ৰাতি,অন্ধকাৰ,নিসংগতা………..
মই অৰ্ন্তমুখী নহয়৷বহুতৰ ভাষাত মই আড্ডাবাজ মানুহ৷ দিনৰ পোহৰ, কোৰ্হাল আৰু দৌৰা-ধপৰাবোৰত মই অভ্যস্ত৷অৱশ্যে এনে নহয় যে কেতিয়াও বিৰক্তি অনুভৱ নকৰো৷মাজে-মাজে বিৰক্ত হওঁ৷আন দহজনৰ দৰেই৷হ’লেও অভ্যস্ত মই৷ভাল লগা বেয়া লগাৰ মিশ্ৰিত অনুভুতিৰ মাজেৰেই পাৰ হৈ যায় উৎজ্বল পোহৰৰ দিনবোৰ৷কোনোবাটো মিঠা,কোনোবাটো তিতা৷কিন্তু কিয় জানো ৰাতিবোৰ মোৰ সদায়েই প্ৰিয়৷সূৰ্য্যটোৰ সৈতে অভ্যস্ত মই কিন্তু সিমান উৎজ্বলতাও প্ৰিয় নহয় মোৰ৷জোনাকৰ স্নিগ্ধতাৰ প্ৰেমিক মই৷জোনাকত তিতি ৰ লাগি চাই থাকো ক’লা আকাশখনলৈ৷কেতিয়াবা তৰাবোৰ থাকে,কেতিয়াবা নাথাকে,নাথাকিলেও আপত্তি নাই৷অমাবস্যাৰ আকাশখনো বেয়া নাপাও৷কলা চাদৰ পিন্ধা অন্ধকাৰখিনি কিবা অনামী আকৰ্ষণ আছে মোৰ৷অৱশ্যে জোনাক মোৰ প্ৰেয়সী৷তুমি আপত্তি কৰিব পাৰা ৰাতি ফুলা ফুলবোৰ বৰণহীন কিন্তু সৌৰভ! আস মই যেন পাগল হৈ যাম৷দিনৰ হাইউৰুমিবোৰৰ সৈতে অভ্যস্ত কিন্তু ৰাতিৰ নিৰ্জনতাখিনি যেন মায়াময়৷দিনটোত বহুবাৰ অভিনয় কৰিব লাগে কিন্তু নিসংগ ৰাতিটো শিৱৰ দৰেই সুন্দৰ৷দিনটোত বহু কথা পাতো ইচ্ছাকৃতভাবে বা অনিচ্ছাকৃতভাবে৷কিন্তু ৰাতিৰ অন্ধকাৰখিনিত মই স্বাধীন মোৰ সত্বাৰ সৈতে কথা পাতিবলৈ৷আচলতে মই নিজেই নাজানো কেতিয়া মই জোনাক নিশাৰ প্ৰেমত পৰিছিলো৷সদায় জোনাক নাথাকে৷জোনাক ন’হলেও চলি যায় ক’লা অন্ধকাৰৰ চাদৰ পিন্ধা ৰাতিটোতো মই ৰুছোৰ অৰণ্যৰ আদিম আৰু স্বাধীন মানৱ৷কেতিয়াবা ভাবো ৰাতিটোৰ কেতিয়াও শেষ ন’হওক৷ক’ব নোৱাৰোকৈ মই হয়তো গভীৰ অন্ধকাৰৰ প্ৰেমতো পৰিছো৷জোনাক হওঁক কিম্বা গৰ্জনমুখৰ অমাবস্যা, ৰাতিবোৰ মোৰ সদায়েই প্ৰিয়৷জহৰ এটা দোভাগ ৰাতি চাদৰ ওপৰত ঠিয় হৈ চিপচিপীয়া বৰষুণত ভিজি যিদিনা সংগীতৰ তালে-তালে এটা মাতাল হাঁহি মাৰি অন্ধকাৰৰ বুকুত এৰি দিছিলো এছাটি ছিগাৰেটৰ ধোৱা সেয়াই হয়তো আছিল এই প্ৰেমৰ আৰম্ভণি৷

Leave a comment