গধূলি ভাবলেশহীনভাবে চুৰট হুপি ঘুৰি ফুৰিছিলো
জুকাৰবাৰ্গৰ গোলাপৰ বাগিছাত,
প্ৰচণ্ড বিলাপ শুনি থমকি ৰ’লো
নাতিদুৰৈত কামিজত স্তালিনক ওলোমাই ফুৰা
মুৰত গান্ধী টুপি পৰিহিত এজাক বান্দৰ
খেকখেকাই বিলাপ কৰি আছিল৷
মাজতে এটা বিয়াগোম নাৰিকল,
তাত লিখা আছিল
“দ্বন্দ্বমূলক বস্তুবাদ”৷
এটা মলুৱাই ধৰ্মনিৰপেক্ষ বদৰ-বদৰ
প্ৰগতিশীল বদৰ ,প্ৰগতিশীল কংগ্ৰেছ, দালাল অখিল বুলি
আটাহ পাৰি এজোপা নাৰিকল গছত ওলোমা বাদুলি দি ৰ’ল,
আন এটা মলুৱাই এলচেচিয়ানৰ ৰূপ লৈ
নেগুৰ জোকাৰি দৌৰ দিলে ৰাজীৱ ভৱনলৈ,
আন এটাচোন নিমিষতে এটা গাধত পৰিণত হ’ল,
পিঠিত গোহাঁই ছাৰৰ প্ৰতিচ্ছবি এগালমান বোজাই লৈ
কেকোঁজেকোকৈ খোজ দিলে,
মাজে মাজে বোজা সহিব
নোৱাৰি চিঞৰি উঠে
“মালিক,মালিক মোৰ মস্তিস্কৰ তুমিয়েইটো মাই-বাপ৷”
অলপ পৰ থতমত খালো
হঠাৎ এখন এলান্ধুকলীয়া ফলকত চকু পৰিল
“শীতল যুদ্ধৰ গোপন পৰীক্ষাগাৰ
স্বতধিকাৰী-KGB স্থান-ভাৰত”
ভৰিৰ তলৰ মাটি কপি উঠিল
বুজিবলৈ পলম ন’হল
মাৰ্ক্সবাদৰ পৰীক্ষাগাৰত জন্ম লোৱা অমাৰ্ক্সবাদী ফ্ৰেংকেষ্টাইন৷