(১)


শোৱাপাটীত পেট পেলাই শুই উপন্যাসখনৰ পাত লুটিয়াইছো৷সম্ভৱত মই পঢ়া প্ৰথমখন অনুদিত স্পেনিছ উপন্যাস৷কাৰ্লো কৰ্লেডিৰ পিনাক্কিঅ’৷হাস্যৰসেৰে ভৰপুৰ ৰোমাঞ্চকৰ উপন্যাসখনৰ দৃশ্যবোৰ চকুৰ সন্মুখত ভাহি উঠিছে৷কাঠৰ পুতলা পিনাক্কিঅ’ চঞ্চল,উতনুৱা হয়তো অকৰা হয়তো জ্ঞানহীন৷কণমানি বুকুখনত মানুহ হোৱাৰ কিমান যে হাবিয়াস৷মাজে-মাজে দুষ্টামিবোৰৰ বাবে বিপদতো পৰে৷পিনাক্কিঅ’ৰ পঢ়া-শুনাত ৰাপ নাই,পঢ়াৰ নাম শুনিলেই জ্বৰ উঠে৷গাড়োৱান এজনে বন্ধু শলাকানিক সম্ভেদ দিলে এখন নতুন দেশৰ৷তাত পঢ়াশুনা নাই,নাই কোনো বিদ্যালয়,চাৰিওফালে কেৱল স্ফুৰ্তি আৰু স্ফুৰ্তি৷পিনাক্কিঅ’ আৰু শলাকানি ঘৰ এৰি পলাল,গাড়োৱানৰ সৈতে৷সঁচাকৈয়ে কি যে বিচিত্ৰ এই দেশ,নাই কোনো পঢ়া-শুনা,নাই কোনো বিদ্যালয়,দীঘল বেত লোৱা শিক্ষক,উপদেশ দিয়া অভিভাৱক৷দিনটো কেৱল খেলা-ধূলা,নাচগান,থিয়েটাৰ,চাৰ্কাচ,ভোজ-ভাত৷ সকলোবোৰ বিনামূলীয়া৷পিনাক্কিঅ’ৰ হৃদয় গাড়োৱানৰ সৈতে কৃতজ্ঞতাত উপচি পৰিল৷সেয়া যেন গাড়োৱান নহয় আকাশৰ পৰা নামি অহা দেৱদূত৷এদিন পুৱা পিনাক্কিঅ’ৰ তীৰকপে জ্বৰ উঠিল,কাণ দুখন দীঘল হৈ গ’ল,লাহে-লাহে এডাল নেজ গজিল,পিনাক্কিঅ’ই এটা গাধত পৰিণত হ’ল৷সেইদিনা আবেলি গাড়োৱানে বজাৰত দুটা গাধ বিক্ৰী কৰি স্বৰ্ণমুদ্ৰা ঘটিল৷এটা শলাকানি,আনটো পিনাক্কিঅ’৷গাধজ্বৰ,গাধজ্বৰ এটা বিকৃত হাঁহি মাৰি নতুন চিকাৰৰ সন্ধানত গাড়োৱানে খোজ ল’লে৷”ঐ দাদা মায়ে তোক ভাত খাবলৈ মাতিছে৷”ভাইটিয়ে দৰ্জাৰ পৰাই ৰিঙিয়ালে৷কিতাপখন জপাই থ’লো৷
                          

(2)


মায়ে মামাহঁতৰ ঘৰৰ পৰা অহাৰ পৰাই চকুপানী টুকি আছে৷আইতাৰ অৱস্থা দিনকদিনে বেয়ালৈ ধাল খাইছে৷আজিকালি একো কথাই মনত নাথাকে৷কেতিয়াবা দহ মিনিট মানৰ মুৰতে আকৌ চাহ খাবলৈ বিচাৰে৷যোৱাবাৰ যাওঁতে ভাইটিক চিনিকে নাপালে৷মাজে-মাজে পুৰণি দিনৰ কথাবোৰৰ বকলা মেলে৷ককা চাইকেল লৈ অফিচৰ পৰা আহিব বুলি পদূলি মুখলৈ ওলাই যায়৷মামাহঁতে জোৰ কৰি ভিতৰলৈ লৈ আনে৷আইতাই গালি পাৰে৷মাজে-মাজে ভ্ৰম বকে৷হঠাৎ হয়তো মনৰ অন্ধকাৰ কোঠাত ক্ষণিকৰ বাবে বিজুলীয়ে নাচে৷মই নিশ্চিত নহয় হয়তো,সম্ভৱত কি নাম আছিল ৰোগটোৰ,ডিমেনচিয়া৷স্মৃতি শক্তি হেৰাই যায়,সিদ্ধান্ত লোৱাৰ ক্ষমতা নাথাকে,যেন এক বিবেকহীন জীৱন্ত মৰাশ৷আস কি যে যন্ত্ৰণাদায়ক৷মোৰ হাতৰ তলুৱাত এটোপাল তপত চকুলো সৰি পৰিল৷

(৩)

                               

এক অনিশ্চিত ভয়াবহ ভবিষ্যৎৰ দিশে আমি গতি কৰিছো৷এটা ক্ষুদ্ৰ ভাইৰাছ আৰু জীৱশ্ৰেষ্ঠৰ সংগ্ৰাম৷প্ৰতিদিনে চিতা জ্বলিছে,একেলগে,কেইবাখনো৷চহৰলৈ ওলাই গ’লো পাচলীৰ বজাৰত গ্ৰাহকৰ ভিৰ,দুজনমানে পোহাৰীৰ সৈতে মুখ চুপতি মাৰিছে৷দাসবাবুক লগ পালো পাৰ্টীৰ মিটিংলৈ ওলাইছে আজি আবেলিকৈ কিবা বোলে মিটিং আৰু চাইকেল ৰেলী হ’ব হ’ব৷পাণ দোকানখনত ৰৈ এটা ছিগাৰেট হুপিলো৷কুম্ভমেলা,নিৰ্মীয়মাণ সাংসদ ভৱন,ভগ্ন অৰ্থনীতি টুকুৰা-টুকুৰ শব্দকেইটা মান কাণত উফৰি পৰিল৷ঘুৰি আহোতে শইকীয়া দাক লগ পালো৷বেপাৰ কেনে চলিছে বুলি ক’লত শেতা হাঁহি এটা মাৰি ক’লে,”আজিকালিটো মানুহে কিতাপ পঢ়িবলৈ এৰিয়েই দিলে৷স্কুল-কলেজবোৰ বন্ধ হোৱাত পাঠ্যক্ৰমৰ কিতাপকেইখনতো এলান্ধু লাগিছে৷আজিকালি কিতাপৰ দোকানৰ আদৰ নাই বুজিলা৷”টেম্পোৰ পৰা নামিলো৷এটা দীঘল লানি৷কাৰণতো লাহেকৈ বুজি পালো কাইলৈৰ পৰা একেলেথাৰিয়ে তিনিদিন ড্ৰাই দে৷হৰেণে চকত তাচ খেলি আছে৷দুটকীয়া চাউলৰ দিন৷খেতিয়েই বা কিয় কৰিব লাগে৷মাছৰ বেপাৰীটোক জুম পাতি এজাক মানুহ,লোকেল চিতল,১২০০ টকা কেজি৷কিয় জানো ফটককৈ IMF ৰ ভবিষ্যৎবাণীটো মনত পৰি গাটো চেবাই গ’ল৷গাটো ধুই টিভিটোৰ সন্মুখত বহিলো৷ষ্টুডিঅ’ত শিল্পীয়ে গান গাই আছে৷তলত মৃতকৰ দীঘল পৰিসংখ্যাসহ কিবা এসোপা হাইলাইট৷পিনাক্কিঅ’,ৰোগীয়া আইতা৷কাহিনীবোৰ পাকঘুৰণি খাবলৈ ধৰিলে৷কাণত ৰিণিৰিণিকৈ বাজি উঠিল,”সমাজ,গাধজ্বৰ আৰু ডিমেনচিয়া৷”

Leave a comment