প্ৰত্যক্ষদৰ্শীৰ অবিহনে পৰিঘটনাৰ বাখ্যা অসম্পূৰ্ণ৷স্বাক্ষুস অভিজ্ঞতা অথবা পৰিঘটনাকে আমি বাস্তৱৰ আখ্যা দিওঁ৷মানে সহজ ভাষাত “reality”,reality বা বাস্তৱ একক নহয়,অনেক হয়তো অসীম,infinite,অন্তত কোৱান্টাম ফিজিক্সে এইদৰেই ভাবে! Schrodinger’s ৰ বাকচৰ মেকুৰীটোৰ দৰেই স্থিতি আমাৰ বাস্তৱৰ!বাকচৰ দুৱাৰখন খুলি দিলো মেকুৰীটো মৃত আনহাতে মেকুৰীটো জীৱিতও দুয়োটাই সম্ভৱ সমান্তৰালভাৱে!দুৰ্ঘটনা অথবা কাকতলীয়া সংযোগ বুলি একোৱেই নাথাকে,সকলো বাস্তৱ বা reality ৰ এটা সম্ভাৱণা থাকে,ভিন্ন দৃষ্টিভংগীয়ে সম্ভাৱনাবোৰক ভিন্ন ৰূপ দিয়ে আৰু কেতিয়াবা বাস্তৱৰো!


              বিশ্বব্ৰহ্মাণ্ডৰ infinite reality ৰ মাজৰ এটা reality তামোল পকটিয়াই-পকটিয়াই হাজৰিকা ছাৰে অনৰ্গল গাই গৈছিল,” Light have dual nature,particle and wave,দ্বৈত চৰিত্ৰ,সীমাহীন বাস্তৱৰ মাজৰ দৈত্ব বাস্তৱ৷বুজা নুবুজাৰ দোমোজাত আমি মুৰ জোকাৰিছিলো,প্ৰজ্ঞাৰ দ্বৈত সম্ভাৱনা Schrodinger’s ৰ বাকচৰ মেকুৰীটোৰ দৰে!


               সেইদিনা পুৱাই মানসীয়ে কৈছিল,”আজি ৰাতিপুৱাটো বৰ ধুনীয়া৷আকাশত অলপ ডাৱৰ আৰু এচমকা ৰ’দৰ লুকাভাকু”৷ফোনটোৰ সিফালৰ পৰা মই বিৰক্ত কন্ঠেৰে কৈছিলো পুৱাই টেংটেংকৈ ৰ’দ দিছে৷হয়তো মাইগ্ৰেইন হ’ব৷ভাল লগা নাই৷দুয়োটাই বাস্তৱ,Schrondinger’s ৰ ক’লা মেকুৰীটোৰ দৰে,হয়তো বগাও হ’ব পাৰে৷লাহে-লাহে আমাৰ মাজৰ বাস্তৱবোৰ বিচ্ছিন্নবাদী হৈছিল,কোনোবাখিনিত হয়তো বিপৰীতমুখী,contrasting,এগালমান ভাসমান বাস্তৱৰ মাজত হেৰাই গৈছিল আন এটা বাস্তৱ,এটা হৃদয়ৰ সম্পৰ্ক!


                 Red Plus Yellow,সাংঘাতিক documentary পলক নজপোৱাকৈ চাই আছো৷আয়তী আৰু ভকতে নাম লৈছে৷চপৰা-চপৰে মাটি খহিছে৷মানুহবোৰৰ খবৰ নাই৷হৰিনামৰ অমৃত পান কৰিছে৷হয়তো মূৰ্খ,উদাসহীন অথবা নিৰূপায়!ঢেৰ বাস্তৱ,বহুমুখী বাস্তৱ,এটা নতুন সমীকৰণ,মেকুৰীটোৰ পৰা পৃথক৷


                  হাওঁফাওঁৰ এক্সৰে কৰিছো৷৩০০-৭০০ নেমো তৰংগ দৈৰ্ঘ্যৰ VIBGYOR sprectum ৰ সৈতে সদা পৰিচিত মোৰ চকু আৰু মস্তিকৰ অজ্ঞাতে মোৰ বুকুত ৰঞ্জক ৰশ্মিয়ে এক অদৃশ্য খুন্দা মাৰিছে৷মই বিজ্ঞানৰ স্নাতক মোৰ বাবে কোঠাটোত ৰঞ্জক ৰশ্মি বিদ্যামাণ৷কিন্তু লেবৰেটৰীৰ দুৱাৰমুখৰ পৰা বেঙা মেলি থকা মো পাঁচবছৰীয়া ভতিজা ৰূপমে এইবোৰৰ ভুকে নাপায়৷তাৰ বাস্তৱত হয়তো স্থান লৈছে এটা সৰু কোঠাই লগতে এটা অচিনাকি যন্ত্ৰ,কিছুমান আচবাব,এজন বৃদ্ধ  টেকনিছিয়ান আৰু তাৰ সৰু খুৰাক৷ৰঞ্জক ৰশ্মিৰ বাবে হয়তো তাত কোনো স্থান নাই৷ X RAY,Gama Ray,UV,IR, Microwave এখন গোলকীকৃত পৃথিৱীতেই যে কিমানখন অদৃশ্য পৃথিৱীৰ বাস্তৱ সম্ভৱপৰ!অণুজীৱৰ পৃথিৱী,ভাইৰাছৰ পৃথিৱী আৰু ক’ত যে কি হয়তো অপেক্ষা কৰি আছে ভবিষ্যৎৰ গৱেষণাগাৰৰ দুৱাৰদলিত!অসীম সম্ভাৱনা,অসীম বাস্তৱ,the infinity,অসীমত যাৰ হেৰাল সীমা৷বাস্তৱবোৰো হেৰাই যায় নেকি!সময়ৰ গতিত!


                   সময়বোৰ বাগৰি যাই৷বীজ অংকুৰিত হয়,কুহিপাত মেলে,ফুলে সৌৰভ দিয়ে,মৰহি যায়,হেৰাই যায় খৰিকাজাঁইৰ সৌৰভৰ বাস্তৱ,তেজৰঙা গোলাপৰ বাস্তৱ৷মহাবিশ্বত তৰংগবোৰে থিতাপি লয়৷কোৱান্টাম অৰবিটত অবিনাশী ইলেকট্ৰনবোৰ ঘুৰি থাকে,ঘুৰি থাকে৷মহাশূণ্যত সময় এটা myth,অতীত,বৰ্তমান,ভবিষ্যৎৰ তৰংগবোৰে সহবস্থান কৰে৷সময়ে অসীমত সীমা হেৰুৱাই পেলায়৷সহবস্থানৰ বাস্তৱ৷য’ত মই জন্ম হোৱা নাই,য’ত মই  পখিলা খেদা শিশু,য’ত মই চফল ডেকা,য’ত মই আশীতিকৰ বৃদ্ধ,য’ত মই মৃতক৷দেধাৰ বাস্তৱ৷Multiple reality,সীমাহীন সম্ভাৱনা,সমান্তৰাল সম্ভাৱনা,everything is connected,সংযোগ এটা মিথ্যাচাৰ৷


                   বিছনাত পেট পেলায় পাত লুটিয়াইছো৷ The Old Man and the Sea by Arnesto Hemingway, বুঢ়া মানুহজন আৰু এখন সাগৰ৷জীৱিকাৰ সন্ধানত নিসংগ সাগৰত ভয়ংকৰ শ্বাৰ্কৰ সৈতে যুঁজ দিয়া এজন ভাগৰুৱা বুঢ়া মানুহ,কায়িকভাবে বৃদ্ধ কিন্তু মানসিক ভাবে কি উদ্যম,কি তেজোদ্দীপ্ত জীৱন৷পুনৰ দ্বৈত বাস্তৱ,the dual reality.


                    জয় শ্ৰী ৰাম ধ্বনিৰে আকাশ বতাহ কপায় তেওঁলোকে মছজিদৰ গম্বুজবোৰ খহাই পেলাইছে৷আল্লাহৰ নামত ইউৰোপীয় সাংবাদিকজনে মধ্যপ্ৰাচ্যত কৰুণ মৃত্যুক সাবটিছে৷দেশে দেশে ধৰ্মৰ বেপাৰ,ধৰ্মৰ চিতাত ধাৰ্মিকৰ মৃতদেহ সেকি খোৱাৰ ৰাজনীতি,মাৰ্ক্সবাদে ৰিঙিয়াই পৃথিৱীত মাত্ৰ দুটাই ধৰ্ম ধনী আৰু দুখীয়া,পৃথিৱীত মাত্ৰ দুটাই জাতি শোষক আৰু শোষিত৷হয়টো মাৰ্ক্সবাদো এটা পৃথক বাস্তৱ সীমাহীন বাস্তৱৰ মাজত৷তাৰ পিছতো মছজিদৰ গম্বুজবোৰ খহাই দিয়া হ’য়,স্তালিনে গীৰ্জাঘৰবোৰত তলা লগাই দিলে,মন্দিৰৰ প্ৰাংগণত বোমা ফুটিল৷দেশে দেশে যুদ্ধ,কোনোখন যদি তুষাৰবৃত্ত সীমান্তত,কোনোখন হৃদয়ৰ অধ্যাদেশত,কোনোখন বুভুক্ষু জনতাৰ পেটত আৰু কোনোখন একাকীত্বৰ দীঘলীয়া নিশাবোৰত মোৰ মস্তিস্কত৷সীমাহীন বাস্তৱ,সীমাহীন সম্ভাৱনা…..সীমাহীন,the infinity.

Leave a comment