11 May 21

সদায়েই ভাবো ৰাতি এঘাৰ বজাৰ পিছত কিবা এখন নতুন webserise চাম হয়তো TVF ৰ Aspirants বা শোৱাপাটীত লুটিয়াম আধা পঢ়া প্ৰিয় উপন্যাসৰ পৃষ্ঠা৷ভাবো এইটোৱেই হয়টো আজিৰ বাবে অন্তিমটো ছিগাৰেট তাৰ পিছত এলাৰ্মটো লগাই শুই যাম৷কিন্তু সময়খিনি কিবা দেওঁলগা৷একেবাৰে নিসংগ,নিজৰ ছাটোও য’ত হেৰাই যায়,এটা অন্ধকাৰত পোত যোৱা কোঠা,নিশব্দে শীতল আৰু সতেজ বায়ুৰ সৰবৰাহ কৰি থকা এটা চলমান আধুনিক যন্ত্ৰ,এয়াৰ ফ্ৰেচনাৰৰ অলপ কৃত্ৰিম সুবাস,বুকুখনত উজাই লওঁ৷আকৌ এটা ছিগাৰেট জ্বলাওঁ,পুৰণি হিন্দী গান আৰু অলপমান গুণগুণণি৷নিজকে অন্ধকাৰত হেৰুৱাই পেলায় কাইলৈ লিখিবলগীয়া গল্পটোৰ প্লট ভাবো৷কেতিয়াবা কবি হৈ যাওঁ আৰু কেতিয়াবা কেতিয়াবা দাৰ্শনিক৷এৰি অহা দিনবোৰক সোঁৱৰো,কেতিয়াবা হাঁহো কেতিয়াবা নিৰবে চকুলো টোকো,,ভবিষ্যৎৰ সপোন ৰচো,সপোনবোৰে ডেউকা মেলে,সেউজীয়া পাতৰ ডালত বহি জিৰণি লয়৷সপোনবোৰে শুবলৈ নিদিয়ে,সপোনবোৰে টোপনিক খেদি পঠিয়াই অবিৰত৷দেৱালৰ দোল্যমান ঘড়ীটোৱে দুইবজাৰ সংকেট দিয়ে৷শেষৰটো ছিগাৰেট দীঘলকৈ হাওঁফাওঁলৈ টানি লওঁ৷পুৱাৰ বাবে আৰু এটা আছে নাই হিচাপ কৰো,নহ’লে পুৱাই দৌৰিব লাগিব৷বিছনাখনে দুহাত মেলি মাতে৷অনিচ্ছাস্বতেওঁ ছিগাৰেটটো পেলাই আগবাঢ়ি যাওঁ,বাহিৰত অন্ধকাৰেই হওঁক কিম্বা জোনাকৰ বৰষুণ,একোৱেই সলনি নহয়৷কেচৰ ভিতৰত সুমুৱাই দিয়া Ear Bud ডালত  দুৰৈৰ পৰা ৰিণিৰিকৈ ভাহি আহে,”अभी ना जाओ छोड़ के की दिल अभी भरा नहीं ……. मे थोड़ी देर जी तू लू नशे की घुट पी तू लू ৷”

Leave a comment