তোমাৰ দৰেই মোৰ চিঞৰবোৰো মিছা নাছিল,মিছা নাছিল পাৰ ভঙা আবেগবোৰ আৰু ভাষণবোৰ৷সেয়ে মই আজিও স্থিতপ্ৰজ্ঞ৷সেয়ে মই আজিও মুক্তকণ্ঠে কওঁ কা আমি মনা নাই আৰু কোনো কালেই নামানো৷সেয়ে এই গৌৰৱ৷সেয়ে আজিও আইনাৰ মুখত ঠিয় হ’ব পাৰিছো আৰু প্ৰশান্তিৰ হাঁহি মাৰিব পাৰিছো৷মানুহৰ মুক্তিৰ সংগ্ৰাম দীৰ্ঘজীৱী হওঁক৷আমি যুঁজিম আমি জিকিম৷জীৱন জিন্দাবাদ৷

Leave a comment