(১)

বন্ধুমহলত কথকী আৰু ৰসিক বুলি মোৰ নাম আছে৷অৱশ্যে সেয়া সুনাম নে বদনাম মই নিশ্চিত নহয়৷বন্ধু ৰফিকে কয় মই বোলে শুকান জেওৰা খৰি চেপিও ৰস উলিয়াব পাৰো৷অৱশ্যে মোৰ এই স্বভাৱটোৰ বাবে সৰুৰে পৰাই মাৰ ভীষণ অসন্তুষ্টি৷মাৰ মতে ল’ৰা মানুহ অলপ গহীন হ’ব লাগে৷তাকো ঘৰখনৰ ডাঙৰ ল’ৰা৷দেউতাৰ প্ৰতিক্ৰিয়া  মিশ্ৰিত আছিল হয়তো দেউতা মোৰ প্ৰতি উদাহসীন আছিল৷পিছে মায়ে গালি পাৰিলেই আইতাই মুখ পাতি ধৰিছিল৷ভাইটিৰ তামোলৰ গোন্ধ সহ্য নহৈছিল৷আইতাক তামোল খুন্দি দিয়াটো মোৰ কৰ্তব্যৰ দৰেই আছিল৷আইতাৰ ভাষাত মই আছিলো একান্ত বাধ্য নাতি ল’ৰা৷স্বাভাৱিকতেই আইতাই নামঘৰৰ পৰা অনা প্ৰসাদ বা মিঠৈৰ টোপোলাটোৰ সিংহভাগ মোৰ বাবেই সংৰক্ষিত আছিল৷ভাইটিৰ সহ্য হোৱা নাছিল৷সি মোক সুযোগ পালেই সুবিধাবাদী বুলি উপহাস কৰিছিল৷আনহাতে শ্ৰেণীৰ শিক্ষক হাজৰিকা ছাৰে স্পষ্টবাদী হোৱাৰ সুবাদতে মোক কেপ্টেইন পাতি দিছিল৷মোৰ সমনীয়াসকলৰ কোনোৱে কথাটো পছন্দ কৰিছিল কোনোৱে কৰা নাছিল৷হাজৰিকা ছাৰে গম নোপোৱাকৈ বসন্তই বহুতৰে আগত মই ছাৰৰ লেম্পটৌ বুলি কৈ ফুৰিছিল৷গণিতৰ শিক্ষক মহিবুল ছাৰ আমাৰ চুবুৰীয়া আৰু দেউতাৰ বাল্যবন্ধু আছিল৷এলেহুৱা স্বভাৱৰ বাবে প্ৰতিভা থকা স্বতেও মই গণিতত বেয়া বুলি ছাৰে প্ৰায়েই দেউতাৰ আগত গোচৰ তৰিছিল৷বিজ্ঞানৰ শিক্ষয়িত্ৰীগৰাকী একাছেকা আৰু মতগৰ্বী আছিল৷তেওঁ শিকোৱা ধৰণেৰে নিলিখিলে পৰীক্ষাত শুদ্ধ উত্তৰটো কমকৈ মূল্যায়ন কৰিছিল৷মই তেওঁৰ সৈতে প্ৰায়েই তৰ্কত লিপ্ত হৈছিলো৷তেওঁৰ বোধেৰে মই আছিলো পঢ়াত মনকাণ নথকা,যিকোনো অপ্ৰাংগিক প্ৰশ্নৰে শিক্ষকক শলঠেকত পেলাব খোজা বজ্জাত ল’ৰা৷অৱশ্যে মোৰ একেটা স্বভাৱকে জিজ্ঞাসা বুলি অভিহিত কৰি ইংৰাজীৰ শিক্ষক শইকীয়া ছাৰে মোক মাজে-মাজে প্ৰশংসাৰে উপচাই পেলাইছিল৷মাজে-মাজে সময়ৰ নদীৰে এৰি অহা শৈশৱলৈ ভটিয়াই যাওঁ৷এখন-এখনকৈ মনত পেলাও প্ৰতিখন মুখ,প্ৰতিটো স্মৃতি আৰু মোক লৈ তেওঁলোকে কৰা নানা মৰ্ন্তব্য৷আনৰ চকুৰে এবাৰ মোৰ সত্বাক দৰ্শন কৰাৰ চেষ্টা কৰো, মৰ্ন্তব্যবোৰৰ চাকনৈয়াত নিজকে হেৰুৱাই মাজে-মাজে বিভ্ৰান্ত হৈ চিৎকাৰ কৰি উঠো৷প্ৰকৃততে মই কোন?মই কেনেকুৱা?মোৰ বাস্তৱেই বা কি?আইনাৰ সন্মুখতে কেতিয়াবা নিজৰ প্ৰতিবিম্বটোকে অচিনাকি যেন লাগে!
                                  (২)


কৈশোৰ আৰু যৌৱনৰ আলিদোমোজাৰ সেই সেউজীয়া বসন্তৰ আবেলিটোত টিউশ্যনৰ পৰা চাইকেল মাৰি উভতি আহোতে প্ৰথম সেই দীঘল চুলিটাৰিৰ মৰমলগা ছোৱালীজনীৰ প্ৰেমত পৰিছিলো৷প্ৰথম প্ৰেমৰ এক সুকীয়া মাদকতা থাকে৷পাহৰো বুলিলেও যেন সহজতে পাহৰিব নোৱাৰি৷তাই হয়তো বয়সতকৈ যঠেষ্ট অনুভৱী আৰু গহীন আছিল৷তাইৰ হৰিণী যেন চকুযুৰি যেন প্ৰতিক্ষণ এক অনামী বিষণ্ণতাত ডুবি আছিল৷চাৰিবছৰীয়া আমাৰ হৃদয়ৰ সম্পৰ্কৰ সেই সময়ছোৱাত তাই মোক এটা সৰু ল’ৰাৰ দৰেই প্ৰতিটো প্ৰতিকুল পৰিস্থিতিত চম্ভালি লৈছিল৷কেতিয়াবা তাই মোৰ দুবাহুক আলিংগন কৰি কৈছিল “মোৰ সদাচঞ্চল সপোন দেশৰ ৰাজকুমাৰ৷”হয়তো অভিজ্ঞতাৰ জুইত দগ্ধ তাইৰ বাবে মই এক চঞ্চল কিশোৰেই আছিলো৷মোৰ দ্বিতীয়গৰাকী প্ৰেয়সী সম্ভৱতঃএই পৃথিৱীৰ সকলোতকৈ অসন্তোষীয়া যুৱতী আছিল৷অৱশ্যে তাই দেখাত অত্যন্ত ৰূপৱতী আছিল৷তাইৰ যৌৱনৰ জুইয়ে হয়তো মোক এটা ছগাৰ দৰে টানিছিল৷শাৰিৰীক অন্তৰংগ মূহূৰ্তখিনিৰ বাদে সেই সম্পৰ্কটোৰ প্ৰতি মোৰ কোনো টান নাছিল৷তাই মোৰ প্ৰতিটো কথাতেই দোষ খুচৰিবলৈ চেষ্টা কৰিছিল৷সম্পৰ্কৰ অৱনতিৰ পিছত তাই মানুহৰ আগত মোৰ কথা প্ৰতিক্ষণ মদৰ নিচাত ডুবি থকা এটা চৰিত্ৰহীন আৰু বেকাৰ ল’ৰা বুলিয়েই কৈ ফুৰিছিল৷অৱশ্যে মই যে মদ খাওঁ সেয়া ষোল্ল অনাই সঁচা কিন্তু মদৰ ৰাগিত মই মাতালামি কৰাৰ উদাহৰণ হয়তো মনত পৰাত আজিলৈকে তেনেকৈ নাই৷তৃতীয়গৰাকী প্ৰেয়সীৰ সৈতে মোৰ বয়সৰ কিছু পাৰ্থক্য আছিল৷তাই আছিল মোৰ সম্পৰ্কীয়া ভন্টী এজনীৰ বান্ধৱী৷তাই মোক নিজেই প্ৰেম নিবেদন কৰিছিলো৷প্ৰথমে মই অস্বীকাৰ কৰিছিলো৷কিন্তু পিছত মানি লৈছিলো৷শিশুসুলভ যুৱতীজনীৰ দৃষ্টিত মই আছিলো এজন নিখুঁত আৰু পূৰ্ণাংগ মানুহ,তাইৰ সপোনৰ দেশৰ প্ৰেমিকজন৷কিন্তু প্ৰথমাৱস্থাত তাইৰ ভাল লগা শিশুসুলভতাখিনিয়ে মোক পিছলৈ বিৰক্ত কৰিছিল৷শেষত জোৰ কৈ তাইৰ কাষৰ পৰা আতৰি আহিছিলো৷নিজকে স্বাৰ্থপৰৰ দৰে লাগিছিল৷কিন্তু তাৰ পিছতো তাই মোক বহুদিনলৈ একেদৰেই ভাল পাইছিল আৰু হয়তো আজিও পায়৷যৌৱনৰ সেই পলাশফুলা দিনবোৰত শুভকাংক্ষীসকলে মোক অসাধাৰণ প্ৰতিভাৰ মেধাৱী ছাত্ৰ,বন্ধুমহলে মানুহৰ মুক্তিৰ সংগ্ৰামৰ সহযোদ্ধা,প্ৰতিদ্বন্দ্বী সকলে ধুৰন্ধৰ ছাত্ৰনেতা আৰু হোষ্টেলৰ ল’ৰাহঁতে দুৰ্দান্ত মদাহী বুলি ভাবিছিল৷আজিৰ মোৰ শোৱাকোঠাৰ বিলাসী আইনাখনৰ দৰে তেতিয়াৰ হোষ্টেলৰ কোঠাৰ সৰু দাড়ি খুৰোৱা আইনাখনৰ মুখত কেতিয়াবা মই এটা সস্তীয়া চাৰ্মিনাৰ হুপি দাৰ্শনিকৰ দৰে ভাবিছিলো,”মই কোন?মোৰ বাস্তৱ পৰিচয় কি?মোৰ সত্যতাই বা কি?

(৩)

শণিবৰীয়া ক্লাৱৰ পাৰ্টীবোৰ মই প্ৰায়েই হষ্টিং কৰো৷আমাৰ এপাৰ্টমেন্টটোৰ প্ৰতিবেশীসকলৰ মতে মই বেছ সপ্ৰতিভ ভদ্ৰলোক৷অৱশ্যে মোৰ মালিকাধীন ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে মোক স্বভাৱগত ভাবে এজন ৰুক্ষ আৰু কম কথাৰ মানুহ বুলিয়েই জানে৷এই পোন্ধৰ বছৰীয়া বৈবাহিক জীৱনত মোৰ পৰিবাৰৰ আৰু মোৰ মাজত খুব কমেই খুটখাট হৈছে৷তেওঁ দৰাচলতে এগৰাকী সৰল মন আৰু বহল হৃদয়ৰ গৰাকী৷মোৰ দৃষ্টিত আজিলৈকে মই তেওঁৰ প্ৰতিটো আব্দাৰেই পূৰণ কৰিছো৷অৱশ্যে কৰ্মব্যস্ততাৰ বাবে কেতিয়াবা সময়ৰ সামান্য নাটনি হয়৷মুঠতে আপাততঃ তেওঁ মোক লৈ সন্তুষ্ট৷অৱশ্যে তেওঁ মোৰ বিজিনেছ ট্যুৰৰ আৰৰ নিশাৰ গোপন আৰু ৰঙীণ অভিষাৰবোৰৰ বিষয়ে আজিও অন্ধকাৰত৷বিজিনেছ ট্যুৰবোৰত মোক প্ৰায়েই সংগ দিয়া অনন্যা সুন্দৰী পৰিণীতাই চাগৈ মোক এক কামাতুৰ পশু বুলিয়েই ভাবে৷পিছে তাই কি ভাবে মোৰ প্ৰয়োজনেই বা কি!হৃদয়তটো মোৰ প্ৰতিনিয়ত মোৰ সাদৰী পত্নীৰেই প্ৰতিচ্ছবি৷মোৰ পত্নীও যিকোনো পুৰুষেই শৰ্য্যাসংগী ৰূপে কল্পনা কৰা অত্যন্ত আকৰ্ষণী শৰীৰ অধিকাৰিণী৷কিন্তু মাত্ৰ এটা শৰীৰৰ খলাবমাবোৰেৰে মোৰ মন নভৰে৷মোৰ বন্য কল্পনাবোৰক বাস্তৱত পৰিণত কৰিবলৈ মোক পৰিণীতাৰ দৰেই এজনী ৰক্ষিতাৰ প্ৰয়োজন৷যাৰ ৰসাল শৰীৰটোৱে শোৱনিকোঠাত মোৰ প্ৰতিটো বন্য কামনাৰ ক্ষুধা নিবাৰণ কৰে৷অৱশ্যে পৰিণীতাৰ স্থান স্থায়ী নহয়৷সময়ৰ লগে-লগে মোৰ সোৱাদ সলনি হয় আৰু সময়ে-সময়ে ৰক্ষিতাৰ পৰিচয় আজি যদি পৰিণীতা কাইলৈ সুবাসনা৷মাত্ৰ প্ৰয়োজন হয় কিছু ক্ষমতা আৰু মুঠিভৰ্তি টকাৰ বাণ্ডিলৰ৷মাজে-মাজে বিশ্ববিদ্যালয়ৰ দিনত সৰ্বহাৰাৰ হৈ উদাত্ত কন্ঠেৰে ভাষণ দিয়াৰ মোৰ সেই অতীত জীৱনলৈ মনত পেলাও৷নিজৰেই হাঁহি উঠে৷৷মাজে-মাজে নিজকে প্ৰশ্ন কৰো কি আছিল সেই স্থিতি মোৰ অভিনয় নে অতীতৰ এক সুন্দৰ সত্য?মোৰ একমাত্ৰ সন্তান নিবিড়ে মোক লৈ গৌৰৱ কৰে৷কলেজীয়া নিবিড়ে আজি মোক এজন ঘনিষ্ঠ বন্ধুৰ দৰেই ব্যৱহাৰ কৰে৷নিবিড়ৰ বাবে মই পৃথিৱীৰ সকলোতকৈ ভাল দেউতাক,অন্তত যোৱাটো পিতৃ দিৱসত সি মোক তেনেকৈয়ে কৈছিল৷অন্ততঃ সকলোতকৈ ভাল ন’হলেও যে তাৰ দৃষ্টিত যে বহুত ভাল সেয়া বাৰু ময়ো অনুভৱ কৰো৷পিছে সি মোৰ প্ৰকৃত স্বৰূপক বা কিমান দুৰলৈকেই চিনি পায়৷


   উপসংহাৰ

এনেকৈয়েই সময়বোৰ পাৰ হৈ যায় ল’ৰালিৰ স্মৃতিৰ চাকনৈয়া,যৌৱনৰ হোষ্টেলৰ দুচলীয়া কোঠাৰ সেই সৰু ডাড়ি খুৰোৱা আইনাখন আৰু আজি মোৰ শোৱণি কোঠাৰ বিলাসী দাপোনখন৷প্ৰতিবাৰেই মই যেন ব্যৰ্থ হওঁ নিজকে চিনাক্ত কৰাত৷দাপোনৰ সন্মুখত যেন এখন কুৱলীৰ পৰ্দা৷কুৱলীবোৰে মোক আবৰি ধৰে৷মই বাট হেৰুৱাই পেলাওঁ৷মোৰ আত্মাৰ দৃ্‌ষ্টিশক্তি ক্ৰমাৎ ধূসৰ হৈ উঠে৷উদাসহীন কন্ঠেৰে মই পুনৰ প্ৰশ্ন কৰো,”মই কোন?মোৰ বাস্তৱ পৰিচয় কি?মোৰ সত্যতাই বা কি?মই বাৰু মোৰ বাবেই এক সমাধানহীন সাঁথৰ নেকি?উত্তৰসত্যৰ দৰে৷

Leave a comment