
সত্য দৃষ্টি নহয় দৃষ্টিকোণত নিহিত হৈ থাকে৷সূৰ্য্যৰ কিৰণৰ বাবে সূৰ্য্যৰ অস্তিত্ব আছে নে সূৰ্য্যৰ বাবেহে কিৰণৰ এই অস্তিত্ব!দুজন ভিন্ন দৃষ্টিকোণৰ মানুহৰ বাবে দুয়োটাই শুদ্ধ৷এজনৰ বাবে সত্যটো আনজনৰ বাবে অসত্য আৰু আনজনৰ বাবে সত্যটো প্ৰথমজানৰ বাবে অসত্য৷মানে সত্যৰ বৈপৰীত ৰূপো থাকে৷প্ৰতিজন ব্যক্তিৰেই দৃষ্টিকোণ ভিন্ন,প্ৰতিজন ব্যক্তিৰেই সত্যও ভিন্ন৷আপোনাৰ পৰা মোৰ আৰু মোৰ পৰা আপোনাৰ সত্য৷এগালমান সত্যত ওপঙি থাকো৷সাদৃশ্য থকা সত্য,বৈসাদৃশ্য থকা সত্য,বিপৰীত মুখী সত্য,অসত্য যেন লগা সত্য৷এয়াইটো উত্তৰসত্য৷দাৰ্শনিকে উবাচ মাতে একবিংশ শতিকা উত্তৰ সত্যৰ যুগ?কেৱল একবিংশ শতিকাই নে৷ইতিহাসৰ কিমান যে সাধুকথা,কিমান যে আখ্যান,বিজয়ীৰ পৰা পৃথক বিজিতৰ ইতিহাসৰ সত্য৷উত্তৰসত্যই চিৰন্তত মাত্ৰ,আজি আমি উত্তৰসত্যক অনুভৱ কৰিবলৈ সক্ষম মাত্ৰ বৌদ্ধিক স্তৰৰ উত্তৰণৰ ফলশ্ৰুতিত৷উত্তৰসত্যই চিৰশাশ্বত আৰু অবিনাশী৷উত্তৰ সত্যই একমাত্ৰ সত্য৷সত্যও উত্তৰ সত্যৰে সাধুকথা৷সময়ৰ লগে-লগে একোলা-দুকোলাকৈ ডাঙৰ হয় অতীতৰ উত্তৰসত্য৷